ৰাজনৈতিক বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনৈতিক বিশ্লেষণ

ৰাজনৈতিক বিশ্লেষণ

Share This
ভাল দিনৰ আশাত বন্দী ৰাইজঃ 
প্ৰচাৰ বনাম বাস্তৱ আৰু কিছু প্ৰশ্নবোধক

অজয় লাল দত্ত
দেশৰ সাধাৰণ নিৰ্বাচনত চমক সৃষ্টি কৰি দিল্লীৰ শাসনভাৰ দখল কৰিলে নেচনেল ডেমক্ৰেটিক এলায়েঞ্চে। বিজেপি দলে আশা কৰাতকৈ বেছি সংখ্যক আসন দখল কৰি অভূতপূৰ্ব ভাৱে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে। তথাপিও নিৰ্বাচনৰ পূৰ্বৰ জোট-বন্ধনৰ অংশীদাৰ দলসমূহকো এই শাসনৰ অংশীদাৰ কৰিয়েই চৰকাৰ গঠন কৰিলে। দেশৰ জনগণে "ভাল দিন আহি আছে" শীৰ্ষক ব্যাপক প্ৰচাৰত মোহিত হৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি কোনো শক্তিশালী সিদ্ধান্ত লব পৰাৰ শক্তিৰে লোকসভাত বিজেপি দল আৰু অংশীদাৰ সকলক প্ৰতিষ্ঠাপিত কৰিলে। এই নিৰ্বাচনত দিয়া মূল প্ৰতিশ্ৰুতি সমূহলৈ মনত পেলালেই আগৰ চৰকাৰৰ দিনৰ ব্যাপক দুৰ্নীতি, কেলেংকাৰীবোৰৰ পাছত দেশক নিকা কৰা, বিদেশত জমা হৈ থকা ক'লা ধন ঘূৰাই আনি দেশক সমৃদ্ধ কৰা, জনবিৰোধী নীতি সমূহ আঁতৰোৱা, মূল্যবৃদ্ধিক নাকী লগোৱা আদি কথাই মনলৈ ভাঁহি আহে। এতিয়া এশ দিনতকৈ অধিক দিন পাৰ হোৱা চৰকাৰখনে গ্ৰহণ কৰা কামকাজ তথা নীতিক মানুহে মূল্যায়ন কৰিবলৈ আৰম্ভ কৰিছে। অন্ততঃ দেশক কোন দিশে নিবলৈ চৰকাৰখনে মনসা কৰিছে তাকেই নিৰ্ণয় কৰাটো এই সময়ত অতিশয় প্ৰয়োজনীয় হৈ পৰিছে।

এটা কথা মনত ৰাখিব, এই চৰকাৰখনৰ গঠনত সুচতুৰ, কৌশলী প্ৰচাৰৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰখনৰ কাম-কাজবোৰকো বিশ্লেষণ কৰি প্ৰচাৰ কৰাত এক নিৰপেক্ষ ভূমিকাতকৈ জনপ্ৰিয় প্ৰচাৰ মাধ্যম সমূহে সুবিধাজনক স্থিতিহে গ্ৰহণ কৰিছে। আনকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সমালোচনামূলক নিবন্ধতকৈ প্ৰশংসামূলক নিবন্ধৰ জোৱাৰ উঠাই পৰিলক্ষিত হৈছে। 

এতিয়া এনে এটা অৱস্থা পাইছেগৈ যে যি সকল বুদ্ধিজীৱি তথা লেখকৰ কটু, সমালোচনামূলক কথাৰ বাবে দেশৰ জনসাধাৰণে এটা সময়ত পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে ব্যাপক ঘৃণা পোষণ কৰিছিল, সেই সকলে কিন্তু এতিয়া নিৰপেক্ষ ভূমিকাক চেৰাই নিজৰ "ৰাজনৈতিক অংশীদাৰিত্ব" (political endorsement)ৰ কথাহে এতিয়াৰ লেখাবোৰৰ যোগেদি প্ৰতীয়মান কৰিবলৈ চেষ্টা চলাইছে। আনকি একে নীতিক পূৰ্বৰ চৰকাৰে গ্ৰহণ কৰোতে জনবিৰোধী নীতি বুলি সমালোচনাৰে পতিয়ন নিয়াবলৈ অহোপুৰুষাৰ্থ কৰা সকলৰ কলম এতিয়া একে নীতিকে ৰূপায়ণ কৰিবলৈ ওলোৱা নতুন চৰকাৰৰ পদক্ষেপক লৈ আচৰিত ভাৱে নিশ্চুপ হৈ পৰাটো অতিশয় দুৰ্ভাগ্যজনক ৰূপে পৰিগণিত হৈছে। ৰাজনৈতিক প্ৰচাৰৰ প্ৰপাগাণ্ডাত নিবেদিত এনে একপক্ষীয়, সুবিধাবাদী বুদ্ধিজীৱিক চিনাক্ত কৰা তথা তথ্যৰে মুখা খুলি দিয়াটো ৰাইজৰ বাবেও এক প্ৰত্যাহ্বান হৈ দেখা দিছে।

বৰ্তমান চৰকাৰখনে গ্ৰহণ কৰা কি পদক্ষেপে মৌলিক ভাৱে দেশৰ সাধাৰণ শ্ৰেণীৰ মানুহক বাস্তৱত সকাহ দিবলৈ সক্ষম হৈছে, সেই কথা আপুনি যি কোনো মানুহক সুধিলেই উত্তৰ বিচাৰি পাব। তাৰ বাবে ডাঙৰ সংস্থাৰ পৰিসংখ্যা অথবা চৰকাৰী বিজ্ঞাপনৰ প্ৰয়োজন নিশ্চয়কৈ নাই। মে' মাহৰ মধ্য ভাগৰ পৰাই দেশখনক খাদ্যবস্তুৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি আনিছে। সেই সময়ত চলিত বৰ্ষৰ বাৰিষাৰ বৰষুণৰ পৰিমাণক লৈ উদ্বেগ প্ৰকাশ কৰি বাতৰি কাকত তথা প্ৰচাৰ মাধ্যমত সৃষ্টি হোৱা হৈ-চৈৰ পাছতে মূল্যবৃদ্ধিৰ কৃত্ৰিম নাটনিয়ে দেশৰ ৰাইজক ধোঁৱা-কোঁৱা দেখুৱালে। সাধাৰণ মানুহৰ বাবে আলু, পিঁয়াজ, বিলাহীও বিলাসৰ বস্তুলৈ পৰিণত হ'ল। নিৰ্বাচনৰ পাছত বস্তুৰ মূল্যবৃদ্ধি এক স্বাভাৱিক পৰিঘটনা! এই সান্ত্বনা বাণীৰেই মানুহক আভুৱা ভাৰিবলৈ চেষ্টা চলিল। এই নিৰ্বাচনত খৰছ হোৱা অভিলেখ সংখ্যক হাজাৰ হাজাৰ কোটি টকাৰ বিজ্ঞাপন, কৰ্পৰেট-বহুজাতিক বিজ্ঞাপন-ব্যৱস্থাপনা গুৰুৰ ফীজ, হেলিকপ্টাৰ, শোভাযাত্ৰা-কুচকাৱাজৰ খৰছ বহন কৰা বণিক গোষ্ঠীয়ে এই খৰছ কেইবাগুণে উদ্ধাৰ কৰি লোৱাত যে কোনেও বাধা দিব নোৱাৰে, এয়া হবই, ইয়াত বাধা দিবলৈ কাৰো শকতি নাই ধৰণৰ বাৰ্তাহে ৰাইজে প্ৰেৰণ কৰা দেখিবলৈ পালে।

মূল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিয়াৰ লক্ষ্যৰে গাদীত বহা মোদী চৰকাৰে দেশৰ মূল্যবৃদ্ধিক ৰোধ কৰিবলৈ কি কি ব্যৱস্থা ল'লে? সেই প্ৰশ্নৰ উত্তৰ এতিয়াও ৰাইজে সন্তোষজনক ৰূপত পাবলৈ সক্ষম নহ'ল। বৰষুণ নহবই নেকি, খৰাংৰ ফলত মূল্যবৃদ্ধি হবই এনে ধৰণৰ অপ-প্ৰচাৰেৰে গুদামঘৰ ভৰাই কৃত্ৰিম নাটনিৰ সৃষ্টি হোৱা পৰিবেশ এটা সৃষ্টি কৰাৰ যি সফল প্ৰয়াস চলিল, তাতো কোনো ধৰণৰ সৱল বাধা পৰিলক্ষিত নহ'ল। কেইখনমান পৰ্যালোচনা সভাত খাদ্যমন্ত্ৰী ৰামবিলাস পাচোৱান, বাণিজ্য মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু দেশৰ কৃষি মন্ত্ৰীয়ে অংশ ল'লে। ৰপ্তানি আৰু আমদানি নিয়ন্ত্ৰণৰ বাবে কেইটিমান দ্ৰব্যৰ নিম্নমতম ৰপ্তানি দৰ ঘোষণাৰ বাহিৰে, দাম নিৰীক্ষণত আছে ধৰণৰ ঘোষণাৰেই দায় সৰা পৰিলক্ষিত হ'ল। অবৈধ মজুতকাৰীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী ঘোষণাও মাত্ৰ ৰাইজৰ চকুত ধূলি দিয়া এটা চমকৰ বাহিৰে একোৱেই নহ'ল। দিল্লীত এসপ্তাহমান এনে লাভখোৰ বেপাৰীৰ গুদামত তালাচী চলোৱাৰ নাটক মেডিয়াত প্ৰচাৰ কৰাৰ পাছতে সকলো সেমেকি পৰিল। অবৈধ মজুতকাৰীৰ বিপক্ষে পদক্ষেপ গ্ৰহণ কৰাটো এটা ৰাজ্যিক বিষয় বুলি পৰামৰ্শ দিয়েই কেন্দ্ৰীয় চৰকাৰে দ্বায়িত্ব সামৰিলে। তাৰ পাছত কেইখন ৰাজ্যত কেইজন ক'লা বেপাৰী জেললৈ গ'ল, খাদ্য বিভাগৰ ধাৰাবাহিক তথা নিৰন্তৰ অভিযানে সংবাদ শিৰোনামা কঁপাই তুলি ভাল দিন অহাৰ সংবাদ দিলেনে? আপোনালোকে নিজেই বিচাৰ কৰক!

ইফালে ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰৰ দ্বায়িত্ব লোৱা প্ৰখ্যাত অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনে বাৰে বাৰে কৈ থাকিল যে দেশত খাদ্য-বস্তুৰ অভাৱ নাই, অভাৱ মাত্ৰ সঠিক ব্যৱস্থাপনাৰ! কিন্তু মোদী চৰকাৰে দেশত খাদ্য বস্তুৰ সঠিক ব্যৱস্থাপনাৰ বাবে বিশেষ কোনো উদ্যোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহিল। আনকি এনে অনুভৱো হয় যে, মোদী ব্ৰেণ্ডৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে যিমান আই.আই.এম, আই.আই.টি আৰু বিদেশ ফেৰত মগজুৰ ব্যৱহাৰ হ'ল, সেই সমূহ মগজুৰ শক্তি যদি এতিয়াও মোদী চাহাবৰ ইমেজ বিল্ডিঙতে ব্যস্ত নাৰাখি দেশত খাদ্য-বস্তুৰ ব্যৱস্থাপনাৰ কাৰ্যকৰী মডেল নিৰ্মাণ কৰি বাস্তৱায়িত কৰিবলৈ প্ৰয়োগ কৰিলেহেতেন, চাগৈ ইমান দিনে দেশে এক নতুন পথৰ বতৰা পালেহেতেন!

পাচলি-ফল আদি সামগ্ৰীক পোনে পোনে বজাৰত বিক্ৰী কৰিব পৰাৰ ব্যৱস্থাৰ বাবে কেইখনমান ৰাজ্যত চৰকাৰী তথা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰা মুকলি কৰি দিয়াৰ ফলত চলিত চাপ্লাই চেইনত ব্যাঘাতহে জন্মিল। ফলত বিক্ৰী কৰিব নোৱাৰা, বেয়া হবলৈ ধৰা পাচলি-ফল কম মূল্যত ব্যক্তিগত মালিকানাই সংগ্ৰহ কৰি নিয়াৰ সুবিধা পালে। কৃষকৰো অৱস্থা বেছি বেয়াহে হ'ল, ইফালে জনসাধাৰণেও নাটনিৰ দিনৰ কৃত্ৰিম চৰাদামৰ পৰা নিস্তাৰ নাপালে। ডাঙৰ ডাঙৰ ঘোষণাতকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ পদক্ষেপৰ সফল প্ৰয়োগেৰে মূল্যবৃদ্ধিক কাবু কৰাৰ বাবে যি দায়বদ্ধতা ৰাইজে আশা কৰিছিল, যিটো কৰাটো দেশৰ বাবে অতিশয় প্ৰয়োজনীয় আছিল সেয়া কিন্তু পদক্ষেপ গ্ৰহণ কৰাটো পৰিলক্ষিত নহল! খাদ্য নিগমৰ কাৰ্যকুশলতা বৃদ্ধি, ষ্টেটফেডৰ দৰে সংস্থাৰ আধুনিকীকৰণ, পথাৰৰ পৰা গ্ৰাহকৰ ঘৰলৈ খাদ্য বস্তুৰ চাপ্লাই চেইনৰ নিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ দৰে কথাবোৰ সপোন হৈয়ে থাকিল!

ঘৰৰ ক্ষুদ্ৰ সমস্যাবোৰৰ সমাধানত ফ'কাচ কৰাৰ সলনি ৰাষ্ট্ৰনেতাৰ পৰা দক্ষিণ-পূৱ-এছিয়া, ব্ৰীকছ শীৰ্ষ সন্মিলনৰ নেতা হোৱাৰ সপোনেহে শাসনকালৰ আৰম্ভণিৰ সময়চোৱাত বেছিকৈ দোলা দিয়াটো চৰকাৰৰ মুৰব্বীজনৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰিবলৈ পোৱা গ'ল। বিদেশত জমা থকা ক'লা ধন দেশলৈ ঘূৰাই অনাৰ বাবেও ১০০দিনৰ সীমাৰেখাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে বিশেষ তদন্তকাৰী গোট গঠন কৰিলে। পিছে এতিয়া চৰকাৰখনৰ একেবাৰে অভিভূত প্ৰশংসকেও ক'লা ধন প্ৰকৃততে দেশলৈ ঘূৰাই অনাটো এক প্ৰকাৰ অসম্ভৱ কথা সেই কথা স্বীকাৰ কৰি, মোদী ডাঙৰীয়া যে যাদুদণ্ডৰে সু-সজ্জ্বিত যাদুকৰ নহয় সেই যুক্তিহে প্ৰকাশ কৰিবলৈ লৈছে। আচলতে নিৰ্বাচনী প্ৰচাৰত দেশক কি ধৰণে বিজ্ঞাপনৰ মায়াজালেৰে বান্ধি পেলোৱা হৈছিল এই মতামতেই উদঙাই দিয়া নাইনে? দিল্লীত প্ৰতিদিনে প্ৰতি মিনিটে অৰবিন্দ কেজৰীৱালৰ চৰকাৰৰ কৰ্ম-কাণ্ডৰ হিচাব লোৱা তেনে প্ৰশংসকেও মোদী চৰকাৰৰ পৰ্যালোচনা কৰাতকৈ সময় দিয়াৰ বাবে, ধৈৰ্য ধৰাৰ বাবেহে পৰামৰ্শ দিয়া পৰিলক্ষিত হৈছে।

নতুন প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ বৈষ্ণুদেৱী পৰ্যন্ত ৰে'ল সেৱাৰ উদ্ঘাটন কৰিলে, পাঁচখনকৈ দেশৰ কৃত্ৰিম উপগ্ৰহ সহ দেশীয় প্ৰযুক্তিৰ ৰকেট উতক্ষেপন প্ৰত্যক্ষ কৰিলে। এনেবোৰ কাম কিন্তু বিগত দশকৰ শাসনকালতে ইউ.পি.এ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰহে ভাল ফলাফল আছিল, সেয়া অস্বীকাৰ কৰিলে নহব। একেদৰেই ব্ৰীকছ শীৰ্ষ সন্মিলনত এইবাৰ পোৱা গুৰুত্ব তথা সফলতাৰ বাটটো কিন্তু সুদক্ষ অৰ্থনীতিবিদ মনোমোহন সিঙে চিকুনাই থোৱা বাটহে আছিল! অথচ তেখেতৰ ইমেজ বিজ্ঞাপন গুৰুৰ হাতত দি দেশৰ জনতাৰ আগত একেবাৰে ধ্বংস কৰি পেলোৱা হ'ল! দেশে আজিৰ উন্নয়নৰ কঠিন বাটেৰে আহি এই বিকাশৰ বাটত ক্ৰমান্বয়ে গতি কৰি আছে, সেই অৱস্থালৈ অনাত যেন দেশৰ আগৰ কোনো কৰ্মী-নেতাৰে অৰিহণা নাই তেনে অপপ্ৰচাৰো চলি থকাতো পৰিলক্ষিত হৈছে। কিন্তু দেশে আজিৰ অৱস্থাত উপনীত হৈছে কেইটাও পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মাজেৰে, বহুকেইটা অৰ্থনৈতিক তথা ৰাজনৈতিক উত্থান পতনৰ মাজেৰে। স্বাধীনোত্তৰ কালত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিও অতিশয় উল্লেখনীয়, কিন্তু দেশখনক পূৰ্বৰ চৰকাৰ সমূহে একোৱেই নকৰিলে, মাথো কৰিলে লুণ্ঠন; এন ধৰণৰ এক অপপ্ৰচাৰৰ প্ৰবাহ সৃষ্টি কৰাতো নিশ্চয়কৈ এক গৰ্হিত কাম। আৰু এই অপপ্ৰচাৰ কথা অনুভৱ কৰিয়েই চাগৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত দেশক আজিৰ অৱস্থালৈ আনি থিয় কৰোৱাৰ বাবে সকলো পূৰ্বৰ নেতা-সমাজ সংগঠক সকললৈ নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বাধ্য হ'ল। তাৰ পাছতো কিন্তু এচাম অন্ধ ভক্তই এই প্ৰৱাহ বন্ধ কৰা নাই, ছ'চিয়েল মেডিয়া, হোৱাটপ-আপ আদিত এনে পোষ্ট চলিয়েই আছে!

প্ৰধানমন্ত্ৰী হিচাবে মোদীদেৱৰ স্বাধীনতা দিৱসৰ ভাষণক লৈ প্ৰশংসাৰ জোৱাৰ ইমানেই বেছিকৈ হ'ল যে প্ৰতিটো কথাৰ তুলনা "এইবাৰহে এজন প্ৰধান মন্ত্ৰীয়ে কথা কোৱা যেন লাগিছে" ধৰণৰ প্ৰচাৰ খোদ দেশৰ বিয়াগোম বুদ্ধিজীৱিৰ কলমেদি নিগৰিত হবলৈ ধৰিলে। এনে প্ৰশংসক সকলৰ ধ্যান ধাৰণা আৰু প্ৰচাৰৰ পৰা এনেহে অনুভৱ হব যেন দেশে ২০১৪চনৰ ১৬মেতহে প্ৰকৃত স্বাধীনতা লাভ কৰিলে, আৰু নৰেন্দ্ৰ মোদীয়েই দেশৰ প্ৰথম আৰু আচল প্ৰধানমন্ত্ৰী! এনে তাড়ণাকো টুইটাৰৰ মজিয়াত বহুতো লোকেই ব্যংগাত্মক সমালোচনা কৰাও দেখা গ'ল। এই ভাষণৰ পৰ্যালোচনা সমূহতে প্ৰধানমন্ত্ৰীয়ে লিখিত টোকা নপঢ়ি আকস্মিক বক্তৃতাৰ ৰূপত দিয়া ভাষণক লৈও প্ৰৱল প্ৰশংসা দেখা গ'ল। মোদী ডাঙৰীয়াক নিৰ্বাচনৰ কোনখন সভাত হাতত কাগজ লৈ ভাষণ দিয়া কেইজনে প্ৰত্যক্ষ কৰিছিল, সেয়া কথা পিচে এবাৰো ভাবি নাচালে! তেখেতৰ ভাষণশৈলী তথা মানুহৰ আকৰ্ষণ কৰিব পৰাকৈ কৰা উপস্থাপন শৈলী নিশ্চয়কৈ প্ৰশংসনীয়, কিন্তু দেশৰ কোনো পূৰ্বৰ প্ৰধানমন্ত্ৰীৰে তেনে শৈলী নাছিলেই ধৰণৰ যি প্ৰচাৰ, সেয়া পিছে কিমানদূৰ গ্ৰহণযোগ্য, আপুনিও ভাবি চাওক!

সেই ভাষণ প্ৰসংগতে তেখেতে দেশত হোৱা নাৰী নিৰ্যাতনৰ অপৰাধৰ ঘটনাৰ বাবে পিতৃ-মাতৃ সকলকে জগৰীয়া কৰা দেখা গ'ল। সকলো পিতৃ-মাতৃয়ে যদি ছোৱালী-সন্তানক কৰা শাসনৰ দৰেই ল'ৰা সন্তানক শাসন কৰিবলৈ লয়, তেতিয়াই এইবোৰৰ অন্ত পৰিব বুলি সাধাৰণ ভাষাৰ সৰল আহ্বানেৰে হাত চাপৰি বুটলিলে। পিছে কথাবোৰ ইমান সহজ নে? ইণ্ডিয়ান এক্সপ্ৰেছত নিবন্ধকাৰ প্ৰতাপ ভানু মেহতাই এই কথাষাৰক "আইন ব্যৱস্থা তথা চিষ্টেমৰ বিফলতাক সামাজিক বিফলতা"ৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি বিশ্লেষণ কৰিছে। পিছে দেশৰ শাসন ব্যৱস্থাৰ মুৰব্বীজনৰ এই স্থিতি বা ভাষণবাজি কিমান গ্ৰহণযোগ্য? কোন অভিভাৱকে নিজৰ সন্তানক সু-সন্তান ৰূপে গঢ় দিবলৈ নিজৰ সৰ্বস্ব উজাৰি নিদিয়ে? কোনো সন্তানক মাক-দেউতাকে অপৰাধী হোৱাৰ পথৰ পৰা প্ৰতিটো মূহূৰ্তই যিমান পাৰে সুৰক্ষিত কৰিবলৈ চেষ্টা নকৰেনে? দেশত যৌন নিৰ্যাতনৰ দৰে জঘন্য ঘটনা বৃদ্ধি তথা প্ৰকোপ কম নোহোৱাৰ কাৰণ অভিভাৱকৰ সোপাঢিলা শাসন নে? নে ন্যায় ব্যৱস্থাই পিষ্ট কৰা এখন সমাজত অপৰাধী চকুৰ আগতে টিঘিল ঘিলাই ঘূৰি ফুৰিব পৰা শাসন-প্ৰশাসন ব্যৱস্থা? অপৰাধ কৰাৰ পাছতো পুলিচৰ অসহযোগিতা, দুৰ্নীতিৰ ফলত কেচৰ তদন্ত সঠিক নোহোৱা, কৰ্টত সাক্ষী-বাদীক ভয়-ভীত-কিনা-বেচা, মন্থৰ ন্যায় ব্যৱস্থা, অপৰাধ কৰিলেও টকা-শিকা-যোগাৰ থাকিলে চিন্তা নাই ধৰণৰ এক পৰিবেশেই নহয়নে? সঘন দৃষ্টান্তমূলক শাস্তিৰ উদাহৰণ সৃষ্টি আৰু তাৰ ব্যাপক প্ৰচাৰেৰেহে এনে ঘটনাক নিশ্চয়কৈ নাকী লগাব পৰা যাব। খোদ দিল্লীত কেন্দ্ৰীয় গৃহ বিভাগৰ পোনপটীয়া নিয়ন্ত্ৰণত থকা দিল্লী পুলিচৰ নিৰ্যাতিতাৰ কেচ নিলিখা, অসহযোগিতা কৰা, ভয়-ভীত কৰি নিৰ্যাতিতাকেই কেচ নিদিবৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগবোৰ বিগত ১০০দিনৰ চৰকাৰে কিবা সলনি কৰিবলৈ চেষ্টা কৰিলেনে? উত্তৰ-পূৱৰ মানুহৰ ক্ষেত্ৰত হোৱা বৰ্ণ বৈষম্য তথা নাৰীজনিত নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত দিল্লী পুলিচক ইতিবাচক সঁহাৰিৰে এনে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ "পুলিচ-প্ৰশাসন তথা ন্যায় ব্যৱস্থাৰ এক মডেল" ৰূপে গঢ়ি আদৰ্শ দেখুওৱাৰ যি প্ৰয়োজন আছিল, সেই ক্ষেত্ৰত কোনো নিৰ্দেশনাই তেখেতসকলৰ ভাষণ, বিজ্ঞাপন তথা কৰ্মক্ষেত্ৰত উজ্বলি নুঠিল!

নক্সালবাদী হৈ জংঘলত সোমাই থকা এচাম মাটি-বাৰী নোহোৱা জংঘল নিৰ্ভৰ জনজাতীয় লোকক বন্দুকেৰে তেজৰ ধল বোৱাতকৈ, হাল বাবলৈ আহিলেই সেউজীয়া পথাৰ শুৱনি হব বুলি কাব্যিক মন্তব্যৰে বাহ-বাহ লোৱা দেখা গ'ল। কিন্তু জংঘল নিৰ্ভৰ জনজাতিৰ হাতৰ পৰা খনিৰ নামত জংঘলখনকেই কোম্পানীৰ হাতত গতাই দিয়াৰ কথা, নিজৰ বাসস্থানৰ পৰা উচ্ছেদিত ভূমিহীন সকলক খেতি কৰিবলৈ অন্ততঃ নুন্যতম প্ৰয়োজনীয় ভূমি দি পুনৰ সংস্থাপনৰ ঘোষণা তেখেতে লালকিল্লাৰ পৰা কৰিব নোৱাৰিলে। আচৰিত লাগে, এক টকা প্ৰতি বৰ্গ ফুটৰ দৰত চিনাকি কোম্পানীক বেপাৰৰ বাবে মাটি দিয়াৰ কৃৰ্তিত্ব দাবী কৰা একেজন মানুহেই কিন্তু কেওকিছু নোহোৱা এই সকল ভাৰতীয় নাগৰিকৰ বাবে সেই একেদৰত মাটিৰ ব্যৱস্থা কৰিব নোৱাৰিলে। তাৰ সলনি কাব্যিক ভাষাৰে, মূল ইছ্যু, জীৱন-ধাৰণৰ সাধন নোহোৱাৰ বাবেই এনে সন্ত্ৰাসৰ পথলৈ আকৰ্ষিত হোৱা এজাক মানুহৰ দৈন্যতা, অভাৱক হৃদয়ংগম নকৰি, এক প্ৰকাৰ ব্যংগ কৰাহে পৰিলক্ষিত হ'ল। এইসকল লোকৰো মাক-দেউতাক নাই নেকি বুলি তোলা প্ৰশ্নই এই সমস্যাৰো দ্বায়িত্ব সামাজিক বিফলতাৰ ফালে ঠেলি দিয়াৰ মানসিকতাকেই প্ৰতিফলিত কৰা নাইনে? এই সন্ত্ৰাসৰ পথ লোৱা সকলৰ বাবে দায়ী আপোন নিঃস্ব মাক-দেউতাক নহয়, দিল্লীত পলিচি ঠিক কৰা মাই-বাপ সকলহে সেই কথা অনুভৱ কৰিব নোৱাৰিলে কেৱল ব্যংগ, ভ্ৰকুতি, দমন আদিৰে এই সমস্যাৰ সমাধান নিশ্চয়কৈ নহবই।

এতিয়া আহো, দুৰ্নীতিৰ প্ৰসংগলৈ। দুৰ্নীতি বিনাশ কৰি সুন্দৰ, নিকা ভাৰতৰ প্ৰতিশ্ৰুতি দিয়া দলটোৰ চৰকাৰখনে দিল্লী চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ ক্ষমতা কৰ্তন কৰিলে, সততাৰ বাবে বিশেষ পৰিচয় পোৱা সৰ্ব-ভাৰতীয় আৰ্য়ুবিজ্ঞান কেন্দ্ৰৰ ভিজিলেঞ্চ অফিচাৰজনকে স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশত অব্যাহতি দিয়াৰ ব্যৱস্থা হ'ল। আন্না হাজাৰেই দুৰ্নীতি বিৰোধী আন্দোলনত খিচিৰি বিলোৱা সেৱকৰ ৰূপত নীৰৱে সোমাই পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মকৰ্তা সকলে গোটেই আন্দোলনটোৰ শ্ৰেয়কে হাইজেক কৰিবলৈ বিভিন্ন পৰ্যায়ত চেষ্টা চলালে। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজা আন্না হাজাৰেই অনুমোদন দিয়া লোকপাল বিলহে পাছ কৰাব বুলি সংসদত স্থিতি গ্ৰহণ কৰি আন্না আন্দোলনৰ ফলাফল প্ৰদানত বিজেপি দলটোৰ অৰিহণা তথা অংশাদাৰীত্বৰ প্ৰমাণ কৰিলে। নিৰ্বাচনী প্ৰচাৰতো দুৰ্নীতিনাশৰ পণ আওৰোৱা দলটোলৈ আন্না হাজাৰেৰ মঞ্চ শুৱনি কৰা কেইবাজনো নেতা ভি কে সিং, কিৰণ খেৰ আদিয়ে সুবিধাজনক ভাৱে ঢৌতে খৰ মাৰি সংসদ তথা মন্ত্ৰীসভাত স্থান লাভ কৰিলে। কিন্তু তাৰ পাছত ইমান দিনে সেই লোকপাল গঠনৰ বাবেই কোনো পদক্ষেপ গ্ৰহণ নকৰাটো এতিয়ালৈকে সেই একে কেইজন নেতাৰ কোনো অসুবিধা হোৱা নাই! কোনো ৰাজহুৱা অভিযোগ উচ্ছাৰণ কৰা শুনিবলৈ পোৱা নাই! তাৰ বিপৰীতে সেই সুবিধাৰ ঢৌত খৰ মাৰিবলৈ ৰাজী নোহোৱা অৰবিন্দ কেজৰীৱালৰ নেতৃত্বৰ লোকসকলকহে এতিয়া প্ৰতিটো খোজতে দেশত অৰাজকতা সৃষ্টিৰ চেষ্টা চলোৱা অপশক্তি বুলি প্ৰতিনিয়ত প্ৰচাৰ অব্যাহত ৰাখিছে। এনে মনোভাৱে মোদী চৰকাৰৰ দুৰ্নীতিবিৰোধী স্থিতিক লৈ প্ৰশ্নবোধকৰ বাহিৰে একোৱেই দিব পৰা নাই!

এতিয়া প্ৰশ্ন হয়, নিজৰ ইমেজ নিৰ্মাণৰ বাবে যি কোনো মন-আকৰ্ষক ভাষণ বা টুইট কৰিবলৈ কুণ্ঠাবোধ নকৰা মোদী ডাঙৰীয়াই কিন্তু দেশৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ, বিভিন্ন বিভাগ সমূহত থকা, দৰমহা ভোগ কৰি কাৰ্যকুশলতা প্ৰদৰ্শন নকৰাৰ ফলতে দুৰ্নীতিয়ে ছানি ধৰা ভিজিলেঞ্চ অফিচাৰ, দুৰ্নীতি নিবাৰক শাখা সমূহৰ কৰ্মচাৰী-বিষয়া সকলৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিলে কিয়? ইমান দিনে বহি বহি দৰমহা খাই, কমিচন খাই তোমালোকে দেশখন দুৰ্নীতিৰে ডুবালা, এতিয়া চাফা কৰাৰ সময়। আগতে ৰাজনৈতিক হেঁচাৰ ফলত কাম কৰিব নোৱাৰিছিলা, এতিয়া আমি আপোনাসৱক নিশ্চিতি দিছো, কোনো ৰাজনৈতিক হেঁচাৰ সৃষ্টি কৰা নহয়। আপোনালোক নিৰ্ভয়ে চাফাই কামত লাগক, আপোনালোকৰ পাছত স্বয়ং মোদী আছে! যি এটা শক্তিশালী বাৰ্তাই দেশখনৰ পৰা দুৰ্নীতিক চিৰবিদায় দিয়াৰ ক্ষেত্ৰত প্ৰথমটো খোজ আছিল, সেই খোজটো দিবলৈকে মোদী চাহাবে এশ দিনতো সময় উলিয়াব নোৱাৰিলে! মোদী আহি আছে, দুৰ্নীতি দেশ এৰিবৰ হ'ল বুলি ৰেডিঅ'ৰ অহৰহ প্ৰচাৰ এতিয়াও কানত বাজি থকা জনসাধাৰণৰ বাবে এনে বাৰ্তাৰ আকৰ্ষণ আৰু প্ৰয়োজনীয়তা আজিও আটাইতকৈ বেছি! যিটোৰ আশা পূৰণ কৰিবলৈ মোদী মহাশয়ক কিহে বাৰণ কৰি ৰাখিছে তাকেহে সাধাৰণ লোকে ভাবি উলিয়াব পৰা নাই! সৰ্ব-স্তৰতে দুৰ্নীতি নিবাৰণৰ বাবে ৰাইজকো আপোনালোকেও নিদিব, লোৱাজনকো সুদাই নেৰিব, স্বয়ং প্ৰধানমন্ত্ৰী আপোনাসৱৰ পক্ষত আছে ধৰণৰ সৱল স্থিতি কেতিয়া গ্ৰহণ কৰিব, তাৰ বাবেই সহজ-সৰল ৰাইজ দিন গণিছে! আনকি স্বাধীনতা দিৱসৰ ভাষণতো দুৰ্নীতি শব্দটোৱে স্থান লাভ নকৰাতো ৰাইজে অসন্তোষ প্ৰকাশ কৰিছে। প্ৰধান সেৱক বুলি কামৰ কথাৰে আকৰ্ষণ কৰা এইগৰাকী নেতাৰ কিন্তু হাৰিয়ানাৰ অনাগত নিৰ্বাচনলৈ লক্ষ্য ৰাখি মঞ্চত কংগ্ৰেছী মুখ্যমন্ত্ৰী থকাৰ সময়ত, তেখেতক অপদস্ত কৰাৰ পৰিবেশ সৃষ্টি কৰাকৈ দুৰ্নীতি শব্দটোলৈ ঠিকেই মনত পৰিল! একেদৰেই ঝাৰখণ্ডতো! পিছে এনে সুবিধাজনক স্থিতিৰে দুৰ্নীতিৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ক লৈ খেলা কৰাটো দেশৰ ৰাইজে কিমান দিনলৈ সহ্য কৰিব সেয়াও এক বহুমূলীয়া প্ৰশ্ন হৈ দেখা দিছে!

দেশৰ অৰ্থনীতিক সম্পূৰ্ণ ৰূপে পূৰ্বৰ চৰকাৰে ধ্বংস কৰি থৈ গ'ল, ৰাজকোষ উদং আদি প্ৰচাৰ চলি থকাৰ বিপৰীতে ৰাজকোষ ভৰোৱাৰ বাবে কি কি উদ্যোগ লোৱা হৈছে আপোনালোকে মন কৰিছেনে? দেশত কৰ দাতা সকলৰ পৰা অন্ততঃ কিছু কাৰ্যকুশলভাৱে আয়কৰেই আদায় কৰা হয়। তাকো চাকৰিয়াল তথা বৃত্তিজীৱি সকলৰ পৰা উতসতে কাটি ৰখা কৰৰ ৰূপত। বাকী কৰ ব্যৱস্থাৰ ইমানেই দুখ লগা অৱস্থা যে টেক্স কমিছনাৰ সকল যেন কমিছন লৈ টেক্স ফাঁকিত সহায় কৰিবলৈহে বহি আছে তেনে অনুভৱ হয়। বিক্ৰী কৰৰ বিষয়াই সঠিক কৰ নলবলৈ কমিচন লয়, আবকাৰী কৰ বিষয়াই সঠিক কৰ নলবলৈ, সেৱা কৰৰ কমিছনাৰেও সেই একেই অনুসাৰে। সেই কথা এজন চহা মানুহেও জ্ঞাত নোহোৱা নহয়! দেশৰ ৰাজকোষৰ অৱস্থা যদি সঁচাই ইমানেই বেয়া, তেতিয়া হ'লে সকলোৱে জনা এই অপ্ৰত্যক্ষ কৰৰ ব্যৱস্থাটোক কঠোৰ কৰাৰ বাবে শক্তিশালী পদক্ষেপ চৰকাৰখনে গ্ৰহণ কৰা নাই কিয়? নিজৰ পকেটত বহুত ভৰালে, এতিয়া দেশৰ ভঁৰালত ধন গোটোৱাৰ কৰ্তব্য পালন কৰক, বুলি কঠোৰ নিৰ্দেশনা মোদী চাহাবে নিজেই জাৰি কৰা নাই কিয়? ভেট, সেৱা কৰ আদি ব্যৱস্থাৰ সৰলীকৰণৰ নীতিগত আলোচনাত সময় খৰছ কৰাতকৈ চলিত কৰ ব্যৱস্থাৰ কাৰ্য-কুশলতাৰ দিশত উদ্যোগ গ্ৰহণ কৰি ৰাজভঁৰাললৈ ৰাজহ অনাৰ পদক্ষেপ এতিয়াও উজ্বলি উঠা নাই কিয়? দেশৰ কৰ্পৰেট খণ্ডত হোৱা কৰ ফাঁকি, আয় ফাঁকি, খৰছৰ বৰ্ধিত হিচাবৰ বিপক্ষে কেগৰ দৰে সাংবিধানিক সংস্থাৰ দ্বাৰা প্ৰত্যক্ষ পৰিদৰ্শনৰ ব্যৱস্থাৰ পোষকতাও চৰকাৰে কৰা নাই। আনকি কেজৰীৱালৰ দিনত দিল্লীত চৰকাৰ আৰু বিদ্যুত কোম্পানীৰ যুটীয়া ব্যৱসায়ত ভুৱা লোকচান দেখুওৱা গোচৰ সন্দৰ্ভত আৰম্ভ কৰা কেগৰ তদন্ত আৰু প্ৰতিবেদনৰ ওপৰতো উপ-ৰাজ্যপালৰ জৰিয়তে কেন্দ্ৰই শাসন চলাই থকাৰ পাছতো কোনো নতুন খবৰ পোহৰলৈ অহা নাই! চৰকাৰী ভূমি, সা-সুবিধা লৈ প্ৰাইভেট-পাব্লিক-পাৰ্টনাৰশ্বিপৰ নামৰ চলা ভয়ংকৰ জালিয়াতিত ভুৱা খৰছৰ প্ৰদৰ্শনেৰেই আটাইতকৈ বেছি দুৰ্নীতি সংঘটিত হয়। এনে প্ৰকল্পবোৰৰ বিষয়টো কোনো "ষ্টপ-লছ" পদক্ষেপ ঘোষিত হোৱা নাই!

চৰকাৰে এফালে দেশৰ শক্তিখণ্ডক শক্তিশালী কৰাৰ বাবে হায়ৈ-বিয়ৈ কৰাৰ মাজতে উচ্চতম ন্যায়ালয়ে ১৯৯৩চনৰ পৰাই আবণ্টিত হোৱা কয়লা ক্ষেত্ৰ সমূহৰ আবণ্টনক অবৈধ ঘোষণা কৰিছে। মনত ৰাখিব, এই সময়চোৱাত মাজতে এই দলৰো পাঁচ বছৰীয়া শাসন আছিল। কিন্তু এতিয়াও এই দেশৰ প্ৰাকৃতিক সম্পদক অবৈধ উপায়েৰে লুণ্ঠন চলাই থকাৰ পৰা উদ্ধাৰ কৰাৰ বাবে কোনো ইতিবাচক দৃষ্টান্তমূলক পদক্ষেপ শক্তি মন্ত্ৰালয় অথবা চৰকাৰে প্ৰস্তাৱ কৰা নাই। আনফালে ৰাজকোষৰ তলি উদংৰ বাহানাৰে দেশৰ শক্তিখণ্ডৰ তিনিটা ফ্লেগশ্বিপ কোম্পানী ক্ৰমে ক'ল ইণ্ডিয়া, অ'এনজিচি আৰু এন এইচপিচিৰ চৰকাৰী অংশীদাৰিত্ব ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে। যিটো সময়ত এই কেইটা কোম্পানীক কাৰ্যকুশলতাৰে দেশক শক্তি খণ্ডত স্বাৱলম্বী কৰাৰ কথা মোদী চৰকাৰে সৱল ৰূপত প্ৰতিষ্ঠাপিত কৰিব বুলি আশা কৰা হৈছিল, তাৰ বিপৰীতে নি-বিনিয়োগৰহে উলোটা পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা চলাইছে। আনহাতে নিৰ্বাচনৰ আগতে মোদী ক্ষমতালৈ আহিলে পূৰ্বৰ বিজেপি চৰকাৰৰ দৰেই চৰকাৰী কোম্পানী বিক্ৰী কৰাৰ কু-প্ৰথাকেই আৰম্ভ কৰিব নেকি শংকাৰ সৃষ্টি হৈছিল। সেই শংকা দূৰ কৰিবলৈ সেই সময়ৰ নি-বিনিয়োগ বিভাগ সৃষ্টি কৰি দ্বায়িত্ব পোৱা অৰুণ শ্বোৰীৰ সাক্ষাতকাৰো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল। তাত কিন্তু তেখেতে মোদীৰ গুজৰাট মডেললৈ আঙুলিয়াই দি তাত চৰকাৰী কোম্পানী সমূহক স-শক্তিকৰণৰ উদাহৰণ দি, এনে পদক্ষেপ মোদীয়ে অন্ততঃ কেতিয়াও সমৰ্থন নকৰে বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছিল। কিন্তু এতিয়া শাসনৰ মূৰব্বী হোৱাৰ পাছত চৰকাৰে লোৱা পদক্ষেপে নিৰ্বাচনৰ পূৰ্বৰ স্থিতিৰ পৰা কিয় দলটোৱে স্থিতি সলাইছে তাকে লৈও সন্দেহজনক প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। বিষয়টোত বিৰোধী দল, নিশকতীয়া হৈ পৰা বাওঁদল সমূহেও প্ৰৱল প্ৰতিবাদৰ সৃষ্টি কৰাৰ কোনো উমঘাম দেখিবলৈ নোপোৱাটো অতিশয় দুভাৰ্গজনক। এতিয়া দেশক নিজৰ শক্তিৰে স্বাৱলম্বী নকৰি, বিদেশীয়েহে ধন দি স্বাৱলম্বী কৰি দিবহি ধৰণৰ চিন্তাৰ প্ৰৱাহ আৰম্ভ হোৱাৰ লগতে, দেশে "সোণ বেচি দৰিদ্ৰ" হবলৈ ওলোৱা ফঁকৰা যোজনাৰ অৱতাৰণা হোৱাৰ উপক্ৰম হৈছে!

নিৰ্বাচনোত্তৰ স্থিতি সলনি, এইটোৱেই প্ৰথম কথা নহয়। ভালকৈ চালে, কংগ্ৰেছৰ মুখপাত্ৰ ৰছিদ আলভিয়ে টিভিৰ পৰ্দাত তুলি ধৰা কথা কেইটা শুদ্ধ নহয় বুলি কবলৈকো দ্বিধা উপজিব! বিৰোধী দলৰ স্থানত থাকোতে বিজেপি তথা সংগী দল সমূহে যিবোৰ নীতিৰ বিৰোধিতা কৰিছিল, সেই সমূহ নীতিকে এতিয়া নতুন চৰকাৰে "অতিশয় শুদ্ধ আৰু পালনীয় বুলি বুদ্ধত্ব-প্ৰাপ্তি" হোৱা বুলি তেখেতে আঙুলিয়াই দিছে। বিদেশী বিনিয়োগ বুলিলেই সাত-জাপ মাৰি সংসদ অচল কৰি দিয়া বিজেপি দলে এতিয়া প্ৰতিৰক্ষা খণ্ড, ইঞ্চুৰেঞ্চ খণ্ড আদি স্পৰ্শকাতৰ খণ্ডকো তাৰ বাবে মুকলি কৰি দিবলৈ আগভাগ ল'লে। বাংলাদেশৰ সৈতে ভূমি হস্তান্তৰকৰণ বিষয়ত অসম-বাংলা সীমান্তত ক'লা পতাকা উৰুওৱা দলটোৱে এতিয়া সংসদৰ বাহিৰে-ভিতৰে সেই চুক্তিও বলবত কৰাটোৱেই শুদ্ধ হব বুলি জাহিৰ কৰিছে। যিদৰে পূৰ্বৰ ৰে'লমন্ত্ৰীয়ে ৰে'ল ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰোতে সেই দলে জন-বিৰোধী বুলি প্ৰৱল প্ৰতিবাদ কৰিছিল, গাদীত বহাৰ পাছতে সেই সিদ্ধান্তকে বলবত কৰাটো অতিশয় প্ৰয়োজনীয় বুলি অনুভৱ কৰিলে। আৰু এই সিদ্ধান্ত পূৰ্বৰ চৰকাৰেই লৈ থৈ যোৱা বুলিও সমালোচনাৰ পৰা গা-এৰা দিবলৈ চেষ্টা চলালে। ডীজেলৰ মূল্যবৃদ্ধিতো আগৰ চৰকাৰৰ প্ৰতিমাহে পঞ্চাশ পইচা বৃদ্ধিৰ নীতিকে সাৰোগত কৰা হ'ল। যদি পূৰ্বৰ চৰকাৰে কৰা সিদ্ধান্তবোৰকেই পালন কৰি যাবলৈ হয়, তেন্তে তেওঁলোকক আঁতৰাই আপোনালোকক গাদীত বহোৱাৰ কি অৰ্থ থাকিল বুলিও এনে স্থিতি সলোৱাৰ পদক্ষেপবোৰক লৈ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। নামনি সোৱণশিৰি প্ৰকল্পত উপস্থিত হৈ এতিয়াৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে নিৰ্বাচনৰ পূৰ্বে কোনো কাৰণতে ইয়াক হবলৈ দিয়া নহব বুলি দিয়া প্ৰতিবাদী মন্তব্যৰ ভিডিঅ' এতিয়া বৃহত নদী-বান্ধ বিষয়ত চৰকাৰৰ বাবে বুমেৰাঙত পৰিণত হৈ পৰিছে।

নতুন চৰকাৰৰ পিতৃসদৃশ সংস্থা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, ভগ্নীপ্ৰতীম বিশ্ব হিন্দু পৰিষদ আদিকে ধৰি হিন্দুত্ববাদী সংস্থাবোৰৰ প্ৰভাৱ এই চৰকাৰৰ দিনত সমাজজীৱনত বেছিকৈ দেখিবলৈ পোৱা যাব বুলি সম্ভাৱনা প্ৰকাশ পাইছিল। কিন্তু এতিয়া নৰেন্দ্ৰ মোদী এগৰাকী আৰ এছ এছৰ শিক্ষাৰে দীক্ষিত ব্যক্তি অথবা একমাত্ৰ বিজেপি দলৰে প্ৰধানমন্ত্ৰী হৈ থকা নাই, তেখেত গোটেই ভাৰতবৰ্ষৰে প্ৰধানমন্ত্ৰী। সেই কথা আমি সকলোৱেই অনুভৱ কৰিব লাগিব। আৰু তেখেতৰ নেতৃত্বত এক সোঁ-পন্থী চৰকাৰে ক্ষমতাৰ জৰী হাতত লোৱাৰ ফলত এক অজান শংকাত ভূগিবলৈ ধৰা ধৰ্মীয় সংখ্যালঘু বিশেষকৈ ইছলাম ধৰ্মী সমাজৰ মাজৰ পৰা এই ভীতি দূৰ কৰিব লাগিব। হিন্দুস্তান টাইমছ কাকতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীক সুধিব খোজা দহোটা প্ৰশ্ন শীৰ্ষক এটি পৰ্যালোচনা চলাইছিল। তাত অভিনেতা ইমৰাণ জাহিদ( মহেশ ভাটৰ ফিল্ম ডেডীৰ আধাৰত প্ৰযোজিত নাটকত অনুপম খেৰৰ ভূমিকা লোৱা অভিনেতা)য়ে মুম্বাইৰ পৰা দেশৰ প্ৰায় এক তৃতীয়াংশ জনসংখ্যাৰ মুছলিম ধৰ্মালম্বী লোক সকলৰ বেছি সংখ্যকৰে অৰ্থনৈতিক আৰু সামাজিক দিশত পিছ পৰি থকা অৱস্থাৰ পৰা আগুৱাবলৈ চাচাৰ কমিটিৰ প্ৰতিবেদনৰ পৰামৰ্শৱলীলৈ আঙুলিয়াই দেখুৱাইছে। দেশৰ বহু অনুসূচিত জাতি, জনজাতিতকৈ অধিক বেয়া অৱস্থাত থকা এই লোকসকলৰ শিক্ষা, স্বাস্থ্য, অৰ্থনীতি আৰু সামাজিক স্থিতিৰ উন্নতিৰ বাবে চাচাৰ কমিটিৰ পৰামৰ্শৱলী এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰিবনে বুলিও চৰকাৰলৈ তেখেতে প্ৰশ্ন তুলিছে। এক তৃতীয়াংশ লোকক নেওচা দি বিকশিত ভাৰতৰ স্বপ্ন নিশ্চয়কৈ সম্ভৱ নহয়। যোৱা ছমাহত প্ৰায় ৩০৮টা সাম্প্ৰদায়িক ঘটনাৰ ভিতৰত সৰ্বাধিক ঘটনা উত্তৰ প্ৰদেশতে সংঘটিত হোৱাৰ পাছতো এনে ঘটনাত উচতনি মূলক ভাষণৰ ইতিহাস থকা যোগী আদিত্যনাথকে সেই প্ৰদেশত অনাগত উপনিৰ্বাচনৰ দ্বায়িত্ব অৰ্পণ কৰা, লাভ জিহাদৰ নামত চলি থকা অপ-প্ৰচাৰৰ ধুমুহা, সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনাৰ অভিযুক্তলৈ জেড কেটেগৰীৰ সুৰক্ষা দিয়া আদি সিদ্ধান্তইও দেশৰ ধৰ্ম-নিৰপেক্ষ পৰিবেশৰ স্পৰ্শকাতৰতাকলৈ চৰকাৰখন কিমান দ্বায়বদ্ধ তাকে লৈও প্ৰশ্ন জাগ্ৰত হৈছে। এনে সংঘৰ্ষ ৰোধৰ কৰি দেশখন শান্তি-সম্প্ৰীতি অনাৰ বাবে কোনো ৰোড-মেপ গৃহ মন্ত্ৰালয়েও প্ৰচাৰ কৰা পৰিলক্ষিত হোৱা নাই। ১৬ মে'ৰ পাছত বাংলাদেশীক দেশ এৰিবলৈ সাজু হবলৈ আহ্বান জনোৱা দলটোৱে ভিচা শিথিল কৰি বাংলাদেশীক আদৰিবলৈহে প্ৰয়াস চলালে। হিন্দু অনুপ্ৰৱেশকাৰী সকলক নাগৰিকত্ব প্ৰদান কৰি, মুছলিম অনুপ্ৰৱেশকাৰী ভিতিগ্ৰস্ত কৰিব নে অহা ১৬চনত অসমত সকলো বাংলাদেশীকে বিজেপিক ভোট দিবলৈ সাজু হবলৈহে আহ্বান জনাব, সেয়াও স্থিতি সলাবলৈ কুণ্ঠাবোধ নকৰা চৰকাৰখনক লৈ ৰাইজ সন্দিহান হৈ পৰিছে।

দেশৰ ৰাজনীতিৰ অপৰাধীকৰণৰ বিষয়টোতো চৰকাৰখনে উচ্চতম ন্যায়ালয়ৰ পৰা সমালোচনাৰ সন্মুখীন হব লগা হৈছে। ১৮গৰাকীকৈ নতুন চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধীক গোচৰৰ অভিযোগ থকাৰ কথাটো প্ৰচাৰ হোৱাৰ লগে লগেই উচ্চতম ন্যায়ালয়ে নিকা মন্ত্ৰী পৰিষদ ৰখাৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী তথা মুখ্যমন্তীসকললৈ দিয়াৰ কথাটোৱে নিশ্চয়কৈ চৰকাৰখনক অস্বস্তিত পেলাইছে। এতিয়া ৰাজনৈতিক নেতা সকলৰ বাবে বিশেষ ফাৰ্ষ্ট ট্ৰেক কৰ্টৰ ব্যৱস্থাৰে এনে অপৰাধীক গোচৰ সমূহ মীমাংসা কৰিবলৈ চৰকাৰে পদক্ষেপ লৈছে। জিলা সমূহৰ আৰক্ষী অধীক্ষক সমূহৰ পৰাও এনে গোচৰৰ সবিশেষ তলৱ কৰিছে গৃহ মন্ত্ৰালয়ে। কিন্তু গোটেই দেশৰে ৰাইজ ন্যায়হীনতাত পিষ্ট হৈ থকাৰ মুহূৰ্তত এটা মাত্ৰ পেশাৰ লোকক এইদৰে গোচৰ মীমাংসা কৰি "নিকা" প্ৰমাণ কৰি লোৱাৰ এই প্ৰক্ৰিয়া কিমান আদৰণীয় হব, সেয়াও ৰাইজেই বিচাৰ কৰক। এই বিষয়টোত আগতে ন্যায়ালয়েও বিশেষ শ্ৰেণীৰ মৰ্যদা দি কিছু লোকৰ বাবে ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ সুবিধা দিবলৈ অস্বীকাৰ কৰিছিল, তাৰ পাছতো চৰকাৰৰ এই কুচকাৱাজ সঁচাই লক্ষণীয় হৈ পৰিছে।

দেশৰ কেইবাটাও সাংবিধানিক সংস্থা কেগ, চি.ভি.চি, লোকপাল, সেনা আদিৰ মূৰব্বীসকলৰ নিৰ্বাচন প্ৰক্ৰিয়াত বিৰোধী দলৰ দলপতিৰ সন্মতি থকাটো অতীৱ প্ৰয়োজনীয় বুলি বিজেপি দলেই পূৰ্বৰ চৰকাৰৰ দিনত নিয়ম বনাবলৈ বাধ্য কৰিছিল। কিন্তু এতিয়া নিৰ্বাচন পূৰ্বৰ মিত্ৰতাৰে ইউপিএৰ হাতত দহ শতাংশতকৈ অধিক লোকসভাৰ সদস্য থকাৰ পাছতো কংগ্ৰেছক বিৰোধী দলৰ দলপতিৰ মৰ্যদা দিবলৈকো এতিয়া আপত্তি কৰিছে। তেওঁলোকৰ মতে একক দল ৰূপে কংগ্ৰেছৰ হাতত ৫৪খনতকৈ আসন কমকৈ আছে। লোকসভাৰ অধ্যাক্ষা, চ'লিছিটৰ জেনেৰেলৰ পৰা বল গৈ এতিয়া উচ্চতম ন্যায়ালৰ মজিয়া পাইছেগৈ! তাকে দেখি ইণ্ডিয়ান এক্সপ্ৰেছত এটি কাৰ্টুনত সেই অৱস্থাক এটা সংলাপেৰে মোখনি মাৰিছে, "মহাভাৰতত পাণ্ডৱক এখনো আসন দিবলৈ অস্বীকাৰ কৰিছিল কৌৰৱে, বাকী সকলো ইতিহাস"! গণতান্ত্ৰিক পৰম্পৰাক উচ্চ ৰূপত ধৰি ৰাখিবলৈ এনে অপ্ৰয়োজনীয় দলাদলিৰ সলনি দেশক সুস্থ সৱল ৰূপত গঢ় দিয়াৰ বাবে গঠনমূলক কামত শাসক-বিৰোধী সকলোৱেই হাত উজান দিয়াৰ প্ৰয়োজন হৈছে। লোকপালৰ দৰে সংস্থাৰ গঠন, নিযুক্তিটো অনাহক বিলম্বই চৰকাৰৰ মনসাৰ ওপৰতেই নতুন প্ৰশ্নৰ উদ্ৰেক কৰিছে।

"স্কীল ইণ্ডিয়া ভিজন" যদিও বৰ্তমান চৰকাৰৰ সু-কৌশলী প্ৰচাৰত আপোনাৰো নৰেন্দ্ৰ মোদী দেৱৰ মানস পুত্ৰ যেন অনুভৱ হব! কিন্তু এই কামৰ পৰিকল্পনা আৰু শুভাৰম্ভও পূৰ্বৰ ইউ পি এ চৰকাৰৰেই বুলি ক'লে হয়তো আজি বিশ্বাস কৰিবলৈ টানেই লাগিব! কিন্তু ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেছন ব্যুৰোৰ ৱেবচাইটত মিনিষ্ট্ৰি অৱ লেবাৰ এণ্ড এম্প্লইমেণ্টে ১৬ আগষ্ট ২০১০তে ঘোষণা কৰা "নেছনেল স্কীল ডেভেলপমেণ্ট মিছন"ৰ অধীনতহে এই কাম ৰূপায়ণ হবলৈ গৈ আছে। নেচনেল স্কীল ডেভেলপমেণ্ট কৰ্পৰেচন (NSDC) নামৰ নন-প্ৰফিট কোম্পানীটোৱে ২০১০ চনৰ পৰা ২ নিযুত নৱ-প্ৰজন্মক স্কীলড কৰি তোলা বুলি দাবী কৰাৰ বিপৰীতে অহা ২০২২ চনৈ এই লক্ষ্য ৫০০ নিযুতত উপনীত হোৱাৰ লক্ষ্যৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত নেচনেল কাউন্সিল অৱ স্কীল ডেভেলপমেণ্ট, পৰিকল্পনা আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত নেচনেল স্কীল ডেভেলপমেণ্ট কৰ্ডিনেচন বৰ্ডে "নেচনেল পলিচি অন স্কীল ডেভেলপমেণ্ট"ক কাৰ্যকৰী কৰাৰ বাবে এন.এছ.ডি.চিৰ জৰিয়তে এই তিনি তৰপীয়া ব্যৱস্থাৰে "নেচনেল স্কীল ডেভেলপমেণ্ট মিছন"ক আগুৱাই নিয়াৰ ব্যৱস্থা আছিল। নতুন চৰকাৰে এই মিচনটোকে আগুৱাই নিবৰ বাবে কেইবাটাও মন্ত্ৰালয়ৰ জড়িত থকাৰ বাবে স্কিল ডেভেলপমেণ্ট মিনিষ্ট্ৰি ৰূপে এটা নতুন ৰূপদান কৰিছে। খেল মন্ত্ৰালয়কো ইয়াৰ সৈতে সংলগ্ন কৰি দিয়া হৈছে। আৰু নীতিগত বিষয়ত আগতে কেৱল কাৰিকৰী শিক্ষাৰে শিক্ষিত সকলক এপ্ৰেণ্টিছ কৰাৰ সুবিধা দিয়াৰ হৈছিল, তাৰ সৈতে এতিয়া বিএ, বিকম কৰা সকলকো কৰ্পৰেট ছেক্টৰত এনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে উল্লেখ কৰিব লগীয়া কথাটো এয়ে যে আগতে চৰকাৰী সা-সুবিধা, কৰ-ৰেহাই আদি পোৱাৰ বিনিময়ত ব্যক্তিগত খণ্ডৰ কোম্পানী সমূহে এনে এপ্ৰেণ্টিছৰ পৰ্যাপ্ত সা-সুবিধা দেশৰ নৱ-প্ৰজন্মক দিয়াৰ প্ৰতিশ্ৰুতি দিব লগীয়া হৈছিল। এনে প্ৰতিশ্ৰুতি পালন কৰিবলৈ অসমৰ্থ বা মন নকৰা কোম্পানীৰ সঞ্চালক সকলক দ্বায়বদ্ধ কৰি ৰখাৰ বাবে জেললৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা আছিল। কিন্তু নতুন চৰকাৰে এই জেল প্ৰেৰণৰ ব্যৱস্থাটো নীতিৰ পৰা উঠাইহে দিছে, কঠোৰ নীতিৰ পৰিবৰ্তে শিথিল নীতিৰে কৰ্পৰেট খণ্ডক সহযোগিতাৰ বাবে আহ্বান জনোৱাৰ নীতিহে পালন কৰিব বুলি প্ৰকাশ কৰিছে। এই কথাখিনিকে কিন্তু চৰকাৰী তথা প্ৰচাৰ মাধ্যমে সৰল ও নিৰপেক্ষ ভাৱে উপস্থাপন নকৰি "স্কিল ইণ্ডিয়া সপোন" মোদী চাৰেহে নতুনকৈ দেখিবলৈ লোৱা বুলি সজোৰে উপস্থাপন কৰিবলৈ প্ৰচেষ্টা চলাইছে।

একেদৰেই জাপানৰ সৈতে সহযোগিতা বৃদ্ধি, বুলেট ট্ৰেইনৰ প্ৰাথমিক অধ্যয়ন আদিও পূৰ্বৰ চৰকাৰৰ দিনতেই হোৱা, তাৰ ৰিপৰ্টটোকেই হাতত পৰাৰ পাছত কৃৰ্তিত্বৰ দাবীদাৰ হোৱাৰ লক্ষ্যৰে মাত্ৰ কেইশমান কোটি টকা সেই প্ৰকল্প সম্ভৱপৰ হবনে চাবৰ বাবে নতুন চৰকাৰে বাজেটত অধ্যয়নৰ বাবে মুকলি কৰি দিছে। দিল্লীৰ পৰা মুম্বাই পৰ্যন্ত জাপান-ভাৰত ইণ্ড্ৰাষ্টিয়েল কৰিডৰৰ প্ৰকল্পও কেইবাবছৰ আগৰ পৰাই চলি আছে। এই সহযোগিতা দুয়োখন দেশৰ মাজৰ দীৰ্ঘকালীন সহযোগিতাৰ বুজাবুজি আৰু ৰাষ্ট্ৰীয় নীতিৰ আধাৰত পালিত হোৱা কৰ্মসূচীহে। এই নীতিৰ পালন কৰাটো বা নিৰন্তৰ চলাই নিয়াটো ৰাষ্ট্ৰীয় বৈদেশিক নীতিৰ এক নিয়মেই। সেই কথাক কিন্তু জনপ্ৰিয় সংবাদ মাধ্যমে বা নতুন চৰকাৰৰ ভক্ত সকলে জনাব নোখোজে। সকলো নতুনকৈ আৰম্ভ হোৱা, ১৬মেৰ পাছতহে সকলো বিকাশমুখী সপোনে পাৰ পোৱা ধৰণৰ অপ-প্ৰচাৰ চলাবলৈ চেষ্টা চলায়! একেই ধৰণেৰে চলি থকা নিৰ্মল ভাৰত অভিযানক "স্বচ্ছ ভাৰত", বায়'মেট্ৰিক একক পৰিচয় পত্ৰৰ সুন্দৰ ব্যৱস্থা "আধাৰ"ৰ ঠাইত "ৰাষ্ট্ৰীয় নাগৰিক পৰিচয় পত্ৰ" আদি পুৰণি বস্তুকেই নতুন পেকেটত নিজৰ ব্ৰেণ্ডৰ নামত মাৰ্কেটিং কৰাৰ কৌশলকে ৰাজনৈতিক মহলে "নতুন গিলাচত পুৰণি মদ" ঢালি পৰিবেশন কৰি বাহ্ বাহ্ লোৱাৰ প্ৰচেষ্টা বুলিও উল্লেখ কৰিছে।

দেশ এখন বিকাশৰ ধাৰাটো এটা নিৰন্তৰ প্ৰক্ৰিয়া আৰু তাক বহু সময়, বহু শক্তি, বহু প্ৰচেষ্টাৰ প্ৰয়োজন। গুজৰাটত হোৱা উন্নতিৰ বাবেই ৰাইজে মোদীক প্ৰধানমন্ত্ৰীৰ দ্বায়িত্ব বৰ আশাৰে দিছে। তেখেতেৰ নেতৃত্বত দেশ আগুৱাই যাওক, সৱল নেতৃত্বৰে দেশে যি দ্বায়িত্ব দিছে তাক অন্তঃকৰণৰে পালন কৰক। কিন্তু তথ্যক তথ্যৰে, যুক্তিক যুক্তিৰে প্ৰমাণ কৰিব পৰা এই তথ্য প্ৰযুক্তিৰ দিনত "অৰ্ধ-সত্য বিজ্ঞাপন"ৰ দ্বাৰা দেশবাসীক আভুৱা ভৰাৰ দিন নিশ্চয়কৈ নাই, সেই কথালৈকো চকু দিয়ক!

নিজৰ একক ভাৱমূৰ্তিৰ নিৰ্মাণ কৰিবলৈ অৰহৰ প্ৰচেষ্টা কৰাৰ বাবেই লাইভ মিণ্ট কাকতে এতিয়া "এনডিএ ইজ মোদী, মোদী ইজ এনডিএ" অৱস্থা পোৱাৰ দিশত গতি কৰা ধাৰালৈ আঙুলিয়াই দিছে। শক্তিশালী নেতৃত্ব লাগে, কিন্তু দেশখনৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাক মাত্ৰ একক কণ্ঠৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰাটো নিশ্চয়কৈ গ্ৰহণযোগ্য নহয়। পৰিকল্পনা আয়োগ ভংগ কৰাৰ একপক্ষীয় ঘোষণাত ৰাজ্য সমূহৰ মতামত অবিহনে দেশৰ ফেডাৰেল গাঁথনিৰ প্ৰতি ভাবুকি আহিব বুলিও বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে। নেহৰুৰ আদৰ্শৰে গঠিত সংস্থা সমূহক আঁতৰাই নেহৰুভিয়ান যুগৰ শেষ ঘটাই মোদীৰ যুগ আৰম্ভ কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে। এনে সাংবিধানিক সংস্থা সমূহৰ সাংগঠনিক পুনৰ-গঠন (organisational restructure)তকৈও এতিয়া দেশৰ প্ৰতিষ্ঠিত সংস্থা সমূহক কাৰ্যকুশল (organisational effectiveness)ৰহে প্ৰয়োজন বুলিও আঙুলিয়াই দিছে।

দেশৰ মৌলিক সমস্যা দৰিদ্ৰতা, শিক্ষা, বিজুলী, খোৱাপানী, খাদ্যবস্তুৰ মূল্যবৃদ্ধি, ইন্ধনৰ নাটনি, শক্তি খণ্ডৰ সমস্যা, প্ৰাকৃতিক সম্পদৰ সু-ব্যৱস্থাপনা, ব্যৱহাৰ আদিৰ কথা বতৰাত চৰকাৰখনে মনেপ্ৰাণে গুৰুত্ব দিব লাগিব। চৰকাৰী সংস্থা সমূহৰ কাৰ্যকুশল ব্যৱহাৰ, সৰ্বস্তৰৰ পৰা দুৰ্নীতি উতখাতৰ বাবে শক্তিশালী পদক্ষেপ, কৰ আহৰণক কুশল কৰা, সকলোৰে বাবে দ্ৰুত ন্যায় ব্যৱস্থা, পুলিচ প্ৰশাসনক ৰাইজৰ অভিযোগৰ প্ৰতি সহাঁৰি দিবলৈ বাধ্য কৰোৱা আদি সাৰ্বজনীন প্ৰয়োজনক অগ্ৰাধিকাৰ দিবই লাগিব। ক্ৰ'নি কেপিটেলিজমৰ উত্থান, ৰাজহুৱা সম্পদৰ লুণ্ঠন, কৰ্পৰেট জগতত মন'পলি ব্যৱস্থাৰে মেডিয়া, তথ্য আহৰণ, বিশ্লেষণ, প্ৰচাৰৰ জৰিয়তে বজাৰ নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰতো বাহি অহা কৰ্পৰেট দপদপনিক নিয়ন্ত্ৰণ কৰিবই লাগিব। দেশৰ চৰকাৰে আইন বলবত তথা কাৰ্যকৰী কৰাৰ প্ৰাথমিক দ্বায়িত্ব পালন কৰিবই লাগিব। সাধাৰণ মানুহৰ জীৱন সহজ কৰি তুলিব পৰা, ভৱিষ্যত উজ্জ্বল কৰি তুলিবলৈ সকলোৱে নিজা মেধা-প্ৰতিভাৰ কৰ্ষণ কৰিব পৰা শান্তি-সম্প্ৰীতিৰ পৰিবেশ উপহাৰ দিব পাৰিবই লাগিব। এয়া সৰু যেন লগা অথচ গুৰুত্বপূৰ্ণ কাম। সংবিধানৰ গণ্ডিত সকলো ধৰ্ম-জাতিৰ নাগৰিককে সমান অধিকাৰ সুনিশ্চিত কৰি দেশখনৰ মৌলিক কথাবোৰৰ সমাধান নকৰিলে, বাস্তৱত সামগ্ৰিক, সাৰ্বিক উন্নয়নৰ কাম-কাজ কৰি সুফল নিদিলে কেৱল দেশে-বিদেশত ঢোল বাদন, ছ'চিয়েল মেডিয়া, টুইটাৰ, টিভিৰ পৰ্দা শুৱনি কৰা বিজ্ঞাপন, প্ৰচাৰেৰে ৰাইজক ভাল দিনৰ আশাত বেছিদিন বান্ধি ৰাখিব নোৱাৰিব, সেয়াও নিশ্চিত!
( "গুমৰাগ"ৰ দ্বিতীয় তথা শাৰদীয় সংখ্যাৰ বাবে লিখা লেখাটি অসমীয়াৰ সুখ-দুখৰ পাঠকৰ বাবে চৰকাৰৰ ছমাহ উপলক্ষে পুনৰ প্ৰকাশ কৰা হৈছে। ৰচনাকালঃ প্ৰথম সপ্তাহ, অক্টোবৰ ২০১৪)

1 comment:

  1. ভাল লাগিল পঢ়ি,সৰু,সৰু আৰু প্ৰাথমিক কথাবোৰত কাৰো মন কান নাই চব মায়া জালত মোহচন্ন আৰু গণতন্ত্ৰৰ চাৰি নম্বৰ সূতাটো বুলি দাবীকৰা এচামৰ বৰ ভাল দিন আহিছে|

    ReplyDelete