মিচা ক'লে কি ডাল হব (লঘু ৰচনা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব (লঘু ৰচনা)

মিচা ক'লে কি ডাল হব (লঘু ৰচনা)

Share This
চৰকাৰৰ পদূলিত ৰাইজৰ প্ৰতিবাদ
শীতৰ প্ৰকোপ বাঢ়িবলৈ ধৰাৰ লগে লগেই যেনেদৰে যতে ততে মানুহ গোটখাই জুই ফুঁৱাবলৈ ধৰে, তেনেকৈয়ে শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ লগে লগে আমাৰ দিছপুৰৰ লাষ্টগেটতো প্ৰতিবাদৰ জুইকৰা জ্বলিবলৈ ধৰেই। এয়া আমাৰ একদম খাচ পৰম্পৰা! প্ৰতিবাদ প্ৰদেশৰ প্ৰতিবাদী ৰাইজে প্ৰতিবাদ কণ্ঠৰে আকাশ বতাহ গৰম কৰাৰ পূণ্য তীৰ্থ যেন আমাৰ লাষ্টগেট। প্ৰতিবাদীৰ লাষ্টগেট যিমানেই মৰমৰ, প্ৰতিবাদীক ৰাম টাঙোন দিবলৈ ৰাইদাঙ সাজু কৰি সষ্টম হৈ থকা লালটুপিৰ বাবেও লাষ্টগেট সিমানেই চেনেহৰ! মিচা ক’লে কি দাল হব নহয়নে।

এতিয়া লাষ্টগেট দলদোপ হেণ্দোলদোপ। দুদিনমান আগৰে পৰা পুলিচে হাজিৰা কৰা মানুহ ধৰি বাঁহ বান্ধিছে। বোলে প্ৰতিবাদীৰ দৌৰ, এই বাঁহৰ সীমা পাৰ হব নালাগে। লক্ষ্ণণ ৰেখাবোৰ নাৰিকলৰ ৰচীৰে আঁটি আঁটি বান্ধিবলৈ দিছে। বোলে কোনো পধ্যেই যাতে এই জৰী চিগিব নোৱাৰে। গোটেই অসমৰ পৰা মানুহবোৰ টোপোলা টাপোলি বান্ধি লাষ্টগেটলৈ ঢাপলি মেলিছে। এইবাৰ কঁপাই দিবই, খাটাং, মন ডাঠ কৰি আহিছে!

কোনোবাই শান্তিপূৰ্ণ ধৰ্মঘট, কোনোৱে সত্যাগ্ৰহ, কোনোৱে আকৌ অনশন, কোনোৱে আমৰণ অনশন। উস ইমান জাতৰ জাতৰ প্ৰতিবাদে ৰঙীন কৰিছে লাষ্টগেট মানে কবই নালাগে। সিদিনালৈকে উত্তৰ-পূৱীয় ফুড ফেষ্টিফেলৰ বাবে লাষ্টগেটৰ ওচৰৰ খদম-দম লগা মদ-গাহৰিৰ জুতিলগা স্থলীখন নিজম পৰিছিনে নাই কব নোৱাৰো, এতিয়া কিন্তু ভোকাতুৰ মানুহৰ ভৰিৰ খোজত খদম-দম লাগিছে এই লাষ্টগেট।

মেডিয়াৰ গাডী়, অবি ভেন দেখি প্ৰতিবাদীয়েও অকন প্ৰেৰণা পাই দিয়কচোন। কেমেৰাৰ আগত দুৱাষাৰ গৰমা গৰম কথা কবলৈ, টিভিৰ পৰ্দাত অসম জুৰি পলকৰ বাবে হলেও জিলিকি উঠিবলৈনো কাৰ মন নাযায়। আজিকালি সেয়ে প্ৰতিবাদীয়েও হেনো সাজি-কাচিহে আহে। তেল-টেঙা-পাউদাৰ অকন ঘঁহি, কি পাত্তা, টিভিৰ পৰ্দাত ওলোৱাৰ লটাৰী লাগিয়েই যায় বা লাষ্টগেটৰ পৰা, লাইভ!

এনেয়ে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ শ্লোগান, জয়গান যিমানেই নাগাওক কিয়, কিন্তু লাষ্টগেট মানে চৰকাৰৰ পদূলিলৈ নিজেই অহা মানুহবোৰক এবাৰো ঘূৰি চাবলৈ চৰকাৰখনৰ আহৰি নাই। নাথাকিবৰ কথাও। কিমান দৰকাৰী কাম থাকে, ঘৰৰ লেঠা, সমষ্টিৰ, বিভাগৰ ঠিকাদাৰ, নিবিদা. কমিচন, কমিচনৰ ধন লুকুৱা, দালাল মেনেজ কৰা, চাতুকাৰ, তোষামোদকাৰী, সাংবাদিক, চামচা ইত্যাদি। তাতে আকৌ এইকেইদিন শেতেলী এৰিবৰ সতেই নোযোৱা শীতৰ আমেজ। দৌৰা-দোৰিকৈ অধিবেশনলৈ দৌৰিবলৈ থাকেই। তাতো বাৰু নিহপালি দিব পৰাৰ আগৰ সুবিধাকনো এতিয়া লাইভ টিভিয়ে কাঢ়ি নিলে। অকন ভাত ঘুমটি মাৰিবলৈ ললেও টিভিৰ পৰ্দাত কোন মুহূৰ্তত ব্ৰেকিং নিউজ হয় তাৰ ঠিকনা নাই। মন্ত্ৰী, বিধায়ক হোৱাৰো শান্তি নাইহে আজিকালি! মুঠতে ইমান ব্যস্ত থকা যায় যে লাষ্টগেটত প্ৰতিবাদ কৰিবলৈ অহা মানুহবোৰৰ ফালে পাক এটা মৰাটোহে হৈ নুঠেগৈ। কি কৰিব ভীষণ বিজি! মা-কচম! মিচা ক'লে কি ডাল হবহে!

লাষ্টগেটত কি হৈছে বাতৰি কাকতেই কব। টিভিতেই দিব। কিহৰ বাবে পাক মাৰিব লাগে নহয়নে। স্মাৰক পত্ৰখন লবলৈকো কাৰো আহৰি নাই। কি ডাল কৰিবহে প্ৰতিবাদীৰ স্মাৰক পত্ৰ লৈ। এনেয়ে পেপাৰলেচ কৰিব লগা অফিচত আৰু অৰ্দকাৰী কাগজ বঢ়োৱাৰ প্ৰশ্নই বা ক’ত। দৰকাৰ নাইহে! প্ৰতিবাদীৰ কাগজ লৈ চৰকাৰ চলাম নেকি? চৰুক সুধি ভাত বহোৱা টাইপ! 

চৰকাৰ ৰাইজৰ পদূলিলৈ নিৰ্বাচনৰ আগতে নিশ্চয়কৈ আহিব। এতিয়া সময় হোৱা নাই। প্ৰতিবাদীয়ে বুজিব লাগে। সমস্যা কাৰনো নাথাকে। প্ৰতিবাদীৰো আছে, মন্ত্ৰী বিধায়কৰো, পত্নী, খুলশালী কাৰনো সমস্যা নাই। আনকি সমস্যা কি আমাৰ বুকুৰ কুটুম ঠিকাদাৰমখাৰ নাই! সেয়েহে সেইবোৰলৈ পাত্তা দিবলৈ নাইহে!

হয়, হয়, এয়া আমি পোনে পোনে দেখুৱাই আছো লাষ্টগেট। হয় আপোনালোকক, কেমেৰা-পাৰছন নগেনে আপোনালোকক দেখুৱাই আছে লাষ্টগেট লাইভ। তেওঁলোকে প্ৰতিবাদ কৰিছে, অনশন কৰিছে। লাঞ্চনা বঞ্চনাৰ চলাই থাকিবলৈ কোনো পধ্যেই দিয়া নহব! আজি সঁকিয়াই দিছো চৰকাৰক। আমাৰ দাবী মানিবই লাগিব! জিন্দাবাদ জিন্দাবাদ.... ৰাইজে সমস্বৰে শ্লোগান দিবলৈ লাগিছে। সৌৱা তিনিদিন ভোকে-পিয়াহে পৰি ৰোৱা অনশনকাৰী কেইজনৰ শেঁতাপৰা  মুখকেইখন জিলিকি উঠিছে। শেঁতা পৰা মুখ কেইখন ক্ল'জআপত বাৰে বাৰে দিলে বাৰু বাঢ়িব নেকি টিআৰপিৰ গ্ৰাফ? সাংবাদিকৰ মগজুত ক্লিক কৰে কথাবোৰে... মিচা ক'লে কি ডাল হব নহয়নে!

হয়, আমি উভতি যাব লাগিব ষ্টুডিঅ’লৈ। হয় লব লাগিব এটা বাণিজ্যিক বিৰতি! আমাৰ চেনেলৰো জানো ধন ঘটাৰ তাড়ণা নাই, চেনেলৰ মালিক-কৰ্মচাৰীৰ পেটৰ তাড়ণা নাই! মিছা ক’লে কি ডাল হব নহয়নে... চাই থাকিব লাষ্টগেট লাইভ, য’ত আমি দেখুৱাম... চৰকাৰৰ পদূলিত ৰাইজৰ প্ৰতিবাদ.....!

No comments:

Post a Comment