পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম সাহিত্য সভাৰ কলিয়াবৰ অধিবেশনতে প্ৰকাশ পাব লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি “জুনুকা”ৰ ইংৰাজী অনুবাদ। অকণিৰ সাহিত্য সভাৰ “বুঢ়ী আইৰ সাধু”ৰ ইংৰাজী অনুবাদে পোৱা জনপ্ৰিয়তাৰ পাছতে এই নতুন উদ্যোগ গ্ৰহণ কৰাৰ সুখবৰ। লগতে “কলিয়াবৰৰ সাধু” নামৰ এখনি সাধুকথাৰ সংকলনো অকণি সকলৰ সহযোগতে প্ৰকাশৰ দিহা কৰা হৈছে বুলিও জানিব পৰা গৈছে।

২. এই বছৰৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপক গল্পকাৰ, ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাৰ নতুন উপন্যাস “টোকোৰা বাহৰ সোণৰ বেজী” কালি গুৱাহাটীত উন্মোচিত হৈছে। লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থত প্ৰায় ৪৫টা উপ-কাহিনীৰে লেখিকাই অনগ্ৰসৰ অসমৰ এশ বছৰীয়া ইতিহাসক সামৰি লৈছে বুলিও জানিব পৰা গৈছে।


৩. অসমৰ বিশিষ্ট লেখক, সাহিত্যিক, তথা “অস্তিত্বৰ সময়’ৰ কবি লক্ষেশ্বৰ শৰ্মালৈ আগবঢ়োৱা হৈছে কলংপৰীয়া আলোচনাচক্ৰৰ কলংপৰীয়া সাহিত্য বঁটা-২০১৪। অহা ১১জানুৱাৰীত নগাঁৱৰ শ্বহীদ ভৱনত হব লগা বাৰ্ষিক অধিবেশনত বাৰ্ষিক মুখপত্ৰ “কলংজ্যোতি” উন্মোচন কৰিব ডঃ সঞ্জীৱ কুমাৰ কাকতিয়ে। এই অনুষ্ঠানতে শৰ্মাদেৱক নগাঁৱৰ লেখিকা তথা সমাজসেৱিকা নিৰলা শইকীয়া দাসে প্ৰয়াত স্বামী ঘনকান্ত দাসৰ স্মৃতিত আগবঢ়োৱা এই সাহিত্য বঁটাটিও প্ৰদান কৰা হব।

৪. প্ৰায় ৮১টা শৰণাৰ্থী শিবিৰত প্ৰায় ১ লাখ লোক ভীতিগ্ৰস্থ হৈ তথা ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এইসকল লোকলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে ডিৱাই-৩৬৫ ফাউণ্ডেচন, জি এল চ’চিয়েল চাৰ্কোল-প্ৰাগ নিউজ, কৰুণাধাৰা, ডিব্ৰুগড় জিলা প্ৰশাসন আদিয়ে ৰাইজৰ পৰা সাহাৰ্য সামগ্ৰী সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছে। এই সংস্থা সমূহলৈ সাহাৰ্য সামগ্ৰী প্ৰদান কৰা দুৰ্গত সকললৈ সহায় কৰিবলৈকো অসমবাসীক আহ্বান জনাইছে। ইফালে ৰাজ্য চৰকাৰে নিহত সকলৰ পৰিয়াললৈ ৫লাখ, ১৮ বছৰ অনুৰ্ধ সকলৰ বাবে ৩ লাখকৈ টকাৰ সাহাৰ্য দিয়াৰ সাহাৰ্য ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে।


৫.. তিতাবৰৰ গঞাই চলাইছে নীৰৱ বিপ্লৱ, ৰাজ্যৰ প্ৰথমথন ধঁপাতমুক্ত গাঁৱৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে তিতাবৰৰ সাহপুৰীয়া গাঁও। যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কক্ষৰ ন’ডেল বিষয়া ভক্তিময় ভট্টাচাৰ্যৰ নেতৃত্বত গঞা ৰাইজে ইতিবাচক পৰিবৰ্তনৰ দিশে সহযোগিতা কৰি ছখনকৈ গাঁৱক ইতিমধ্যে ধঁপাতমুক্ত হিচাবে ঘোষিত কৰাৰো সুখবৰ পোৱা গৈছে।

৬. দেশৰ নৱ-প্ৰজন্মৰ বৰ্ধিত সচেতনতাক লৈ প্ৰৱল উৎসাহ অনুভৱ কৰাৰ কথা কালি গুৱাহাটী গ্ৰন্থমেলাত আয়োজিত এক বক্তৃতাত প্ৰকাশ কৰিলে বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীয়ে। “দেশে কি জনা উচিত” শীৰ্ষক বক্তৃতা প্ৰদান কৰি টাইমচ নাও চেনেলৰ মুখ্য-সম্পাদক গৰাকীয়ে দেশক সচেতন কৰিবলৈ সংবাদ মাধ্যমৰ প্ৰশংসনীয় বৰঙণিৰ কথালৈ আঙুলিয়াই ভাৰতীয় সাংবাদিকতাই ক্ৰমে সততা হেৰুওৱা বুলি উঠা অভিযোগকো চিন্তনীয় বুলি মন্তব্য কৰিছে।

৭. কৰ্ণাটকৰ জামাখেন্দিত চলি থকা ১৯ সংখ্যক ৰাষ্ট্ৰীয় ৰোড চাইক্লিং প্ৰতিযোগিতাত অসমৰ অণু চুতীয়াই অৰ্জন কৰিছে সোণৰ পদক। অসমৰ হৈ ১৬ বছৰ অনুৰ্ধ ছোৱালীৰ ১০ কিল’মিটাৰ টাইম ট্ৰেভেল ইভেণ্টত এই সোণৰ পদক লাভ কৰাৰ সুখবৰ জনাইছে অসম দলৰ প্ৰশিক্ষক দীনেশ সিঙে।

৮. “ৰং”ৰ উদ্যোগত গুৱাহাটীৰ জু-ৰোডৰ বৃন্দাৱন গাৰ্ডেনত আয়োজিত হৈছে ভোগালী মেলা-২০১৫। পৰম্পৰাগত খাদ্য মেলা, সাংস্কৃতিক সন্ধিয়া, যাদু প্ৰদৰ্শন, শিশুৰ ফেশ্বন শ্ব’, কলা প্ৰতিযোগিতা, থিতাতে প্ৰতিচ্ছবি অংকন আদি এই মেলাত আয়োজন কৰা বুলি জানিব পৰা গৈছে। বিজ্ঞাপন আৰু বিপনীৰ বাবে ৯৯৫৪০-৪০৭৭৮ নম্বৰত যোগাযোগ কৰিবলৈকো আয়োজকে আহ্বান জনাইছে।

৯. নগাঁও জিলাৰ চামগুৰিৰ কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম হকী সন্থাৰ পৰিচালনাত কালিৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে নুৰুল হুছেইন পঞ্চম সদৌ অসম ছিনিয়ৰ আন্তঃজালি পুৰুষ হকী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ১৬টা দলে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানত মাৰ্ছ-পাষ্টত শ্ৰেষ্ঠ দল ৰূপে বিবেচিত হোজাই দলক পুৰস্কৃত কৰাৰ লগতে অভিযান্ত্ৰিক স্নাতক হকী খেলুৱৈ প্ৰীতম সিং আৰু ছনীচন হাঞ্চেকো বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ সুখবৰ পোৱা গৈছে।

১০. ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিলে বিগত বৰ্ষৰ চেম্পিয়ন যোৰহাটৰ জে বি কলেজ। তেওঁলোকে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত হোৱা খেলত নৰ্থ লখিমপুৰ কলেজক ছয় উইকেট পৰাজিত কৰে।

১১. গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট ইনড’ৰ ষ্টেডিয়ামত কালিৰে পৰা আৰম্ভ হৈছে সদৌ অসম “আছু” মুকলি প্ৰাইজমানী বেডমিণ্টন প্ৰতিযোগিতা। ৩০ ডিচেম্বৰলৈ চলিব লগা প্ৰতিযোগিতাখনত ৰাজ্যৰ ২৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে।

১২. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ বেছি ষ্টাম্পিং কৰা উইকেটৰক্ষকৰ অভিলেখৰ অধিকাৰী হৈছে ভাৰতীয় দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনি। মেলব’ৰ্ন ক্ৰিকেট গ্ৰাউণ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ তৃতীয় দিনা ১৩৪তম ষ্টাম্পিং কৰি ধোনিয়ে শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰাক অতিক্ৰম কৰি এই অভিলেখ স্থাপন কৰে।

১৩. নগাঁও বাস্কেটবল ক্লাৱৰ সৌজন্যত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ সহযোগত কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে প্ৰথম অসীম ভট্টাচাৰ্য সোঁৱৰণী আন্তঃজিলা মাষ্টাৰ্ছ বাস্কেটবল প্ৰতিযোগিতা, পুৰুষ-মহিলা উভয় শাখাতেই। অসম বাস্কেটবল সন্থাৰ প্ৰাক্তন সম্পাদক ৰাজেন বৰকাকতিয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনিত ১৯৭৪চনৰ পৰা বিভিন্ন পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো ভাগ লোৱা প্ৰাক্তন বাস্কেটবল খেলুৱৈ সকলে অংশ লৈছে আৰু মুঠ ১১টা দলে নুৰুল আমিন ষ্টেডিয়ামক খেলেৰে উজ্জীৱিত কৰি তুলিছে।

১৪. মাৰ্ক টালীয়ে কালি আনুষ্ঠানিক ভাৱে মুকলি কৰিলে গুৱাহাটী সাহিত্য উৎসৱ। এই উৎসৱত অংশ গ্ৰহণ কৰি টাইমচ নাওৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে “কাশ্মীৰক লৈ দিল্লী চিন্তিত, পূৰ্বোত্তৰক লৈ নহয়” বুলি মন্তব্য কৰি "দিল্লীক এতিয়া শ্বক থেৰাপিৰ প্ৰয়োজন" বুলিও মন্তব্য কৰা বুলি জানিব পৰা গৈছে।

১৫. “ফৰেষ্ট মেন অৱ ইণ্ডিয়া” ৰূপে খ্যাত বিশিষ্ট প্ৰকৃতি সংৰক্ষক যাদৱ পায়েঙক ডিৱাই-৩৬৫ সমাজকৰ্ম বঁটা, আই এ এছ পৰিবহণ আয়ুক্ত ধ্ৰুৱ হাজৰিকাক ডিৱাই-৩৬৫ সাহিত্য বঁটা ২০১৪ প্ৰদান কৰা হৈছে। শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামত চেনেলটোৰ বাৰ্ষিক সমাৰোহত বক্সাৰ শিৱ থাপাক ডিৱাই ৩৬৫ৰ ক্ৰীড়া বঁটা, বিশিষ্ট সত্ৰীয়া কাৰুশিল্পী হেমচন্দ্ৰ গোস্বামীক সংস্কৃতি বঁটা, বাণিজ্যিক প্ৰতিষ্ঠান এছ আৰ ডি পি ৰিপ’জক উদ্যোগী বঁটাও প্ৰদান কৰা হয়। বঁটা হিচাবে ফুলৰ থোপা, মানপত্ৰৰ সৈতে ২৫হাজাকৈ আৰ্থিক পুৰস্কাৰো প্ৰদান কৰা হয়।

১৬. সদৌ অসম ছাত্ৰ সন্থাই কালি গুৱাহাটীৰ চান্দমাৰিৰ শ্বহীদ উদ্যানত অনুষ্ঠিত কৰা এক বৰ্ণাঢ্য অনুষ্ঠানত ৰাভা সংস্কৃতিক একনিষ্ঠ সাধাক দীপক কুমাৰ পামক এইবৰ্ষৰ প্ৰতিমা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে। শিল্পী গৰাকীৰ দ্বাদশ মৃত্যু-বাৰ্ষিকী উপলক্ষে অনুষ্ঠানতটোত আছুৰ নেতৃবৰ্গৰ লগতে বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।

১৭. নৰসংহাৰৰ ঘটনাৰ পাছত এনডিএফবি(স)ৰ বিৰুদ্ধে আৰম্ভ কৰা অপাৰেচন অল আউট পৰ্যালোচনা কৰিবলৈ অসমত উপস্থিত হ’ল ভাৰতৰ স্থলসেনা প্ৰধান দলবীৰ সিঙ সুহাগ।ভূটান সীমান্ত ছীল কৰি দিয়াৰ উপৰিও ম্যানমাৰেও অপাৰেচনত সহযোগ কৰিব বুলি প্ৰকাশ পাইছে। অৰুণাচলৰ ঘন জংগলটো ঘাতক সকলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিছে বুলি জানিব পৰা গৈছে।

১৮. যোৰহাট চৰকাৰী উচ্চতম মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সকলৰ মিলন সমাৰোহৰ কালি শুভাৰম্ভ হৈছে। ২৭-২৮ ডিচেম্বৰত দুদিনীয়াকৈ এই মিলন সমাৰোহ আয়োজিত হৈছে।

১৯. ত্ৰয়োদশ অসম মহোৎসৱ ২০১৪ আজিৰে পৰা ১১ জানুৱাৰীলৈকে যোৰহাটৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত হৈছে। বিশিষ্ট ভাষাবিদ ডঃ ললিত শ্যামে উদ্বোধন কৰিব লগা এই মহোৎসৱখনিৰ আয়োজন কৰিছে ইণ্টেনডেম নামৰ যোৰহাটৰ এটি সামাজিক সংগঠনে।

২০. বিটিএডিত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰা ৭০ গৰাকী দুৰ্বৃত্তক আটক কৰা হৈছে বুলি আৰক্ষী সঞ্চালকপ্ৰধান এল আৰ বিষ্ণই কালি প্ৰকাশ কৰিছে। লগতে এতিয়া পৰিস্থিতি সুস্থিৰ আৰু কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি নাই বুলি সুখবৰ প্ৰকাশ কৰিছে।

No comments:

Post a Comment