সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


বঁটা নোপোৱা সকললৈ নিমন্ত্ৰণ
ডঃ বুলজি বুঢ়াগোহাঁই
বছৰৰ বিভিন্ন সময়ত বিভিন্ন উপলক্ষে হৈ থকা সভা-সমিতিবোৰলৈ সাধাৰণতে বিভিন্ন বঁটাপ্রাপক সকলক নিমন্ত্রণ কৰা দেখা যায়। ই এটা ভাল কথা। কিন্তু এটা কথা প্রায়ে চকুত পৰে যে সেই বঁটাপ্রাপক সকলক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিমন্ত্রণ কৰি থকা দেখা যায় যেতিয়ালৈকে নতুন বঁটা প্রাপক সকলৰ নাম ঘোষণা কৰা নহয়। আমি ভাবোঁ অকল বঁটা প্রাপক সকলক সভা-সমিতিবোৰলৈ নিমন্ত্রণ কৰি থকা সলনি বঁটা নোপোৱা কিন্তু সমাজ জীৱনৰ বিভিন্ন দিশলৈ অৰিহণা যোগোৱা সকলকো নিমন্ত্রণ কৰিলে ভাল হয়। যিহেতু সমাজৰ বিভিন্ন দিশলৈ অৰিহণা আগবঢ়োৱা বঁটা নোপোৱা সকলৰ পৰাও জানিব লগা বহুত কথা থাকে। আশা কৰিছোঁ বিভিন্ন সভা-সমিতি আয়োজন কৰা সকলে এই বিষয়টি প্রতি মন দিব।

No comments:

Post a Comment