পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বঙাইগাঁৱত কালি উদযাপিত হ’ল কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ তৃতীয় মৃত্যু-বাষিকী। লোক-সাহিত্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৰিহণাৰ বাবে মেঘালয়ৰ তুৰা নিবাসী শিৱেন্দ্ৰ নাৰায়ণ কোঁচক সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থা আৰু বঙাইগাঁও জিলা উন্নতি সভাই প্ৰদান কৰিলে কামতাৰত্ন অম্বিকাচৰণ চৌধুৰী বঁটা। এই অনুষ্ঠানতে কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি অৰুণ চন্দ্ৰ ৰায়ে যুগুতাই উলিওৱা “কোঁচ ৰাজবংশী ভাষাৰ শব্দকোষ” উন্মোচন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে।

২. তেজপুৰৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান “চাতক”এ অহা ৭ ডিচেম্বৰত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত ষষ্ঠ বছৰৰ বাবে “চাতক সন্মান” প্ৰদান কৰিব। প্ৰয়াত ৰামপ্ৰসাদ ভূঞা আৰু ফুলেশ্বৰী ভূঞা সোঁৱৰণী চাতক সন্মান শাস্ত্ৰীয় সংগীতৰ সাধক শিল্পী ইন্দ্ৰেশ্বৰ শৰ্মাক প্ৰদান কৰা হব। আনহাতে জিতেন্দ্ৰনাথ ভট্টাচাৰ্য-বিমলা ভট্টাচাৰ্যৰ সোঁৱৰণী চাতক সন্মান প্ৰদান কৰা হব গোৱালপৰীয়া লোকগীতৰ পুৰোধা শিল্পী নিখিলেশ বৰুৱাক। অনু্ষ্ঠানটিত সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। 

৩. আজিৰে পৰা দুদিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হব ৩৫ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা। আয়োজক সমিতিয়ে এইবৰ্ষৰ পৰা অসমৰ নাট্য ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তি একোগৰাকীলৈ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা নাট্য বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে এই বঁটা অসমৰ বৰেণ্য নাট্যকাৰ, পৰিচালক সেৱাব্ৰত বৰুৱাক আজি প্ৰদান কৰা হব। এই নাট প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৩টা নাট্যদলে এইবাৰ অংশগ্ৰহণ কৰিব।

৪. কলিয়াবৰত হব লগা ৭৩ সংখ্যক অসম সাহিত্য সভাৰ অধিবেশনৰ কালি লাইখুঁটা স্থাপন কৰা হয়। মৌচন্দা পথাৰত আত্মাৰাম শৰ্মা ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰে সভাপতি ইমৰাণ শ্বাহদেৱে। দবা-বৰকাঁহ-আয়তীৰ উৰুলিৰ মাজেৰে মন্ত্ৰী ৰকিবুল হুছেইন, উপায়ুক্ত মনালিচা গোস্বামী, কেশৱ মহন্তকে ধৰি সুধীজন আৰু প্ৰায় এক হাজাৰ সাহিত্যকৰ্মীৰ উপস্থিতিত এই অনুষ্ঠানৰ সমাপন কৰা হয়। 

৫. বিশ্বৰ ১৭৫খন দেশৰ ভিতৰত দুৰ্নীতি ধাৰণা সূচকাংকত ভাৰতৰ স্থান কিছু উন্নত হোৱাৰ সুখবৰ প্ৰকাশিত হৈছে। বিগত বৰ্ষৰ ৯৪তম স্থানৰ বিপৰীতে এইবাৰ ৮৫তম স্থান লাভ কৰা ভাৰতে সূচকাংকৰ ক্ষেত্ৰটো পূৰ্বৰ ২৬ৰ বিপৰীতে ৩৮ নম্বৰ লাভ কৰিছে। ভাৰতত দুৰ্নীতি বিৰোধী সজাগতা বৃদ্ধিকেই এই সূচকাংকই প্ৰতিফলিত কৰিছে।

৬. গুণমুগ্ধৰ আন্তৰিক শুভেচ্ছা, কবিতা পাঠ আদিৰে কালি উদযাপিত হ’ল বৰ্ষীয়ান কবি-সাহিত্যিক, সমালোচক নলিনীধৰ ভট্টাচাৰ্যৰ ৯৩ সংখ্যক জন্মদিন। কালি পুৱাৰে পৰাই ঋষিতুল্য সাহিত্যিকগৰাকীৰ গুৱাহাটীৰ ৰূপনগৰস্থিত ঘৰত অনুৰাগীয়ে ভিৰ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

৭. মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত বিদ্যালয়সমূহত যোগান ধৰা খাদ্যসমূহ কোনো স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰত পৰীক্ষা কৰিবলৈ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। উন্নত মানৰ খাদ্য পৰিবেশন নিশ্চিতকৰণৰ লক্ষ্যৰেই এই নিৰ্দেশনা জাৰি কৰা বুলিও বাতৰি প্ৰকাশ পাইছে। ভোজন প্ৰক্ৰিয়া চল্লিশ মিনিটৰ ভিতৰত সমাপ্ত কৰাৰ লগতে পৰিবেশনৰ পূৰ্বে এগৰাকী শিক্ষকৰ লগতে কেইবাগৰাকীও প্ৰাপ্ত-বয়স্কলোককো খাদ্য সমূহৰ গুণাগুণ পৰীক্ষা কৰি নিশ্চিত হবলৈ এই নিৰ্দেশত কোৱা হৈছে।

৮. প্ৰথমবাৰৰ বাবে বিখ্যাত “টাইম” আলোচনীৰ বিশ্বৰ শীৰ্ষ এশখন শিক্ষানুষ্ঠানৰ তালিকাত প্ৰথম চল্লিশখনৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে ভাৰতৰ দুখনকৈ শিক্ষানুষ্ঠানে। টাইম হায়াৰ এডুকেশ্বন ব্ৰিকছ এণ্ড ইমাৰ্জিং ইকনমিক ৰেংকিংত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈয়ে বেংগেলুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চ ২৫তম স্থান আৰু আই আই টি, বোম্বে ৩৭ স্থান অধিকাৰ কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

৯. অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ডঃ হৰিচৰণ দাসলৈ ২০১৪চনৰ বিপিন চক্ৰৱৰ্তী স্মাৰক সন্মান আগবঢ়োৱা হৈছে। ধুবুৰীৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সাংবাদিক বিপিন চক্ৰৱৰ্তী স্মাৰক সমিতিয়ে অহা ২৭ আৰু ২৮ ডিচেম্বৰত আয়োজন কৰা বিশেষ অনুষ্ঠানতে এই সন্মান প্ৰদান কৰিব।

১০. বিভংগনৰ ফলত ছেদেলি-ভেদেলি হোৱা জনতা পৰিবাৰৰ ছটাকৈ দলে একেলগে অৱস্থান গ্ৰহণ কৰি এটা দল ৰূপে শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে যত্নপৰ হোৱাৰ খবৰ প্ৰকাশ পাইছে। সমাজবাদী পাৰ্টি, জনতা দল(ছেকুলাৰ), ৰাষ্ট্ৰীয় জনতা দল, জনতা দল (ইউনাইটেড), ইণ্ডিয়ান নেশ্বনেল লোকদল আৰু সমাজবাদী জনতা পাৰ্টিয়ে লগ হোৱাৰ উদ্দেশ্যে দিল্লীত কুচ-কাৱাজ আৰম্ভ কৰিছে আৰু দল গঠনৰ সমন্বয়সাধক ৰূপে মুলায়ম সিঙ যাদৱক কৰ্তৃত্ব প্ৰদান কৰাৰ খবৰো প্ৰকাশিত হৈছে।

No comments:

Post a Comment