পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. আজি শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হব ভাৰতীয় সামাজিক কৰ্মকৰ্তা তথা বচপন বচাও আন্দোলনৰ হোতা কৈলাশ সত্যাৰ্থী আৰু পাকিস্তানত শিশুৰ শিক্ষাৰ অধিকাৰৰ বাবে যুঁজ দিয়া কিশোৰী মালালা ইউচুফজাইক। কালি সাংবাদিকৰ সৈতে মুখামুখি অনু্ষ্ঠানত মালালাক বিশ্বৰ এগৰাকী সাহসী কিশোৰী আখ্যা দি কৈলাশ সত্যাৰ্থীয়ে তেখেতেৰ জীৱনকালতে বিশ্বৰ পৰা শিশু শ্ৰমিকৰ সমস্যা শেষ হব বুলিও আশা প্ৰকাশ কৰে। মালালাই ভৱিষ্যতে ৰাজনীতিত যোগদান কৰাৰ হেঁপাহৰ কথা প্ৰকাশ কৰাৰ লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোনো ব্যক্ত কৰা বুলি বিবিচিৰ বেৱচাইটে প্ৰকাশ কৰিছে।

২. ভাৰত বাংলাদেশৰ মাজত সহযোগিতা বৃদ্ধি আৰু ব্যৱসায় বাণিজ্যৰ সহায়ক হোৱাকৈ গুৱাহাটীৰ পৰা আজি শুভাৰম্ভ কৰা হৈছে পৰীক্ষামূলক ভাৱে গুৱাহাটী-ঢাকা বাছসেৱা। ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগে শুভাৰম্ভ কৰিব লগা এই যাত্ৰাত কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ, পথ পৰিবহন, বৈদেশিক পৰিক্ৰমা, গৃহ আৰু বিত্ত মন্ত্ৰালয়ৰ ৮গৰাকী বিষয়া, অসম আৰু মেঘালয়ৰ চাৰিগৰাকীকৈ বিষয়াসহ ভাৰত-বাংলাদেশৰ প্ৰায় ৩০গৰাকী বিষয়াই এই যাত্ৰাত অংশ লব। গুৱাহাটীৰ পৰা ডাউকী হৈ ঢাকালৈ ৪৯৬ কিল’মিটাৰ পথ অতিক্ৰম কৰি নতুন পথৰ সন্ধান দিব অসম পৰিবহন নিগমৰ ৩২খন আসনযুক্ত শীততাপ নিয়ন্ত্ৰিত এইখন বাছে।

৩. উচ্চতম ন্যায়ালৰ নিৰ্দেশ মৰ্মে বজাৰ দৰত গুজৰাট চৰকাৰে খাৰুৱা তেলৰ ৰয়েল্টি লাভ কৰাৰ দৰেই অসমকো ৰয়েল্টি প্ৰদান কৰিবলৈ বুলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীক সাক্ষাত কৰি আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰীয়ে। এই বৈষম্যৰ বাবেই ৰাজ্যখনে বিগত সময়চোৱাত প্ৰায় দহ হাজাৰ কোটি টকাৰ ৰাজহৰ পৰা বঞ্চিত হৈ থকাৰ বিষয়টোত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীজনে সঠিক পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বুলিও সুখবৰ প্ৰকাশিত হৈছে।

৪. ৰোগী নিৰাপত্তা দিৱস পালন কৰি জি এন আৰ চিয়ে প্ৰকাশ কৰিলে গৱেষণামূলক সমীক্ষাৰ তথ্য। বিগত ২৫ৰ তথ্যৰ পৰা অসমত বছৰি ১৬লাখ লোক হৃদৰোগত আক্ৰান্ত হোৱাৰ উপৰিও ৫৪ হাজাৰৰো অধিক লোক ষ্ট’কৰ বলি হোৱা বুলি প্ৰকাশ কৰি হাস্পতালখনে “সকলোৰে বাবে স্বাস্থ্য, সকলোৰে বাবে হাঁহি” বাণীৰে ৰাইজৰ মাজলৈ অধিক কাষ চাপি সেৱা আগবঢ়াব বুলিও সদৰী কৰে।

৫. আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস। হেমকোষ প্ৰণেতাজনৰ জন্মদিৱসত দেৰগাঁও সাহিত্য সভাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰাৰো সুখবৰ প্ৰকাশ পাইছে। দেৰগাঁও সাহিত্য সভাৰ কাৰ্যালয়ত “হেমচন্দ্ৰ বৰুৱাৰ অসমৰ সমাজ জীৱনলৈ অৱদান” বিষয়ক এখন আলোচনা সভাও অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

৬. শান্তিৰ নোবেল পুৰস্কাৰ বিজেতা কৈলাশ সত্যাৰ্থীৰ আহ্বানে বাস্তৱ ৰূপ পাব ভাৰতত। অতি শীঘ্ৰেই দেশখনত শিশু শ্ৰমিক সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হব বুলি কালি সংসদত ঘোষণা কৰিলে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী বণ্ডাৰু দত্তাত্ৰেয়ই। ইতিমধ্যেই লোকসভাত পাছ হোৱা “শিশুশ্ৰম (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০১২” ক ৰাজ্যসভাতো শীঘ্ৰেই পাছ কৰাবলৈ শ্ৰম মন্ত্ৰালয় দায়বদ্ধ বুলিও তেখেতে প্ৰকাশ কৰে। ভাৰতত কমেই ৮.২ নিযুত শিশু শ্ৰমিক থকা বুলি সূত্ৰত প্ৰকাশ পাইছে।

৭. অসমৰ সৈতে সীমা-বিবাদৰ বিষয়টো নিষ্পত্তি কৰিবৰ বাবে উত্তৰ-পূৱৰ আন ৰাজ্যসমূহৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত দিল্লীত অনুষ্ঠিত হোৱাৰ সুখবৰ। অসমৰ মুখ্য সচিব জীতেশ খোচলা আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত এক আলোচনা গৃহ বিভাগৰ উপ-সচিব অজয় কনৌজৰ উপস্থিতিত সম্পন্ন হয়। সীমান্তৰ নিৰপেক্ষ বাহিনী সমূহক অধিক সক্ৰিয় কৰাৰ লগতে শান্তি সম্প্ৰীতি বজাই ৰাখি সীমা বিবাদ ক্ষীপ্ৰতাৰে সমাধান কৰিবলৈ দুয়োপক্ষই সন্মতি প্ৰদান কৰে। ইয়াৰ পাছতে মিজোৰাম আৰু নাগালেণ্ডৰ সৈতেও বৈঠকৰ আয়োজন কৰা বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

৮. আজি অসম আন্দোলনৰ ৮৫৫ গৰাকী জাতীয় শ্বহীদৰ আত্ম-বলিদানক শ্ৰদ্ধাৰে সুঁৱৰি পালন কৰা হৈছে শ্বহীদ দিৱস। আজিৰ দিনটোতে খৰ্গেশ্বৰ তালুকদাৰে আন্দোলনটোৰ প্ৰথমজনা শ্বহীদ ৰূপে আত্ম-বলিদান দিছিল। প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই অসম জুৰি দিনজোৰা কাৰ্যসূচী পালন কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা বুলিও জানিব পৰা গৈছে।

৯. মাজুলীৰ বনগাঁৱত মুখাশিল্পৰ বাণিজ্যিকীকৰণ বিষয়ত এখন কৰ্মশালা যোৱা ৩ ডিচেম্বৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে। মুখাশিল্পৰ সাধনাৰে স্বাৱলম্বী হব পৰাকৈ বিভিন্ন দিশত আলোকপাত কৰাৰ উপৰিও প্ৰশিক্ষণৰ বিষয়ে সমল ব্যক্তি সকলে অংশগ্ৰহণকাৰী সকলক অৱগত কৰে।

১০. অসমৰ মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যতক লৈ আশাবাদী বুলি প্ৰকাশ কৰিলে বিশিষ্ট শব্দযন্ত্ৰী ভূপেন উজীৰে। ভাৰতীয় খাদ্য নিগমৰ চাকৰি বাদ দি সংগীতৰ জগতখনৰ প্ৰতি থকা প্ৰৱল অনুৰাগৰ বাবেই ১৯৮৯চনৰ ১০ ডিচেম্বৰত গুৱাহাটীৰ ঔ-তলত স্থাপন কৰা অ’ডিটেক ৰেকৰ্ডিং ষ্টুডিঅ’ই আজি ৰূপালী জয়ন্তীত ভৰি দিছে। অসমীয়া সংগীতৰ জগতলৈ অপৰিসীম অৱদানৰ বাবে শিল্পীগৰাকীলৈ জনাইছো আন্তৰিক অভিনন্দন।

No comments:

Post a Comment