হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম

১. মুম্বাইৰ মাৰাঠা মন্দিৰত এতিয়াও প্ৰদৰ্শিত হৈ থকা “দীলৱালে দুলহনীয়া লে জায়েংগে” ফিল্মখনে এহাজাৰ সপ্তাহ পূৰণ কৰিছে। সেই শুভক্ষণতে “চৰকাৰ ইউ-টাৰ্ণ লেকে ঘুম জায়েংগে” শীৰ্ষক এখনি ৰাজনৈতিক ৰোমাণ্টিক ফিল্মৰো শুভ মুহূৰত কৰা হৈছে। ছাপন্ন ইঞ্চিৰ বুকুৰ এগৰাকী হিৰ’ই ইয়াত নায়কৰ ভূমিকাত অভিনয় কৰিব। নায়িকা হিচাবে স্মৃতি নে জ্যোতি কাক লোৱা হব এতিয়াও প্ৰযোজকে ঠিৰাং কৰিব পৰা নাই বুলিও সদৰী কৰিছে।

২. চিবিআই কোন বুলি প্ৰশ্ন তুলিলে মমতাময়ী বেনাৰ্জীয়ে। দেশৰ কিমানটা কেলেংকাৰীৰ কেচৰ ওপৰত উমনি দি এই চিবিআইয়ে অভিলেখ গঢ়িলে বুলি প্ৰশ্ন তুলি সাৰদা বাইদেউৰ পাছতে “হাইপাৰ এক্টিভ” হোৱাৰ বাবে বেনাৰ্জী বাইদেৱে ক্ষোভ প্ৰকাশ কৰাৰ কথাই আজি পাইছে সংবাদ শিৰোনামাত স্থান!আগতীয়া জামিন লবলৈ সুবিধা নিদিয়াকৈ মমতাদিৰ মিত্ৰ এজনক আজি উঠাই নিয়াৰ বাবেই বাইদেউৰ এই খং বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।



৩. দেশত ১৬৭ টা কোম্পানীৰ ঠগবাজী, কেলংকাৰীৰ ওপৰত তদন্ত চলি আছে আৰু তাত পশ্চিমবংগই শীৰ্ষ স্থান লাভ কৰিছে। বংগলৈ বেপাৰ কৰিবলৈ কোম্পানী নাহে বুলি অভিযোগ কৰি থকা সকলৰ মুখত এইখবৰ ক’লা ছাই বুলি সচেতন সাংবাদিকে প্ৰকাশ কৰিছে! আৰু বংগক এতিয়া ভুৱা বিত্তীয় কোম্পানীৰ তীৰ্থস্থান বুলি ঘোষণা কৰি দিয়াই ভাল বুলিও দাবী কৰিছে!

৪. কালি নাথুৰাম কাকাক দেশভক্ত বুলি কৈ জিভা পিচলা সাংসদ গৰাকীক হেডমাষ্টৰ চাৰে খঙ কৰা বুলি জানিব পৰা গৈছে। ইফালে মহাত্মা গান্ধীৰ মুখা পিন্ধি নাথুৰামৰ আদৰ্শ অনুসৰণ কৰা বেপাৰ চলাই থকাৰ মাজতে এতিয়া নাথুৰাম কাকাক প্ৰশংসা কৰি বেপাৰত পানী ঢলাৰ বাবেই মুনাফা মানে কি ভালদৰে জনা প্ৰধান-বেপাৰীজন ক্ষুন্ন হৈ পৰা বুলিও সচেতন মহলে অনুমান কৰিছে।

৫. কাশ্মীৰ ঘাটিত পদুম পাৰ্টিৰ এপাহো ফুল নুফুলে বুলি ভৱিষ্যতবাণী কৰিলে হাইদৰাবাদৰ বিখ্যাত জ্যোতিষী খাচউদ্দিন উবেশ্বিয়ে! তেখেতৰ মতে ধৰ্মৰ ৰাজনীতিৰ পথাৰত তেখেতৰ খেতিয়ক সকলে বোকা নকৰালৈকে পদুম ফুলাতো সম্ভৱপৰ নহয়েই। তেখেতে অনাগত দিনত ঘৃণাৰ খেতিৰ সাৰপানী যোগাব বুলিও আশ্বাস প্ৰদান কৰিছে।

৬. দিল্লী কা লাড্ডু খাবৰ বাবে সদৌ ভাৰত গেৰুৱাধৰ সন্থাৰ মাজত ঘৃণা, গালি, প্ৰতিক্ৰিয়াশীল ভাষণ প্ৰতিযোগিতাৰ আয়োজন কৰাৰ গোপন খবৰ পোৱা গৈছে। ইয়াৰ দ্বাৰা প্ৰতিভা প্ৰমাণিত কৰিব পাৰিলেই খাব পৰা লাড্ডুৰ ডব্বা থকা গাদী একোখন পাবই পাব বুলি প্ৰতিযোগীসকলৰ ব্যক্তিগত জ্যোতিষী সকলে ইংগিত দিয়াৰো গোপন খবৰ!

৭. এতিয়া কাশ্মীৰত চলি থকা নিৰ্বাচনত ধাৰা-৩৭০ সন্দৰ্ভত মুখ খোলা নাই পদুম পাৰ্টিয়ে। এতিয়া নিৰ্বাচনৰ শেষ সীমাত উপস্থিত হোৱাৰ শুভ ক্ষণতে পুনৰ ধাৰা-৩৭০ৰ ওপৰত পাভ লুটি মাৰি সকলোকে চমক দিব বুলিও জ্যোতিষী হাইদৰাবাদী কুৰেশ্বীয়ে ভৱিষ্যতবাণী কৰিছে।

৮. বাংলাদেশক ভূমি দান কৰাৰ দৰেই এতিয়া দেশজুৰি পূণ্য কৰিব লাগে বুলি দাবী কৰিছে সদৌ ভাৰত সীমান্তবাসী সংঘই। গুগোলে ভুলকৈ দি থকা মেপখনৰ ৰূপতে দেশখন শুদ্ধ কৰি লবলৈ এতিয়া বিশাল ভূমিদান কাৰ্যসূচী গ্ৰহণ কৰি দাতাকৰ্ণৰ ৰূপত অৱতাৰ ধাৰণ কৰিবলৈকো ছাপন্ন ইঞ্চিৰ বুকুৰ নেতাজনক আহ্বান জনাইছে।

৯. কৰ্ণাটকৰ বিধান সভাত এইবাৰ প্ৰিয়ংকা বাইদেউৰ ফটো চাই থাকোতে ধৰা পৰিল পদুম পাৰ্টিৰ বিধায়ক। বিৰোধী দলৰ নেত্ৰীৰ জীয়ৰীলৈ মৰমৰ দৃষ্টি দি থকা ঘটনা ধৰা পৰাৰ পাছত এতিয়া বিধান সভালৈ মোবাইল নিয়া নিষিদ্ধ কৰিবলৈ লোৱা বুলিয়েই খবৰ ওলাইছে। আগতে এবাৰ এনেদৰে মনোৰঞ্জনপ্ৰেমীয়ে নীলা ছবি চাই থকাও ধৰি পৰি সংবাদ শিৰোনামা দখল কৰি নিজৰ মুখ ক’লা কৰিছিল!

১০. চৌবিশ ঘণ্টাত তৃতীয়টো গঁড় হত্যাৰ বাতৰি পোৱাৰ পাছতো এতিয়া হাবি-বন মন্ত্ৰীক গালি-গালাজ কৰিবলৈ প্ৰতিবাদী অসমীয়া সকলে আৰম্ভ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেইজনাৰ ছাল গঁড়তকৈ ডাঠ আৰু গঁড় মৰি শেষ হোৱাটো খাটাং বুলি জাতীয় জনগণে অনুভৱ কৰাৰ বাবেই এতিয়া এই বিষয়ত ৰাইজে মাত দি লাভ নাই বুলি ঠিৰাং কৰা বুলিও সচেতন ৰাইজে অনুমান কৰিছে।

No comments:

Post a Comment