লোকেল তালিবান আৰু সাজু ৰখা গামোচা
সুৰজিত নেওগ
অৱশেষত তালিবান বা আইছিচৰ সৈতে ফেৰ মাৰিব পৰা একেই মানসিকতাৰ এটা গোট আমাৰ মাজৰ পৰাও ওলাইছে... হওক তেও... অসম আৰু অসমীয়াক এতিয়ালৈকে কেৱল চাহ আৰু গঁড়ৰ বাবে জানিছিল জগতে, এতিয়াৰ পৰা আমাৰ ৰেফাৰেঞ্চ তালিবানিৰ সমকক্ষ হ'ল। গৰিহণা দিবলৈ আমি এতিয়া আৰু আফগানিস্থান, ইৰাক, চিৰিয়া অথবা পাকিস্তানলে পোনাব নালাগে... ঘৰতে আছে !!
গৰিহণা কাক দিম, কাকেই বা ধিক্কাৰ দিম?? মুণ্ডহীন কেইটামান কুলাংগাৰ, বিচাৰ-বিবেচনাহীন নিষ্ঠুৰ হত্যাকাৰীয়ে আমাৰ দৰে অসহায় মানুহৰ প্ৰতি কি কেৰেপ কৰিব? আৰক্ষী, প্ৰশাসন বা চৰকাৰক দূষিবলৈ এতিয়া আমাৰ বাবে অতি সহজ; কিন্তু এনে হৃদয়বিদাৰক, নিষ্ঠুৰ, আকস্মিক ঘটনা কোনেও ৰোধ কৰিব নোৱাৰে... !! এতিয়া বোকা চতিওৱাৰ সময় নহয়; কাকো উচতনি দিয়াৰ সময় নহয়.... কেইটামান টিভি চেনেলৰ মূৰ্খ সাংবাদিকৰ উচতনিমুলক বক্তব্য শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। (যেনে-"আপোনলোকে এতিয়া হাতে হাতে অস্ত্ৰ শস্ত্ৰলৈ কি কৰিম বুলি ভাবিছে....??")... এয়া কচাইৰ ব্যৱসায়ৰ বাদে আৰু কি?? আৰু বিড়ম্বনা কি জানেনে, দেশোদ্ধাৰ কৰিবলৈ গৈ ব্যৱসায়ী হোৱা পৰেশ বৰুৱাই আকৌ ইহঁতক গৰিহনা দিয়ে !!! সি (পৰেশ বৰুৱাই) কিজানি ধেমাজিৰ কথা ইতিমধ্যে পাহৰি গৈছে !!!
অাজি বা কালিলৈ যদি সংবিজিত বা তাৰ অনুগামী হত্যাকাৰীকেইটা ধৰাও পৰে তাহাঁতক দেখোন আমাৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনেই ৰাজ আতিথ্য দিব; দুদিন মান জেলত ৰাখি আমাৰ ন্যায়পালিকাৰ দুৰ্বলতাৰ সুযোগত ৰঞ্জন দৈমাৰী, জুৱেল গাৰ্লোচাহঁতৰ দৰে বাহিৰলৈ ওলাই আহি বাটে ঘাটে সম্বৰ্ধনা ল'বহি, আমাৰ ৰাইজেই গামোচা পিন্ধাব!!! ৰাতিটোৰ ভিতৰতেই বীৰৰ সন্মান পাব এই জাৰজবোৰে .... গতিকে দুদিনমান হৈ হাল্লা হৈ থাকিব, তাৰপিছত আমাৰ দৰে মদাহীজাতিয়ে সকলো পাহৰি যাব....
আজি খ্ৰীষ্টমাচ, নৱবৰ্ষ আহি আছে; তাতে পিকনিকৰ বতৰ... চৰকাৰে আমাৰ মনোৰঞ্জনৰ বাবে কাৰ্নিভেলো পাতিছে.... বাদ দিয়ক হে এইবোৰ.. কোনে কাক মাৰিছে তাতে আপোনাৰ মোৰ কি আহে যায়.... বলক ফুৰ্তি কৰোগৈ !!
No comments:
Post a Comment