পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মুক্তিযুঁজাৰু তথা শিক্ষাবিদ মদন মোহন মালব্যলৈ ভাৰত-ৰত্ন প্ৰদান কৰিবলৈ ওলোৱাৰ সুখবৰ। কাইলৈ দুয়োৰে জন্মদিনৰ প্ৰাকক্ষণত আজি কেন্দ্ৰীয় কেবিনেটেৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰপতিয়ে এই সিদ্ধান্ত ৰাজহুৱা কৰিছে। 

২. বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক ডঃ দীনেশ বৈশ্যৰ আত্মজীৱনীমূলক গ্ৰন্থ “জীৱন মাধৈ মালতী”ৰ প্ৰথম গ্ৰন্থৰ জনপ্ৰিয়তাৰ পিচত দ্বিতীয় খণ্ডটিও চন্দ্ৰ প্ৰকাশে ৰাইজৰ হাতত তুলি দিবলৈ যো-জা কৰিছে। অহা ২জানুৱাৰীত গ্ৰন্থখনি উন্মোচন কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাৱত এখনি উন্মোচনী সভাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, নিতুমণি শইকীয়া আৰু অসমৰ প্ৰথম মহিলা বৈমানিক তথা বৰ্তমান লণ্ডন নিবাসী ধীৰা হাজৰিকাই অংশগ্ৰহণ কৰিব। 

৩. অহা বৰ্ষৰ এপ্ৰিল মাহত বিটিএডিৰ ছল্লিশটা পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰা হব। চাৰিখন জিলাৰ কৰ্তৃপক্ষৰ সৈতে ৰাজ্যিক নিৰ্বাচন আয়োগে কালি এক বৈঠক অনুষ্ঠিত কৰি সাম্প্ৰতিক আইন শৃংখলা বিষয়তো আলোচনা কৰে। অহা ২৩ এপ্ৰিলত বিটিচি বিধান পৰিষদৰ কাৰ্যকালৰ অন্ত পৰিব, সেয়ে দহ এপ্ৰিলৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পদক্ষেপ লোৱা হব বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

৪. অসম চৰকাৰে চাহ শ্ৰমিকৰ নুন্যতম মজুৰীৰ বিষয়টো বিচাৰ বিবেচনা কৰিবলৈ এখন ৱেজ এডভাইজৰী বৰ্ড গঠন কৰি দিয়াৰ সুখবৰো প্ৰকাশ পাইছে। উল্লেখযোগ্য যে ভাৰতৰ ভিতৰত চাহ শ্ৰমিকে অসমতেই সৰ্বনিম্ন মজুৰী লাভ কৰাৰ লগতে ৰেচনৰ নামতো কোম্পানীয়ে মজুৰীৰ একাংশ কাটি থোৱাৰ অভিযোগ পোহৰলৈ অহাৰ পাছত সংগঠন সমূহৰ দাবীৰ প্ৰতি সন্মান জনায়েই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

৫. কালি ঘোষিত হোৱা জম্মু-কাশ্মীৰ আৰু ঝাৰখণ্ড বিধান সভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপি দলে ঝাৰখণ্ডত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। আনহাতে সংখ্যালঘু প্ৰাৰ্থীৰ বিজয়সহ জম্মুত ২৫খন আসনেৰে বিজেপিয়েও এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে। পিডিপি দলে ২৮খন আসন লাভ কৰি এই ক্ষেত্ৰত এখোজ আগবাঢ়ি আছে। পিছে কাশ্মীৰৰ ঘাটি অঞ্চলত কোনো বিজেপি প্ৰাৰ্থীয়েই বিজয়ী নহ’ল।

৬. অসমৰ যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অৱ বিজনেচে বি.কম বিভাগৰ বিদ্যাৰ্থী সকলৰ বাবে বিভিন্ন নামী-দামী কোম্পানীৰ সৈতে ইণ্টাৰ্নশ্বিপ কৰিবলৈ সুবিধা আগবঢ়াইছে। আদিত্য বিৰলা মানি, ডালমিয়া চিমেণ্টচ আদিয়ে এই সুবিধা প্ৰদান কৰিব বুলি প্ৰকাশ কৰি ৯গৰাকী শিক্ষাৰ্থীক ইতিমধ্যেই কলকাতাক ইণ্টাৰ্নশ্বিপৰ বাবে নিৰ্বাচন কৰাৰ কথাও প্লেচমেণ্ট চেলে প্ৰকাশ কৰিছে।

৭. ৰাজ্য সভাত বিধেয়ক উত্থাপন কৰিব নোৱাৰি আজি কেন্দ্ৰীয় কেবিনেটে বীমা ক্ষেত্ৰত ৪৯ শতাংশ পৰ্যন্ত বিদেশী পুঁজিৰ প্ৰত্যক্ষ বিনিয়োগ বিষয়ক অধ্যাদেশ জাৰী কৰি এই ক্ষেত্ৰখন মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখনীয় যে যোৱা দহটা বছৰে বিজেপি দলে কংগ্ৰেছ চৰকাৰে প্ৰস্তাৱ কৰা একেখন বিধেয়কৰ বিৰোধিতা কৰি আহিছিল। এয়াও বিজেপি চৰকাৰৰ আন এটা ইউ-টাৰ্ন বুলিও বিৰোধী দল সমূহে অভিহিত কৰিছে।

৮. ভাৰতৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন সঁজুলিৰ নিৰ্মাণৰ ক্ষেত্ৰখন সম্পূৰ্ণ ৰূপে বিদেশী বিনিয়োগৰ বাবে মুকলি কৰি দিয়া হৈছে। কেন্দ্ৰীয় কেবিনেটে এক অধ্যাদেশ জাৰী কৰি এই ক্ষেত্ৰত ১০০ শতাংশ প্ৰত্যক্ষ বিনিয়োগৰ পথ আজি মুকলি কৰি দিয়ে।

৯. যোৰহাট জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভা সমূহৰ মাজত বাৰ্ষিক মুখপত্ৰৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰূপে বিবেচিত হয় মাজুলীৰ ৰামধনু শাখা সাহিত্য সভাৰ পঞ্চম সংখ্যক মুখপত্ৰখন। যোৰহাট জিলা সাহিত্য সভাৰ টীয়ক অধিবেশনত শ্ৰেষ্ঠ সম্পাদকৰ বঁটা মুখপত্ৰখনৰ সম্পাদক তথা অনুৰাধাৰ কবি ৰাজীৱ কমল শইকীয়াক প্ৰদান কৰা হয়।

১০. আজি নলবাৰীত শ্ৰীশ্ৰীম শ্মশান ভূমিৰ প্ৰাংগণত আয়োজিত হৈছে পাগ্লাপেইৰা গোষ্ঠীৰ উদ্যোগত ১৬ সংখ্যক মৰিশালীত জীৱনৰ গান শীৰ্ষক অনু্ষ্ঠানৰ। কবিতা আৰু গীতেৰে অনুষ্ঠিত হব লগা সোঁৱৰণি সমাৰোহখনিত কাব্যমোদী শিল্পপ্ৰাণ ৰাইজৰ সৈতে কবি প্ৰণৱ কুমাৰ বৰ্মনেও অংশগ্ৰহণ কৰিব।

No comments:

Post a Comment