সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চৰকাৰী বেৱচাইটৰ তথ্য
ডঃ বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
আমাৰ অসমৰ মুখ্য মন্ত্রী মহোদয়ে ৰাজ্য চৰকাৰখনে তথ্য-প্রযুক্তিত গুৰুত্ব দিয়া কথাটি সভা-সমিতিবোৰত কৈ থাকে। ই অতি ভাল কথা। সহজতে পাব পৰাকৈ বেৱচাইট সমূহত তথ্য সমূহ সংগ্ৰহ কৰি ৰাখিলে ব্যৱহাৰকাৰীসকল উপকৃত হব পাৰিব আৰু ৱেব চাইট নিৰ্মাণ কৰাৰ লক্ষ্যটোও পূৰণ হব। সু-প্ৰশাসন আৰু স্বচ্ছ প্ৰশাসন গঢ়াত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ আৰু প্ৰসাৰৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। বিশেষকৈ কোনো অন্য সূত্ৰৰ পৰা পোৱা তথ্যক ভৰসা কৰিব নুখুজিলে প্ৰতীয়মান হবৰ বাবেও বহু লোকে চৰকাৰী বেৱ-চাইটৰ তথ্যকে ব্যৱহাৰ কৰিব বিচাৰে। সেয়ে চৰকাৰী বেৱচাইটবোৰৰ বিশেষ গুৰুত্ব আছে।

কিন্তু কাৰ্য ক্ষেত্রত ইয়াৰ প্রয়োগ ভালদৰে হ’বলৈ এতিয়াও বহুত বাকী আছে । উাহৰণ স্বৰূপে – আমাৰ ৰাজ্যখনৰ চৰকাৰৰ বিভিন্ন বিভাগৰ এটিকৈ অফিচিয়েল ৱেবছাইট নামতহে আছে, বেছিভাগ ৱেবছাইটত শেহতীয়া তথ্যবোৰ পোৱা নাযায় । এই পত্রৰ দ্বাৰা বিভিন্ন বিভাগবোৰক অনুৰোধ জনাইছোঁ যে ৱেবছাইটবোৰত শুদ্ধ আৰু শেহতীয়া তথ্যবোৰ আপলোড কৰে যেন।

No comments:

Post a Comment