হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. চলিত বৰ্ষত স্বৰ্গলৈ পঠোৱা মানুহৰ সংখ্যা বাসত্তৰতে ৰৈ যাব লগা হোৱাত দুখ প্ৰকাশ কৰিছে সদৌ অসম চংবিজিত স্বৰ্গাৰোহণ ট্ৰেভেল এজেন্সিয়ে। অনাগত বৰ্ষত এই সংখ্যাৰে চেঞ্চুৰী কোৱাবই বুলিও সংস্থাটোৱে লক্ষ্য স্থিৰ কৰা বুলি গোপন খবৰ প্ৰকাশ পাইছে। পিছে মুঠতে এই ব্যৱসায়ত কিমান কোটি ধন যোৱা বছৰটোত আৰ্জন কৰিলে সেয়াহে সন্থাই প্ৰকাশ কৰি নিদিয়াত সচেতন ৰাইজৰ আগ্ৰহী মন শাঁত নপৰা বুলি খবৰ পোৱা গৈছে।

২. “বুমী মেমৰ হেটট্ৰিক” নামৰ এখন প্ৰেমমূলক নাটক এই নাট্যবৰ্ষৰ বাবে লিখি উলিয়ালে বৰাকৰ বিশিষ্ট ঠিকাদাৰ তথা নাট্যকাৰ হিৰোজ্যোতি পালে। “বন্ধু-পত্নী হৰণ, বিধায়িকালৈ মৰম” শীৰ্ষক এটি গীতো নাটকখনত সন্নিবিষ্ট হোৱা বুলি জানিব পৰা গৈছে। নায়িকা বুমী মেমে অহাটো বৰ্ষত বৰাক এৰি ব্ৰহ্মপুত্ৰ উপত্যাকাটো এই নাটকৰ পৰবৰ্তী খণ্ডৰ হিৰো বিচাৰিব বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৩. অৱশেষত প্ৰকাশিত হ’ল জালুকগুটি শৰ্মাৰ বিশেষ ৰাজনৈতিক গ্ৰন্থ “লুটনৰ পাছৰ সময়”। মন প্ৰাণ হৰি যোৱাকৈ শক্তি অৰ্জন কৰি এই শক্তিৰ ফলত পোৱা ভক্তি আৰু দা-দক্ষিণাই অনা নতুন লোভে কেনেকৈ এজন নেতাক শক্তিশালী পদৰ পৰা গাদীচ্যুত কৰিব পাৰে, লেখক কৰি তুলিব পাৰে তাৰেই বৰ্ণনা পোৱা যাব বুলি জানিব পৰা গৈছে। পিছে চাকৰি-ব্যৱসায় নকৰা গৃহলক্ষ্মীক কেনেকৈ এশ কোটি টকীয়া চেনেল তিনিটাৰ মালিক বনাব পাৰি, সেই টিপছ কিতাপখনত ৰাইজক দিছে নে নাই সেয়া ৰাইজে কিতাপখন কিনিহে ৰহস্য ভেদ কৰিব পাৰিব বুলিও প্ৰকাশকে সদৰী কৰিছে।

৪. সভাপতি হোৱাৰ বাবে গুঞ্জন দত্তক অভিনন্দন জনাইছে জালুকগুটি শৰ্মাই। এই সুখবৰ পোৱাৰ আলমতে যোৱাবাৰ আমগুৰিৰ পানীৰে মাত্ৰ গা-ধুবলৈ যোৱা শৰ্মাদাই এইবাৰ ভাত এসাজ খোৱাকৈ পাক মাৰিব বুলিও দত্তদাক এচএমএচ কৰাৰ কথা জানিব পৰা গৈছে।

৫. গুৱাহাটীত ২২ খন আঁচনিৰ চলি থকা আৰু তাৰ আলমত ধনসিঞ্চন হৈ থকা বুলি কালি বিধান সভাৰ গেলেৰীৰ পৰা জানিব পৰা গৈছে। পিছে আৰু কিমান ধনসিঞ্চন কৰাৰ পাছত গুৱাহাটীত কৃত্ৰিম বান নোহোৱাটো নিশ্চিত হব সেই কথাহে সৰ্বজান্তা বাইদেৱে কব নোৱাৰা বুলিও সাংবাদিকে বেকত কৰিছে। কিন্তু কৃত্ৰিম বান ৰোধৰ নামত ঠিকাদাৰৰ ঘৰত যে ধনৰ বান উঠিব সেয়া নিশ্চিত বুলিও জ্যোতিষী হিৰো ইয়ঙে প্ৰকাশ কৰিছে।

৬. কাজিৰঙাত নাইট ভিজন কেমেৰাৰে গঁড় হত্যাৰ সঠিক হিচাব ৰাখিবলৈ হাবিবন বিভাগে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। কমিচন নিদিয়াকৈ যাতে এটাও গঁড়ৰ হৰণ ভগন নহয় সেয়া নিশ্চিত কৰিবলৈকো সকলো ধৰণৰ প্ৰচেষ্টাই হাতত লোৱা বুলিও হাবিবন মন্ত্ৰীৰ স্বাৰ্থ সুৰক্ষা সমিতিয়ে প্ৰকাশ কৰিছে।

৭. ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাকলৈ ডাঙৰ নেতা বা সাংসদ সকল উদ্বিগ্ন নহয় বুলি খবৰ প্ৰকাশিত হৈছে। ডাঙৰ ডাঙৰ পুঁজিপতি চাহ বাগানৰ পৰাই তেওঁলোকে পৰ্যাপ্ত দান-বৰঙণি পাই থকাৰ লগে লগে ভোট বেংকৰ খেলতো সঠিককৈ সঁহাৰি পাই থকাৰ বাবেই ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈ তেওঁলোকে মনযোগ দিব লগা হোৱা নাই বুলিও নেতা সকলৰ চামচা সংঘই স্পষ্ট কৰি দিছে। অৱশ্যে বেয়া দিন চলিলে, ভৱিষ্যতে মনযোগ দিয়াৰ সম্ভাৱনা থকা বুলিও প্ৰকাশ পাইছে।

৮. বঞ্জন দৈমাৰীক এটাৰ পাছত এটা গোচৰত স-সন্মানে মুক্তি দিয়াৰ বাতৰি ধাৰাবাহিক ভাৱে প্ৰকাশিত হৈছে। ধাৰাবাহিক বিস্ফোৰণৰ বাবে প্ৰখ্যাত ব্যক্তিজনক ধাৰাবাহিক বাৱে গোচৰৰ পৰা মুক্ত কৰি নিয়াৰ বাবে সদৌ অসম বোমা-বৰ্ষণত নিৰ্যাতিত সংঘই উদ্বেগ প্ৰকাশ কৰিছে। এনে গতিৰে গৈ থাকিলে অহা বছৰ সংঘই তেখেতেক “মিষ্টাৰ ক্লীন” উপাধিৰেও সন্মানিত কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলিও সন্থাই প্ৰকাশ কৰিছে।

৯. চীট ফাণ্ডৰ চিতা-বাঘ সকলৰ পূৰ্ণ্যভূমি কলিকতাত এতিয়া চিবিআইৰ জালত এজনে আন এজন চিতাৰ নাম লবলৈ লোৱাত সকলো ফালে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। মমতাময়ী বাইদেৱে দিল্লীত হেঁচা দি চিবিআই দাদাসকলৰ দিশ বেঁকা কৰি দিব বুলিও আশংকা প্ৰকাশ পাইছে।

১০. কালি নিচাদেউ গগৈয়ে নতুন কিছুমান আশ্বাস প্ৰদান কৰে। বিগত তেৰ বছৰত কিমান আশ্বাস প্ৰদান কৰিলে তাৰ লেখ জোখ নাইকীয়া কথাটোৰ বাবেই তেখেতে এতিয়া দুখ প্ৰকাশ কৰিছে। সঁচাকৈ হিচাব ৰখা হলে এটা দশকত সৰ্বাধিক আশ্বাস বাণী দিয়াৰ বাবে গীনিজ বিশ্ব ৰেকৰ্ডত নাম উঠিলেইহেতেন বুলিও তেওঁ অনুমান কৰিছে। নিচাদেউ ফেন ক্লাৱৰ হিচাবত যোৱা বছৰলৈ তেখেতে দিয়া আশ্বাস বা প্ৰতিশ্ৰুতিয়ে লিমকা ৰেকৰ্ড কৰিছিল যদিও এইবাৰ গুজৰাটধীৰাজে এই ৰেকৰ্ড দেশজুৰি মিছা সপোন বিলাই ভংগ কৰি দিয়া বুলি গোপন অনুমান প্ৰকট কৰিছে।

No comments:

Post a Comment