পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসমৰ নতুন তথ্য আয়ুক্ত ৰূপে কালি শপত গ্ৰহণ কৰিলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হিমাংশু প্ৰসাদ দাসে। কালি ৰাজ্যৰ ৰাজ্যপালে ৰাজভৱনত শপত বাক্য পাঠ কৰোৱাই এই নতুন দ্বায়িত্ব প্ৰদান কৰে।

২. আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল আৰু গেছৰ দাম ক্ৰম-হ্ৰাসমান অৱস্থালৈ লক্ষ্য ৰাখি কালি চৰকাৰে ৰাজসাহাৰ্যহীন ৰন্ধন গেছৰ দাম ১১৩টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। তেল উপাদনকাৰী দেশ সমূহৰ সংস্থা অ’পেকে মাজতে প্ৰতি বেৰেলত ১২৫ডলাৰ পৰ্যন্ত দাম বৃদ্ধি পোৱাৰ খাৰুৱা তেলৰ দাম আধাতকৈ কম হৈ ৬০ ডলাৰত উপনীত হোৱাৰ স্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও ৰাজহুৱা কৰিছে।

৩. ক’হিমাত হৰ্ণবিল উসৱ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাত অভিভূত হৈ উত্তৰ-পূৱক প্ৰাকৃতিক ইক’নমিক জ’ন আখ্যা দিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে। অসম, নাগালেণ্ড আৰু ছিকিমত বিশেষ পোছাক উপাদন কেন্দ্ৰ স্থাপন কৰা, দহ হাজাৰ ছাত্ৰৰ বাবে ঈশান উদয় বিশেষ বৃত্তি, দুহেজাৰ ছাত্ৰৰ বাবে ইশান বিকাশ আঁচনি গ্ৰহণ কৰা, জৈৱ-বৈচিত্ৰ্য ৰক্ষা, পৰ্যটনৰ বিকাশ কৰা আৰু ৬খনকৈ নতুন কৃষি বিশ্ববিদ্যালয় স্থাপন, ১৯টাকৈ নতুন ৰেল পথ স্থাপনৰ বাবে নতুন চৰকাৰে উদ্যোগ লব বুলিও কৰিলে ঘোষণা।

৪. প্ৰতি দুটা বছৰৰ মূৰে মূৰে নলবাৰী জিলা সাহিত্য সভাই প্ৰদান কৰি অহা “নলবাৰী ৰত্ন” সন্মানৰ বাবে এইবাৰ বাছনি কৰা হৈছে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ নাম। অহা ২৬ ডিচেম্বৰত অনুষ্ঠিত হব লগা এটি অনুষ্ঠানতে নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপকগৰাকীক এই সন্মান প্ৰদান কৰা হব বুলিও সুখবৰ জানিব পৰা গৈছে।

৫. উত্তৰ-পূৱত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে ৬৮খনকৈ আবাসিক বিদ্যালয় স্থাপনৰ বাবে পুঁজি মঞ্জুৰ কৰাৰ সুখবৰ। ইয়াৰে ভিতৰত ২১খন বিদ্যালয় বিশেষ ভাৱে জনজাতীয় ছোৱালীৰ বাবে স্থাপিত হব বুলিও বিভাগীয় মন্ত্ৰীয়ে কালি লোকসভাত প্ৰকাশ কৰিছে। অন্য তিনিখন বিদ্যালয়ৰ বাবেও অনুমোদন দি বিত্তীয় মঞ্জুৰীৰ বাবে বিবেচনা কৰি থকাৰো সুখবৰ প্ৰকাশ পাইছে।

৬. যোৱা ৩০ নৱেম্বৰত জননেতা ভীমবৰ দেউৰীৰ ৬৭ সংখ্যৰ মৃত্যু-বাৰ্ষিকীত বিভিন্ন সংগঠনে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰে। গুৱাহাটীৰ লখৰাস্থিত উদয়ন সংঘৰ খেলপথাৰত কেন্দ্ৰীয় ভাৱে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ভৰত নৰহ, চিন্তাবিদ ডাঃ অনিল ভৰালী আদি সুধীজনে অংশ লয়। অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জন ইংতি কাথাৰেও অংশগ্ৰহণ কৰি জনজাতি উন্নয়নৰ সিংহভাগ আত্মসা কৰাৰ বাবে জনজাতি উগ্ৰপন্থী সকলক লালন পালন কৰি জনজাতিসকলক অস্থিৰ কৰি ৰখাৰ দিশটোও উদঙাই দিয়ে।

৭. অসমীয়া কলা-সংগীত জগতৰ বৰেণ্য শিল্পী, ব্যাস সংগীতৰ নিৰলস সাধক, ব্যাস সংগীতাচাৰ্য গুণীৰাম ৰাভা (ওজা)লৈ এই বৰ্ষৰ অসম সাহিত্য সভাই কামৰূপীয়া লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠক শিল্পী বঁটা আগবঢ়োৱাৰ সুখবৰ। প্ৰয়াত পাঠকদেৱৰ মৃত্যু তিথি তিনি ডিচেম্বৰত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত এই বঁটা প্ৰদান কৰা হব।

৮. বাৰ কোটি টকাৰে সৰুসজাই ষ্টেডিয়ামখন খেলৰ উপযোগী কৰি উন্নীত কৰাৰ বাবেই অসমৰ ৰাজ্য চৰকাৰে ভৱিষ্যতে আৰু কোনো ৰাজনৈতিক দল অথবা আন প্ৰতিষ্ঠানক সভা-সমিতি অনুষ্ঠিত কৰিবলৈ মূল ষ্টেডিয়াম অথবা খেলপথাৰখন এৰি নিদিয়ে বুলি স্থিতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

৯. লখিমপুৰ গ্ৰন্থ উসৱ-২০১৪ৰ দিনা লখিমপুৰ জিলাক নিজা প্ৰতিভাৰে সমৃদ্ধ কৰা ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তেখেতসকলৰ জীৱন-কীৰ্তিক সামৰি “ওলগনি” নামৰ এখনি পুস্তিকাও প্ৰকাশ কৰা হয়। লখিমপুৰ কলা নিকেতনৰ প্ৰতিষ্ঠাতা প্ৰয়াত মোহন চন্দ্ৰ ৰয়লৈ মৰণোত্তৰ ভাৱে “গুৰু দ্ৰোণাচাৰ্য বঁটা”ও প্ৰদান কৰাৰ সুখবৰ। কবি সন্মিলন, গ্ৰন্থ উন্মোচনীৰ লগতে জিতেন বৰুৱা সম্পাদিত “নতুন সুৰ” আলোচনীৰ দ্বিতীয় সংখ্যাটোও অনুষ্ঠানটোতে মুকলি কৰা হয়।

১০. এন এ প্ৰডাকচনৰ নিবেদন তথা ঋতুস্মিন শৰ্মা প্ৰযোজিত কণ্ঠশিল্পী নীল আকাশৰ “এনাজৰী-২০১৫” শীৰ্ষক বিহুগীতৰ শ্ৰব্য চিডিখন কালি গুৱাহাটীৰ গৌৰী সদনত উন্মোচন কৰে শিল্পী কৃষ্ণমণি চুতীয়াই। নতুন প্ৰজন্মৰ শিল্পীগৰাকীৰ প্ৰতিভাৰ পৰিচয় এই শ্ৰব্য এলবামেই দাঙি ধৰিব বুলিও উপস্থিত শিল্পী সকলে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment