মিজোসকলৰপৰা শিকিবলগীয়া কেইটিমান কথা
অৰুণজ্যোতি দাস
আমাৰ দেশৰ ভিতৰতে সবাতোকৈ বেছি সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখন হ’ল মিজোৰাম । যদিও একালত এই প্ৰদেশতো উগ্ৰবাদীয় সন্ত্ৰাসে আমনি কৰিছিল, তথাপি আজি মিজোৰাম হৈছে ভাৰতৰ ভিতৰতে আটাইতকৈ শান্তিপূৰ্ণ ঠাই ।জলবায়ুৰ ফালৰপৰাও চাবলৈ গ’লে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনৰ ভিতৰত আটাইতকৈ বেছি মিজোৰামকেই সৰ্বোত্তম বুলিব পাৰি, কিয়নো ইয়াত বছৰৰ সকলো সময়তেই নাতিশীতোষ্ণ উষ্ণতাই বিৰাজ কৰে । কৰ্মসূত্ৰে যোৱা চাৰি বছৰে মিজোৰামৰ এখন সীমান্তৱৰ্তী চহৰত থাকি মিজোসকলৰ সতে চিনা-পৰিচয় হোৱাৰ সুযোগ আমি পাইছিলো। সেই অভিজ্ঞতাৰে আমি ইয়াৰ শান্তিপূৰ্ণ পৰিৱেশৰ উপাদানসমূহ এনেদৰে বিচাৰি পাইছো ।
ক) মিজোৰাম এখন মহিলা-প্ৰধান ৰাজ্য হোৱা হেতুকে ইয়াৰ দোকান-পোহাৰ,বজাৰ –সমাৰত,কাৰ্যালয়সমূহতো মহিলাই আগভাগ লোৱা দেখা যায় । ইয়ে নাৰী সবলীকৰণত অৰিহণা যোগাইছে আৰু নাৰীৰ সমাধিকাৰ পথ সুচল কৰিছে । ইয়াত আলৰ-বুঢ়ী আইতাগৰাকীয়েও পিঠিত টুকুৰী লৈ পাহাৰ বগাই বস্তু আনি বজাৰত বেচে । আৰু ৰাতি-বিয়লিও এগৰাকী ছোৱালীয়ে অকলশৰে ঘুৰি ফুৰিবলৈ শংকাবোধ কৰিবলগীয়া নহয় ।
খ) চাফ-চিকুণতাৰ ফালৰপৰা চাবলৈ গ’লে সাধাৰণতে ইয়াৰ প্ৰায় সকলো মানুহেই পৰিস্কাৰ-পৰিচ্ছন্নতাক গুৰুত্ব দিয়ে। নিজৰ ঘৰ-দুৱাৰ চাফা কৰি ৰখাৰ ওপৰিও সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাষ্টা-বজাৰ আদি চাফা কৰি ৰখাত সকলোৱেই মন দিয়ে । ইয়াৰ চিটিবাচত বহি বাহিৰলৈ কমলা-টেঙাৰ বাকলিটোও মিজোসকলে নেপেলায় তথা আনকো নেপেলাবলৈ অনুৰোধ কৰে । অস্থায়ী দোকানী সকলে সন্ধ্যা দোকান সামৰাৰ সময়ত নিজৰ এলেকাৰ চৌদিশ চাফা কৰি যোৱাটো ইয়াৰ ধৰা-বন্ধা নিয়মৰ নিচিনা ।
গ) ইয়াত প্ৰতি দেওবাৰে প্ৰতিজন মিজো লোাকেই পৰিয়াল সহিত গীৰ্জালৈ গৈ ঈশ্বৰ উপাসনা কৰাটো প্ৰায় বাধ্যতামূলক। মাংস-বেপাৰীয়েই হওঁক অথবা উচ্চ-পদস্থ চাকৰীয়ালেই হওঁক ,সকলোৱেই গীৰ্জাত সমানে সমানে বহি প্ৰাৰ্থনা-সংগীত গায় । দুখীয়াজনেও সিদিনা সুন্দৰ পোছাক পৰিধান কৰে আৰু মাৰ্জিতভাৱে সাজি-কাচি আহে ।এই ৰীতিয়ে তেওঁলোকৰ সমাজত এক মিলা-মিচা তথা সম্প্ৰীতিৰ ভাৱ বজাই ৰাখে । তদুপৰি সামাজিক বহুখিনি কাম-কাজত গীৰ্জাৰ ফালৰপৰা সকলো ধৰণৰ অহিৰণা আগবঢ়োৱা হয় । দুখীয়া-নিচলাক গীৰ্জাৰ ফালৰপৰা আৰ্থিক সাহাৰ্যও দিয়া হয় ।
ঘ) মিজোৰামৰ সমাজত এক সুন্দৰ সংস্কাৰ দেখা যায় যে কাৰ্যালয়েই হওঁক অথবা গীৰ্জাতেই হওঁক মাহেকে পষেকে অন্ত:ত এদিনৰ বাবে ‘সামাজিক চাফাই অভিযান’ পালন কৰে । সেইদিনা সকলোৱেই হাতে হাতে দা-কোৰ লৈ সমিলমিলে চাফাই কাম কাজ কৰে ।
ঙ) মিজোসকলে সৌজন্যতাবোধ বাৰুকৈয়ে উপলব্ধি কৰে । আপোনাক প্ৰথমবাৰ লগ পালে ‘চিবাই’(নমস্কাৰ) কৰিব ,যাবৰ সময়ত ‘মাংথা’(বিদায়/শুভ ৰাত্ৰি) বুলি ক’ব আৰু সাধাৰণ এটা সৰু কামত হ’লেও আপোনাক ‘কা লম এ’(ধন্যবাদ) বুলি ক’বলৈ নাপাহৰে । দোকানত বস্তু এটা কিনিলেও অথবা টেক্সীত বহি গ’লেও আপোনাক তেওঁলোকে ধন্যবাদ জনাব ।
চ) মিজোৰামৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সমূহত সাধাৰণতে দুৰ্নীতিৰ প্ৰভাৱ প্ৰায় নাই বুলিব পাৰি ।কিন্তু আজিকালি অনা-মিজোসকলেহে এই কু-কৰ্ম মিজোসকলক শিকাই-বুজাই দি সমাজখন দুষিত কৰিবলৈ আৰম্ভ কৰিছে ।
ছ) মিজোসকলে সাধাৰণতে মিজোৰামত বসবাস কৰা অনা-মিজো লোকক কোনোপ্ৰকাৰৰ আমনি নিদিয়ে । ৰাতি-বিয়লিও এজন অনা-মিজো লোকে ইয়াৰ ৰাস্তাৰে হাঁহি-ধেমালী কৰি অহা-যোৱা কৰিব পাৰে ।
জ) ব্যৱসায়-বাণিজ্যত সম্প্ৰতি অনা-মিজো লোকৰ প্ৰাধান্য ৰোধৰ বাবে বৰ্তমানে কেৱল মিজো লোকক হে ব্যৱসায়ৰ অনুজ্ঞা-পত্ৰ দিয়া আৰম্ভ কৰিছে আৰু বিনা অনুজ্ঞা-পত্ৰৰে ব্যৱসায় চলোৱাসকলক শাস্তি বিধানৰ ব্যৱস্থা কৰিছে।
ঝ) মিজোসকল অত্যন্ত শান্তিপ্ৰিয় আৰু বিশ্বাসপৰায়ণ । নিজৰ চিনাকী মানুহৰ বাদেও আন যিকোনো মানুহকে সহজতে বিশ্বাস কৰে । এনেকি টকা-পইচা বা আন গুৰুত্বপূৰ্ণ সা-সম্পত্তিৰ ক্ষেত্ৰতো যিকোনো লোককে ভৰসা কৰে ।
ঞ) মিজোসকল সহায়কাৰী । একেলগে যোৱা দহখন টেক্সীৰ যদি এখনৰো কিবা কাৰিকৰী বিজুতি ঘটে ,তেন্তে সেইখন সম্পূৰ্ণৰূপে ভাল নোহোৱাপৰ্যন্ত আন নখন টেক্সী কেতিয়াও আগবাঢ়ি নাযায় । আপোনাক যিকোনো মুহুৰ্ততে সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈও মিজোসকল যেন প্ৰতিশ্ৰুতিবদ্ধ ।
ট) মিজোৰামত ভিক্ষাৰী প্ৰায় নাই বুলিবই পাৰি । যি দুই একোজনে অত্যন্ত দুৰ্ভাগ্যৰ বলত যদি ভিক্ষা মাগিব লগা হৈছে,তেন্তে সেয়াও তেনেই ভদ্ৰ আৰু মাৰ্জিত ভাৱে বিচাৰিছে (কোনো অনুনয়-বিনুনয় নকৰাকৈয়ে নিৰ্বাকভাৱেই)। আমাৰ ৰাজ্যবোৰত হোৱাৰ দৰে মানুহৰ হাতে-ভাৰিয়ে ধৰি নহয় , অথবা অন্ধৰ ভেশচন ধৰি নহয় ।
ঠ) ৰাস্তা ঠেক হোৱা বাবে আইজলত কিছু ‘ট্ৰেফিক জাম’ হোৱা দেখা যায় । কিন্তু হৰ্ণৰ বিকট শব্দ আৰু পৰিচালকৰ অযথা কোলাহল কেতিয়াও পোৱা নাযায় । নিৰ্দিষ্ট বাচ-আস্থানত ২ মিনিটৰ বাবে গাড়ী ৰখায় আৰু মানুহ উঠিলেও বা নুঠিলেও ২ মিনিটৰ পিচতে গাড়ী চলে । আমি ভাৱো , প্ৰতিবেশী ৰাজ্য এখনৰ এনে সজ আদৰ্শৰ পৰা আমি শিক্ষা লোৱা উচিত ।
No comments:
Post a Comment