বিশেষজ্ঞৰ লেখাঃ (স্বাস্থ্য) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশেষজ্ঞৰ লেখাঃ (স্বাস্থ্য)

বিশেষজ্ঞৰ লেখাঃ (স্বাস্থ্য)

Share This
অমেগা-৩ ফেটি এচিডঃ

কি ক'ত কিয় বিখ্যাত জানোঁ আহক !
ডাঃ ভূপেন শইকীয়া  

মানুহে খাদ্যৰ যোগেদি দুবিধ লাগতিয়াল ফেটি এচিড আহৰণ কৰে৷ সেয়া হ'ল অমেগা-৩ ফেটি এচিড আৰু অমেগা-৬ ফেটি এচিড৷ এইবিলাক হ'ল পলিআনচেচুৰেটেড ফেটি এচিড৷ অমেগা-৩ ফেটি এচিড ঘাইকৈ ৩প্ৰকাৰৰ৷ বনস্পতিৰ পৰা আহে alpha-linolenic acid (ALA), সাগৰীয় মাছ জাতীয় উৎসৰ পৰা আহে docosahexaenoic acid (DHA) আৰু eicosapentaenoic acid (EPA)৷ মানুহৰ শৰীৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া যাক মেটাবলিজম বোলে - সুচাৰুৰূপে চলিবলৈ অমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন৷ ই মানৱ শৰীৰৰ ভিতৰত নিৰ্মাণ নহয় আৰু ইয়াক সদায় বাহিৰৰ খাদ্যৰ যোগেদি আহৰণ কৰিব লাগে৷ এজন সুস্থ মানুহক দৈনিক ৫০০মিলিগ্ৰামৰ পৰা ১গ্ৰাম অমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন হয়৷ অমেগা-৬ ফেটি এচিড পোৱা যায় পাম তেল, ৰেপচিড তেল, চয়াবীন তেল আৰু সূৰ্যমুখী তেলত৷ জন্তুৰ চৰ্বিত থকা অমেগা-৯ ফেটি এচিড মানৱদেহৰ বাবে লাগতিয়াল নহয়৷মানুহৰ দেহৰ ভিতৰত ALA কোনো কোনো সময়ত DHA আৰু EPA ফেটি এচিডলৈ সলনি হয়৷

১৯৩০চনত পোন প্ৰথমবাৰৰ বাবে মানুহে অমেগা-৩ ফেটি এচিডৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰে আৰু ১৯৮০চনৰ পৰা ইয়াৰ বিষয়ে বহুল প্ৰচাৰ চলিব ধৰে৷সেইবুলি অমেগা ৩ যধে মধে ব্যৱহাৰ কৰাও ঠিক নহয়৷ অতিমাত্ৰা প্ৰয়োগৰ ফলত হব পৰা পাৰ্শ্বক্ৰিয়া সমূহ হ'ল - বদহজমি, পেটৰ গেছ, মূখেদি মাছৰ গোন্ধ ওলোৱা, ৰক্তক্ষৰণ আদি৷

ৱিকিপিডিয়াৰ মতে অমেগা-৩ ফেটি এচিডৰ প্ৰায়বোৰ উপকাৰিতাৰ বিষয়ে এতিয়াও খাটাং সিদ্ধান্তত উপনীত হব নোৱাৰি৷ কিন্তু ১৭নভেম্বৰ ২০১৪ৰ শেহতীয়া গবেষণা আৰু অনুসন্ধান পত্ৰিকা 'চায়েঞ্চ ডেইলি'ৰ মতে অমেগা-৩ ফেটি এচিডৰ গুণাগুণ সম্বন্ধে সন্দেহৰ থল নাই৷বিভিন্ন চিকিৎসা বিজ্ঞানীয়ে সময়ে সময়ে জনোৱা অমেগা-৩ ফেটি এচিডৰ উপকাৰিতা বিষয়ে চমুকৈ তলত উল্লেখ কৰিলোঁ :

* বিভিন্ন হৃদৰোগ- উচ্চ ৰক্তচাপ, এৰিথমিয়া, কৰোনেৰি বাইপাচৰ পিছৰ এট্ৰিয়েল ফিব্ৰিলেচন ৰোধ কৰা, ডিচলিপিডেমিয়া, চাডেন কাৰ্ডিয়াক ডেথ,কৰোনেৰি আৰ্টেৰি ডিজিজ আদিত উপকাৰী৷ ঘাইকৈ ট্ৰাইগ্লিচেৰাইড নামৰ অপকাৰী চৰ্বি কমোৱাত আজিকালি ইয়াৰ বহুল প্ৰয়োগ হয়৷

* বাইপোলাৰ ডিচঅৰ্ডাৰ (manic-depressive illness), চিজোফ্ৰেনিয়া, ডিপ্ৰেচন,অ'টিজম, ডিমেনচিয়া, এলহিমাৰচ্ ডিজিজ আদি মানসিক ৰোগত উপকাৰী৷শিশু আৰু কিশোৰৰ মানসিক বিকাশ আৰু মনোযোগ বৃদ্ধিত সহায়ক৷

* ডায়েবেটিজ ৰোগৰ জটিলতা বৃদ্ধি ৰোধ কৰাত সহায়ক৷ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে৷
* পেৰিফেৰিয়েল ভেচকুলাৰ ডিজিজ ৰোধ কৰাত সহায়ক৷
* এন্টিইনফ্লেমেটৰি গুণৰ বাবে বিভিন্ন বাত ৰোগত উপকাৰী৷
* হাঁপানি আৰু নিউমোনিয়া ৰোগ গুৰুতৰ হবলৈ নিদিয়াকৈ ৰাখে৷
* বিভিন্ন কেঞ্চাৰ যেনে বক্ষ,ক'লোন আৰু প্ৰষ্টেটৰ কেঞ্চাৰ প্ৰতিৰোধত সহায়ক৷
*হাঁড়ৰ অষ্টিঅ'প'ৰোচিচ প্ৰতিৰোধ কৰে৷
*চকুৰ মেকুলাৰ ডিজেনেৰেচন আৰু গ্লুকোমা প্ৰতিৰোধ কৰে৷
*শৰীৰৰ ইমিউনিটি বঢ়োৱাৰ ফলত এলাৰ্জিক ৰাইনাইটিচ, চিষ্টেমিক লুপাচ আদিত উপকাৰী৷
* ডিচমেনৰিয়া,পষ্ট-পাৰ্টাম-ডিপ্ৰেচনত উপযোগী৷
* আলচাৰেটিভ কলাইটিচ, ক্ৰচ ডিজিজ আৰু ইৰিটেবল বাৱেল চিনড্ৰমত উপকাৰী৷

কেইবিধমান অতি লাগতিয়াল খাদ্যৰ সৈতে পৰিচিত হওক : -
আগতে মোৰ বিভিন্ন লিখনিত উল্লেখ কৰা লাগতিয়াল খাদ্যৰ চিত্ৰ-তালিকা দুখন এই লিখনিৰ সৈতে সংলগ্ন কৰি দিলোঁ ৷ লগতে এবিধ বিধ উপকাৰী ফল আভাকাডোৰ বিষয়ে সাহিত্য ডট অৰ্গত প্ৰকাশিত মোৰ লিখনিৰ লিংকটো জনালোঁ - http://goo.gl/tr8UOz
প্ৰথম চিত্ৰত দেখুৱা হৈছে - আভাকাডো, ৰঙালাউৰ গুটি, সূৰ্যমুখীৰ গুটি, কলা আৰু বগা তিল, আখৰোট, এলমণ্ড, কাজু, পালেং, ব্ৰুকলি, নানা জাতিৰ বীন আৰু অলিভ অইল৷

দ্বিতীয় চিত্ৰত দেখুৱা হৈছে - সাগৰীয় চালমন, টুনা আৰু চাৰডিন মাছ,কণী (দৈনিক এটা কণীয়েই স্বাস্থ্যৰক্ষাৰ বাবে যথেষ্ট) আৰু ফ্লেক্সচিড (যাক হিন্দীত অলসী বোলে৷ ব'টানিকেল নাম হ'ল - (Linum Usitatissimum)
# তালিকাত দেখুৱা সকলো খাদ্যই অমেগা-৩ ফেটি এচিড যুক্ত৷

No comments:

Post a Comment