পলকতে সুখ -দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ -দুখৰ বতৰা

পলকতে সুখ -দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ ভিতৰুৱা এলেকাসমূহত বেংকিং সেৱা আগবঢ়োৱা একমাত্ৰ বেংক লংপি দেহাংগী গাঁৱলীয়া বেংকে নিজৰ এটিএম ডিফুত মুকলি কৰি দেশৰ ভিতৰতে এটিএম সেৱা আগবঢ়োৱা প্ৰথমটো গাঁৱলীয়া বেংক হোৱাৰ গৌৰৱ অৰ্জন কৰিলে। ৫৭টা শাখাৰে সু-সজ্জিত এই বেংকটোৱে বিগত বৰ্ষকেইটিত পাহাৰীয়া জিলা দুখৰ অৰ্থনৈতিক বিকাশলৈ প্ৰভূত বৰঙণি যোগোৱাৰ লগতে ডিফু চহৰৰ বাবে ডাষ্টবিন প্ৰদান, সৌন্দৰ্যবৰ্ধক কাম আদিৰেও সামাজিক দায়দ্ধতাৰ পৰিচয় দি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

২. অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে আগবঢ়োৱা চ্যুকাফা বঁটা কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হয়। চ্যুকাফা দিৱস উদযাপন অনুষ্ঠানতে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ খগেন্দ্ৰনাথ শইকীয়াদেৱক এই বঁটা মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে। আমগুৰি সমষ্টিৰ নামতি দ’লত অনুষ্ঠিত চ্যুকাফা দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে চ্যুকাফা উদ্যান আৰু চ্যুকাফাৰ এটি আবক্ষ মূৰ্তিৰো উন্মোচন কৰে। চামগুৰি আদৰ্শ চিকিতসালয় আৰু বিভিন্ন পথ-উপপথৰ নিৰ্মাণ কাৰ্যৰো তেখেতে আধাৰশিলা স্থাপন কৰাৰ সুখবৰ পোৱা গৈছে।

৩. মুখ্যমন্ত্ৰীৰ নিৰ্মল অসম আৰু সেউজ অসম অভিযানৰ অংশ স্বৰূপে “ক্লীন নলবাৰী, গ্ৰীণ নলবাৰী” বাণী লিখি নলবাৰী পৌৰসভাই নগৰখনিৰ বিভিন্ন প্ৰান্তত নতুনকৈ ৫০টাকৈ ডাষ্টবিন স্থাপন কৰাৰ সুখবৰ প্ৰকাশ পাইছে। নলবাৰী চহৰখনক পৰিস্কাৰ চহৰ ৰূপে গঢ়িবলৈ আগভাগ লোৱা উপায়ুক্ত ডাঃ ওম প্ৰকাশক কালি কেইবাটাও সামাজিক সংগঠনে সম্বৰ্ধনা জনায়। আৰু ৰাইজেও তেখেতৰ প্ৰচেষ্টালৈ সঁহাৰি জনাই উচ্ছেদ অভিযান নচলোৱাৰ আগতেই নীতি-বৰ্হিভূত ভাৱে সজা দোকান, পোহাৰ, বাৰাণ্ডা, হৰ্ডিং আদি নিজাকৈ আঁতৰ কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৪. বিশিষ্ট লোক-সংগীত শিল্পী ডঃ ডলী দাসলৈ আগবঢ়োৱা হৈছে লোকৰত্নাগৰ্ভা বঁটা। অসমৰ লোকসংগীতৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবেই শিল্পীগৰাকীলৈ এই বঁটা আগবঢ়াইছে সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান “মৰমলেণ্ড”, অসম সাংস্কৃতিক সমাজ, অসম উন্নয়ন পৰিষদ আৰু সদৌ অসম বিকলাংগ সন্থাই। সংস্থাকেইটাই যৌথ ভাৱে আগবঢ়োৱা এই বঁটা অহা জানুৱাৰী মাহত শিল্পীগৰাকীক প্ৰদান কৰা হব।

৫. অহা ৫ ডিচেম্বৰৰ সন্ধিয়া পাঁচ বজাত গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত একেলগে মুক্তি দিয়া হব এইবৰ্ষৰ আঠখনকৈ নতুন বিহুগীতৰ শ্ৰব্য সংকলনৰ। গীতালি কাকতি আৰু স্বৰূপ কাকতিৰ “মাইহাং”, নিৰ্মালি দাসৰ “নাজিতৰা”, বৰ্ণালী কলিতাৰ “হাঁচতি”, পংকজ বৰাৰ “মইনামতী”, জে জে ইলেক্ট্ৰনিকছৰ “নাংচেং”, কল্লোল বৰঠাকুৰৰ “জেতুকা”, ৰূপৰ “লাহৰী” আৰু চন্দনৰ “বাখৰ তৰা”ই একেখন মঞ্চতে মুক্তি লাভ কৰিব। এই উদ্বোধনী অনুষ্ঠানত অংশ লব অভিনেতা-শিল্পী বিজু ফুকন, চেতনা দাস, ইনু বণিয়া, শান্তা উজীৰ, সন্ধ্যা মেনন আদিয়ে। উক্ত উপলক্ষত আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত প্ৰসেন বৰা, সোমনাথ বৰা, গায়ন্ত্ৰী মহন্ত, বৰষাৰাণী বিষয়া, অনুপম শইকীয়া, বিমান বৰুৱা আদি শিল্পীয়েও অনুষ্ঠান পৰিবেশন কৰিব বুলি সুখবৰ পোৱা গৈছে।

৬. অভয়াপুৰী গান্ধী ময়দানত অহা ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব অভয়াপুৰী ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ। এছিয়ান এডুকেশ্বনেল ট্ৰাষ্ট্ৰ উদ্যোগত মহকুমা প্ৰশাসন আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত প্ৰয়াত ফণী মেধি সোঁৱৰণী গ্ৰন্থমেলা বাকৰিত যোৱা ৩০ নৱেম্বৰত লাইখুঁটা স্থাপন কৰা হয়।

৭. মেঘালয়ৰ তুৰা নিবাসী লোক-সাহিত্যৰ বিশিষ্ট লেখক শিৱেন্দ্ৰ নাৰায়ণ কোঁচক ২০১৪চনৰ বাবে “কামতাৰত্ন অম্বিকাচৰণ চৌধুৰী বঁটা” আগবঢ়োৱা হৈছে। কালি এই কথা ঘোষণা কৰিলে সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে। প্ৰতি বছৰেই ছাত্ৰ সন্থাই একোগৰাকী বিশিষ্ট লেখকলৈ এই বঁটা আগবঢ়াই আহিছে।

৮. বিশিষ্ট অভিনেতা মহানন্দ শৰ্মালৈ জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে চলিত বৰ্ষৰ বাবে পাগলাদিয়া বঁটা আগবঢ়োৱা হৈছে। কাব্য আলোচনী সেউজী সেউজীৰ এই বঁটা ২০১৫ বৰ্ষৰ ফেব্ৰুৱাৰীত আয়োজিত কবিতাৰ মহাসভা অনুষ্ঠানতে প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।

৯. অহা বৰ্ষৰ জুন মাহৰ পৰা ডিব্ৰুগড়ৰ লেপেটকটাত নিৰ্মাণকাৰ্য চলি থকা গেছ ক্ৰেকাৰ প্ৰকল্পৰ উতপাদন কাৰ্য আৰম্ভ হব। কালি লোকসভাত সাংসদ ৰমেন ডেকাৰ এক প্ৰশ্নৰ উত্তৰত এইকথা সুখবৰ প্ৰকাশ কৰিছে সাৰ আৰু ৰসায়ন দপ্তৰৰৰ ৰাজ্যমন্ত্ৰী হংসৰাজ গংগাৰাম আয়াৰে।

১০. অসম সাহিত্য সভাই ডিফুৰ ৰাংছিনা ভৱনত চ্যুকাফা দিৱস উদযাপন কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি সভাই লেখক-সাংবাদিক টংক কোঁৱৰক জয়ছিং হাঞ্চে বঁটা প্ৰাদন কৰে। সভাখন উদ্বোধন কৰে ৰংবং তেৰাঙ। লোক-সংস্কৃতিৰ গৱেষক ডঃ পুষ্প গগৈয়ে চ্যুকাফাৰ ৰাজ্য স্থাপনৰ নীতিৰ বিষয়ে ৰাইজক অৱগত কৰে।

No comments:

Post a Comment