পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. আন্তজাৰ্তিক বজাৰত খাৰুৱা তেলৰ হ্ৰাসমান মূল্যলৈ লক্ষ্য ৰাখি ভাৰতীয় তেল কোম্পানী সমূহেও ইন্ধনৰ মূ্ল্য আজিৰে পৰা কিছু হ্ৰাস কৰাৰ সুখবৰ প্ৰকাশ কৰিছে। এই সিদ্ধান্ত অনুসৰি পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯১ পইচাকৈ আৰু ডিজেলৰ মূল্য ৮৪ পইচাকৈ হ্ৰাস কৰি নতুন নিৰিখ ধাৰ্য কৰা হৈছে।

২. থানালৈ গৈ এজাহাৰ দাখিল কৰিব লগা যন্ত্ৰণাৰ পৰা ভাৰতীয় লোকসকলক মুক্তি দিয়াৰ অৰ্থে এ.টি.এম মেচিন সদৃশ এটি স্বয়ংক্ৰিয় যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰদৰ্শন কৰি সমাদৰ পালে ওড়িশাৰ এগৰাকী আৰক্ষী মহাপৰিদৰ্শকে। আই.পি.এছ বিষয়া জয়দীপ নায়কে কালি গুৱাহাটীত অনুষ্ঠিত হোৱা দেশৰ ডিজিপি/আই জি পি সকলৰ সন্মিলনতে এই যন্ত্ৰটো প্ৰদৰ্শন কৰে। ৰাষ্ট্ৰীয়কৃত বেংকৰ এ.টি.এমৰ সৈতে এই যন্ত্ৰ ৰাখি ৰাইজে গোচৰ তৰাত সহায়ক কৰি তুলিব পৰা যাব বুলিও আৰক্ষীমহলে আশা প্ৰকাশ কৰিছে।

৩. অসমৰ ২৭খন জিলাত ধঁপাত বিৰোধী সজাগতা সমদল কাৰ্যসূচী পালন কৰিলে দীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে। মুম্বাইত সংস্থাটোৱে চলাই থকা চাৰিটাকৈ আৰোগ্য ভৱনত প্ৰায় ২০০ কৰ্কট ৰোগীক চিকিসা প্ৰদানত সহায় কৰি থকাৰ কথা প্ৰকাশ কৰাৰ লগতে, অসমৰ কামৰূপ জিলাৰ মিৰ্জাত মৃত্যুৰ সতে যুঁজি থকা শেষ পৰ্যায়ৰ ৰোগীসকলক ৰাখি পাৰ্যমানে সেৱা আগবঢ়াবলৈ “হস্তিছ” নামৰ সেৱাকেন্দ্ৰ খোলা হব বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে। গুৱাহাটীৰ ছয়মাইলত শিশু কেন্সাৰ ৰোগী সকলৰ বাবে এখন হস্পাতাল খোলাৰ বাবে আঁচনি লোৱা সংস্থাটোৱে যোৰহাটৰ মতিজানতো এটি চেনেটেৰিয়াম গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলাই থকাৰ সুখবৰ প্ৰকাশ কৰিছে।

৪. ১৫ বছৰীয়া হাৰিয়ানাৰ দিব্যাঞ্চ গুপ্তাই ২৭খনকৈ গ্ৰন্থ লিখি নিজৰ নাম গীনিজ বুকত কৰিলে লিপিবদ্ধ। জনপ্ৰিয় প্ৰকাশন গোষ্ঠী ৰূপা পাব্লিকেশ্যনেই দিব্যাঞ্চৰ ১৮খনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। গীনিজ বুকে ১২লাখ আৰ্থিক পুৰস্কাৰ আগবঢ়াব বুলি প্ৰকাশ কৰাৰ লগতে এই অভিলেখ অক্ষত থকালৈকে প্ৰতি বছৰে ১লাখ ২০হাজাৰকৈ টকা তেওঁক গীনিজ বুকে আগবঢ়াই যাব বুলিও প্ৰকাশ পাইছে। সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে তেওঁ প্ৰথমখন গ্ৰন্থ লিখি উলিয়াইছিল।

৫. আজি ত্ৰিপুৰাৰ পালাটনাত অৱস্থিত অ’এনজিচি ত্ৰিপুৰা পাৱাৰ কৰ্পৰেচন(অ’টিপিচি)ৰ শক্তি উপাদনৰ দ্বিতীয়টো ইউনিট দেশৰ সেৱাত উতসৰ্গা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী, ত্ৰিপুৰাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই অনুষ্ঠান আয়োজিত হৈছে।

৬. দুলীয়াজানৰ বিহুলীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পেট্ৰ’লিয়াম ৱৰ্কাৰ্ছ ফেডাৰেশ্বনৰ দশম অধিবেশনত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ তথা দেশৰ অন্যতম শীৰ্ষ শ্ৰমিক নেতা গুৰুদাস দাসগুপ্তই। বিদেশী বিনিয়োগৰ বাবে বিভিন্ন ক্ষেত্ৰবোৰ মুকলি কৰি দিয়াৰ যি নীতি, তাৰ ফলত আহিব পৰা ব্যক্তিগতকৰণৰ হাতোৰাৰ পৰা অইল ইণ্ডিয়াক মুক্ত কৰি ৰাখিবলৈ সজাগ হবলৈ তেখেতে আহ্বান জনায়। চৰকাৰৰ এনে প্ৰত্যক্ষ বিনিয়োগ নীতিৰ বিৰুদ্ধে অহা ১৫ ডিচেম্বৰত ৰাষ্ট্ৰজোৰা ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও নেতাজনে ঘোষণা কৰে।

৭. তেজপুৰ সাহিত্য সভা ভৱনত কালি সাহিত্য সভাখনৰ সোণালী জয়ন্তীবৰ্ষৰ কাৰ্যসূচীৰ অংশৰূপে ৰবীন্দ্ৰ কুমাৰ বৰাৰ “আছাম এণ্ড ট্ৰেভেল গাইড” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে উপায়ুক্ত ললিত গগৈয়ে। লগতে অহা ২-৪ জানুৱাৰীলৈ তেজপুৰত আয়োজন কৰা “তেজপুৰ মহোসৱ”ৰ বাবেও সদৌটি ৰাইজৰ সহায় সহযোগিতাও কামনা কৰে।

৮. সাংবাদিক অতনু ভূঞাৰ “টি.আৰ.পি” নামৰ শেহতীয়া গ্ৰন্থখন কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই। উন্মোচনী অনুষ্ঠানত জাৰিৰ হুছেইন, নিতুমণি ভূঞা, মনজিত মহন্তৰ উপৰিও বহু বিশিষ্ট সংবাদসেৱীয়ে অংশগ্ৰহণ কৰে।

৯. মিচিং সাহিত্য আৰু কবিতাই এক নতুন ধাৰাৰ সৃষ্টি কৰাৰ লগতে মিচিং শব্দৰ সংমিশ্ৰনেৰে এক নতুন কাব্যধাৰাৰ সৃষ্টি কৰাৰ বাবে, কালি কাজিৰঙাত অনুষ্ঠিত এক কবি সন্মিলনত প্ৰশংসা কৰিলে বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞিয়ে। বোকাখাতৰ বাংকে আগম কেবাং আৰু গোগামুখৰ চিনাকি গোষ্ঠীৰ এই আয়োজনত অৰ্ধশতাধিক মিচিং জনগোষ্ঠীৰ কবিয়ে অংশগ্ৰহণ কৰাৰ সুখবৰ পোৱা গৈছে। এই অনুষ্ঠানতে মিনতি দলেৰ “ৱেটিং ফৰ লাইট” নামৰ ইংৰাজী গ্ৰন্থখনো বৰগোহাঞি ডাঙৰীয়াই উন্মোচন কৰে।

১০. ডিব্ৰুগড় নিৰ্মিত হৈছে বিশ্বৰ দ্বিতীয় বৃহত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ। ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত খনিকৰত এই মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। অহা ৪-৬ ডিচেম্বৰলৈ এক বিস্তৃত কাৰ্যসূচীৰে এই মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা গৈছে। দ্বিতীয়দিনাৰ সাংস্কৃতিক কাৰ্যসূচী উন্মোচন কৰিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে। ৰাজ্যপাল জানকী বল্লভ পাটনায়কেও মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব বুলি আয়োজকে প্ৰকাশ কৰিছে।

No comments:

Post a Comment