হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. “ফেকুৰামৰ ওলোটা খৰ” শীৰ্ষক এখন নাটক অসমৰ ভ্ৰাম্যমানৰ বাবে লিখি উলিয়াইছে অসমৰ দ্ৰুততম বেগী নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। ৰাজনৈতিক টেঙাবলৰ খেলপথাৰত স্থিতি সলোৱা, মূৰ-পোলোকা দিয়া আদি শৈলী প্ৰদৰ্শন কৰি সংবাদ শিৰোনামা দখল কৰি থকা এজন নেতাৰ কাহিনীক অসমৰ গাঁৱে ভূঁঞে প্ৰচাৰ কৰি নিৰ্বাচনী লাভালাভ আহৰণ কৰিব পৰাকৈ প্ৰদৰ্শন কৰিবলৈ নিচাদেউ গগৈয়েও আৰ্থিক সাহাৰ্য আগবঢ়াব বুলি গোপন খবৰ প্ৰকাশ পাইছে।

২. “অসমত বন্ধও দিম, অসমৰ মাটিও দিম” নামৰ এখন নাটক ৰচনা কৰিলে জাতীয়-নায়ক সোনোৱালে। কালি উদ্বোধন হোৱা নাটকখনক লৈ এতিয়া প্ৰতিবাদৰ জুইয়ে অসম চানি ধৰা বুলিও জানিব পৰা গৈছে। এতিয়া পদুম ফুলা পুখুৰীৰ পানীৰেহে এই জুই নুমুৱাব পৰা যাব বুলিও সদৌ অসম ফায়াৰ ব্ৰীগেড সন্থাই মত প্ৰকাশ কৰিছে।

৩. এইবৰ্ষৰ “খাই-পাত ফলা বঁটা”ৰ সদৌ অসম জাতীয়তাবাদী পৰিষদে জাতীয়-নায়ক সোনোৱালৰ নাম প্ৰস্তাৱ কৰিছে। অহা ২০১৬ বৰ্ষৰ ইলেকচনৰ বতৰতে এই পুৰস্কাৰ ৰাইজে তেওঁক হাতে-হাতে প্ৰদান কৰিব বুলিও পৰিষদে এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে।

৪. অসমৰ অডিৰাম নিঃকিন বৰুৱালৈ “অতি-উপকাৰী পেপাৰ মালিক বঁটা” প্ৰদান কৰিছো সদৌ গুজৰাটী ফেন ক্লাৱে। “ইলেকচনৰ বতৰত, বন্দনা কৰো পেপাৰত” শীৰ্ষক অনুপম সেৱাৰ বাবেই এই বঁটাৰে বৰুৱাক সন্মানিত কৰা বুলি জানিব পৰা গৈছে। এইদৰে পেপাৰৰ বেপাৰ কৰি আচল ছাৰৰ বুকুৰ কুটুম হবলৈ পোৱা অসমীয়া গৰাকীক লৈ এতিয়া বাকী পেপাৰ-মালিক সন্থাৰ বৰঘৰত জ্বলা জ্বলা গোন্ধৰ ভাপ উঠা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৫. “গগৈ-কলিতাৰ সংঘাত” নামৰ এখন নতুন নাটক কালি কইনাধৰা ৰংগমঞ্চই প্ৰযোজনা কৰাৰ খবৰ পোৱা গৈছে। এনেয়ে বহি থকাতকৈ কাৰোবাৰ সৈতে সংঘাতত লিপ্ত হৈ থাকিলেই অল-ইজ-ৱেল গগৈৰ মংগল হব বুলি ডাক্তৰে দিয়া পৰামৰ্শৰ বাবেই এইখন নাটকত ছাৰ জড়িত হৈ পৰা বুলিও খবৰ ওলাইছে।

৬. হোজাইৰ নিচিনা সৰু চহৰতে অপহৰণৰ মুক্তিপণ এক কোটি টকালৈ উঠাত সদৌ অসম অপহৰণ ব্যৱসায়ী সংঘই সন্তোষ প্ৰকাশ কৰিছে। ইমান ৰিক্স থকা ব্যৱসায়টোত এনে ধৰণৰ মোটা ধনৰ আগমনেহে ব্যৱসায়ী মহলক উপকৃত কৰিব বুলি প্ৰকাশ কৰি, এই অভিলেখ গঢ়ি আদৰ্শ দেখুওৱা সন্থাৰ সদস্য গৰাকীলৈ সভাপতি ৰংবিজিতে অভিনন্দন জনাইছে। 

৭. ভাৰতীয় খাদ্য নিগমৰ ৩১ ট্ৰাক চাউল হৰলুকী কৰি দিয়াৰ এক অভিনৱ কৃৰ্তিত্বৰ কথা পোহৰলৈ আহিছে। পলকতে এনেদৰে চাউল হজম বা গাইপ কৰি দিয়াৰ যাদু প্ৰদৰ্শন কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক যাদুসম্ৰাট মেজিক বঁটাৰে সন্মানিত কৰিবলৈ সচেতন গ্ৰাহক সংঘই আগ্ৰহ প্ৰকাশ কৰিছে। 

৮. শক্তিবৃক্ষ নামৰ এবিধ গছ ৰোপন কৰি ফৰাচী বিজ্ঞানীয়ে সংবাদ শিৰোনামা পোৱাৰ সময়তে উত্তৰ-পূৱত লক্ষ্মীবৃক্ষ আৱিস্কাৰ কৰি এগৰাকী গুজৰাটী বিজ্ঞানীয়ে গীনিজ বুকত নাম লিখাবলৈ সক্ষম হৈছে। উত্তৰ-পূৱৰ প্ৰাকৃতিক সম্পদ, নদীৰ জলজ শক্তি আদিৰেই এই লক্ষ্মীবৃক্ষত ফল-ফুল লাগিব বুলিও বিজ্ঞানীজনে প্ৰকাশ কৰিছে। প্ৰয়োজন হ’লে ইয়াত সাৰপানী দিবলৈকো তেখেতে ১০০শতাংশ বিদেশী বিনিয়োগ কৰাব বুলিও মত পোষণ কৰিছে।

৯. অসমত বহুদিনৰ পাছত পুনৰ প্ৰতিবাদী প্ৰতিমূৰ্তিৰ বজাৰখনে ঠন ধৰি উঠাত থলুৱা পুতলা নিৰ্মাতা সকলে সন্তোষ প্ৰকাশ কৰিছে। প্ৰতিবাদ প্ৰদেশত এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ লগতে জাতীয় নায়ক টাইপৰ মানুহৰহে প্ৰতিমূৰ্তি জ্বলোৱাৰ বাবে হেতাউপৰা লগাৰ ফলত এক বিশাল চাহিদাৰ সৃষ্টি হোৱা বুলিও নিৰ্মাতা সংস্থাই প্ৰকাশ কৰিছে। প্ৰতিমূৰ্তিত ডিজাইনাৰ হাফ-কোট, বগা-দাড়ি আদিৰ ব্যৱহাৰ কৰিব লগীয়া হোৱাত প্ৰতিমূৰ্তিৰ ক্ষেত্ৰতো মূল্যবৃদ্ধিয়ে চূড়ান্ত ৰূপ গ্ৰহণ কৰিছে বুলিও খবৰ প্ৰকাশ পাইছে।

১০. স্মাৰ্ট পুলিচে নুন্যতম কিমান টকা ঘোঁচৰ নামত অৰিহণা ললে সন্মান হানি নহব সেয়া খোলোচাকৈ ছাৰে কৈ নিদিয়াৰ বাবে এতিয়া সদৌ অসম লালটুপি সংঘই গৰিহণা প্ৰকাশ কৰিছে। হাই-ফাই বাইক, অস্ত্ৰ-শস্ত্ৰ আদিৰ লগতে এটিএম কাৰ্ডৰ জৰিয়তে থিতাতে ঘোঁচ লব পৰাকৈ হাতে হাতে স্ৱেপিং মেচিন দিলেহে আচল স্মাৰ্ট পুলিচৰ ধাৰণাই বাস্তৱ ৰূপ পাব বুলিও স্পষ্ট কৰি দিছে। এই বিষয়ে ষোল্লদফীয়া দাবীও ছাৰলৈ ফেক্স কৰা বুলি খবৰ আহিছে।

1 comment:

  1. হেঃ হেঃ তামাম কাৰবাৰ :)

    ReplyDelete