পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম গেছ কোম্পানীয়ে ২০১৪-১৫ বৰ্ষৰ লভ্যাংশ হিচাবে অসম চৰকাৰক ১কোটি ৬৯ লাখ টকা কালি প্ৰদান কৰাৰ সুখবৰ। ইয়াৰ উপৰিও কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈকো ৩৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। অসমৰ চৰকাৰী কোম্পানী হিচাবে লাভ অৰ্জন কৰি সফলতাৰে উদ্যোগটো চলাই অসম গেছ কোম্পানীয়ে এক ইতিবাচক দিশেই উন্মোচন কৰি দেখুৱাইছে।

২. চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত কালি গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা সভাঘৰত শ্ৰদ্ধা জ্ঞাপন কৰাৰ  লগতে আয়োজিত হয় স্মাৰক বক্তৃতানুষ্ঠানৰ। "অসমীয়া জাতিঃ সমন্বয়ৰ সমস্যা" বিষয়ক স্মাৰক বক্তৃতা প্ৰদান কৰি লক্ষ্মীনাথ তামুলীয়ে ৰাজ্যত অসমীয়া ভাষী সংখ্যালঘুত পৰিণত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে। "চিন্তানায়ক" নামৰ স্মাৰক গ্ৰন্থখনি অনু্ষ্ঠানটিত উন্মোচন কৰে প্ৰথিতযশা সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে।

৩. জাৰ্নেলিষ্ট এছ'চিয়েচন অৱ আছামৰ উদ্যোগত এই বছৰলৈ পৰা প্ৰৱৰ্তন কৰিবলৈ লোৱা "যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মাৰক সমালোচনামূলক সাহিত্য বঁটা ২০১৪" বিশিষ্ট কবি, সমালোচক নলিনীধৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছে। এই বঁটাত নগদ দহ হাজাৰ এটকা, মানপত্ৰ, জাপি, শৰাই চেলেং চাদৰ থাকিব।  অহা ১৪ ফেব্ৰুৱাৰীত এছ'চিয়েচনে আয়োজন কৰা দুদিনীয়া আলোচনাচক্ৰতে এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হব।

৪. অহা ২০১৫ চনৰ মাৰ্চ মাহত নামৰূপ গেছ ভিত্তিক বিদ্যুত প্ৰকল্প আৰু জুন মাহৰ পৰা বঙাইগাঁও তাপ বিদ্যুত প্ৰকল্প দুটাৰ উপাদন আৰম্ভ হব। কালি লোকসভাত কেন্দ্ৰীয় শক্তিমন্ত্ৰী পীয়ুষ গোৱেলে বিদ্যুত প্ৰকল্প দুটাৰ নিৰ্মাণ কাৰ্য অতি লেহেম হোৱাৰ কথা স্বীকাৰ কৰি এই কথা প্ৰকাশ কৰিছে।

৫.  বগাহাতীত পৰিণত হোৱা ব্ৰহ্মপুত্ৰ বৰ্ডৰ ঠাইত উত্তৰ-পূৰ্বাঞ্চল আৰু ব্ৰহ্মপুত্ৰ নদী পুনৰজীৱন প্ৰাধিকৰণ বা চমুকৈ নেব্ৰাই অতি সোনকালেই কাম কাজ আৰম্ভ কৰিব। উত্তৰ-পূৱৰ উন্নয়ন ক্ষীপ্ৰতৰ কৰাৰ বাবে নাম আৰু কাম সলনি কৰি কৰ্মঠ ৰূপত এই সংস্থাক গঢ়ি তুলিবলৈ লোৱা হৈছে বুলিও সুখবৰ পোৱা গৈছে। কেন্দ্ৰৰ ১ লাখ কোটি টকাৰ মাষ্টাৰ প্লেনৰ বাবে এই সংস্থাই কাম কৰিব বুলিও সাংসদ সুস্মিতা দেৱৰ প্ৰশ্নৰ উত্তৰত জলসম্পদ বিভাগৰ মন্ত্ৰীয়ে কালি লোকসভাত সদৰী কৰিছে।

৬. ৰাজ্য চৰকাৰে কালি অসম মাধ্যমিক শিক্ষা পৰিষদ ছেৱাৰ অধ্যক্ষ হিচাবে আই এ এছ বিষয়া এছ এছ মীনাক্ষী সুন্দৰমক নিযুক্তি প্ৰদান কৰিছে। কালি দ্বায়িত্ব গ্ৰহণ কৰিয়েই ছেৱাৰ সংস্কাৰ সাধান কৰা লগতে প্ৰযুক্তি শিক্ষাৰ উন্নয়ন, পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লব বুলি তেখেতে প্ৰকাশ কৰিছে।

৭. প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই উত্তৰ-পূৱৰ বিষয়ে জ্ঞান দিয়াৰ বাবে দিল্লী বিশ্ববিদ্যালয়ে কালি এক শিক্ষামূলক ভ্ৰমণৰ শুভাৰম্ভ কৰিছে। প্ৰায় ৯০০ শিক্ষাৰ্থী আৰু শিক্ষকৰ দলটো জ্ঞানোদয় এক্সপ্ৰেছ নামৰ ৰেলযোগে আঠোখন ৰাজ্যৰ শিক্ষামূলক ভ্ৰমণৰ বাবে ৰাওনা হোৱা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৮. সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত যোৱা ১৭ ডিচেম্বৰত অসমীয়া বোলছবিৰ প্ৰথম নায়িকা আইদেউ সন্দিকৈৰ একাদশ বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে ধেমাজিৰ বিশিষ্ট শিল্পী তথা বিহু বিশেষজ্ঞা বিমলা গগৈ গোহাঁই আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। বঁটাপ্ৰাপকৰ জীৱন আৰু কৰ্মক সামৰি জ্যোস্না বৰগোহাঁইৰ সম্পাদনাত "অমল প্ৰেৰণাৰ আভা" শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচিত হয়। ডঃ সুখ বৰুৱাৰ প্ৰৱন্ধ সংকলন "চিন্তা-তৰংগ", অৱন্তী গগৈ বৰুৱাৰ উপন্যাস "সোণতলীৰ সৰু সৰু মানুহৰ আধৰুৱা কথাবোৰ", বনানী বুঢ়াগোহাঁইৰ কবিতা পুথি "আশাৰ বালিঘৰ"কে ধৰি দহখন গ্ৰন্থও উন্মোচিত হোৱাৰ সুখৰ খবৰ।

৯. অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে হিন্দী ভাষাৰ প্ৰচাৰৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে ৰাজৰ্ষি পুৰুষোত্তম দাস টেণ্ডন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশ হিন্দী সংস্থানে আগবঢ়োৱা এই বঁটা লক্ষ্মৌত যোৱা ৭ ডিচেম্বৰত সমিতিৰ হৈ ডঃ ক্ষীৰদা কুমাৰ শইকীয়াই সাংসদ মুলায়ম সিঙ যাদৱৰ পৰা বঁটা গ্ৰহণ কৰে।

১০. ভাৰত বাংলাদেশ সীমান্তৰ লাটু-মালেগড়ত লাটু যুদ্ধৰ ১৫৭ সংখ্যক বাৰ্ষিকীত ২৬গৰাকী বীৰ শ্বহীদলৈ ৰাষ্ট্ৰীয় মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জনালে কৰিমগঞ্জৰ উপায়ুক্ত আৰু উপস্থিত ৰাইজে। এই অনুষ্ঠানতে পাটকাই ট্ৰেকাৰ্ছ নামৰ সংগঠনে আগবঢ়োৱা লাটু-মালেগড় ঐতিহ্য বঁটা প্ৰয়াত আব্দুল মুকিত চৌধুৰীলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় । সামৰিক অভিবাদন, শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰে এই অনুষ্ঠানত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment