পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. এনডিএফবি(সং)ৰ দৰে সংগঠনৰ সৈতে আলোচনা নকৰে বুলি স্পষ্ট কৰি দিলে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে। এনে উগ্ৰপন্থীৰ বিৰুদ্ধ অপাৰেছন অল আউট চলিব বুলি ঘোষণা কৰি আশ্ৰয়স্থল ৰূপে ব্যৱহৃত চুবুৰীয়া দেশৰ সহযোগিতা পাবৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে বাৰ্তালাপৰ প্ৰক্ৰিয়া চলাই থকাৰ কথাও প্ৰকাশ পাইছে। ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আছুকে ধৰি বিভিন্ন দল, সংগঠনে গৃহমন্ত্ৰীজনক দাবী জনায়। আজি অগপই ৰাজ্য জুৰি শোক দিৱস পালন কৰিছে।


২. কামৰূপ মহানগৰ জিলাৰ আৰক্ষী প্ৰশাসন চলাবৰ বাবে অহা পহিলা জানুৱাৰীৰ পৰা নিযুক্ত হব লগা আয়ুক্তৰ অধীনত তিনিখনকৈ আৰক্ষী জিলাৰ সৃষ্টি কৰি প্ৰশাসন চলোৱাৰ ব্যৱস্থা কৰা হব বুলি প্ৰকাশ কৰিছে গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এম.জি.কে ভানুৱে।

৩. উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাবে নিৰ্বাচিত হৈছে ভবেন্দ্ৰ নাথ ডেকা। ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ তথা বৰ্তমান সংঘৰ উপ-পদাধিকাৰ গৰাকীক কালি নগাঁৱস্থিত সংঘৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনৰ ভোট গণনাৰ অন্তত পদাধিকাৰ ৰূপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে।

৪. কালি গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত এক সভাত বিশিষ্ট সাংবাদিক যদু কাকতিক প্ৰদান কৰা হয় আনাইৰামা নুনিছা বঁটা-২০১৪। গন্ধৰ্ব প্ৰকাশন নামৰ প্ৰকাশন প্ৰতিষ্ঠানে এই বঁটা আগবঢ়োৱা বুলিও জানিব পৰা গৈছে।

৫. গুৱাহাটী গ্ৰন্থমেলাৰ শুভাৰম্ভৰ দিনটোতে অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাহিত্য সাধনা বঁটা কালি প্ৰদান কৰা হয় কবি নীলমণি ফুকনদেৱক। লেখকৰ বাবে সৃষ্টিৰ আনন্দৰ সমান পুৰস্কাৰ আন একো হব নোৱাৰে বুলি বঁটা গ্ৰহণ কৰি কবিজনে মত প্ৰকাশ কৰে। অসমৰ শিক্ষামন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰে।

৬. আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে ২০১৫ চনৰ “ৰটাৰী আন্তৰ্জাতিক শান্তি ফেল’শ্বিপ” লাভ কৰাৰ সুখবৰ পোৱা গৈছে। আমেৰিকাৰ ইলিয়নস্থিত ৰটাৰী সদৰৰ পৰা এই কথা প্ৰকাশ পাইছে। “সংঘাত নিৰাময়” শীৰ্ষক বিশেষ উচ্চ আন্তৰ্জাতিক পৰ্যায়ৰ অধ্যয়নৰ বাবে বেংককৰ চুলালংকৰ্ বিশ্ববিদ্যালয়ত তিনিমাহৰ অধ্যয়নৰ বাবে পৃথিৱীৰ ২৪গৰাকী ব্যক্তিৰ ভিতৰত স্থান লাভ কৰি জ্যেষ্ঠ সাংবাদিকজনে অসমলৈ গৌৰৱ কঢিয়াই আনিছে। অহা ৩জানুৱাৰীত তেখেত এই অধ্যয়নৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত আন এজন ব্যক্তি মহাৰাষ্ট্ৰৰ শ্ৰীবিশ্বাস নাংৰে পাটিলৰ সৈতে ৰাওনা হব।

৭. অহা ২জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব লগা তেজপুৰ মহোতসৱৰ বাবে জিলা প্ৰশাসনে চহৰখনিক সুন্দৰকৈ নিকা ৰূপত সজাই তুলিছে। মুখ্যমন্ত্ৰীৰ সেউজ আৰু নিৰ্মল অসম অভিযানৰ অংশ হিচাবে সমগ্ৰ ৰাজহুৱা স্থানৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰ সমূহক নিকা কৰাৰ উপৰিও তেজপুৰৰ বিভিন্ন উদ্যান, পুৰোধা ব্যক্তিৰ মূৰ্তি, ৰাজহুৱা স্থান আদিও চূণ-তেল দি সজাই তোলাৰ সুখবৰ পোৱা গৈছে।

৮. কালি বাৰানসীত শিক্ষক আৰু শিক্ষণ বিষয়ক পণ্ডিত মদন মোহন মালব্য ৰাষ্ট্ৰীয় অভিযান নামৰ এক আঁচনি উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰেলক ব্যক্তিগতকৰণ কৰা নহব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কালি এটা ৰেলৰ ডবা নিৰ্মাণ প্ৰকল্পৰ উন্মোচন কৰে। স্বচ্ছ আৰু দায়বদ্ধ চৰকাৰৰ প্ৰতিশ্ৰুতি দি প্ৰতিবছৰেই ২৫ ডিচেম্বৰ দিনটো সু-প্ৰশান দিৱস ৰূপে পালন কৰাৰ বাবে ৰাইজলৈ তেখেতে আহ্বান জনায়।

৯. গুৱাহাটী প্ৰেছ ক্লাৱত আজি উন্মোচিত হব অলিম্পিয়া প্ৰকাশনৰ দুখনকৈ ফুটবল সম্পৰ্কীয় গ্ৰন্থৰ। সাংবাদিক সুবোধমল্ল বৰুৱাৰ “অসম ফুটবলৰ বৰ্ণিল যাত্ৰা” আৰু সিদ্ধাৰ্থ শংকৰা ডেকাৰ “আই.এছ.এলঃ আশা আৰু আশংকা” ফুটবলাৰ গিলবাৰ্টছন চাংমা আৰু শিল্পী জুবিন গাৰ্গে উন্মোচন কৰিব।

১০. ইণ্ডিয়া ইণ্টাৰনেচনেল ফ্ৰেণ্ডশ্বিপ ছ’চাইটীয়ে আগবঢ়োৱা এইবৰ্ষৰ শিক্ষা ৰতন পুৰস্কাৰ লাভ কৰিছে গুৱাহাটীৰ সন্দিকৈ কলেজৰ পদাৰ্থ বিজ্ঞান বিষয়ত অধ্যাপনা কৰা নৱজিত দত্তই। যোৱা ২৪ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত এক সভাত এই বঁটা দত্তক প্ৰদান কৰে অসম আৰু তামিলনাডুৰ প্ৰাক্তন ৰাজ্যপাল ডঃ ভীষ্ম নাৰায়ণ সিঙে।

No comments:

Post a Comment