পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
ক) আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ হ্ৰাসমান দামৰ ভিত্তি পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিলে ৰাজহুৱা খণ্ডৰ তেল বিপনন কোম্পানীসমূহে । যো‌ৱা নিশা ১২ বজাৰে পৰা বলবৎ হো‌ৱাকৈ প্ৰতিলিটাৰ পেট্ৰেলৰ দাম ২.০৯ টকা কমি বৰ্তমানে ৬১.৩৩ টকা হৈছে নতুন দিল্লীত । সেইদৰে ডিজেলৰ মূল্যও সমহাৰত নিম্মগামী হৈছে । যো‌ৱা আগষ্ট মাহৰপৰা এতিয়ালৈকে এইটো হৈছে অষ্টম সংখ্যক পেট্ৰলৰ মূল্য হ্ৰাসৰ ঘটনা ।
খ) যান্ত্ৰিক অভিযন্তা আৰু চলচ্চিত্ৰ নিৰ্মাতা সঞ্জী‌ৱ সভাপণ্ডিতে সাজি উলিয়াইছে আ‌ৱৰ্জনা বিজ্ঞানসন্মতভা‌ৱে সংশোধন কৰি মান‌ৱ-জী‌ৱনৰ উপযোগী কৰি তোলাৰ বাবে এটা যন্ত্ৰ । এই যন্ত্ৰৰ জৰিয়তে কমলা টেঙাৰ বাকলি,পঁচা শাক-পাছলি, পেলনীয়া জৈ‌ৱিক যিকোনো পদাৰ্থ গুড়ি কৰি সাৰ হিচাপে পাব পৰা যাব । আনহাতে প্লাষ্টিক জাতীয় বৰ্জনীয় পদাৰ্থসমূহো সংকুচিত কৰি কম ঠাইতে ৰাখিব পৰাৰ ব্য‌ৱস্থা গঢ়ি তোলা হৈছে এই যন্ত্ৰটোত । ইয়াৰ ওপৰিও কম খৰছতে অতি সহজে গামোচা, নেপকিন ইত্যাদি বো‌ৱাৰ সঁজুলী উদ্ভা‌ৱন কৰি সভাপণ্ডিতে ইতিমধ্যে সুধী সমাজৰ ভূয়সী প্ৰশংসা লাভ কৰিছে ।

গ) সদনৰ প্ৰশ্নোত্তৰ কালত ৰাজ্যখনৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে জনায় যে গু‌ৱাহাটী মহানগৰীৰৰ বান সমস্যাৰ সমাধানৰ অৰ্থে নলা-নৰ্দমাসমূহ ইতিমধ্যে পৰিস্কাৰ কৰি পেলো‌ৱা হৈছে । তেখেতে কয় যে অনিল নগৰ, নবীন নগৰ ,পূব শৰণীয়া আদি ঠাইত ইতিমধ্যে পাম্প বহু‌ৱাই অতিৰিক্ত পানীখিনি ভৰলু নদীত পেলো‌ৱাৰ বন্দো‌ৱস্ত কৰা হৈছে । গু‌ৱাহাটীতত ইতিমধ্যে ১৮৮ বিঘা মাটি বেদখলমুক্ত হৈছে আৰু ১৬ কোটি টকাৰে মহানগৰ পৰিস্কাৰকৰণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লো‌ৱা হৈছে ।

ঘ) শাৰিৰীকভা‌ৱে প্ৰতিবন্ধীসকলক সহায় কৰাৰ বাবে আহবাঢ়ি আহিছে শোণিতপুৰ জিলা প্ৰতিবন্ধী সন্থা । জিলাখনত থকা প্ৰায় এহেজাৰ প্ৰতিবন্ধী লোকক কৃত্ৰিম অংগ দান কৰিবৰ বাবে তেওঁলোকে বিচাৰ-বিবেচনা কৰিছে । তদুপলক্ষে যিসকল লোকক এনে কৃত্ৰিম অংগৰ প্ৰয়োজন, তেওঁলোকে সন্থাৰ লগত ফোনযোগে ৮৮৭৬২-৯০২৪৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

ঙ) সদনত মন্ত্ৰী পৃথি‌ৱী মাঝি ডাঙৰীয়াই উল্লেখ কৰা তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমানে ৰাজ্যখনত বৰ্তমানে ৩৫ টা IAS পদ, ৩৯৯ টা ACS পদ খালী হৈ আছে ।অসম সচিবালয়ত খালী হৈ থকা পদৰ সংখ্য ৬৫৭ টা । সমাগত নিৰ্বাচনৰ প্ৰস্তুতিলৈ চাই ক’ব পাৰি যে ৰাজ্য চৰকাৰে অচিৰেই এই পদসমূহৰ পূৰণৰ বাবে নিযুক্তিৰ বিজ্ঞপ্তি প্ৰকাশ কৰাৰ সম্ভা‌ৱনা আছে ।

চ) বিশেষজ্ঞ দলৰ অধ্যয়নত মিনাৰেল ‌ৱাটাৰতকৈও বিশুদ্ধৰূপে প্ৰমাণিত হৈছে বিহাৰৰ পাটনা ৰেল জংছনত যাত্ৰীৰ বাবে উপলব্ধ খো‌ৱাপানী । এই খো‌ৱাপানী যোগান ধৰি আহিছে শ্ৰীকৃষ্ণ জ্ঞান মন্দিৰ নামৰ এটা স্বেচ্ছাসে‌ৱী অনুষ্ঠানে ।

ছ) কালি ১৫ ডিচেম্বৰ তাৰিখে জাগীৰোডৰ স্বপ্নদোঙৰ ওচৰত মন্ত্ৰী গৌতম ৰয়ে জাগীৰোড পানী যোগান গৃহ সংযোগ আঁচনিৰ শুভাৰম্ভ কৰে । ৪.৮ কোটি ব্যয়সাপেক্ষ এই আঁচনীখনে ৪.৮ কোটি ব্যয়সাপেক্ষ এই আঁচনীখনে ৩৬০০০ ঘৰ মানুহক পানীৰ যোগান ধৰিব আৰু ইয়াৰ জৰিয়তে জাগীৰোডবাসীয়ে দৈনিক ১৮ লাখ লিটাৰ পানী যোগান পাব ।

জ) বি. বৰু‌ৱা কৰ্কট প্ৰতিষ্ঠানক এখন অত্যাধুনিক প্ৰযুক্তি সংলগ্ন এম্বুলেঞ্চ আৰু সামজিক অনুষ্ঠান জি.এল.পি. চ’চিয়েল চাৰ্কোলক শ‌ৱদেহ কঢ়িও‌ৱা বাহন এখন দান হিচাপে আগবঢ়াইছে স্টেট বেংক অ‌ৱ ইণ্ডিয়াই কালি বেংকটোৰ গুৱাহাটীস্থ ক্ষেত্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত ।

ঝ) ভাৰতীয় ষ্টেট বেংকে কৰ্মৰত মহিলা কৰ্মাচাৰীসকলে বিশেষ পৰিস্থিতিত ঘৰতে বহি কাৰ্যালয়ৰ কামকাজ চলাব পৰা যায় নেকি তাৰ বিবেচনা কৰি আছে । সন্তানৰ প্ৰতিপালন, জ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ব ইত্যাদিৰ বাবে বহু কৰ্মৰত মহিলাই বেংকৰ চাকৰি এৰি দিয়াৰ পৰিপেক্ষিতত অধ্যক্ষ্য অৰুন্ধতী ভট্টাচাৰ্য্যৰ এই ঘোষণাই মহিলা কৰ্মচাৰীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ।

ঞ) আতিথ্য, ভ্ৰমণ, পৰ্যটনৰ ক্ষেত্ৰত ৰাজ্যখনত সম্পূৰ্ণ বৃত্তিগত প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্য আগত ৰাখি ড’নাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰে ভাৰতৰ বিভিন্ন চহৰত উত্তৰ-পূ‌ৱৰ প্ৰাৰ্থীসকলৰ বাবে এবছৰীয়া আ‌ৱাসিক প্ৰশিক্ষণৰ ব্য‌ৱস্থা হাতত লৈছে ।এই প্ৰশিক্ষণৰ ভিৰতৰত ফুড প্ৰডাকচন,ট্ৰেভেল এজেন্সী, ৰেষ্টুৰেন্ট চাৰ্ভিছ ইত্যাদি বিষয় সোমাই আছে । এই সন্দৰ্ভত আ‌ৱেদন-পত্ৰ vidyutgautam@gmail.com এই ইমেইল ঠিকনাত শীঘ্ৰেই পঠাবলৈ অনুৰোধ জনাইছে ।

ট) ৰাজ্য চৰকাৰে অচিৰেই ৩৮০০ টা খালী পদৰ বাবে শাৰিৰীকভা‌ৱে প্ৰতিবন্ধী লোকক নিয়োগ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ভৰত নৰহে । ইয়াৰ বাবে ইতিমধ্যে সংলিষ্ট বিভাগসমূহক নিৰ্দেশনা জাৰি কৰা হৈছে আৰু অহা বছৰৰ প্ৰথম মাহতে সকলোধৰণৰ আনুষ্ঠানিকতাৰ আৰম্ভণি কৰা হ’ব । ইয়াৰোপৰি তেওঁ ঘোষণা কৰে যে অসম ৰাজ্যিক বিত্ত নিগমৰ অধীনত চাহ শ্ৰমিকসকলৰ বাবে গৃহ নিৰ্মাণৰ ঋণৰো যোগান ধৰা হ’ব ।

1 comment: