পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসমত ধঁপাত বিৰোধী আন্দোলনলৈ মাজুলীৰ সকলো সত্ৰাধিকাৰে দিলে মুকলি সমৰ্থন। অসমীয়া সমাজ-জীৱনক ধঁপাতমুক্ত কৰাৰ বাবে চলা আন্দোলনলৈ এই সমৰ্থনক বছৰটোৰ এটা ভাল খবৰ ৰূপে প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে।

২. নাৰীৰ সুৰক্ষাৰ বাবে অসমৰ গুৱাহাটীৰ ৰাহুল শইকীয়া সহ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীৰ ঠাত্ৰ সকলে উদ্ভাৱন কৰিলে এটি কম খৰচী এটি আত্ম-ৰক্ষাৰ সঁজুলি। দেখাত পিষ্টলৰ দৰে মাত্ৰ ৬০০গ্ৰাম ওজনৰ সঁজুলিটোত আছে এটা ট্ৰেংকুলাইজাৰ ডৰ্ট, এটা কেমেৰা, এটা জিপিএছ আৰু হাতৰ বুঢ়া আঙুলি স্কেন কৰিবলৈ এটা স্কেনাৰ আৰু ছীমকাৰ্ড লগোৱাৰ ব্যৱস্থা। অধ্যাপক মোহিত বাসুদেৱৰ তত্বাৱধানত পাঁচজন অভিযান্ত্ৰিক ছাত্ৰই সাজি উলিওৱা সঁজুলিটোৰে আক্ৰমণকাৰীক বেহুচ কৰা, গোটেই ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ উপৰিও ওচৰৰ থানালৈ এছ এম এছ পঠিওৱাৰ ব্যৱস্থাও ৰখা হৈছে। মাত্ৰ ৪২০০ টকাৰ খৰছত এই সঁজুলিবিধ হয়তো অনাগত দিনত ভাৰতীয় নাৰীৰ আত্মৰক্ষাৰ জনপ্ৰিয় অস্ত্ৰ ৰূপে পৰিগণিত হব বুলি আশা কৰা হৈছে।

৩. তিনি মাহৰ ভিতৰতে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ বাবে চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। আছাম পাব্লিক ৱৰ্কছৰ আবেদন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ হস্তক্ষেপ আবেদনৰ ভিত্তিত কালি ৰায়দান কৰি এই বেৰা নিৰ্মাণৰ কাম উচ্চতম ন্যায়ালেয় পৰ্যবেক্ষণ কৰিব বুলিও প্ৰকাশ কৰিছে। ২০১৬চনৰ পহিলা জানুৱাৰীৰ ভিতৰত নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে দহটা সংগঠনৰ আবেদন মৰ্মে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১চনৰ পৰিবৰ্তে ১৯৫১ কৰাৰ বিষয়তো সংবিধানপীঠলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰাৰো সুখৰ খবৰ।

৪. ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানে এতিয়ালৈকে সৰ্বোচ্চ ওজনৰ জি.এছ.এল.ভি মাৰ্ক-৩ ৰকেটৰ উতক্ষেপন সফলতাৰে সম্পন্ন কৰাৰ সুখবৰ পোৱা গৈছে। অহা দুবছৰৰ ভিতৰতে ইয়াৰ বাবে ক্ৰায়'জেনিক ইঞ্জিনৰ বিকাশৰ কামো সম্পূৰ্ণ হৈ উঠিব বুলিও ইছৰোই সুখবৰ প্ৰকাশ কৰিছে।

৫.  কাইলৈ মুক্তি লাভ কৰিব আমিৰ খানৰ বহু-চৰ্চিত ছবি “পিকে”ই। কালি মুম্বাইত ছবিখনৰ এটি বিশেষ প্ৰদৰ্শনী শচীন টেণ্ডুলকাৰৰ সন্মানত আয়োজন কৰা হয়। এই দৰ্শনীত নেতা ৰাজ থাকৰেও উপস্থিত আছিল। ছবিখন চাই শচীনে এয়া আমিৰৰ সৰ্বশ্ৰেষ্ঠ অভিনয় বুলিও মত প্ৰকাশ কৰিছে।

৬. অসমৰ বিভিন্ন আৰক্ষী থানা, চকী, বেটেলিয়ন, সীমান্ত আৰক্ষী পোষ্ট আদিৰ আন্তঃগাঁথনি উন্নয়ন টকা মেৰামতিৰ বাবে ৫০টকা মোকলাই দিবলৈ অনুমোদন দিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আৰক্ষী সকলৰ বাবে উপযুক্ত সা-সুবিধাৰে নিশ্চিত কৰিবলৈকো নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এটা টিভি চেনেলs দুদিনমান আগেয়ে এক প্ৰতিবেদনত অসম আৰক্ষীৰ আন্তঃগাঁথনিৰ শোচনীয় অৱস্থা উদঙাই দেখুৱাইছিল।

৭. অসম নাট্য সন্মিলনৰ ৰাজ্যিক সন্মিলন জানুৱাৰী মাহত উত্তৰ লখিমপুৰত অনুষ্ঠিত কৰিবলৈ ব্যাপক আয়োজন চলাই থকা হৈছে। এই সন্মিলনতে চাৰিটাকৈ বঁটা প্ৰদানৰো প্ৰস্তুতি চলোৱা বুলি উদযাপন প্ৰস্তুতি সমিতিয়ে কালি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত প্ৰকাশ কৰিছে।

৮. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ অধ্যাপক ডঃ ডম্বৰুধৰ নাথলৈ “তত্ত্বভূষণ ৰাজমোহন বঁটা” আগবঢ়োৱাৰ সুখবৰ। অসম চৰকাৰে গঠন কৰি দিয়া নাথ যোগী উন্নয়ন পৰিষদৰ সহযোগত অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে এই বঁটা প্ৰদান কৰিব। অহা ২৯জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ ছিপাঝাৰত অনুষ্ঠিত হব লগা সন্মিলনীৰ অনাগত ৯৬ সংখ্যক অধিবেশনতে পোন প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হব।

৯. গুৱাহাটী কামৰূপ মহানগৰ জিলা প্ৰশাসনে সুৰাৰ দোকান, বাৰ আদিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। ৰাতি ১০বজাৰ পাছতো অবৈধ ভাৱে খোলা ৰখা এনে সুৰা ব্যৱসায়ীৰ অনুজ্ঞা পত্ৰ বাতিল কৰাৰো ব্যৱস্থা কৰা হব বুলিও জানিব পৰা গৈছে।

১০. নলবাৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু স্পৰ্টছ ক'চিং চেণ্টাৰ, বৰভাগৰ সহযোগত আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব ৫০ সংখ্যক সদৌ অসম আন্তঃ জিলা জুনিয়ৰ (ল'ৰা-ছোৱালী) ভলীবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনি উপায়ুক্ত ডাঃ ওম প্ৰকাশে উদ্বোধন কৰিব।

No comments:

Post a Comment