আজিৰ ভাল খবৰবোৰ
১. অসমীয়া সাহিত্যলৈ অয়নান্ত, ফেলানী আদি উপন্যাস উপহাৰ দিয়া সুলেখিকা অৰূপা পটংগীয়া কলিতাৰ শেহতীয়া গল্প সংকলন “মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা”ৰ বাবে তেখেতলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ সাহিত্য অকাডেমীৰ বঁটা। অসমীয়া সাহিত্যৰ শিতানৰ এই বঁটা কালি ঘোষণা কৰিলে ডঃ কে শ্ৰীনিবাসে। বড়ো সাহিত্যৰ শিতানত ৰাজনীতিক তথা কবি উৰ্খাও গৌৰা ব্ৰহ্মলৈ কবিতা সংকলন “উদাংনিফ্ৰাই গিদিংফিন্নানে”ৰ বাবে সাহিত্য অকাডেমীৰ বঁটা আগবঢ়োৱা হৈছে। একোখন তাম্ৰফলক, একলাখ টকা আৰু এখন শ্বল সম্বলিত এই বঁটা অহা ৯মাৰ্চত দিল্লীত এক অনুষ্ঠানত প্ৰদান কৰা হব।
২. ৰাজনীতি আৰু বিসম্বাদ, ৰাজনীতিবিদ এতিয়াৰ আৰু তেতিয়াৰ, দীৰ্ঘদিনৰ ইতিহাসৰ পৰা সাম্প্ৰতিক সময়লৈ ৰাজ্য আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ৰাজনীতিৰ আঁৰৰ বিভিন্ন দিশ সামৰি প্ৰকাশ পাইছে সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ নৱতম গ্ৰন্থ “ৰাজনীতি”। সহচৰ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা চাৰিশ পৃষ্ঠাৰ এই গ্ৰন্থখনে সচেতন পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে।
৩. গুণগত চাহ উৎপাদনেৰে বিশ্বৰ প্ৰতিযোগিতামূলক চাহৰ বজাৰখন দখল কৰাৰ লগতে উৎপাদিত চাহত ৰাসায়নিক অৱশিষ্টৰ পৰিমাণ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰিবলৈ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৈ আহ্বান জনাইছে বিশিষ্ট চাহ বিজ্ঞানী ডঃ গৌতম কুমাৰ শইকীয়া আৰু ডঃ দেৱেন্দ্ৰ নাথ শইকীয়াই। কালিৰে পৰা তিনিদিনীয়াকৈ ৰাজগড়ত অনুষ্ঠিত হোৱা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নৱম ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিবেশনতে বিজ্ঞানীসকলে এক আলোচনাচক্ৰত এই আহ্বান জনায়। লগতে আয়োজিত হোৱা প্ৰদৰ্শনী আৰু বিপণন ক্ষেত্ৰত পুথি বিক্ৰেতা বনলতা, জৈৱিক চাহ নিৰ্মাতা কল্যাণ ফুকন টি গাৰ্ডেন, দিচা জৈৱিক চাহ আদিয়ে অংশগ্ৰহণ কৰিছে।
 
৪. উত্তৰ-পূৱৰ দ্ৰুত বিকাশৰ বাবে ড’নাৰ মন্ত্ৰালয়ে আয়োজন কৰা বৈঠকত উত্তৰ-পূৱৰ সাংসদ সকলে কমিছন পৰিষদলৈ ৰূপান্তৰিত হোৱা নৰ্থ-ইষ্ট কাউন্সিল ভংগ কৰিবলৈ দাবী জনাইছে। তাৰ ঠাইত ড’নাৰ মন্ত্ৰালয়ৰ কাৰ্যকৰী কাৰিকৰী শাখা এটা স্থাপন কৰি কাম আগবঢ়াই নিবলৈ পৰামৰ্শ প্ৰদান কৰা কথাও জানিব পৰা গৈছে। ইয়াৰোপৰি পৰ্যটন, যোগাযোগ তথা বান আৰু গৰাখহনীয়াৰ বিষয় সমূহত সাংসদসকলক লৈ উপ-সমিতি গঠন কৰি কাম কৰিবলৈকো উত্তৰ-পূৱ সাংসদ মঞ্চই দাবী তুলিছে। অচিৰেই উত্তৰ-পূৱ পথ উন্নয়ন নিগম গঠন কৰি ২০০কোটি টকাৰ কাম হাতত লব বুলিও ড’নাৰ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মণিপুৰৰ প্ৰস্তাৱিত ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে অচিৰেই বিধেয়ক সংসদত উত্থাপন কৰা হব বুলিও প্ৰকাশ কৰিছে।
৫. কাজিৰঙাত গঁড় হত্য ৰোধৰ বাবে বন বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিধান সভাক জনালে বনমন্ত্ৰী ৰকিবুল হুছেইনে। নাইট ভিজন স্কেনাৰৰ জৰিয়তে চোৰাং চিকাৰীক প্ৰতিহত কৰাৰ আঁচনি যুগুতোৱাৰ উপৰিও ইলেক্ট্ৰ’নিক আই ছাৰ্ভিলেঞ্চ ছিষ্টেমৰ কাম আৰম্ভ কৰা হৈছে বুলি তেখেতে প্ৰকাশ কৰিছে।
৬. গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে চলিত বৰ্ষত ২২খন কৈ আঁচনি চলি থকাৰ কথা কালি বিধান সভাত প্ৰকাশ কৰিলে মন্ত্ৰী অজন্তা নেওগে। ইয়াৰে ভিতৰত বশিষ্ঠ নদী আৰু জলাশয়ৰ খনন, নলা নৰ্দনা পৰিস্কাৰ তথা খনন, আই আই টি গুৱাহাটীৰ সহযোগত পাইলট প্ৰজেক্ট আদিৰো কামো পূৰ্ণোদ্যমে চলাই থকাটো উল্লেখযোগ্য বুলিও সদৰী কৰিছে।
৭. কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত হয় “কমৰেডছ এট ক্ৰছ ৰোডছঃ জৱাহৰ এণ্ড সুভাষ” শীৰ্ষক ডঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ। এই স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট ইতিহাসবিদ, অশোক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰুদ্ৰাংশু মুৰ্খাজীয়ে।
৮. সাংবাদিক কমলা শইকীয়াৰ নামত শ্বহীদ সাংবাদিক বঁটা প্ৰৱৰ্তনৰ দাবীৰ সৈতে ৰাজ্যত সাংবাদিকৰ হত্যা-নিৰ্যাতনৰ গোচৰৰ তদন্ত নোহোৱাৰ বিষয়তো বিধান সভাত তুলি ধৰিলে অগপৰ বিধায়ক কেশৱ মহন্তই। বিষয়টোত আন নাগৰিকৰ দৰেই উগ্ৰপন্থীৰ হাতত নিহত সাংবাদিকলৈ আঠ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰা হয় বুলি মন্ত্ৰী ৰকিবুল হুছেইনে সদনক জনায়। ২০০৯-১০ বৰ্ষৰ পৰা সংবাদকৰ্মী সকলৰ চিকিৎসা সংক্ৰান্তীয় এককালীন বিত্তীয় সাহাৰ্য আঁচনিৰ পৰা ৩১ গৰাকী সংবাদকৰ্মী উপকৃত হৈছে। কৰ্মৰত সাংবাদিকৰ আকস্মিক মৃত্যুৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ সামাজিক সুৰক্ষাৰ বাবে এখন আঁচনি ৰূপায়ণৰ বাবেও যাৱতীয় প্ৰস্তাৱ চৰকাৰে প্ৰস্তুত কৰি আছে বুলি মন্ত্ৰীজনে সদৰী কৰিছে।
 
৯. কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কালি গুৱাহাটীৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি প্ৰকাশ পাইছে। এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ নতুন ভূমিনীতিৰ আধাৰত গুৱাহাটীবাসীক মাটিৰ পট্টা দিয়াৰ আশ্বাস জিলা প্ৰশাসনে প্ৰদান কৰে বুলিও জানিব পৰা গৈছে।
১০. ভাৰতৰ সংসদে গৰিহণা সূচক প্ৰস্তাৱেৰে প্ৰয়োগ কৰা হেঁচালৈ শিৰণত কৰি পাকিস্তানৰ চৰকাৰে সন্ত্ৰাসবাদী লাখভিক জামিনত মোকোলাই নিদি পুনৰ তিনি মাহৰ বাবে বন্দী কৰি ৰখাৰে সিদ্ধান্ত সদৰী কৰিছে। ইফালে সেনা বিষয়াৰ সন্তান সকলক বাছি বাছি হত্যা কৰাৰ নিশংস ঘটনাৰ পাছত ৪৮ঘণ্টাৰ ভিতৰতে কাৰাবন্দী সহস্ৰাধিক সন্ত্ৰাসবাদীক ফাঁচি দিবলৈ নৱাজ শ্বৰীফক দাবী জনাইছে সেনাপ্ৰধান জেনেৰেল ৰাহীল শ্বৰীফে।



No comments:
Post a Comment