হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. উত্তৰ-পূৱত ৰেলৰ বিকাশৰ বাবে বৈঠকলৈ অঞ্চলটোৰ মাত্ৰ ৯জন সাংসদহে গৈ উপস্থিত হোৱাত ৰেল মন্ত্ৰী হতভম্ব হোৱা বুলি বাতৰি প্ৰকাশিত হৈছে। বেছিভাগ পাহাৰীয়া ঠাইলৈ ৰেল নায়েই বা তালৈ ট্ৰেইনত গলেও সন্ত্ৰাসবাদীৰ ভয়, সেয়ে আমাৰ সাংসদ সকলৰ এই ঝক ঝক ৰেললৈ আগ্ৰহ নাই বুলিও সচেতন নাগৰিক সংঘই প্ৰকাশ কৰিছে। ৰাইজৰ ধনেৰে বিনামূলীয়াকৈ উৰি ফুৰা উত্তৰ-পূৱৰ সাংসদ ৰেলত উঠাৰ উদাহৰণ দৰৱত দিবলৈকো পাবলৈ টান। যি কুঁৱাৰ পানী নাখায়, তাৰ পাৰলৈকো নাযাবা কথাষাৰ মানিয়েই আমাৰ সাংসদ সকল মিটিঙলৈ নগল বুলি সংঘই অনুমান কৰিব পাৰিছে আৰু সেয়ে ৰেলমন্ত্ৰীক হতভম্ব নহবৰ বাবে আহ্বান জনাইছে বুলি খবৰ পোৱা গৈছে।

২. লাষ্টগেটত ভেঁ-ভেঁকৈ কান্দিলেই চৰকাৰী চাকৰি নাপাই বুলি কোৱা বৰদলৈ ডাঙৰীয়া এতিয়া গঞা ৰাইজৰ ক্ষোভৰ সন্মুখীন হব লগা হৈছে বুলি খবৰ আহিছে। চাকৰি দিব নোৱাৰা নাই, কিন্তু প্ৰতিবাদীয়ে কান্দিয়েই টিভিত ওলোৱাৰ পাছতো নিজৰ গাঁৱৰ ৰাইজে চাব নোৱাৰাকৈ লাইট নাইকীয়া কৰি ৰখাৰ অধিকাৰ বৰদলৈক কোনে দিলে বুলিও সচেতন সমাজে প্ৰশ্ন তুলিছে। আনৰ চাকৰিৰ কথা বাদ দিয়া, লাইট যোগান দিয়া নিজৰ চাকৰিটোকে ভালকৈ চম্ভালি নললে ৰাইজে অনাগত দিনত বিদ্যুতনাইকীয়া বৰদলৈক পহুখেদা দিব বুলিও ৰাজহুৱা প্ৰস্তাৱ প্ৰকাশ পাইছে।

৩. খেতি-বাতিত মন নাইকীয়া শিলমণি সেন ডেকাৰজাই দিছপুৰত কবিতা গায়েই মন মুহিবলৈ চেষ্টা কৰা বুলি প্ৰকাশ পোৱাত সদৌ অসম খাটি-খোৱা কৃষক সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰোৱাই ৰোৱে অথচ খেতিয়কে নেপাই দাম, খেতি-বাতি চাবলৈ দিয়া মানুহৰ মুখত, কবিতাৰ কি কাম, বুলি সংঘই প্ৰশ্ন তুলিছে। আৰু কবিতা গাই থকাতকৈ খেতি-বিভাগে কিনিও বিতৰণ নকৰা ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিত গজা হাবি-বন চাফা কৰিবলৈহে ডেকাৰজাক সংগঠনটোৱে আহ্বান জনাইছে।

৪. “চাহ শ্ৰমিকৰ ৰেচন” নামৰ বিশেষ নাটকখনি দিছপুৰৰ বিধান সভাৰ প্ৰাংগণত শীতকালীন উতসৱ উপলক্ষে মঞ্চস্থ কৰা হয়। এই উপলক্ষতে বোকা ছটিওৱা খেলখনিত সকলো দলৰে নেতা সকলে মন ভৰি ভাগ লয় আৰু আনন্দ উপভোগ কৰে। দিছপুৰত সফলভাৱে মঞ্চস্থ হোৱা নাটকখনিয়ে অচিৰেই অসমৰ বিভিন্ন চাহ বাগিচাতো অচিৰেই খলকনি তুলিব বুলিও ৰাজনৈতিক জ্যোতিষী সকলে ভৱিষ্যতবাণী কৰিছে।

৫. ছোৱালী বিশ্ববিদ্যালয়ক লৈ চৰকাৰে ল’ৰা-ধেমালি কৰা বুলি অভিযোগ উঠিছে। লেডিজ ফাৰ্ষ্ট কথাষাৰ সাৰোগত কৰি এই সমস্যাক লৈ হেতালি নেখেলিবলৈকো চৰকাৰক সচেতন অসমীয়া নাৰী সংঘই আহ্বান জনাইছে। বিশ্ববিদ্যালয়টো খেল বিভাগৰ বস্তু নহয়, শিক্ষা বিভাগৰহে বস্তু বুলি স্পষ্ট কৰি দি সংঘই এনেকুৱা খেলা কৰা সকলক আচল শিক্ষা দিবলৈকো চৰকাৰ মহাৰাজক আহ্বান জনাইছে।

৬. জাৰকালিৰ চিঞৰ বাখৰ সমাৰোহৰ অন্ত পৰাৰ লগে লগেই লাষ্টগেট স্থলীৰ প্ৰতিবাদী মেলাখনৰো আজি সামৰণি পৰা বুলি জানিব পৰা গৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে চিচি টিভিৰ সমুখত প্ৰতিবাদ কৰিবলৈ সুবিধা পোৱা অসমৰ সংগ্ৰামী ৰাইজক শান্তি-সম্প্ৰীতি ৰক্ষা কৰি প্ৰতিবাদ কৰাৰ বাবে সদৌ অসম লালটুপি সংঘই ধন্যবাদ জ্ঞাপন কৰিছে। অনশনস্থলীত পেটৰ ভোকত কলমতিয়াই থকা প্ৰতিবাদী সকললৈ সমবেদনা জ্ঞাপন কৰি অনাগত দিনতো ৰাইজক এইদৰে সেৱা আগবঢ়াই যাবলৈ সুবিধা দিবলৈ স্থানীয় লাষ্টগেট পান-দোকানী সন্থাই ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে।

৭. নিজৰ নিজৰ শাখাত গণতান্ত্ৰিক ভাৱে নিৰ্বাচন অনুষ্ঠিত নকৰা সকলক কলিয়াবৰ অধিবেশনৰ পৰমানন্দ লভিবলৈ দিয়া নহব বুলি সাহিত্য সভাই স্পষ্ট কৰি দিছে। লাগিলে আগতেই সকলো ফিটিঙ কৰি হলেও নিৰ্বাচনৰ ভাওনা কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলিও সভাই স্পষ্ট কৰি দিয়া বুলি সংবাদ পত্ৰই প্ৰকাশ কৰিছে।

৮. অসমত ডুৱন্ত কংগ্ৰেছ নামৰ জাহাজখনৰ নতুন নাবিক কেপ্তেইন গুঞ্জন দত্তই কালি দ্বায়িত্ব লৈয়ে গোঁজৰণি মৰা বুলি জানিব পৰা গৈছে। তেখেতে তলি ফুটা জাহাজৰ ফুটা মৰাত অচিৰেই মনোনিবেশ কৰিব আৰু এই জাহাজখনক ডুবাৰ পৰা ৰক্ষা কৰিবই বুলিও আত্ম-বিশ্বাস প্ৰকাশ কৰিছে। এই জাহাজৰ লগত ফেৰ মাৰিবলৈ অহা ৰাষ্ট্ৰীয় জাহাজ ঘাটৰ মিছন-৮৪ নামৰ জাহাজখনৰ তলিটো ফুটা উলিয়াবৰ বাবে দত্তই আঁচনি প্ৰস্তুত কৰাৰো গোপন খবৰ প্ৰকাশ পাইছে।

৯. পুলিচ, সাংবাদিকৰ পাছত এতিয়া তথ্য জনাৰ অধিকাৰ কৰ্মীকো ভীতি-প্ৰদৰ্শনৰ ভিত্তিত ধন যোগানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সংবাদ পত্ৰই প্ৰকাশ কৰিছে। কেলেংকৰাৰী কেচ দবাই ৰাখিবলৈ ঠিকাদাৰে ৩.৫লাখ টকালৈকে চেক কাটি দিয়াৰ খবৰে এই তথ্য জনাৰ অধিকাৰ নামৰ ব্যৱসায়ত যোগদান কৰিবৰ বাবে অসমৰ সচেতন যুৱ প্ৰেৰণা যোগাবলৈ সক্ষম হব বুলিও সুচিন্ত শৰ্মাই জালুকবাৰীত মত প্ৰকাশ কৰিছে।

১০. দিছপুৰত অতিথি হব পাৰে, এসাজ খাব পাৰে, শাহু-শহুৰৰ সৈতে নেতাৰ মাটিত বসতি কৰিব পাৰে, কিন্তু জেহাদীৰ লগত কোনো ৰাজনৈতিক নেতাৰে সম্পৰ্কৰ খবৰ ৰাজ্য প্ৰশাসনে নাপাই বুলি কালি প্ৰকাশ কৰে হাবিবন হুছেইনে। তেওঁৰ এই মতামতেই মাত্ৰ কমিছন গণি থাকোতে, তেখেতে যে শেহতীয়া বাতৰি কাকতত চকু ফুৰাবলৈ সময় নাপাই, গঁড় মাৰি খাস্তাং হোৱাৰো বাতৰি নাপাই, তাকেই প্ৰমাণিত কৰিছে বুলি প্ৰকৃতিপ্ৰেমী বৰুৱাই আঙুলিয়াই দিছে।

No comments:

Post a Comment