পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ বিভিন্ন জিলা প্ৰশাসন, ৰাজনৈতিক, সামাজিক, স্বেচ্ছাসেৱী সংগঠন, ন্যাস, টিভি চেনেল, সংবাদ গোষ্ঠী, ছাত্ৰ সংগঠন আদিয়ে অসমৰ দুৰ্গত সকলৰ বাবে পাৰ্যমানে সাহাৰ্য সামগ্ৰী সংগ্ৰহ কৰি শিবিৰ সমূহত বিতৰণ কৰিছে। “প্ৰতিদিন-সাদিন-নিউজ টাইম” গোষ্ঠীয়ে নিজা পুঁজিৰে এহাজাৰ কম্বল, ৩২ কাৰ্টন বিস্কুট, এশ জোৰা শিশুৰ চেণ্ডেল বিতৰণ কৰাৰ উপৰিও ৰাইজে আগবঢ়োৱা সামগ্ৰীৰে তিনিখন ষোল্লচকীয়া ট্ৰাক ভৰাই বিশ্বনাথ, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ আক্ৰান্ত সকলৰ বাবে প্ৰেৰণ কৰিছে। ডিৱাই ৩৬৫ চেনেল, জি এল চ’চিয়েল চাৰ্কোল-প্ৰাগ নিউজ আদিয়েও নিজাকৈ আৰু সংগৃহীত সাহাৰ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে। দুৰ্গতসকলৰ কাষত অসমবাসীয়ে মাৰ-বান্ধি থিয় দি হাত উজান দিয়াটো অসমৰ ভৱিষ্যতৰ বাবে এক শুভ লক্ষণ হিচাবে পৰিলক্ষিত হৈছে।

২. পহিলা জানুৱাৰীৰ পৰা গুৱাহাটীত তিনিখনকৈ আৰক্ষী জিলাৰ দ্বায়িত্ব লোৱাৰ বাবে প্ৰথমগৰাকী আৰক্ষী আয়ুক্তৰ নিযুক্তি ৰাজ্য চৰকাৰে নিশ্চিত কৰিছে। গুৱাহাটীৰ প্ৰথমজনা আৰক্ষী আয়ুক্ত হিচাবে জ্যেষ্ঠ আৰক্ষী বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে দ্বায়িত্ব লাভ কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. অসমৰ পৰিস্থিতিক লৈ নতুন দিল্লীত কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙ, খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল বৈঠকত মিলিত হোৱাৰ খবৰ। কালি সৰ্বানন্দ সোনোৱালে স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাক লগ ধৰি আশ্ৰয় শিবিৰৰ স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰাৰ বাবে আলোচনা কৰে। আজি শিবিৰ পৰিদৰ্শনৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৫জনীয়া দল আহি উপস্থিত হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৪. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দিন আৰু সময়সূচী ঘোষণা কৰিছে। অহা ১৬ ফেব্ৰুৱাৰীৰ পৰাই এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা চলাই থকাৰ কথাও সংসদে প্ৰকাশ কৰিছে।

৫. কালি গুৱাহাটী গ্ৰন্থমেলা প্ৰাংগণত আখৰ প্ৰকাশৰ দুখনকৈ গ্ৰন্থ উন্মোচিত হয়। গ্ৰন্থ দুখন হ’ল ডঃ ৰমেশ চন্দ্ৰ কলিতাৰ “তত্ত্বৰ তথ্য ইতিহাস আৰু বিতৰ্ক” আৰু বিপাশা বৰাৰ “মৌ-মাখি সাম্ৰাজ্য”। উন্মোচনীত অংশ লয় বিশিষ্ট বুদ্ধিজীৱী কনকসেন ডেকা, উদয়াদিত্য ভৰালী আৰু গল্পকাৰ অতনু ভট্টাচাৰ্যই। এই অনুষ্ঠানটোতে ডঃ ৰমেশ চন্দ্ৰ কলিতাৰ “এগ্ৰাৰিয়ান আনৰেষ্ট ইন আসাম” শীৰ্ষক ইংৰাজী গ্ৰন্থখনিও উন্মোচিত হয়।

৬. অসম বিজ্ঞান সমিতিৰ ৫০ সংখ্যক অধিবেশনখনি মৰিগাঁও চহৰৰ বৰাহ মিহিৰ ক্ষেত্ৰত অহা ৮জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ, বিজ্ঞান ভিত্তিক ভিডিঅ’ ছবি প্ৰদৰ্শন আৰু “প্ৰযুক্তিবিদ্যা তাহানিৰ আৰু এতিয়াৰ” শীৰ্ষক বক্তৃতানুষ্ঠান আদিও আয়োজিত হৈছে। এই অধিবেশনতে বিশিষ্টি বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হব। মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰী, বিশিষ্ট অতিথিৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু এছটেক সঞ্চালকে অংশ লোৱাৰ কথা।

৭. ৰাজ্যৰ পঞ্চায়ত সমূহত “একাউটেণ্ট কাম কম্পিউটাৰ অপাৰেটৰ’ পদত ২১১১গৰাকীলৈ ঠিকাভিত্তিক নিযুক্তিৰ প্ৰক্ৰিয়াৰ কালি শুভাৰম্ভ কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত ইউনিচেফ আৰু গ্ৰামোন্নয়ন বিভাগে আয়োজন কৰা “অসমত মহিলা আৰু পঞ্চায়ত” বিষয়ক ৰাজ্যিক পৰ্যায়ৰ সন্মিলনত মহিলা সৱলীকৰণৰ বিষয়টোত গুৰুত্ব দি অসমৰ পঞ্চায়তসমূহত পঞ্চাশ শতাংশতকৈ মহিলা প্ৰতিনিধি থকাৰ কথালৈ আঙুলিয়াই দিয়ে আৰু লগতে বাৰ গৰাকী যুৱতীৰ হাতত ঠিকাভিত্তিক নিযুক্তিপত্ৰ প্ৰদান কৰে।

৮. স্বেচ্ছাসেৱী সংস্থা “জীৱন ইনিচিয়েটিভ”এ বছৰৰ বিশেষ দহ শীৰ্ষক তালিকাখন এইবৰ্ষৰ বাবেও মুকলি কৰিছে। তালিকাখনত আমেৰিকা নিবাসী চিকিসক তথা উদ্ভাৱক ডঃ কল্যাণ সন্দিকৈ, প্ৰশাসনিক বিষয়া নলবাৰীৰ উপাযুক্ত ডাঃ ওম প্ৰকাশ, জৈৱিক খেতিয়ক মহন চন্দ্ৰ বৰা, অসমীয়া ইউনিক’ড কৰ্মী ডঃ বনজি পাঠক, সাংবাদিক মজিবুৰ ৰহমান, বলিউডৰ সফল শব্দ অভিযন্তা দেৱজিত চাংমাই, ইক’টুৰিজিম ছ’চাইটী অৱ নৰ্থ-ইষ্ট, ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক “মকৰাৰ পঁজা”, মনোজ শৰ্মাৰ গ্ৰন্থ “নতুন সমাজ নতুন ৰাজনীতি”, জাহ্নু বৰুৱাৰ চিনেমা “অজেয়”ই স্থান লাভ কৰাৰ সুখবৰ প্ৰকাশ পাইছে।

৯. গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ নতুন অধ্যক্ষ হিচাবে ধীৰেন বৰুৱাক নিযুক্তি দিছে ৰাজ্য চৰকাৰে। “ছেভ গুৱাহাটী বিল্ড গুৱাহাটী” নামৰ সংগঠনটোৰ সভাপতি বৰুৱাদেৱে মহানগৰখনৰ এশ এবুৰি সমস্যাৰ বাবে মাত মাতি আহিছিল। অৰাজনৈতিক ব্যক্তি হিচাবে পৰিচিত বৰুৱাদেৱক এই দ্বায়িত্ব অৰ্পণ কৰাত সচেতন মহলেও সন্তোষ প্ৰকাশ কৰিছে।

১০. নেডফি হাউচত চলি থকা গুৱাহাটী সাহিত্য উসৱত কালি অনুষ্ঠিত হয় “ৱাইল্ড লাইফ এণ্ড ৰাইটিং” শীৰ্ষক এখনি আলোচনাচক্ৰ। ইয়াত অংশগ্ৰহণ কৰি প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই অসমত বন্যপ্ৰাণীৰ নিধন কাৰ্য ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাতে চলি থকা বুলিও মত প্ৰকাশ কৰে। এই আলোচনাত প্ৰকৃতিবিদ শীলা বৰা, অভিজিত ৰাভা আৰু আনোৱাৰউদ্দিন চৌধুৰীয়েও অংশগ্ৰহণ কৰে।

No comments:

Post a Comment