পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰতিঘৰ সামৰ্থ্যবান পৰিয়ালৰ পৰা কিতাপ সংগ্ৰহ কৰি অসমৰ বিভিন্ন প্ৰান্তত প্ৰথম পৰ্যায়ত ৫০টাকৈ বুক বেংক স্থাপন কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰিছে। এই বুক বেংকৰ পৰা আৰ্থিক দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থী সকলে পাঠ্যপুথি নি শিক্ষা লাভ কৰিবলৈ সক্ষম হব। এনেদৰে স্থাপিত তৃতীয়টো বুক বেংক  আজি নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত নগাঁৱত উন্মোচন কৰা হব বুলিও সুখবৰ পোৱা গৈছে।

২. মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ নিৰ্দেশত স্বচ্ছ ভাৰত নিৰ্মল অসম গঢ়াৰ বাবে যোৱাকালি হাতে হাতে ঝাড়ু লৈ ৰাজ্যজুৰি চাফাই অভিযান চলালে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী প্ৰশাসনৰ লোকসকলে। প্ৰতিখন জিলাৰ উপায়ুক্তৰ নেতৃত্বত ৰাজহুৱা স্থান, থানা, ছবিঘৰ আদিৰ সকলো শৌচাগাৰ পৰ্যন্ত চাফাই অভিযানে সামৰি লোৱা বুলিও সুখবৰ প্ৰকাশ পাইছে। অসম আৰক্ষীয়েও এই অভিযানত হাত উজান দিযে বুলিও জানিব পৰা গৈছে।

৩. অহা ৩১মাৰ্চৰ ভিতৰতে অসমৰ ৪৮০খন মাধ্যমিক বিদ্যালয়ৰ হব প্ৰাদেশিকীকৰণ। জিলা নিৰীক্ষণ সমিতিসমূহে ১৬খন জিলাত পুনৰীক্ষণ কৰি দাখিল কৰা তথ্যৰ ভিত্তিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিজা ববীয়াকৈ পুনৰীক্ষণ কৰি প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলিও সঞ্চালক বাবুলাল শৰ্মাই প্ৰকাশ কৰিছে।

৪. অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হোৱা দিন ১০ ডিচেম্বৰক ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে 'শ্বহীদ দিৱস' বুলি ঘোষণা কৰি ২০১৫বৰ্ষৰ চৰকাৰী বন্ধ তালিকাত ৰেষ্ট্ৰিকটেড হলিডে হিচাবে অন্তভুৰ্ক্ত কৰিছে। অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে চৰকাৰৰ এই সিদ্ধান্তৰ আদৰণি জনাই নিৰ্যাতিত পৰিয়াল সমূহৰ একোজন সদস্যক উপযুক্ত মৰ্যদাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত হলেও সংস্থাপিত কৰাৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতিও পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

৫. মফচলীয় সাংবাদিকতাৰ অগ্ৰণী তথা মৰাণ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি বিনোদ ফুকনৰ স্মৃতিত প্ৰৱৰ্তন কৰা সাংবাদিকতা বঁটা প্ৰথম বাৰলৈ আগবঢ়োৱা হৈছে 'দৈনিক জনসাধাৰণ' কাকতৰ ডেপুটী এডিটৰ পূৰ্বজ্যোতি চুতীয়ালৈ। ফুকনদেৱৰ ৮৫তম জন্মদিৱসত অহা ৩ জানুৱাৰীত মৰাণ প্ৰেছ ক্লাৱত হব লগা সভাতে এই বঁটা প্ৰদান কৰিব 'দৈনিক জনমভূমি' কাকতৰ সম্পাদক হেমন্ত বৰ্মনে। সভাখনত সাহিত্যিক কনকসেন ডেকায়ো মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰিব আৰু এই অনুষ্ঠানত ফুকনদেৱৰ জীৱনভিত্তিক এখনি তথ্যচিত্ৰও প্ৰদৰ্শিত হব।

৫. নাগশংকৰত হোৱা শোণিতপুৰ জিলা সাহিত্য সভাৰ অনুষ্ঠানত 'প্ৰিয়ানুজ শইকীয়া শিশু সাহিত্য বঁটা' প্ৰদান কৰা হয়। 'বিজ্ঞানৰ খোজে খোজে' শীৰ্ষক জীৱনৰ প্ৰথমখন গ্ৰন্থৰে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় জামুগুৰিৰ যুৱ-লেখক-সাংবাদিক ৰণজিত শইকীয়াই। জিলা সাহিত্য সভাৰ আন আন বঁটা সমূহো অনুষ্ঠানটোতে প্ৰদান কৰা হয়। এই সভাতেই জিলা সাহিত্য সভাই প্ৰকাশ কৰা আৰু ডঃ মাধৱ বৰাই সম্পাদনা কৰা “শোণিতপুৰ লেখক কোষ” আৰু কবি দিলীপ কুমাৰ ভট্টাচাৰ্যই সম্পাদনা কৰা “অসম সাহিত্য সভাৰ শোণিতপুৰ জিলাৰ আজীৱন সভ্য” শীৰ্ষক দুখনি গ্ৰন্থও উন্মোচিত হয়।

৬. অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু হেম বৰুৱা জন্ম-শতবাৰ্ষিকী সমিতিৰ যুটীয়া উদ্যোগত অহা কালিলৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত হৈছে কবিতা আৰু বক্তৃতাৰ এক অনন্য অনুষ্ঠান “হেম বৰুৱাৰ কবিতা”। এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে ডঃ লক্ষ্মীনন্দন বৰা আৰু নিৰ্দিষ্ট বক্তাৰূপে শিক্ষাবিদ তথা সাহিত্যিক হীৰেন্দ্ৰনাথ দত্তদেৱে অংশ গ্ৰহণ কৰিব।

৭. বিশিষ্ট চিত্ৰ সমালোচক, আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী নয়ন প্ৰসাদৰ চলচ্চিত্ৰ সমোলাচনাবিষয়ক গ্ৰন্থ “ক্ল’জ-আপ” কালি গুৱাহাটীৰ সূৰ্য প্ৰেক্ষাগৃহত উন্মোচিত হয়। এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, চন্দন শৰ্মা, মিণ্টু শইকীয়া আৰু বনফুল প্ৰকাশনৰ বিপুল দেউৰীয়ে। আমাৰ অসম কাকতৰ পৰিপূৰিকা ‘বহুমুখ’ৰ ক্ল’জ আপ শীৰ্ষক শিতানৰ লেখা সমূহ এই গ্ৰন্থখনিত সংকলিত হৈছে।

৮. দুৰ্ঘটনা বা যুদ্ধক্ষেত্ৰত পোৱা আঘাতৰ বাবে জৰুৰী পৰিস্থিতিত তেজৰ অপৰ্যাপ্ততা দূৰ কৰিব পৰাকৈ দিল্লী বিশ্ববিদ্যালয়ৰ এটা বিভাগে তেজৰ এক নিৰাপদ বিকল্প উদ্ভাৱন কৰা বুলি দাবী কৰিছে। জৈৱ ৰসায়ন বিভাগৰ ৰসায়ানাগাৰত তেজৰ বিকল্প হিম’গ্লবিন সদৃশ তৰল পদাৰ্থ বিধৰ বাবে পেটেণ্টৰ আবেদন কৰা হৈছে । ইয়াক যি কোনো ব্লাড গ্ৰুপৰ লোকৰ বাবেই ব্যৱহাৰ কৰিব পৰা যাব বুলিও অধ্যাপক সুমন কুণ্ডুৱে প্ৰকাশ কৰিছে। অহা দুই-তিনিবছৰৰ ভিতৰত ইয়াক বাণিজ্যিকভাৱে উপযুক্ত কৰি তুলিব পৰা যাব বুলি প্ৰকাশ কৰাৰ লগতে এই উদ্ভাৱনৰ বিষয়ে সবিশেষ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আলোচনী “জাৰ্নাল অৱ বায়’লজিকেল কেমিষ্ট্ৰি”ত প্ৰকাশ পাইছে।

৯. অৰুণাচলৰ ভিতৰুৱা অঞ্চলত শিক্ষাৰ বিকাশৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ডঃ জয়ৰাম বেগিক কালি কৰ্মযোগী বঁটা দিল্লীত প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। উত্তৰ-পূৱৰ হকে দীৰ্ঘদিন কাম কৰি অহা সংস্থা “মাই হোম ইণ্ডিয়াই” এই বঁটা আগবঢ়াইছে।

১০. গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ৫০ কোটি টকীয়া অভিলাষী আঁচনিৰ। গুৱাহাটীৰ মাজমজিয়াৰ নলা-নৰ্দমা আৰু নৈৰ খননৰ বাবে কালি ভৰলু নৈৰ পাৰত নাৰিকল ভাঙি আঁচনিৰ শুভ উদ্বোধন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী ৰাজীৱলোচন পেগুৱে।

No comments:

Post a Comment