মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আশা আৰু সৃষ্টিৰ সমন্বয়েৰে বিচাৰো শান্তি

ৰূপাংকৰ চৌধুৰী


সময়ৰ সোঁতত বিলীন হৈ গ'ল ২০১৪। সম্ভাৱনা আৰু বহুতো প্ৰতিশ্ৰুতি আৰু আশাৰ সঞ্চাৰ ঘটাবলৈ যেন আহি পালে নৱবৰ্ষ ২০১৫। 

নতুন বছৰ এটা সংযোজন হোৱাৰ লগে-লগে সময়ে আমাক শিকিবলৈ আহ্বান জনাই- এৰি অহা সময়ৰ ভালবোৰ আঁকোৱালি তথা ভুলৰ সংশোধন ঘটাই আগবাঢ়িবলৈ। সময়ে লগতে বুজাই- বয়স বাঢ়ি অহা মানে আমাৰ ব্যক্তিগত সংকল্পবোৰ যেন মাথোঁ একান্ত ব্যক্তিগত হৈ নাথাকে- ই যেন প্ৰতিফলিত কৰে আমাৰ সমাজৰ প্ৰতি থকা দায়িত্বখিনিও। 

তথ্য-প্ৰযুক্তিৰ দ্ৰুত উন্নয়নে আজিৰ বিশ্বক এখন যেন ক্ষুদ্ৰ গাওঁলৈ ৰূপান্তৰিত কৰিছে। বিশ্বৰ যিকোনো খবৰ আমি মূহুৰ্তত পাই যাওঁ। ইয়াৰ দ্বাৰা বিশ্ব-ভাতৃত্ববোধ মজবুত হ'ব লাগিছিল- কাজেই সেয়া হোৱা দেখা নাযায়। বিশ্বৰ কথা ক'ব নাযাওঁ- আমি আজি নিজৰ প্ৰদেশতে ইজনে-আনজনক নিঃশেষ কৰাৰ বাবে যেন আগবাঢ়ি গৈছোঁ। বিশেষকৈ ধৰ্ম, ৰাজনীতি, ধন আৰু ক্ষমতাৰ নামত অন্ধহৈ এচামে যেন পাহৰি গৈছে ভাতৃত্ববোধ। সমাজ গঢ়াৰ সপোন দেখুৱাই আমাক যেন দেখুৱাই গৈছে ইয়াক ধ্বংস কৰাৰ ন-ন কৌশল। 

আধুনিকতাৰ পোচাক পিন্ধি আমি দেখোন আদিম যুগলৈ ধাৱমান হৈ গৈছোঁ! ন-ন জ্ঞানেৰে দীক্ষিত হৈ আমি মানৱ-জাতিক আগুৱাই লৈ যাব লাগিছিল। কিন্তু সামগ্ৰিক ঘটনাৰাজিৰ পৰা আমি এখন বেলেগ প্ৰতিচ্ছবিহে দেখা পাওঁ। যিয়ে ব্যক্তিগত ভাৱে আমাক শংকিত কৰি তোলে। 

আশা। আশাই আমাক নতুন সপোন ৰচিবলৈ অনুপ্ৰাণিত কৰে। আশাবাদী মন এটাই আমাক ইতিবাচক সৃষ্টিৰ বাবে প্ৰেৰণা দিয়ে। যেতিয়ালৈ সৃষ্টিৰ তাড়নাই মানুহক আকুল কৰিব থাকিব- তেতিয়ালৈ আমাৰ জীয়াই থকা সাৰ্থক হ'ব। একঘেমীয়া জীৱন-যাত্ৰাই আমাৰ জীয়াই থকাৰ বাবে কোনো প্ৰেৰণাই নিদিয়ে। আনহাতে, আশাবাদী সপোনে জনম দিয়া ইতিবাচক সৃষ্টিৰ তাড়নাই আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো পলতে ৰঙ সানি দিয়ে- সেই ৰঙে আমাক মানুহ হোৱাৰ গৌৰৱেৰে আহ্লাদিত কৰে। সেই সৃষ্টি লাগিলে যি ক্ষেত্ৰতে নহওঁক কিয়- কলা-কৃষ্টি, বিজ্ঞান-প্ৰযুক্তি, ক্ৰীড়া, লিখা-মেলা, বৌদ্ধিক সজাগতা ইত্যাদি ইতিবাচক সকলোবোৰ সৃষ্টি।

আমাৰ নতুন প্ৰজন্মই অবিৰতভাৱে ব্ৰতী হৈ থাকিব লাগিব ইতিবাচক কামত ন-ন সৃষ্টিৰ যোগেদি। ক্ষীপ্ৰতৰ কৰি তুলিব লাগিব মানব- সভ্যতাক উন্নয়নৰ জখলাৰে আগুৱাই লৈ যোৱাৰ আন্দোলন- প্ৰাকৃতিক ভাৰসাম্য বাধাগ্ৰস্ত নোহোৱাকৈ। সমাজৰ অগ্ৰজসকলৰ বৌদ্ধিক অভিজ্ঞতা হ'ব লাগিব নৱপ্ৰজন্মৰ এই আন্দোলনৰ বাবে পাথেয়। শান্তিপ্ৰিয় মানুহখিনি একগোট হোৱাৰ সময় এয়া। ন-ন কৰ্মৰাজিৰে মানবজাতিক একত্ৰিত কৰি আগুৱাই যোৱা সময় এয়া। ব্যক্তিগত ভেদাভেদ পৰিহাৰ কৰি শান্তিপ্ৰিয় সকলোৱে অশান্তিৰ কাৰক সমূহৰ সমুখত বাধাৰ প্ৰাচীৰ থিয় কৰাব লাগিব। তেতিয়া নিশ্চিতভাৱে আমাৰ সামাজিক ব্যাধিবোৰ নিঃশেষ হ'ব। 

২০১৫য়ে যেন ব্যক্তিগতভাৱে মোক তথা আমি সকলোকে- যিসকলে বিচাৰো আমাৰ চৌদিশে এক শান্ত-সেউজ পৰিৱেশ বিৰাজমান হোৱাতো- আমাৰ মনবোৰ যেন জীপাল কৰি ৰাখে - প্ৰতি পল, প্ৰতি ক্ষণ- সৃষ্টিৰ তাড়নাৰে, মানৱ সভ্যতাক আগুৱাই নিয়াৰ প্ৰেৰণাৰে।

--------------------------
লেখক অৰুণাচল প্ৰদেশৰ ডিৰাংত প্ৰকৃতি সুৰক্ষা বিষয়া ৰূপে কৰ্মৰত। 

No comments:

Post a Comment