পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অহা ২৫ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হব অসমৰ প্ৰকাশন পৰিষদৰ ২৮ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা। এই গ্ৰন্থমেলাতে কবি নীলমণি ফুকনৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব লগা গ্ৰন্থমেলাত ত্ৰিপুৰাৰ ন্যায়াধীশ সুভাশিস তালপাত্ৰ আৰু বড়ো সাহিত্য সভাৰ সভাপতি কামেশ্বৰ ব্ৰহ্মও অতিথি ৰূপে উপস্থিত থাকিব। ১১৩খন গ্ৰন্থ বিপনীৰে সমৃদ্ধ হব লগা গ্ৰন্থমেলাত ২৭ডিচেম্বৰত এক বক্তৃতা প্ৰদান কৰিবলৈ আহিব টাইমছ নাওৰ মুখ্য সম্পাদক বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামী।

২. গ্ৰন্থমেলাৰ সমান্তৰালকৈ দিছপুৰস্থিত নেডফি হাউছত ২৭-২৯ ডিচেম্বৰলৈ গুৱাহাটী সাহিত্য উৎসৱ অনুষ্ঠিত হব। এই উৎসৱত দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। তাৰে ভিতৰত জয়পুৰ সাহিত্য উৎসৱৰ উদ্যোক্তা নমিতা গোখলে, গোৱা সাহিত্য উৎসৱৰ চি.পি সুৰেন্দ্ৰণ, সাংবাদিক অৰ্ণৱ গোস্বামী, পুষ্পেশ পণ্ট, টেমচুলা আও, মাৰ্ক টুলী, নীলেশ মিশ্ৰ, ইমৰাণ হুছেইন, ৰবি থাপা, প্ৰীতি গ্ৰীল আদি অন্যতম বুলিও জানিব পৰা গৈছে।

৩. অসমখন দ্বিতীয় ঘৰ হৈ ৰব বুলি প্ৰকাশ কৰি অসমৰ ৰাজ্যপাল হিচাবে অৱসৰ গ্ৰহণ কৰিলে জানকী বল্লভ পাটনায়কে। ইফালে অসমৰ নতুন ৰাজ্যপাল হিচাবে দ্বায়িত্ব লবলৈ কালি অসমত উপস্থিত হৈছেহি পদ্মনাভ বালাকৃষ্ণণ আচাৰ্য।

৪. ৰাছিয়া ভাৰতৰ সদায়েই প্ৰতিৰক্ষা সহযোগী হৈ থাকিব বুলি কালি ঘোষণা কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২২ ঘণ্টাৰ ভ্ৰমণ সূচীৰে ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ উপস্থিতিত কালি দেশ দুখনৰ মাজত ২০খনকৈ সহযোগিতাৰ চুক্তি স্বাক্ষৰিত হোৱাৰ খবৰো প্ৰকাশ পাইছে। আণৱিক শক্তি উৎপাদনৰ বাবে ৰাছিয়াৰ সহযোগিতাত দহটাকৈ নতুন পাৰমাণৱিক শক্তি প্ৰকল্পৰ কাম আগবঢ়াই নিব বুলিও প্ৰকাশ পাইছে।

৫. নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিষয়ত কালি অসমৰ সাংসদ, গণ সংগঠন আৰু বিশেষজ্ঞ সকলক লৈ আলোচনাত মিলিত হয় কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়। এই আলোচনাত কাৰিকৰী আঁসোৱাহ সমূহ পুনৰ বিবেচনা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চাৰিজন আৰু অসমৰ চাৰিজন কাৰিকৰী বিশেষজ্ঞৰে নতুন কমিটী গঠন কৰি দিয়া হয়। তিনিমাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ কমিটীখনে বিদেশী বিশেষজ্ঞৰ সতেও আলোচনা কৰিব। অসমৰ বাবে বৰ্তমানৰ প্ৰস্তাৱিত দুই শতাংশৰ ঠাইত ১২ শতাংশ উৎপাদন হব লগা বিজুলী বিনামূল্যে দিবলৈ প্ৰস্তাৱো গণ সংগঠনসমূহে শক্তি মন্ত্ৰালয়লৰ বিবেচনাৰ্থে দাখিল কৰে। নামনি অংশত পৰিব লগা প্ৰভাৱৰ সন্দৰ্ভতো অধ্যয়ন চলোৱাৰ বাবে মন্ত্ৰালয়ে ইতিবাচক সঁহাৰি দিয়াৰ কথাও এই আলোচনাৰ পৰা ওলাই আহি নেতা সকলে সদৰী কৰিছে।

৬. ভাৰতীয় ছবি জগতৰ এগৰাকী প্ৰবাদপ্ৰতীম অভিনেতা দিলীপ কুমাৰৰ জন্মদিনত তেখেতৰ নামত স্কলাৰশ্বিপ ঘোষণা কৰিছে নিৰ্মাতা সুভাষ ঘাইয়ে। মুম্বাইৰ ফিল্ম চিটীত থকা তেখেতৰ হুইষ্টলিঙ উড ইণ্টাৰনেশ্বনেল ফিল্ম স্কুলত এই স্কলাৰশ্বিপ প্ৰৱৰ্তন কৰা বুলি জানিব পৰা গৈছে। তেখেতৰ প্ৰযোজনা সংস্থা মুক্তা আৰ্টছেও সফলতাৰ ৩৬বছৰত ভৰি দিয়াৰ কথাও সংবাদ মাধ্যমে আঙুলিয়াই দিছে।

৭. মাহজাতীয় শস্য উৎপাদনত দেখুওৱা শ্ৰেষ্ঠত্বৰ বাবে একেৰাহে চাৰিবাৰকৈ কেন্দ্ৰীয় চৰকাৰৰ কৃষি কৰ্ম বঁটাৰে সন্মানিত হৈছে অসমৰ কৃষি বিভাগ। এই বঁটাত এটি স্মাৰক, এখন প্ৰশংসা পত্ৰৰ লগতে আছে নগদ দুই কোটি টকা। এই সফলতাৰ বাবে অসমৰ কৃষক সকললৈ চৰকাৰৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছে।

৮. ভাৰতৰ অৰ্থ-ব্যৱস্থাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই আশাপ্ৰদ ভৱিষ্যবাণী কৰা বুলি প্ৰকাশ পাইছে। এই প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ২০১৬চনলৈ ভাৰতৰ আৰ্থিক উন্নয়ন হাৰ বিকশিত হৈ ৬.৩ শতাংশত উপনীত হবগৈ। 

৯. শান্তিৰ নোবেল বঁটাৰে সন্মানিত হোৱাৰ পাছত পাকিস্তানৰ ৰাজনীতিবিদ সকলেও মালালালৈ শুভেচ্ছা জনাইছে। অহা বছৰ মালালাই পাকিস্তানলৈ ঘূৰি আহিব পাৰিব বুলিও এক আশাৰ বাতৰি প্ৰকাশ পাইছে।

১০. অসম সত্ৰ মহাসভাৰ শতবৰ্ষপুতি উপলক্ষে যোৱা ৭ ডিচেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্দী ৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্পত বিশেষ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। সত্ৰ মহাসভাৰ সভাপতি লীলাকান্ত মহন্ত আৰু প্ৰাক্তন ন্যায়াধীস মুকুন্দকাম শৰ্মাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে। চুপহা সত্ৰৰ সত্ৰাধিকাৰ চন্দ্ৰকান্ত মহন্তই ইংৰাজীলৈ অনুবাদ কৰা “কীৰ্তন পুথি”ৰ দ্বিতীয় সংস্কৰণটো উক্ত সভাতে উন্মোচিত হয়।

No comments:

Post a Comment