পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ডঃ হীৰেন গোহাঁইলৈ ইছমাইল হুছেইন সোঁৱৰণী সন্মান। চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত ইন্দ্ৰজিত বেজবৰুৱাৰ পৌৰাহিত্যত অনুষ্ঠিত এক সভাত এই সন্মান গোহাঁইদেৱক প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে হাফিজ আহমেদৰ “বিশ্ব সাহিত্যৰ ৰূপ-ৰস” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ডঃ শিৱনাথ বৰ্মনে।

২. ৰাণী মা গাইডিনলিউৰ জন্ম-শতবাৰ্ষিকীত অংশ লবলৈ গুৱাহাটীলৈ আহিল লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন। খানাপাৰাস্থিত পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত “স্ত্ৰী-শক্তি সন্মিলন”ত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰি নাৰী সকলক ৰাণী মা গাইডিনলিউৰ দৰে শক্তিশালী হবলৈ আহ্বান জনায়। এই অনুষ্ঠানত অসমৰ ৰাজ্যপালেও অংশগ্ৰহণ কৰে।

৩. কালি গুৱাহাটী গ্ৰন্থমেলাত অনুষ্ঠিত হয় চৈয়দ আব্দুল মালিক শ্ৰদ্ধাৰ্ঘ বক্তৃতা। বিশিষ্ট লেখক, সমালোচক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাই “চৈয়দ আব্দুল মালিকৰ জীৱন আৰু সাহিত্য কৰ্ম” শীৰ্ষক বক্তৃতা প্ৰদান কৰে।উন্মোচিত হয় অৰুন্ধতী দত্তই অসমৰ এগৰাকী ৰাজনৈতিক ব্যক্তিত্ব নিবাৰণ বৰাৰ জীৱনক লৈ ৰচনা কৰা উপন্যাস “আত্মজাৰ অনুসন্ধান”। আলিবাট প্ৰকাশনৰ এই গ্ৰন্থখনি উন্মোনচন কৰে বিশিষ্ট শ্ৰমিক নেতা ৰাখাল দাসগুপ্ত, লেখক দিলীপ কুমাৰ হাজৰিকা, সাংবাদিক অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন আৰু প্ৰাক্তন বিধায়ক অজয় দত্তই। বিশিষ্ট লেখক মানাং দাইৰ “দ্য ব্লেক হিল” শীৰ্ষক গ্ৰন্থখনিও কালি উন্মোচিত হয়। উন্মোচন কৰে অসমৰ শিক্ষামন্ত্ৰীয়ে।

৪. দেউৰী সাহিত্য সভাৰ ৩২তম অধিবেশনখনি অহা ১৩-১৫ ফেব্ৰুৱাৰীত ডিমৌৰ টেঙপানী চচমা দেউৰী ক্ষেত্ৰত অনুষ্ঠিত হব। কালি জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে। দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰে জননেতা ভীমবৰ দেউৰীৰ এটি আবক্ষ প্ৰতিমূৰ্তিও অধিবেশনস্থলীত প্ৰতিষ্ঠা কৰা হব বুলিও সুখবৰ জানিব পৰা গৈছে।

৫. সদৌ অসম ছাত্ৰ সন্থা আৰু গুৱাহাটী উন্নতি সভাই ২০১৪ চনৰ বছৰটোৰ কিছু ইতিবাচক চিন্তাৰ ওপৰত আজি গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰিছে। দৰং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ জ্যোতিকমল হাজৰিকাই শিক্ষা আৰু বিজ্ঞান বিষয়ত, সাংবাদিক মনোজ বৰপূজাৰীয়ে সংস্কৃতি, নিবন্ধকাৰ ময়ূৰ বৰাই ৰাজনীতি, উদ্যোগী শ্যামকানু মহন্তই অৰ্থনীতি, সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে সাহিত্য, ক্ৰীড়া সাংবাদিক বিদ্যু কলিতাই ক্ৰীড়া বিষয়ত ইতিবাচক চিন্তা আগবঢ়াব বুলি জানিব পৰা গৈছে।

৬. উত্তৰ পূৱৰ শক্তি প্ৰকল্প সমূহৰ উন্নয়নৰ বাবে তথা সংবহন আৰু বিতৰণ ব্যৱস্থাৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ অসম সহ উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ বাবে ৫হাজাৰ কোটি টকা অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। ২০১৯চনৰ ভিতৰত চৌবিশ ঘণ্টাই বিজুলী যোগানৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কাম আগবঢ়োৱাৰ বাবেই এই অনুমোদন দিয়া বুলি জানিব পৰা গৈছে।

৭. অসমৰ বাওঁ-জাতীয়তাবাদী মৰ্চাই অহা ২০১৫ বৰ্ষটো “জাতীয় সংহতি যাত্ৰা” বৰ্ষ হিচাপে ঘোষণা কৰিছে। এই সংহতি যাত্ৰা অহা ৪জানুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ পৰা আৰম্ভ কৰি বছৰজোৰা পৰিক্ৰমাৰে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত আজানপীৰ চাহাবৰ দৰগাহ সৰাগুৰি চাপৰিত সমাপ্ত হব। এই যাত্ৰাত বিভিন্ন বুদ্ধিজীৱী, সাহিত্যিক, শিক্ষাবিদৰ লগতে গণশিল্পী মহেন্দ্ৰ হাজৰিকা, লোহিত গগৈআৰু দীপক বৰাকে ধৰি শিল্পীসকলেও অংশগ্ৰহণ কৰিব।

৮. শাৰীৰিক অসুস্থতাক নেওচি পুনৰ ছবিজগতলৈ উভতি আহিছে অসমৰ বিশিষ্ট অভিনেতা বিজু ফুকন। তেখেতে গোৱালপাৰাৰ এফ এম এম প্ৰডাকচনৰ দুখনকৈ গোৱালপৰীয়া ভাষাৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি “সত্যৰ সদায় জয়” আৰু “গৌৰাং নৈৰ পাৰে পাৰে”ত অভিনয় কৰিবলৈ আগবাঢ়ি অহা বুলিও সুখবৰ পোৱা গৈছে।

৯. কামৰুপ মহানগৰ জিলা সাহিত্য সভাৰ দ্বাৰা সদৌ অসম ভিত্তিত আয়োজিত কবিতাৰ কিতাপ অথবা কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত সৌৰভ কুমাৰ বৰাৰ ৬৮টা কবিতাৰ সংকলন "শীতৰ হালধীয়া হাঁহি" য়ে প্ৰথম পুৰস্কাৰ লাভ কৰে৷ কালি সাহিত্যিক ৰিজু হাজৰিকাৰ সভাপতিত্বত পাণ্ডুত অনুষ্ঠিত হোৱা সভাৰ অধিবেশনত প্ৰতিযোগিতাখনিৰ পুৰস্কাৰ সমূহো প্ৰদান কৰা হয়৷

১০. কাব্যনীল তালুকদাৰ তেনে এগৰাকী প্ৰতিভাবান তৰুণ যি জাপানত অনুষ্ঠিত ৰুবীক কিউব প্ৰতিযোগিতাত এছিয়ান চেম্পিয়ন হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম সাংবাদিকতা বিদ্যালয়ৰৰ তৰফৰ পৰা পৰহি গুৱাহাটী প্ৰেছ ক্লাৱত কাব্যনীলক সম্বৰ্ধনা জনোৱা হয় ।

No comments:

Post a Comment