সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জন্মঠাইলৈ অৰিহণা যোগাওক
ডঃ বুলজিৎ বুঢ়াগোহাঁই
কোনো ব্যক্তিয়ে নিজৰ জন্ম গাঁওখন, জিলাখন তথা ৰাজ্যখনৰ পৰা আঁতৰি কৰ্মসূত্রে বা বিভিন্ন কাৰণত বেলেগ ঠাইত বসবাস কৰিব লগা হয়। এতিয়া কথা হ’ল - সেইসকলৰ বহুতে নিজৰ জন্ম ঠাইখনৰ কথা পাহৰি যায়। আমি ভাবোঁ এনে হোৱা উচিত নহয়। 

সেইসকলে এটা কথা মনত ৰখা ভাল যে জন্ম ঠাইখনৰ পৰা আঁতৰত থাকিও জন্ম ঠাইখনৰ বৌদ্ধিক, সামাজিক , শৈক্ষিক আদি বিভিন্ন দিশৰ বিকাশৰ বাবে বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াব পৰা যায় । আশা কৰিছোঁ এই কথাখিনি জন্ম ঠাইখনৰ পৰা আঁতৰত বসবাস কৰি থকা সকলে ভাবি চাব । 

এই কথাখিনি পঢ়ি হয়তো বহুতৰ মনত এটা প্রশ্ন উদয় হ’ব পাৰে আমি নিজে জন্ম ঠাই ধেমাজিখনৰ কাৰণে কি কৰিছোঁ । আমি সাধ্যানুসৰি জন্ম ঠাই ধেমাজিৰ বিভিন্ন দিশৰ বিকাশৰ বাবে যি পাৰোঁ কৰি আছোঁ আৰু আগলৈ কৰি যাবলৈ চেষ্টা কৰিম।

No comments:

Post a Comment