(১)
ইছলামৰ অৰ্থ হেনো শান্তি।
কিন্তু সেই শব্দৰে নামাকৰণ হোৱা ধৰ্মটোৰ 'নাম' ব্যৱহাৰ কৰি ধৰ্মযুদ্ধ ঘোষণা কৰা এচাম বিৰ্ধমীয়ে কৰা কু-কৰ্মই সকলোকে সচকিত কৰিছে। পৰহি পাকিস্তানত প্ৰায় ডেৰশ অবোধ শিশুক "চিৰশান্তি" দিয়াৰ পাছত একে ধৰণৰ বিধৰ্মীয়ে ছিৰিয়াত প্ৰায় ডেৰশ নাৰীকো "চিৰশান্তি" প্ৰদান কৰাৰ খবৰে সকলোৰে মনোজগতত এক অৱসাদৰ সৃষ্টি কৰিছে।
"শান্তি"ৰ নামত "চিৰশান্তি" প্ৰদান কৰা বিৰ্ধমী সকল নিপাত যাওক।
(২)
অফিচৰ পৰা টিভিত সমগ্ৰ ঘটনাৱলী প্ৰত্যক্ষ কৰি ঘূৰি আহোতে আমাৰ ড্ৰাইভাৰজনক সমগ্ৰ খবৰখিনি অৱগত কৰিছো। দিনটো ৰাস্তাত গাড়ী চলাই থকাৰ বাবে সাম্প্ৰতিক ব্ৰেকিং নিউজবোৰ নাপাই যদিও মন কৰো, এই ড্ৰাইভাৰ প্ৰজাতিটোৰ লোকসকল সঁচাই বহু বেছি সচেতন। ঘটনাটোৰ বৰ্ণনাৰ পাছতে নিজৰ সমুখতে আমি কিছু প্ৰশ্ন তুলি ধৰিলো। "ধৰ্মৰ নামত যুদ্ধ সৃষ্টি কৰা এই সকলে নিজা ধৰ্মৰ বাবে সঁচাই কিবা ভাল কৰিছেনে? বা ধৰ্মালম্বীসকলৰ প্ৰতি? ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ ধৰ্মৰ মানুহখিনিৰ প্ৰতি ঘৃণাৰ ভাৱ এটা গোটেই বিশ্বজুৰি বৃদ্ধিহে কৰা নাইনে? শিশু-নাৰীক চিৰশান্তি প্ৰদান কৰি তেওঁলোকে নিজৰ ধৰ্মৰ নামটোত আঁচোৰহে পেলাই যোৱা নাইনে?"
প্ৰশ্ন কেইটা শুনি ড্ৰাইভাৰজনে কবলৈ ধৰিলে, সিদিনা তেওঁ কৰবাত পঢ়া এটা ঘটনাৰ কথা। "চিৰিয়াৰ ফালে কোনোবা যুদ্ধ বিধ্বস্ত ঠাইত এগৰাকী খ্ৰীষ্টান লোকে নিজৰ পত্নী আৰু পুত্ৰক নিৰাপদ স্থানলৈ বুলি গাড়ীত লৈ গৈ আছে। মাজতে সন্ত্ৰাসবাদী বন্দুকধাৰীয়ে গাড়ী ৰখালে আৰু তেওঁৰ পৰিচয় সুধিলে। তেতিয়া তেওঁ সৱল আত্ম-বিশ্বাসী কণ্ঠৰে নিজকে ইছলামধৰ্মী বুলি পৰিচয় দিলে। সন্ত্ৰাসবাদী কেইজনে তেওঁৰ পৰীক্ষা লব বিচাৰিলে। তেওঁ ফৰফৰকৈ কিছুমান বাণী উদ্ধৃত কৰিবলৈ ধৰিলে। বহুকাল দেশে বিদেশে পেশাগত কামত ঘূৰি ফুৰা মানুহজনে আৰবী ভাষাতে ফৰফৰাই ধৰ্মৰ বাণী কবলৈ আৰম্ভ কৰাত তেওঁক সন্ত্ৰাসবাদী সকলে অপকাৰ নকৰি যাবলৈ দিলে।
অলপ দূৰ যোৱাৰ পাছত, তেওঁৰ পত্নীয়ে থৰ লাগি থকাৰ পৰা স্বাভাৱিক হবলৈ চেষ্টা কৰি মানুজনক সুধিলে, 'আপুনি ইমান ৰিক্স কিয় ল'লে? আপুনি কোৱা কথাবোৰ দেখুন বাইবেলৰ বাণীহে আছিল, যিবোৰ আপুনি আৰৱী ভাষাত অনুবাদ কৰি কৈছিল।' তেতিয়া আত্ম-বিশ্বাসী মানুহজনে কি ক'লে জানেনে, 'কোনো ধৰ্মতেই কাকো হত্যা-হিংসা কৰিবৰ বাবে কোৱা হোৱা নাই। নিজৰ সত কৰ্মৰে ওপৰৱালাৰ দয়াৰ পাত্ৰ বা কৰুণা অৰ্জন কৰিবলৈহে কৈছে। আৰু মই ভালকৈ জানো যে, ধৰ্মৰ নামত বন্দুক ধৰি এইদৰে সন্ত্ৰাস কৰি ফুৰা এই সাধাৰণ যোদ্ধা কেইজনে কেতিয়াও কোৰান পঢ়া নাই বা তাৰ বাণীবোৰ হৃদয়ংগম কৰা নাই, হৃদয়ত ধৰি ৰখা নাই। কাৰণ, যদি সেয়া কৰিলেহেতেনে, তেন্তে তেওঁলোকে ধৰ্ম-যুদ্ধৰ নামত এনে বিধ্বংসী বিৰ্ধমী কাম কৰিবলৈ কেতিয়াও নাহে'! "
তেওঁৰ কথাখিনি শুনি আওৰাবলৈ ধৰিলো, "ধৰ্মই পূণ্য নানে, কৰ্মইহে আনে"। আৰু সেই কথা আমি সকলো ধৰ্মৰ লোকেই অনুধাৱন কৰিব লাগিব। আপোনাৰ কৰ্মই, আপোনাৰ প্ৰকৃত প্ৰাৰ্থনা, মানৱ ধৰ্মৰ এই কথাষাৰো আমি সকলোৱেই হৃদয়ংগম কৰিব লাগিব।
(৩)
আমি মানি লও বা নলও, কিন্তু এটা কথা সঠিক যে ভাৰতত মৌলবাদী শক্তিৰ উত্থানৰ মূল কাৰণ আমাৰ ৰাজনেতা সকলৰ ভোট-বেংকৰ খেল, লোভ আৰু ধৰ্মীয় সংখ্যালঘুক তুষ্টিকৰণৰ ৰাজনীতি। এনে ৰাজনীতি কৰা সকলে কেতিয়াও সংখ্যাগতভাৱে গুৰুত্বপূৰ্ণ এজাক ৰাইজক বা সমাজৰ একাংশক প্ৰগতিশীল সমাজৰূপে গঢ়ি উঠিবলৈ দিব নোৱাৰে। তেওঁলোকৰ সৰহ ভাগকে একে অৱস্থাতে শিক্ষা, স্বাস্থ্য, আধুনিকতা আদিৰ পৰা দূৰতে ৰাখিবলৈ চেষ্টা কৰে। ভাৰতৰ বাবে এয়া এক নিৰ্মম সত্য আৰু লজ্বাজনক কথা। আৰু অৰ্ধশিক্ষিত, পিছপৰা সমাজ এখনৰ নিবনুৱা যুৱ শক্তিক বিপথগামী হবলৈ প্ৰলোভিত কৰা যে সহজ আৰু ই এনে সন্ত্ৰাসবাদৰ সাৰুৱা ভূমি ৰূপে পৰিগণিত হয়, সেই কথাও আমি মানি লব লাগিব।
আৰু এনে স্থিতাৱস্থাৰ পৃষ্ঠপোষক হয় জাতি, ধৰ্মৰ নামত সেৱা কৰিবলৈ আহি নেতা হোৱা আৰু ক্ৰমাত দালালত পৰিণত হোৱা এজাক স্ব-গোষ্ঠীৰ প্ৰতিনিধিয়েই। তেওঁলোকে নিজৰ স্ব-জাতি, গোষ্ঠীৰ উন্নতিৰ কল্পে কাম কৰি জীৱনৰ মান উন্নীতকৰণ কৰিলে নিজৰে সান্দহ খোৱা বালি পোত যোৱাৰ শংকাত ভূগিবলৈ লয়। একালত সেই জাতি-জনগোষ্ঠীৰ সেৱাতে জীৱন পাত কৰিবলৈ একালৰ অসীম পৰিবৰ্তনকামী ইচ্ছাশক্তি ক্ৰমে নিঃচিহ্ন হৈ পৰে। সমাজত স্থিতাৱস্থা বাহাল থাকিলেই নিজে নেতা হৈ থকাৰ সা-সুবিধা চলি থাকিব বুলি ভাবিবলৈ লোৱাৰ পৰাই জাতি-ধৰ্ম বা গোষ্ঠীৰ নেতা সকল স্ব-জাতি-গোষ্ঠীৰ সামূহিক স্বাৰ্থৰ পৰিপন্থী হৈ পৰে, উন্নতিৰ পথৰ হেঙাৰ হৈ পৰে। সেয়া সকলো জাতি-ধৰ্ম-জাতি-জনজাতিৰ নেতাৰ ক্ষেত্ৰতেই সমানে প্ৰযোজ্য। হৰিণাই মাংসই বৈৰী হোৱাৰ দৰেই, এই নেতা হোৱা কুটুমেই সামূহিক উন্নতি, প্ৰগতিৰ বৈৰী হৈ পৰে। সেয়ে এনে নেতাৰ চৰিত্ৰক ৰাইজে চিনাক্ত কৰি এই সকলক নিপাত নকৰিলে নিজৰ পিছপৰা সমাজখনৰ সামূহিক উন্নতি যে কেতিয়াও নহব সেই কথা ৰাইজে উপলদ্ধি কৰিব লাগিব।
তালিবানে কেৱল এজনী মালালাৰ হাতত কিতাপ দেখিয়েই ভয় খাইছিল, গুলী চলাইছিল। নোবেল বঁটা প্ৰাপ্ত কৰি প্ৰেৰণা যোগোৱা মালালা দেশলৈ উভতি হাজাৰ মালালাৰ সৃষ্টি কৰিব বুলি আতংকত ভূগিছিল নেকি সেই তালিবানী। সেয়েই সেই বাট বন্ধ কৰাৰ বাবে পেছোৱাৰত শিশু হত্যাৰে তেজৰ ঢল বোৱাইছে। শান্তি আৰু প্ৰগতিৰ দিশে গতি কৰিব পৰা বা বিচৰা নিজৰ স্ব-ধৰ্মৰ বা স্ব-দেশৰ মানুহকে এই পথত যোৱাৰ পৰা বাধা প্ৰদান কৰিবলৈ বিচাৰিছে।
এতিয়াও বিশ্বত "ইছলামলৈ বিপদ আহিছে" শীৰ্ষক এক আহ্বানৰ দ্বাৰাই, আনকি হাজাৰ হাজাৰ শিক্ষিত লোককো মৌলবাদী চিন্তাৰ বাবে নিজৰ সচেতন মগজুৰ খিৰিকি খুলি দিয়াৰ তাড়ণা অনুভৱ কৰাৰ পৰিবেশ গঢ় লোৱাটো সঁচাকৈয়ে উদ্বেগজনক। পাকিস্তানৰ পৰা নিৰ্মিত আৰু ফাৱাদ খান অভিনীত "খোদা কে লিয়ে" ছবিখনে সুন্দৰকৈ এই সত্যক তুলি ধৰিছে (ইউ টিউবতো চিনেমাখন সম্পূৰ্ণকৈ উপলদ্ধ)। এই ছবিত মৌলবাদীৰ সৰল যুৱকৰ ব্ৰেইন-ৱাছৰ বিপৰীতে আমেৰিকাৰ দৰে শক্তিয়ে ইছলামধৰ্মী বুলিয়ে চলোৱা অনাহক সন্দেহ বা অত্যাচাৰৰ ফলত অৱশেষত সুন্দৰ-সৰল-সংগীতময়-আধুনিক জীৱন কটোৱা যুৱকেও অৱেশষত মৌলবাদী চিন্তাক মগজুত স্থান দিবলৈ বাধ্য হোৱাৰ আগ্ৰাসী হেঁচাক সুন্দৰকৈ চিত্ৰায়ণ কৰিছে। এনে সমস্যাক লৈ নিৰ্মাণ হোৱা আন বহুতো ছবিয়েই সমাজৰ এই সমস্যাবোৰৰ ভিন্ন দিশ বিশ্লেষণ কৰি দেখুৱাইছে। ৰাইজে কথাবোৰক বহল দৃষ্টিৰে অনুধাৱন কৰাৰ বাবে এই ছবিবোৰে নিশ্চয়কৈ প্ৰেৰণা যোগাব।
এতিয়াও বিশ্বত "ইছলামলৈ বিপদ আহিছে" শীৰ্ষক এক আহ্বানৰ দ্বাৰাই, আনকি হাজাৰ হাজাৰ শিক্ষিত লোককো মৌলবাদী চিন্তাৰ বাবে নিজৰ সচেতন মগজুৰ খিৰিকি খুলি দিয়াৰ তাড়ণা অনুভৱ কৰাৰ পৰিবেশ গঢ় লোৱাটো সঁচাকৈয়ে উদ্বেগজনক। পাকিস্তানৰ পৰা নিৰ্মিত আৰু ফাৱাদ খান অভিনীত "খোদা কে লিয়ে" ছবিখনে সুন্দৰকৈ এই সত্যক তুলি ধৰিছে (ইউ টিউবতো চিনেমাখন সম্পূৰ্ণকৈ উপলদ্ধ)। এই ছবিত মৌলবাদীৰ সৰল যুৱকৰ ব্ৰেইন-ৱাছৰ বিপৰীতে আমেৰিকাৰ দৰে শক্তিয়ে ইছলামধৰ্মী বুলিয়ে চলোৱা অনাহক সন্দেহ বা অত্যাচাৰৰ ফলত অৱশেষত সুন্দৰ-সৰল-সংগীতময়-আধুনিক জীৱন কটোৱা যুৱকেও অৱেশষত মৌলবাদী চিন্তাক মগজুত স্থান দিবলৈ বাধ্য হোৱাৰ আগ্ৰাসী হেঁচাক সুন্দৰকৈ চিত্ৰায়ণ কৰিছে। এনে সমস্যাক লৈ নিৰ্মাণ হোৱা আন বহুতো ছবিয়েই সমাজৰ এই সমস্যাবোৰৰ ভিন্ন দিশ বিশ্লেষণ কৰি দেখুৱাইছে। ৰাইজে কথাবোৰক বহল দৃষ্টিৰে অনুধাৱন কৰাৰ বাবে এই ছবিবোৰে নিশ্চয়কৈ প্ৰেৰণা যোগাব।
মৌলবাদী শক্তিৰ উত্থানৰ বাবে যেনেকৈ ধৰ্মীয় মৌলবাদী চিন্তাৰ পৃষ্ঠপোষক তথা ঘৃণাৰ খেতিয়ক সকল জগৰীয়া, তেনেদৰেই এনে শক্তিক পুলি-পোখাৰে শক্তিৰে সময়মতে উভালি নেপেলোৱাৰ বাবে শাসক বা ৰাষ্ট্ৰযন্ত্ৰও জগৰীয়া। ধৰ্মৰ নিচাগ্ৰস্ত এচাম ধনী কুৱেৰৰ ক্ষমতা লোভ আৰু আনক ধৰ্মৰ নামত প্ৰতিষ্ঠিত একপক্ষীয় শাসনেৰে দমন কৰাৰ অলীক সপোনো এইক্ষেত্ৰত অতিকৈ জগৰীয়া। বহুতো বে-চৰকাৰী সংগঠনৰ নামত জনকল্যাণৰ নামত, সেৱাৰ নামত অহা ধনো ছদ্মবেশী সংগঠনৰ জৰিয়তে এনে কামত ব্যৱহাৰ হোৱাৰ কথাও এতিয়া জল-জল পটপট হৈ পৰিছে। এইখিনিতে অসমীয়া সকলে এটা কথালৈ চকু দিয়ক, অসমত উগ্ৰপন্থী দমনৰ নামত যিমান অসমীয়া তেজাল যুৱকক মুক্ত, গুপ্ত বা অভিযান চলাই হত্যা কৰা হ'ল। তাৰ তুলনাত ধৰ্মীয় মৌলবাদীৰ এনে চাফাই অভিযান বিগত তিনিটা দশকত চকুত পৰিছেনে? নে শাসকীয় শক্তিয়ে এনে বীজ ৰোপনত প্ৰয়োজনীয় মনোযোগ যোৱা সময়চোৱাত দিয়া নাই, সেই কথাই ই প্ৰতিফলিত কৰিছে। এজন প্ৰাক্তন মন্ত্ৰীয়ে চলিত চৰকাৰৰ তেৰ বছৰীয়া শাসনকালত ধৰ্মীয় মৌলবাদৰ প্ৰত্যাহ্বানক লৈ এবাৰো কেবিনেটত আলোচনা নোহোৱা বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰা কথাটোৱে শাসকৰ মনোভাৱ আৰু স্থিতিকলৈয়ে প্ৰশ্নবোধকৰ সৃষ্টি নকৰেনে?
হিন্দু মৌলবাদী শক্তিয়ে যেনেকৈ বোমা-বিস্ফোৰণৰ ঘটনা সংঘটিত কৰাৰ ইতিহাস আছে আৰু এতিয়া আগ্ৰাসী হেঁচা প্ৰয়োগৰ পৰিবেশেেৰ সকলোকে প্ৰৰোচিত কৰিবলৈ, ৰাজনৈতিক মেৰু বিভাজনৰ বাবে কুটিল প্ৰচেষ্টা হাতত লৈছে। তাক সচেতন হিন্দু সকলেই বিফল কৰিব লাগিব। একেদৰে ইছলামিক মৌলবাদৰ কোলাত গঢ় লোৱা সন্ত্ৰাসবাদক নিৰ্মূল কৰাৰ বাবেই নিজৰ ধৰ্মৰ নামত আঁছোৰ অনা বিৰ্ধমী সকলক নিপাত কৰাত সচেতন ইছলাম ধৰ্মী লোক সকলেই বিভীষণৰ চৰিত্ৰত অৱতীৰ্ণ হব লাগিব।
সন্ত্ৰাসবাদৰ শ্ৰেণী বিভাজন কৰি বেলেগ বেলেগ সন্ত্ৰাসবাদীৰ বাবে বেলেগ বেলেগ নীতি অৱলম্বন কৰাটো ৰাষ্ট্ৰই পৰিহাৰ কৰিব লাগিব। নিজৰ সাময়িক স্বাৰ্থৰ বাবে কোনো সন্ত্ৰাসবাদীক পোহপাল দিয়াৰ ফল দীৰ্ঘদিনত কিমান বেছি ঘাতক, সেয়া দেশে দেশে বিশ্বত প্ৰমাণিত হৈছে, সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সেয়ে এনে নীতিৰ পৰা সকলো ৰাষ্ট্ৰকে ৰাষ্ট্ৰসংঘই বা মানৱ জাতিয়ে হেঁচা প্ৰয়োগ কৰি বাৰণ কৰাব লাগিব। কঠোৰতাৰে এনে হঠকাৰী শক্তিক নাশ কৰিবলৈ সকলো ঐক্যবদ্ধ হবই লাগিব। নহ'লে ধৰ্মৰ নামত সংগঠিত কৰি নিজস্ব স্বাৰ্থ পূৰণৰ নিকৃষ্ট খেলত হাতৰ পুতলা হোৱা এনে কুটিল যুদ্ধৰ বিভীষিকাৰ পৰা আমি কেতিয়াও মুক্তি নাপাম। এটাই আনটোৰ সৈতে "ওপৰৱালাৰ পৰা কৰুণা আদায়ৰ নিজস্ব পন্থাৰ" ভিত্তিত অনৰ্থক যুঁজ দি থাকিলে ধৰ্মৰ নামত সৃষ্টি হোৱা, বৃদ্ধি হোৱা এই কেঞ্চাৰৰ পৰা সমগ্ৰ মানৱ ধৰ্মকেই ৰক্ষা কৰাটো কঠিন হৈ পৰিব, সেয়াহে নিশ্চিত!
No comments:
Post a Comment