পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কালি অসম চৰকাৰৰ কেবিনেট বৈঠকে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈ অনুমোদন প্ৰদান কৰিছে। ৫খনকৈ আৰক্ষী জিলা গঠন, গুৱাহাটীত আৰক্ষী আয়ুক্ত নিযুক্তিৰ উপৰিও অসম বিত্ত উন্নয়ন নিগমৰ জৰিয়তে চাহ শ্ৰমিকৰ গৃহ নিৰ্মাণৰ বাবে বিশেষ ঋণ প্ৰদান কৰাৰ আঁচনিৰ বিষয়তো সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ। ৰাজ্যৰ ৩৮০০ গৰাকী বিশেষ ভাৱে সক্ষম লোকক চৰকাৰী পদত নিযুক্তি আৰু ৮খন জিলাত নতুনকৈ চৰকাৰী গাঁওবুঢ়া নিযুক্তিতো এই কেবিনেট বৈঠকে অনুমোদন দিয়ে।

২. শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰি উভতি আহি দেশত ভৰি থৈ সমাজকৰ্মী কৈলাশ সত্যাৰ্থীয়ে এই বঁটাৰ প্ৰতিটো পইচা শিশু শ্ৰমিকৰ ব্যৱস্থা দেশৰ পৰা নাশ কৰাৰ বাবে জন আন্দোলন গঢ়াত আৰু শিশুৰ উন্নয়নত খৰছ কৰা হব বুলিও ঘোষণা কৰিছে।

৩. সফল ভাৱে কালি সামৰণি পৰিছে খোজ অসমৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহযোগত ডিব্ৰুগড়ৰ স্থানীয় পুৰণি হাইস্কুল খেলপথাৰত আয়োজিত দহ দিনীয়া ডিব্ৰুগড় গ্ৰন্থ মহোসৱৰ। মুঠ ১৩০খন বিপনীৰে ৮০লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱাৰ খবৰৰ লগতে ৩৫খনকৈ নতুন গ্ৰন্থ উন্মোচন হোৱাৰো সুখবৰ প্ৰকাশ পাইছে।

৪. শ বছৰীয়া পৰম্পৰাৰে উজলিল লখিমপুৰৰ বাঁহপতি নাথগাঁও, লখিমপুৰ জিলাৰ তেলাহীৰ আজাদৰ এই গাঁওখনতে কালি পৰম্পৰাগতভাৱে প্ৰায় তিনিহাজাৰ লোকে একেলগে ৰাজহুৱা ন-খোৱা উসৱত ভাগ লয়। ২১খন খনৰ ৰাইজে এনেদৰে সমূহীয়া ন-খোৱা অনুষ্ঠিত কৰি সকলোলৈ একতা আৰু সম্প্ৰীতিৰ বাৰ্তাই প্ৰেৰণ কৰিছে।

৫. আকাশবাণী আৰু সমগ্ৰ এফ এম ৰেডিঅ’ নেটৱৰ্কৰ মাজেদি কালি প্ৰচাৰিত হোৱা প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানত সমগ্ৰ দেশবাসীক উত্তৰ-পূৱলৈ পৰ্যটনৰ বাবে গৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনায়। তেখেতে প্ৰাকৃতিক সম্পদৰ ভঁৰাল স্বৰূপ বুলি উত্তৰ-পূৱক আখ্যা দিয়াৰ লগতে অঞ্চলটোৰ লোকসকল অতি মৰমিয়াল বুলিও উল্লেখ কৰে।

৬. অসমত কংগ্ৰেছৰ গাদীৰক্ষাৰ প্ৰস্তুতিৰ বাবে নতুনকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে অঞ্জন দত্তক নিযুক্তি দিয়াৰ পাছতে উজনিত ভেটি শক্তিশালী কৰিবলৈ যো-জা চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে। ছ’চিয়েল মেডিয়া ফেচবুক, টুইটাৰ যোগে নৱ-প্ৰজন্মক দলটোলৈ আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা চলাব বুলিও নৱ-নিযুক্ত সভাপতিজনে মন্তব্য প্ৰকাশ কৰিছে। তেখেতেক আদৰণি জনাই কালি মুখ্যমন্ত্ৰীয়ে কইনাধৰাত এক ভোজমেলৰো আয়োজন কৰাৰ লগতে বিধায়িনী দলে  আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ খবৰো প্ৰকাশ পাইছে।

৭. ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হৈ থকা সপ্তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোসৱত কেইবাখনো মনোগ্ৰাহী চলচ্চিত্ৰ প্ৰদৰ্শিত হোৱা বুলি জানিব পৰা গৈছে। শেখৰ দাসৰ “নেকলেছ”, স্পেইনৰ বেনিটো জাম্বানোৰ “চালাছ”, সোণালী বোসৰ “আমু”, চীনা পৰিচালক হুমেইৰ “কনফুচিয়াছ” আদি ছবিয়ে দৰ্শক সকলক কালি আপ্লুত কৰি তোলে। আজিও কেইবাখনো মনোমোহা চলচ্চিত্ৰৰ প্ৰদৰ্শিত হব বুলি গুৱাহাটী চিনে ক্লাৱৰ যুটীয়া সম্পাদক হুমায়ুন চৌধুৰীয়ে প্ৰকাশ কৰিছে।

৮. কালি গোলাঘাটত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, শিক্ষাবিদ বেদব্ৰত বৰুৱাক বিপ্লৱী বীৰ শংকৰপ্ৰসাদ বৰুৱা স্মাৰক বঁটা প্ৰদান কৰা হয়। শংকৰ-অন্নপ্ৰভা ন্যাসে প্ৰদান কৰা এই বঁটা প্ৰদান অনুষ্ঠানতে ডাঃ অজিত বৰুৱাৰ “আমাৰ লক্ষ্মীনাথ” নামৰ এখনি গ্ৰন্থ উন্মোচন কৰে গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুণ্যেশ্বৰ পূজাৰীয়ে।

৯. ভাৰতীয় ষ্টেট বেংকে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৰাজ্যৰ অন্যতম সামাজিক অনুষ্ঠান জি এল পি ছ’চিয়েল চাৰ্কলক এখন শৱদেহ কঢ়িওৱা বাহন আৰু ডাঃ বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানক এখন বিশেষ প্ৰযুক্তিৰ এম্বুলেঞ্চ প্ৰদান কৰিব। আগতেও দুখন শৱদেহ কঢ়িওৱা বাহন ষ্টেট বেংকে প্ৰদান কৰা জিএলপিৰ এনে বাহনৰ সংখ্যা ১১খনলৈ বৃদ্ধি হৈছে। ডাঃ বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ বাবে তৈয়াৰ কৰা অত্যাধুনিক সা-সুবিধাযুক্ত এম্বুলেঞ্চখনৰ নক্সা আই.আই.টি গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে তৈয়াৰ কৰিছে বুলিও জানিব পৰা গৈছে।

১০. কালি বিদ্যুত ৰঞ্জন বৰাৰ নতুন উপন্যাস “জীৱন-জংচন” গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰিলে বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাই। ভাৰতীয় ৰেল সেৱাৰ সৈতে জড়িত লোকসকলৰ জীৱন আৰু সমস্যাৰাজিক এই উপন্যাসত তুলি ধৰা হৈছে বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment