পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. লোকপিয়লৰ কামত উচ্চ মানসম্পন্ন সেৱাৰ বাবে ছয়গাঁৱৰ যুৱক তথা শিক্ষক চিন্ময় কলিতালৈ ৰাষ্ট্ৰপতিৰ পদক। ২০১১চনৰ লোকপিয়লত শ্ৰেষ্ঠতা উজাৰি কৰা সেৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰশংসা কৰি আগবঢ়োৱা ৰূপৰ পদক আৰু মানপত্ৰ পৰহি গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ক চক্ৰ বিষয়াই শিক্ষক গৰাকীক প্ৰদান কৰে।
২. জীৱনৰাম মুংগী দেৱী গোৱেংকা স্মাৰক বক্তৃতা কালি গুৱাহাটী প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত প্ৰদান কৰিলে প্ৰসিদ্ধ ছবি নিৰ্মাতা কে হৰিহৰণে। “বিগ বাজেট আৰু মূলসুঁতিৰ ছবিৰ ছায়াত আঞ্চলিক ছবিৰ অস্তিত্ব ৰক্ষা” সন্দৰ্ভত স্মাৰক বক্তৃতা নিৰ্মাতাগৰাকীয়ে প্ৰদান কৰে। এই অনুষ্ঠানতে বিশিষ্ট বুদ্ধিজীৱী-ইতিহাসবিদ ডঃ অমলেন্দু গুহৰ “মেডিভেল এণ্ড আৰলি ক’লনিয়েল আছামঃ ছ’চাইটি, পলিটি এণ্ড ইকনমি” শীৰ্ষক গ্ৰন্থখনিও উন্মোচিত হয়। অভিনেত্ৰী ৰীণা বৰা, ৰূপ সজ্জাকাৰ অসীম ব’থ্ৰা আৰু কলা-কুশলী ধীৰেন বৰুৱাক জীৱনৰাম মুংগী দেৱী গোৱেংকা ৰাজহুৱা দাতব্য ন্যাসে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰে। কেইবাগৰাকীও অসমীয়া শিল্পী তথা চিত্ৰ জগতৰ কলা-কুশলীক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। লগতে মুম্বাইৰ গণ নাট্য সংঘ শিল্পী সকলে এম এছ ছাথথুৰ পৰিচালনাত “গিৰিজা কে স্বপ্নে” নামৰ নাটখনো মঞ্চস্থ কৰে।

৩. অহা পহিলা জানুৱাৰীৰ পৰা গুৱাহাটীত আৰক্ষী আয়ুক্তৰ প্ৰশাসন আৰম্ভহব। ইয়াৰ বাবে কেবিনেট মেম’ৰেণ্ডাম তৈয়াৰ কৰি ৰখাৰ লগতে পৰবৰ্তী কেবিনেটতে ইয়াৰ অনুমোদনৰ ব্যৱস্থা কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে কালি সংবাদমেলত সদৰী কৰিছে। বিধায়ক আবাসত অতিথি জেহাদী সন্দৰ্ভতো তদন্ত কৰিবলৈ নিৰ্দেশ দিব বুলিও তেখেতে প্ৰকাশ কৰিছে।

৪. কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব অসম বিধান সভাৰ শীতকালীন অধিবেশন। এই সময়চোৱাত ১৬টাতৈ সংগঠনে লাষ্টগেটত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব। এই অধিবেশনত এতিয়ালৈ কোনো বিধেয়ক বা সংশোধনীৰ প্ৰস্তাৱ অধিবেশনৰ কাৰ্যসূচীত সন্নিবিষ্ট হোৱা নাই বুলিও প্ৰকাশ পাইছে।

৫. ৰাষ্ট্ৰীয় বঁটা প্ৰাপক, উদ্ভাৱক উদ্ধৱ ভৰালীয়ে এইবাৰ ৰাইজৰ বাবে তৈয়াৰ কৰি উলিয়াইছে “সহজ মৰণা মৰা যন্ত্ৰ”। এয়া তেখেতৰ ১১৫তম উদ্ভাৱনী বুলিও প্ৰকাশ পাইছে। ঘণ্টাত ৬০কেজি পৰ্যন্ত ধান মাৰিব পৰা যাব আৰু পথাৰতে হাতেৰে সৰু হেণ্ডেল ঘূৰায়েই এই কাম সম্পন্ন কৰিব পৰা যাব। কেৱল ৭ হাজাৰ টকাতেই এই মেচিন উপলদ্ধ হব। লগতে দুজনে মানুহে পথাৰলৈ দাঙি নিব পৰা যন্ত্ৰটো ব্যৱহাৰ কৰি ডাঙৰি কঢ়িওৱাৰ সমস্যাৰ পৰা ৰেহাই পাব পৰা যাব বুলিও প্ৰকাশ কৰিছে।

৬. উত্তৰ-পূৱৰ সাংসদ সকলৰ উমৈহতীয়া মঞ্চই সংসদৰ চলিত অধিৱেশনতে এম পি বেজবৰুৱা প্ৰতিবেদন উত্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফ’ৰামৰ হৈ এটা বেৱচাইট মুকলি কৰাৰ বাবেও সাংসদ গৌৰৱ গগৈয়ে প্ৰস্তাৱ দিয়া বুলিও বাতৰি প্ৰকাশ পাইছে।

৭. হোজাইত ৰাজহুৱা বিতৰণ ব্যৱস্থাত দুৰ্নীতি ৰোধৰ বাবে কঠোৰ অভিযান চলাই সংবাদ পত্ৰত স্থান লাভ কৰিছে। এপিএলৰ নিয়মিত যোগানৰ চাউল সঠিক বিতৰণ হৈছেনে নাই ঘৰে ঘৰে গৈ পৰিদৰ্শন কৰাৰ লগতে পাঁচ গৰাকীকৈ দুৰ্নীতিগ্ৰস্ত এজেণ্টক নিলম্বন কৰা বুলিও খবৰ প্ৰকাশ পাইছে। 

৮. জন্মদিনত হেমাংগ বিশ্বাসৰ সোঁৱৰণত আয়োজিত “অসমীয়া কাব্য সাহিত্যলৈ হেমাংগ বিশ্বাস”ৰ অৱদান" শীৰ্ষক বক্তৃতা কালি গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰিলে বিশিষ্ট কবি বিজন লাল চৌধুৰীয়ে। নতুন সাহিত্য পৰিষদ আৰু চিৰসেইজৰ উদ্যোগত অনুষ্ঠিত এই আয়োজনত সাম্প্ৰদায়িকতা আৰু সন্ত্ৰাসবিৰোধী গান পৰিবেশন কৰে ডাঃ ৰাজীৱ ভট্টাচাৰ্য আৰু প্ৰয়াস মজুমদাৰে।

৯. ভাৰতৰ প্ৰাক্তন পৰিবেশমন্ত্ৰী জয়ৰাম ৰমেশক ৰাষ্ট্ৰসংঘৰ বিকাশশীল দেশ সমূহৰ বাবে পৰিবেশৰ অনুকূল প্ৰযু্ক্তি সমূহৰ বিষয়ত পৰামৰ্শদান কৰিব লগা এখন বৰ্ডৰ সদস্য ৰূপে মনোনীত কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

১০. আজি তেজপুৰত অসম সাহিত্য সন্মিলনীৰ অনাগত দ্বিতীয় ৰাজ্যিক অধিৱেশনৰ লাইখুঁটা স্থাপিত হব। প্ৰয়াত সু-সাহিত্যিক দণ্ডিনাথ কলিতাৰ নামত মূল মণ্ডপ উৰ্চগা কৰাৰ লগতে জয়মতী পথাৰৰ অধিবেশনস্থলীক ৰূপকোঁৱক-কলাগুৰু-নটসূৰ্য ক্ষেত্ৰ ৰূপে নামাকৰণ কৰা হৈছে। ক্ৰীড়াবিদ তথা চিকিতসতক ডাঃ বিশ্বৰঞ্জন কলিতাই এই লাইখুঁটা স্থাপন কৰিব।

No comments:

Post a Comment