কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাৰতীয় শিক্ষানুষ্ঠানৰ বিদ্যাৰ্থীলৈ 
১.৫৫কোটি টকীয়া চাকৰি 
প্ৰাঞ্জল কুমাৰ নাথ

কেৱল বন্ধু-বান্ধৱৰ সৈতে চিনাকি বা বাৰ্তালাপৰ সুবিধা দিয়াৰ বাবেই নহয়, মাৰ্ক জুকাৰবাৰ্গৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ফেচবুক নামৰ ছ'চিয়েল নেটৱৰ্কিং সংস্থাটোৱে এইবাৰ সংবাদ শীৰ্ষ লাভ কৰিবলৈ সক্ষম হৈছে, আন এটা কাৰণতহে। সংস্থাটোৱে আই.আই.টি মুম্বাই আৰু খৰগপুৰত অধ্যয়নৰত ভাৰতীয় বিদ্যাৰ্থীলৈ অভিলেখ পৰিমাণৰ দৰমহাৰে চাকৰি আগবঢ়োৱাৰ খবৰে পাইছে সংবাদ শিৰোনামাত স্থান।


এই শৈক্ষিকবৰ্ষৰ কেম্পাছ ইণ্টাৰভিউ সমূহত আগবঢ়োৱা বিভিন্ন পেকেজৰ ওপৰত তৈয়াৰ কৰা "ইকনমিক টাইমছ"ৰ প্ৰতিবেদন মতে তিনিজন ভাৰতীয় প্ৰতিভাবান যুৱকক এইবাৰ ফেচবুকে নিজৰ সংস্থাত সেৱা কৰাৰ সুবিধা প্ৰদান কৰিছে। এই তিনিজন শিক্ষাৰ্থী আই.আই.টি মুম্বাই আৰু খৰগপুৰত অধ্যয়নৰত বুলিও প্ৰকাশ কৰিছে। লগতে এইবৰ্ষত বিভিন্ন আন্তৰ্জাতিক বহুজাতিক সংস্থাবোৰে ১০-২০ শতাংশ পেকেজ বৃদ্ধি কৰি চাকৰিৰ প্ৰস্তাৱ দিয়াৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে উচ্চ শিক্ষাৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠানবোৰৰ চৌহদত উলাহৰ সৃষ্টি হৈছে। এই বৰ্ষত ১৫-২০ শতাংশ নতুন চাকৰি আৰু ৩০ শতাংশ বিদেশত সেৱা আগবঢ়োৱাৰ সুবিধাও কোম্পানী সমূহে আগবঢ়োৱাৰ কথাও প্ৰকাশ পাইছে।

এইবৰ্ষত ভাৰতীয় ছাত্ৰই ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানতে অধ্যয়ন কৰি লাভ কৰা বিভিন্ন পেকেজৰ তালিকাখনৰ সৰ্বোচ্চ সংখ্যাবোৰ এনেধৰণৰ। ফেচবুক ১.৫৫ কোটি, অ'ৰেকল ৭৮লাখ, ভিচা ইংক ৮৭লাখ, চেমচাঙ ৯৩ লাখ, মাইক্ৰচফট ৮০ লাখৰ টকাৰ পেকেজ, বিদেশত সেৱা আগবঢ়োৱাৰ বাবে। ৱৰ্ল্ড-কুউণ্ট ৪২লাখ, শ্লামবাৰ্জাৰ ৩৪ লাখ আৰু গল্ড-মেন চ'চেজে ২৬ লাখলৈকে এবছৰীয়া পেকেজেৰে ভাৰততে চাকৰি কৰাৰ সুবিধা প্ৰদান কৰিছে।

আই আই টি কানপুৰত বিগত বৰ্ষৰ সৰ্বোচ্চ ১.১০লাখ ডলাৰৰ বিপৰীতে এইবৰ্ষত পেকেজৰ উচ্চসীমা ৩৬শতাংশলৈ বৃদ্ধি পাই ১.৫০ লাখ ডলাৰ পৰ্যন্ত গৈ পোৱাৰ সুখবৰ। 

আনহাতে আই আই টি খৰ্গপুৰত এইবৰ্ষত কেম্পাছ ইণ্টাৰভিউৰ প্ৰথম বিশ দিনত প্ৰায় ১২০০ ছাত্ৰ-ছাত্ৰীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ সংখ্যা বিগত বৰ্ষত আছিল প্ৰায় ১০০০জন। আৰু অ'ৰেকলে বিগত বৰ্ষৰ ১৩গৰাকীৰ বিপৰীতে এইবাৰ ১৫ গৰাকীক সমূহ আই.আই.টিৰ পৰা নিৰ্বাচিত কৰিছে। 

আই আই টি মাদ্ৰাছত বিদেশত সেৱা কৰাৰ বাবে, ১.২৯ লাখ ডলাৰলৈকে সৰ্বোচ্চ বছেৰেকীয়া পেকেজ এইবাৰ আগবঢ়োৱাৰো বাতৰি প্ৰকাশ পাইছে। আৰু ভাৰতত চাকৰি কৰি ৩০লাখ লাখলৈকে আৰ্জন কৰাৰ সুবিধাও প্ৰতিভাবান সকলে লাভ কৰিছে। অহা মাৰ্চ-এপ্ৰিললৈ চলিব লগা কেম্পাচ ইণ্টাৰভিউ বতৰৰ আৰম্ভনিতেই এতিয়া আই.আই.টি মাদ্ৰাছৰ পৰা ৮১ গৰাকী শিক্ষাৰ্থীয়ে উচ্চ নিৰিখত আন্তৰ্জাতিক পৰ্যায়ৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে।

উচ্চ শিক্ষাৰ শীৰ্ষ ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰিয়েই কৰ্পৰেট জগতৰ উচ্চ হাৰৰ নিযুক্তি লাভৰ বতৰা নিশ্চয়কৈ আমাৰ নৱ-প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক হব। আৰু মনপুতি পঢ়া-শুনা কৰি নিজকে উন্নত মানৱ-সম্পদ হিচাবে নিজকে গঢ় দিয়াৰ বাবে প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হব।

No comments:

Post a Comment