পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তেজৰ নৈত বৰ্বৰৰ বণিজ
অজয় লাল দত্ত
টিভিতো খুলি লৈ যি লাইভ টেলিকাষ্ট দেখিবলৈ পালো, সি সঁচাকৈয়ে মনটো বিষাদেৰে ভৰাই আনিলে। কান্ধত মৃতদেহ লৈ শাৰী শাৰী মানুহৰ প্ৰতিবাদী যাত্ৰা। অলপ পাছতে ঘৰ জ্বলোৱাৰ বিধ্বংসী উন্মাদ কৰ্মকাণ্ড! সিফালে মনত জুই লগোৱাকৈ মুখ্য সচিবৰ নিৰুদ্বেগ চিত্তে কাজিৰঙাত প্ৰমোদ ভ্ৰমণৰ দৃশ্য। সিফালে টিভিত মুঠ নিহতৰ সংখ্যাক লৈ টনা আঁজোৰা। চৰকাৰী হিচাবত ৬২, বেচৰকাৰী হিচাবত ৭০ৰ সীমা চুইছে। ফেচবুকত গুলীবিদ্ধ শিশুৰ চাব নোৱাৰা ফটো! শৱদেহ লৈ থানা ঘেৰাও কৰিবলৈ যোৱা প্ৰতিবাদীৰ ওপৰত এইবাৰ ঢেকীয়াজুলি আৰক্ষীৰ গুলীচালনা! ক্ৰমাত সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপলৈ ধাৱমান হোৱাৰ পথত ঘটনাৰাজি। সকলো হেৰুওৱা আপোন মানুহৰ যন্ত্ৰণা দেখি আপুনিও অৱসাদগ্ৰস্থতাত ভোগাটো স্বাভাৱিকেই।

সিদিনা পণ্ডিত নেহেৰু আৰু মহাত্মা গান্ধীৰ কটু-সমালোচকেও ধন্যবাদ জনাইছিল দুয়োজনকে, পাকিস্তানক অন্য এখন দেশ হিচাবে আঁতৰি যাবলৈ দিয়াৰ বাবে। সৌ-সিদিনা, পেছোৱাৰৰ নৰহত্যাৰ দিনা। ভাৰতীয় সংস্কৃতি, ভাৰতীয় সকল মহান টাইপৰ বাণীৰ প্ৰচাৰ সৰ্বত্ৰ ভাৰতীয় মেডিয়াত। তাকে দেখি উত্তৰ প্ৰদেশৰ বিতৰ্কিত সাংসদ যোগী আদিত্যনাথে টুইট কৰা চকুত পৰিল, "মৰিল পাকিস্তানৰ মুছলমান, মাৰিলে পাকিস্তানৰ মুছলমানে, চকুপানী টুকি তত নাই ভাৰতীয় মেডিয়াৰ"! তেওঁৰ বক্তব্যক সমৰ্থন নকৰিলেও আজি উল্লেখ কৰাৰ এটা অৰ্থ আছে।

পিছে আজি, আমাৰ শিশু-নাৰী-আবাল-বৃদ্ধ বনিতাৰ অবাধ হত্যালীলা চলোৱা এই হত্যাকাৰী সকল কোনো গুণেই তালিবানতকৈ কম নিশংস নহয়। আজি কিয় আমি এইখন ভাৰতত, এই পাষণ্ড সকলে আমাৰ মাতৃভূমিতে তেজৰ নৈ বোৱাই দিয়াৰ বাবে ভাৰতীয় সকল ক্ষোভিত হোৱা নাই! নে ভাল অসমত জন্ম নিদিলা বুলি ওপৰৱালাক ধন্যবাদ জনাইছে সেই সকলে? তালিবানে প্ৰতিবেশী পাকিস্তানত কৰা শিশুৰ গণহত্যাৰ বাবে পাছদিনা "স্পৰ্শকাতৰ, ভাল প্ৰতিবেশী, আদৰ্শ দেশৰ সচেতন নাগৰিকে" সহানুভূতিৰ ধল বোৱাই আমি আন্তৰ্জাতিক ইমেজ দিলো। প্ৰতিখন স্কুলতে প্ৰাৰ্থনা সভাৰ আয়োজন কৰি সৰ্বত্ৰ ৰাষ্ট্ৰীয় মেডিয়াত ভাৰতীয় স্পৰ্শকাতৰ মানৱীয়তা, সংস্কৃতিৰ ঢাকঢোল বজোৱা হ'ল। পিছে আজি? 

অসমৰ শিশু, নাৰী বা নাগৰিকৰ হত্যা, পাকিস্তানৰ লোকৰ জীৱনতকৈ কম গুৰুত্বপূৰ্ণ নেকি, অন্ততঃ ভাৰতীয় লোকৰ বাবে।  আজি ভাৰতীয় মানুহে, ভাৰতীয় নাৰী-শিশুৰ কৰা গণহত্যাটো কিন্তু ভাৰতীয় মেডিয়াই  সেই চকুপানী বোৱাই দেখুৱাব পৰা নাই। পাকিস্তানৰ ঘটনাৰ বাবে বাসত্তৰ ঘণ্টামান চকুলো টোকা ৰাষ্ট্ৰীয় মেডিয়াৰ বাবে আজি অটলজীৰ বাবে ভাৰতৰত্ন ঘোষণা, তেওঁৰ কবিতাই ভাষণলৈ অনা আকৰ্ষণ অথবা কাশ্মীৰৰ চৰকাৰ কাৰ হব সেয়াহে গুৰুত্বপূৰ্ণ হৈ উঠিছে।তাজ হোটেলত মাৰ পৰা সন্ত্ৰাস আৰু সাধাৰণ আদিবাসীৰ ওপৰত মাৰ পৰা সন্ত্ৰাস সমতুল্য হবইবা কেনেকৈ? আনকি লাইভ দেখুৱাব পৰাকৈ সাংবাদিক তথা অ'বি ভেনো নাই অসমৰ বিভিন্ন স্থানত। দিল্লীৰ লুটিয়েন জ'নৰ আশে-পাশে নিউজ কভাৰেজ দি, বাইট লৈ চলাই থকা মেডিয়াই তাৰ মানে ৰাষ্ট্ৰীয় মেডিয়া। টি.আৰ.পি, নিউজ ভেল্যু আদিৰ তুলাচনীত অসমৰ এনে দুৰ্বিসহ দিনৰ খবৰো এতিয়া পাকিস্তানৰ আন্তৰ্জাতিক গুৰুত্ব, কূটনৈতিক ইমেজ নিৰ্মাণ আদিৰ তুলনাত তেনেও ওজন কম। ৰাষ্ট্ৰীয় মেডিয়াত এই নিশংস হত্যাকাণ্ডৰ সবিশেষ খবৰ, বিশ্লেষণ তথা এয়া "ৰাষ্ট্ৰীয় সংকটৰ দৰে অৱ্স্থা" বুলি ঘোষণা কৰিব নোৱাৰাটো সঁচাই আমাৰ বাবে দুৰ্ভাগ্যজনক, দেশৰ বাবে লজ্জ্বাজনক!

উত্তৰ-পূৱত এনে উগ্ৰপন্থীৰ হাতত হত্যাকাণ্ড, নৰমেধ যজ্ঞ আদি কিনো নতুন ঘটনা, হয়েই থকা পৰিঘটনা ধৰণৰ মানসিকতাৰে বাৰু চালিজাৰি চাইছে নেকি ঘটনাবোৰক দিল্লীৰ সাংবাদিক, নেতা তথা মেডিয়াই। প্ৰতিবাদৰ ঢৌ, টুইটাৰত ট্ৰেণ্ড একো ৰাষ্ট্ৰজুৰি সৃষ্টি নোহোৱাটোৱেই অসমৰ নৰহত্যাই কোনো মূলসুঁতিৰ হৃদয়ত সুৰ-সুৰনি তুলিব নোৱাৰাটোৱেই প্ৰমাণিত কৰা নাইনে। আমাৰ মানুহবোৰ সঁচাই এলাগী, একাষৰীয়া সেই কথাই অনুভৱ কৰিব লগা হোৱা নাইনে।

কিন্তু ৰাজদীপ সৰদেশাইৰ দৰে শীৰ্ষস্থানীয় সাংবাদিকে এই ঘটনাক টুইটাৰ যোগে গৰিহণা দি  ভাৰতত পেছোৱাৰৰ ঘটনা বুলি আখ্যা দিছে আৰু এয়া নিৰীহ মানুহক হত্যা কৰা সকল কোনো উগ্ৰপন্থী নহয়, সন্ত্ৰাসবাদীহে বুলিও মত প্ৰকাশ কৰিছে! শেখৰ গুপ্তাৰ দৰে সাংবাদিকেও কালি সন্ধিয়া এই বিষয়ত নিজৰ মতামত আৰু গৰিহণা এনডিটিভিত প্ৰকাশ কৰিছে, যাক আমি নুই কৰিব নোৱাৰো। কিন্তু ই সাধাৰণ ভাৰতীয় মানুহৰ মনত ভাৰতীয় ইতিহাসৰ এক ক'লা অধ্যায় ৰূপে স্থান লব পৰা নাই। সেই কথাও অস্বীকাৰ কৰাৰ উপায় নাই!

এই ঘটনাৰাজিৰ বাবে অসমৰ গৃহ বিভাগক কেৱল মাত্ৰ দোষাৰোপ কৰিলেই নহব, আমি এইকথা জানি লব লাগিব যে, অসমত এতিয়া কেন্দ্ৰীয় গৃহ বিভাগৰ প্ৰত্যক্ষ সমন্বয়ৰ যোগে ইউনিফাইড কামাণ্ড যোগেহে আইন-শৃংখলা বা উগ্ৰপন্থী দমনৰ অভিযান চলি আছে। সেয়ে এই ঘটনাৰ বাবে দায়ী ৰাজ্য আৰু কেন্দ্ৰীয় গৃহ বিভাগো। আনকি চোৰাংচোৱাৰ ইনপুটৰ পাছতো সেনাৰ ফ্লেগমাৰ্চ ধৰণৰ প্ৰতিৰোধী ব্যৱস্থা হাতত নোলোৱা ইউনিফাইড কামাণ্ডৰ মুৰব্বী সকলক এই নৰহত্যাৰ ঘটনাৰ নৈতিক দ্বায়িত্ব গ্ৰহণ কৰিবলৈ বাধ্য কৰিব লাগিব। এইসকলক জবাবদিহি কৰিবলৈ প্ৰয়োজন হ'লে সংগঠনসমূহে ন্যায়ালয়ৰ কাষ চাপিব লাগিব। পুলিচতকৈ আগতে ঘটনাস্থলীত প্ৰেছহে ঘটনাস্থলীত উপস্থিত হৈ লাইভ দেখুৱাবলৈ সক্ষম হোৱাৰ দৰে সক্ৰিয় স্থানীয় টিভি চেনেল, সংবাদকৰ্মীক শলাগ লোৱাৰ লগতে ই উদঙাই দেখুওৱা প্ৰশাসনিক শিথিলতাকো কাঠগড়াত তুলিব লাগিব।

"প্ৰিয়া বসুমতাৰীৰ হত্যাকাণ্ড"ৰ সময়তে মুক্ত ভাৱে টিভিৰ কেমেৰাৰ সমুখত অস্ত্ৰ জোকৰা এনে সন্ত্ৰাসবাদীৰ সেই ভিডিঅ' যদি ৰাষ্ট্ৰীয় মেডিয়াই সঠিক ৰূপত তুলি ধৰাহেতেন আৰু তাক ভাৰতক সন্ত্ৰাসমুক্ত কৰাৰ বাবে জাগৰিত কৰাৰ দিশে প্ৰয়োগ কৰিলেহেতেন, উগ্ৰপন্থাৰ নামত চলোৱা এনে সন্ত্ৰাসবাদক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰাহেতেন চাগৈ আজিৰ এই নৃশংস দৃশ্য সমূহ আমি চাব লগীয়া নহলহেতেন। এই বৰ্বৰতা যে ধনে-অস্ত্ৰই বলীয়ান এজাক মানসিক ৰোগীৰ কাণ্ড সেয়া বুজিবলৈ কাৰোৰেই চাগৈ অসুবিধা হোৱা নাই।

 ধন-দাবী, অপহৰণ, সংগঠনৰ নিময়ীয়া টেক্স আদিৰে এক সমান্তৰাল শাসন ব্যৱস্থা চলাই থকা এনডিএফবি(ছংবিজিত) গোটৰ বিৰুদ্ধে এই কেইদিনতে কঠোৰ অভিযান চলোৱা আৰু ভূটান আৰ্মীৰ সহযোগত ভূটানৰ মাটিতো তীব্ৰ অভিযান চলোৱা হব বুলি দুদিনমান আগতে অসমৰ আৰক্ষী বিভাগে প্ৰকাশ কৰিছিল। চাৰিজনকৈ সেই সংগঠনৰ কেডাৰকো নিহত কৰাৰ খবৰো প্ৰকাশ পাইছিল। আৰু ইয়াৰ পাছতে আগ্ৰাসী ৰূপত সন্ত্ৰাসবাদী সংগঠনটোৱে গ্ৰেনেড বিস্ফোৰণ আৰু তাৰ পাছত এনে গণ নৰহত্যা কৰা বুলি নিশ্চয়কৈ বুজিব পাৰি। এইখিনিতে তীব্ৰ অভিযান আহি আছে ধৰণৰ ইংগিত, বিজ্ঞাপন প্ৰদৰ্শনেৰে সংবাদ শিৰোনামা দখল কৰা পুলিচ বাহিনীক লৈও প্ৰশ্ন উঠে। ইমান ধাৰাবাহিক অপৰাধৰ পাছতো, এনে বিজ্ঞাপনৰ কি প্ৰয়োজন আছিল? যত গোপনে কঠোৰ ভাৱে তীব্ৰতৰ অভিযানৰ দ্বাৰা এনে অপৰাধ নিয়ন্ত্ৰণ কৰি কৃৰ্ত্বিত্ব দাবী কৰাৰ প্ৰয়োজন আছিল, তাৰ ঠাইত এনে "লিপ-চাৰ্ভিছে" ভাল কৰাতকৈ পৰিস্থিতি বেয়াহে কৰি তোলা নাইনে? এনে ঘটনাৰ পাছত সকলো হেৰুওৱাই উন্মাদ যেন হোৱা প্ৰতিবাদী আৰু সাহসেৰে খবৰ যোগোৱা সাংবাদিকক নিৰ্যাতন কৰি বৰমতা দেখুৱাতকৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি নিজৰ প্ৰকৃত দ্বায়িত্ব পালন কৰক।

প্ৰতিৰোধবিহীন ভাৱে সমান্তৰাল শাসন চলাই অবিৰত ধন-সংগ্ৰহ,অপহৰণ আদি চলাই বিগত বৰ্ষটোত সিদিনালৈ ৭২জনকৈ লোকক হত্যা কৰাৰ চৰকাৰী তথ্যই প্ৰশাসনৰ শিথিল স্থিতিৰ বাবেই সংগঠনটোৱে প্ৰতিদিনে পুষ্টি লভি আজিৰ অৱস্থা পোৱাৰ কথাই প্ৰমাণ নকৰেনে।  প্ৰিয়া বসুমতাৰীৰ হত্যাৰ পাছতে আচলতে দেশ-তথা-ৰাজ্যৰ লোকৰ মন-মগজুত জাতীয় সংগ্ৰামৰ নামত নৰহত্যা ৰোধ কৰিবলৈ এক চূড়ান্ত ৰূপৰেখা গঢ়ি লৈ উঠিব লাগিছিল। সমগ্ৰ ভিতৰুৱা গাওঁ, ভূটান-ভাৰত, অৰুণাচল সীমান্তত স্থায়ী আৰ্মী, অৰ্ধ সেনা বাহিনীৰ শিবিৰ, চকী আদি স্থাপন কৰা নহ'ল কিয়? এই ঠাই সমূহলৈ ৰাস্তাঘাট নিৰ্মাণ কৰি প্ৰগতিৰ লগতে নিৰাপত্তা বাহিনী যাব পৰাৰ ব্যৱস্থা নহ'ল কিয়? এই অঞ্চল সমূহত "ভাৰত/অসম চৰকাৰৰ প্ৰশাসন প্ৰতিষ্ঠা" নহ'ল কিয়? বিশেষকৈ অসমৰ আদিবাসী তথা আন সহজ সৰল ৰাইজৰ ওপৰত চলি থকা ধাৰাবাহিক আক্ৰমণৰ পৰা লোকসকলক প্ৰতিৰক্ষা দিবৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা জিলিকি নুঠিল। হয়তো এয়া এই উগ্ৰপন্থী সকলক পোহপাল দি ৰখাৰ, উচতাই জোলখোৱা ৰাজনৈতিক নীতিক বাবেই সেয়া কৰা হোৱা নাই।

কিন্তু নতুনকৈ সংঘটিত এই শিশু-নাৰীকে ধৰি সাধাৰণ লোকসকলৰ নৰমেধ যজ্ঞৰ পাছত আৰু কোনো অপেক্ষাৰ ক্ষণ বাকী ৰোৱা নাই।  জোৰ পুৰি হাত পালেহি, হে অসমবাসী। সন্ত্ৰাসক সাৰথি কৰি নিজৰ দোকান চলাই যোৱা কোনো সন্ত্ৰাসবাদীক জাতীয় আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম, উগ্ৰপন্থী আদি শব্দৰ অলংকাৰেৰে বিভূষিত কৰি ৰক্ষণাবেক্ষণ দিয়াৰ সময় উকলিল। ধৰ্মৰ নামত জেহাদি যিমানে ভয়ংকৰ, এই সংমিশ্ৰিত আধুনিক সমাজত একোটা নৃ-গোষ্ঠীয় ঠাল বা জাতিৰ একচ্ছত্ৰী শাসন প্ৰতিষ্ঠাৰ বাবে চলাই যোৱা এনে সন্ত্ৰাসবাদো সমানে ভয়ংকৰ। এনে সন্ত্ৰাসবাদীক উগ্ৰপন্থী বুলি কৈ তেজৰ নৈত এযুগ হিংসাৰ বণিজ চলাবলৈ দি পাছৰ এযুগ ৰাজগাদী খাবলৈ দিয়া পথবোৰো প্ৰথমে বন্ধ কৰিব লগিব। অস্ত্ৰৰ খেলা কৰা সকলৰ শেষ পৰিণতি অস্ত্ৰৰ হাততেই হোৱাৰ সেই বাস্তৱ সত্যক মানি লবলৈ বাধ্য কৰিব লাগিব। এনে কঠোৰ নীতি কাৰ্যকৰী কৰাৰ বাবে হিংসা-হত্যাত জৰ্জৰিত অসমবাসীয়ে আজি ঐক্যবদ্ধভাৱে সৱল স্থিতি গ্ৰহণ কৰাৰ বাহিৰে উপায় নাই। কেৱল ঘাতকবোৰেই নহয়, ঘাতকবোৰৰ লগতে চিতাত হাত সেকিব খোজা সকলৰ পৰাও সমানে সাৱধান। সমানে নহয় বেচিহে সাৱধান, ঘাতকক উৎসাহিত কৰা আৰু পুষ্টি যোগোৱাত এইসকলৰ বেছিহে অৰিহণা থাকে, সেই কথাও আমি পাহৰি যাব নালাগিব।


ভাৰতীয় ইতিহাসত ক'লা দিন ৰূপে চিহ্নিত হোৱা আজিৰ দিনটোতে আমি ইয়াৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হবই লাগিব। আৰু ধৰ্মই হওক বা জাতিৰ নামত নৰহত্যাৰ পোহাৰ মেলি মানৱতাক পদানত কৰা শক্তি সমূহক পৰাভূত কৰিব লাগিব। ধৰ্ম বা সম্প্ৰদায়ৰ নামত "ভয়ানক সংঘৰ্ষ  সৃষ্টিকাৰী" বিধ্বংসী ৰাজনীতি কৰা সকলক চিনি উলিয়াবই লাগিব।  তাকে নকৰি আধুনিক সমাজতো বৰ্বৰতাক মূলধন বুলি ভবা এচামক নৰমেধ যজ্ঞ চলাবলৈ দি থাকিলে আমাৰ সকলোৰেই সামুহিক ভৱিষ্যত যে অন্ধকাৰৰ গৰাহত পৰিব, সেই কথা মানি লোৱাৰ বাহিৰে কোনা উপায় নাথাকিব, সেয়াহে নিশ্চিত!

3 comments:

  1. অতি সুন্দৰ আৰু যুক্তিপূৰ্ণ লিখা। মুঠতে অসম আৰু অসমীয়াৰ বাবে কোনোৱে নাভাবে।

    ReplyDelete
  2. মোদী বাহিনী এতিয়া নিমাত কিয় ?

    ReplyDelete
  3. এতিয়া ৰাজনৈতিক দল কেইটাই কাৰ ওপৰত দোষ দিব তাকেই ভাবি আছে

    ReplyDelete