পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. বিশ্বলৈ ভয়াবহ ভাবুকি কঢ়িয়াই অনা ইব’লা ৰোগৰ বিৰুদ্ধে কাম কৰা (ইব’লা ফাইটাৰ) সাহসী স্বাস্থ্যকৰ্মী তথা যোদ্ধা সকলক ২০১৪ বৰ্ষৰ টাইম আলোচনীৰ বৰ্ষটোৰ ব্যক্তিৰ সন্মান আগবঢ়োৱা হৈছে। পশ্চিম আফ্ৰিকাৰ কেইবাখনো দেশত দেখা দিয়া এই সংকটৰ সময়ত নিজৰ প্ৰাণকো তুচ্ছ কৰি সেৱাৰত কৰ্মীসকলক এই বঁটাৰে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

২. অসমৰ সাহসী ছাত্ৰী তথা অসম ৰাজ্যিক সাহসিকতা বঁটাৰে সন্মানিত কিশোৰী গুঞ্জন শৰ্মালৈ এইবাৰ আগবঢ়োৱা হৈছে গীতা চোপ্ৰা ৰাষ্ট্ৰীয় সাহসিকতা বঁটা। অহা ২৬ জানুৱাৰীত এই বঁটা প্ৰধানমন্ত্ৰীয়ে দিল্লীত প্ৰদান কৰিব। ৰাষ্ট্ৰীয় শিশু কল্যাণ পৰিষদে এই বঁটা আগবঢ়াইছে।

৩. কালি নৰ’ৱেৰ ৰাজধানী ওছলোৰ বৰ্ণাঢ্য অনুষ্ঠানত শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে ভাৰতীয় সমাজকৰ্মী কৈলাশ সত্যাৰ্থী আৰু পাকিস্তানী কিশোৰী মালাল ইউছুফজাইয়ে। এই অনুষ্ঠানত অতিথি সকলক অসমৰ চাহেৰে আপ্যায়ন কৰাৰো খবৰ। লগতে অসম জোঁৱাই আমজাদ আলী খান আৰু দুই পুত্ৰই এই অনুষ্ঠানত সংগীত পৰিবেশন কৰাৰ সুখবৰ।

৪. ভাৰতীয় দণ্ডবিধিৰ ৩০৯ ধাৰা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ৰাজ্য সভাত কালি এই কথা প্ৰকাশ কৰা এই সিদ্ধান্তলৈ দেশৰ ১৮খন ৰাজ্যই এই বিষয়ত সন্মতি প্ৰদান কৰা বুলিও সদৰী কৰা বুলি জানিব পৰা গৈছে।

৫. হেমকোষ অভিধানৰ প্ৰণেতা তথা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিনত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই শিৱসাগৰৰ আলোক সংঘ, দেৰগাঁও সাহিত্য সভাই অনুষ্ঠানৰ আয়োজন কৰে। লগতে এইদিনটোক ইলোৰা বিজ্ঞান মঞ্চই কু-সংস্কাৰ বিৰোধী দিৱস ৰূপে পালন কৰে। দিচাংমুখ আৰু চাপৰমুখত কু-সংস্কাৰ বিৰোধী বক্তৃতামালাৰো আয়োজন কৰাৰ সুখবৰ পোৱা গৈছে।

৬. অসমত উচ্চ সদন বিধান পৰিষদ গঠনৰ ক্ষেত্ৰত ইউ.পি.এ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তকে আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰীয়ে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা অসমত উচ্চ সদন গঠনৰ পথ মুকলি হৈ পৰিল বুলিও সংবাদ পত্ৰই প্ৰকাশ কৰিছে।

৭. অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক সোঁৱৰি কালি শ্বহীদ দিৱস গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাগংণত কেন্দ্ৰীয় ভাৱে পালন কৰে সদৌ অসম ছাত্ৰ সন্থাই। অসম গণ পৰিষদৰ উদ্যোগতো আমগুৰিত শ্বহীদ দিৱস পালন কৰা হয়।

৮. ৰন্ধন গেছৰ ৰাজসাহাৰ্য অহা এক জানুৱাৰীৰ পৰা পোনপটীয়াকৈ গ্ৰাকৰ বেংক একাউণ্টত জমা কৰাৰ ব্যৱস্থা হব বুলি জানিব পৰা গৈছে। বজাৰত চিলিণ্ডাৰৰ মূল্য ৮৬০ টকা হব আৰু তাৰে ৪৪২টকা একাউণ্টত পুনৰ ঘূৰাই পোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে।

৯. যোৱা তিনি আগষ্টত অনুষ্ঠিত হোৱা ৰংমেলা-শিশুবাণী বৃত্তি পৰীক্ষাৰ বঁটা বিতৰণ আৰু ৰংমেলা শিশু সমাজৰ পঞ্চম বাৰ্ষিক কৰ্মশালা আৰু সম্বৰ্ধনা অনুষ্ঠান গুৱাহাটীত অহা ১৩-১৪ডিচেম্বৰত, ডিগবৈত ২৮ ডিচেম্বৰত, বিশ্বনাথ চাৰিআলিত ৫ জানুৱাৰীত আৰু যোৰহাটত অহা ১১ জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ।

১০. নলবাৰীৰ এম.এন.চি বালিকা বিদ্যালয়ত যোৱা ৬ডিচেম্বৰত অনুষ্ঠিত এক সভাত অধ্যাপক হেমন্ত কুমাৰ দত্তৰ “দৃষ্টিপাত” শীৰ্ষক এখনি গ্ৰন্থ উন্মোচিত হয়। উন্মোচন কৰে সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই। উক্ত সভাতে মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ মুৰাৰী মোহন দত্তই “ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতিত সাম্প্ৰদায়িক সম্প্ৰীতিহে আমাৰ ৰক্ষাকৱচ” বিষয়ত এক বিস্তৃত আলোচনা আগবঢ়ায়।

No comments:

Post a Comment