Friday, August 14, 2015

প্ৰৱন্ধ

স্বাধীনতা দিৱসৰ নতুন শপত
 অজয় লাল দত্ত
“Freedom is not free”- Shiv Khera
‘আপুনিও জয়ী হব’ শীৰ্ষক গ্ৰন্থৰ বাবে বিশ্বত বিশেষ ভাৱে পৰিচিত প্ৰেৰণাদায়ী লেখক শিৱ খেৰাই ওপৰোক্ত উক্তিটোৰে নাম দিয়া কিতাপখনে আমাক সঁকিয়াই দিছে, স্বাধীনতা এনেয়ে পোৱা বস্তু নহয়। দেশ স্বাধীন কৰাৰ বাবে হোৱা জন-আন্দোলনৰ কেইবাদশকৰ ইতিহাসত নাম খোদিত হোৱা-নোহোৱা বহু ভাৰতীয়ৰ আত্ম-ত্যাগৰ বলতহে আমাৰ দেশে স্বাধীনতা লাভ কৰিলে, যাক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। সাৰ্বভৌম দেশ হিচাবে গণ্য হোৱাৰ পাছত বিশ্বৰ সৰ্ববৃহ গণতন্ত্ৰৰ ৰূপ প্ৰদান কৰিলে ভাৰতীয় সংবিধানে আৰু ভাৰতীয় লোক সকলে স্বাধীন দেশৰ নাগৰিক হিচাবে নিজৰ পৰিচয় তথা অধিকাৰ লাভ কৰিলে।

কেইবাদশক পাৰ হোৱাৰ পাছতো কিন্তু আমাৰ দেশৰ বহু প্ৰান্তৰ লোকে এতিয়াও প্ৰকৃত স্বাধীনতাৰ সোৱাদ নোপোৱা বুলি অভিমান কৰে। আনকি বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বিপ্লৱীয়ে এই স্বাধীনতা ভুৱা বুলি ঘোষণা কৰি, বগা চাহাবৰ পৰা ক’লা চাহাবলৈ ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়াটোৱে সৰ্ব-সাধাৰণৰ মুক্তিৰ সপোনক বাস্তৱায়িত কৰিব নোৱাৰে বুলিও আঙুলিয়াই থৈ গৈছিল। সেয়ে স্বাধীনতাৰ সংজ্ঞা সন্ধান, স্বাধীন দেশৰ নাগৰিক হিচাবে পাব লগা নাৰ্য অধিকাৰ আদিৰ কথাও স্বাধীনতা দিৱসৰ উপলক্ষত অতিশয় প্ৰাসংগিক। লাহোৰত ১৯৩০চনৰ কংগ্ৰেছ অধিবেশনত গৃহীত হোৱা পূৰ্ণ-স্বৰাজৰ প্ৰস্তাৱত স্বাধীনতা কিয় লাগে তাৰ সংজ্ঞা নিৰুপিত হৈছিল। শ্ৰমৰ সম্পূৰ্ণ ফল উপভোগৰ নিশ্চিতি, জীৱনৰ অত্যাৱশ্যকীয়খিনি লাভ কৰা, বিকাশৰ বাবে পূৰ্ণ সুবিধা লাভৰ অধিকাৰৰ পৰা বঞ্চিত কৰা শোষকৰূপী শাসকৰ পৰা মুক্তি লাভ কৰাটোৱেই আছিল পূৰ্ণ-স্বৰাজৰ লক্ষ্যৰে স্বাধীনতা আন্দোলনৰ মূল বাণী। আজিও পশ্চিমীয়া বিকাশমান দেশৰ আৰ্হিত ভাৰতত নিম্নতম মজুৰীৰ ঘোষণা তথা বাস্তৱত কাৰ্যকৰী নোহোৱা, কল্যাণকামী আঁচনি সমূহে তৃণমূলত দুখীয়া ৰাইজৰ দশা পৰিবৰ্তনৰ বাবে সফল নোহোৱা, বেছি সংখ্যক নাগৰিকৰে খাদ্য, শিক্ষা, স্বাস্থ্য, বাসস্থান আদিৰ নিশ্চিতি নোহোৱা আৰু বিকাশৰ বাবে নিম্নতম সা-সুবিধাও কেৱল নগৰ-মহানগৰতে সীমাবদ্ধ থকা বাস্তৱকো এই ঐতিহাসিক প্ৰস্তাৱৰ পটভূমিত বিচাৰ কৰি চোৱাৰ প্ৰয়োজন নিশ্চয়কৈ আছে।

এগৰাকী বয়োজ্যেষ্ঠই দিয়া স্বাধীনতাৰ সংজ্ঞাটোও অতিশয় গুৰুত্বপূৰ্ণ। ধৰি লওক, আপোনাক এখন ড্ৰাইভিং লাইচেন্স দিয়া গৈছে, স্বাধীনতাও এনেকুৱাই! ইয়াৰ দ্বাৰা যেনেকৈ আপোনাক ট্ৰেফিক আইনৰ নীতি-নিয়ম মানি বাহন চলোৱাৰ স্বাধীনতা প্ৰদান কৰা হৈছে। একেদৰেই স্বাধীন দেশৰ নাগৰিক হিচাবে মৌলিক অধিকাৰ, বাক্-স্বাধীনতা, গণতান্ত্ৰিক প্ৰতিবাদ, ধৰ্মীয় বিশ্বাসৰ চৰ্চাকে ধৰি বিভিন্ন দিশত দিয়া হৈছে স্বাধীনতা। তাৰ অৰ্থ হৈছে ভাৰতীয় সংবিধানৰ নীতি-নিয়মৰ পৰিসৰৰ ভিতৰত আমি হৈছো স্বাধীন নাগৰিক। ট্ৰেফিক আইনৰ উলংঘা কৰাৰ অধিকাৰ লাইচেন্সে নিদিয়াৰ দৰেই সংজ্ঞাবদ্ধ আমাৰ ব্যক্তি স্বাধীনতাও!

অন্য এক দৃষ্টিৰে চালে, ৰাজনৈতিক মেপৰ পৰিসীমা নেওচি আজি সাৰ্বভৌম দেশ এখনৰ স্বাধীনতাৰ সংজ্ঞাও পূৰ্বৰ তুলনাত বহুখিনি সলনি হৈছে। গোলকীকৃত, প্ৰযুক্তিময় যুগত কোনো এখন দেশেই বিকাশৰ পথত আগুৱাবলৈ মন বান্ধি অকলে বা বিচ্ছিন্ন হৈ থাকিব নোৱাৰে। মানৱ সভ্যতাৰ এই দুৰ্বাৰ গতিৰ সৈতে খোজ মিলাবলৈ যোৱাৰ সময়তে বহুক্ষেত্ৰত আৰ্থিক, সামৰিক, সাংস্কৃতিক তথা ৰাজনৈতিক কাৰণত সাৰ্বভৌম ৰাষ্ট্ৰসমূহেও আপোচ কৰিব লগা হয়। ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় বেংক, পুঁজিপতি শক্তি, সামৰিক শক্তিৰ নিৰ্দিষ্ট চৰ্তাৱলী মতে চলিবলৈ চুক্তি আদিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। এনে মুকলি অথবা গোপন চৰ্তাৱলীৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱত দেশ একোখনে কব নোৱাৰাকৈ সাৰ্বভৌম চৰিত্ৰ হেৰুৱাবলৈ ধৰে। এয়া নব্য-উপনিবেশবাদৰ কোলাত স্বাধীনতা হৰণৰ এক মন্থৰ প্ৰক্ৰিয়াই, এই দিশবোৰলৈকো স্বাধীন দেশৰ নাগৰিক সকলে সচেতন দৃষ্টি ৰাখিব লাগিব।

অৰ্থনৈতিকভাৱে স্বাধীনতাৰ প্ৰথম চৰ্ত হ’ল “ঘৰুৱা উ
পাদনৰ ভেটিত স্ব-নিৰ্ভৰশীলতা”। ইয়াৰ অবিহনে স্বাধীনতাৰ অৰ্থ, ৰক্ষিতাৰ সতীত্বৰ নিচিনাহে!প্ৰগতি আৰু প্ৰতিযোগিতাৰ এই পৃথিৱীত, এখন দেশে ভৱিষ্যতেও মূৰ দাঙি থাকিবলৈ হ’লে কৃষি, স্বাস্থ্য, সামৰিক আদিকে ধৰি মৌলিক ক্ষেত্ৰবোৰত নিজা আহিলা, প্ৰযুক্তিৰে আত্ম-নিৰ্ভৰ হব পাৰিব লাগিব। দেশ এখনৰ বাবে স্পৰ্শকাতৰ এই দিশটোক সমৃদ্ধ কৰাৰ বাবে দল-মত নিৰ্বিশেষে ৰাজনীতিবিদ সকলৰ লগতে প্ৰযুক্তিবিদ, বিজ্ঞানী, খেতিয়ক, শ্ৰমিক আদিকে ধৰি সকলো নাগৰিকেই নিজৰ স্তৰভেদে অৰিহণা যোগাব লাগিব। দেশৰ ৰাইজে একতাৰে সংঘবদ্ধ ৰূপত শক্তিশালী প্ৰতিৰোধ গঢ়িব পাৰিলেহে স্বাধীনতা হনন কৰিব পৰা এনে অৰ্থনৈতিক, সামৰিক, সাংস্কৃতিক আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিব পৰা যাব, আৰু দেখা-নেদেখা শক্তি সমূহৰ বিৰুদ্ধে এই যুঁজ যে এদিনৰ নহয়, সেই কথাও আমি অনুভৱ কৰিব লাগিব।

দেশ এখনৰ একতাৰ দোলক সোলোক-ঢোলোক কৰাকৈ একবিংশ শতিকাটো ধৰ্মৰ নামত ঘৃণাৰ খেতি চলি থকাটো অতিশয় দুৰ্ভাগ্যজনক। এই প্ৰসংগত জৱাহৰলাল নেহৰুৰ কেইটিমান উক্তি এতিয়াও প্ৰাসংগিক হৈ আছে। আমি যি ধৰ্মৰেই নহও লাগে আমি একেই মানুহহে! আনে আমাৰ বিষয়ে যি ভাৱে, তাতোকৈ প্ৰয়োজনীয় কথা আচলতে আমি কি সেইটোহে! সমাজত শান্তি অবিহনে সকলো সপোনেই ছাঁই হৈ যাব। সহ-অৱস্থান তথা সম্প্ৰীতিৰ বিকল্প এটাই, সামুহিক ধ্বংসহে। এই কথাবোৰ আমি আজি উপলদ্ধি কৰিব নোৱাৰিলে মুক্তি-যুঁজাৰু সকলৰ চৰম বলিদানৰ ফলত পোৱা এই স্বাধীনতাও এদিন বিঘ্নিত হব সেয়া খাটাং।

মহাত্মাৰ ৰাম-ৰাজ্য, নেহৰুৰ ফেবিয়ান চ’ছিয়েলিজমৰ স্বপ্ন, জয় প্ৰকাশ নাৰায়ণৰ সামাজিক ন্যায়, আম্বেদকাৰৰ বৰ্ণহীন সমাজ, ৰবীন্দ্ৰ নাথৰ “বসুদৈব্য কুটুম্বম”, কমিউনিষ্টৰ সৰ্বহাৰা তথা শ্ৰমিকৰ কল্যাণ, শ্ৰেণীহীন সমাজৰ স্বপ্ন, ডঃ মনমোহন সিঙৰ গোলকীকৰণৰ ইতিবাচক দিশ, নৰেন্দ্ৰ মোদীৰ ‘সকলোৰে সংগ, সকলোৰে বিকাশ’ আদি বাদ-মতবাদ-নীতিক বুজি উঠি এই সপোনবোৰৰ যোগাত্মক দিশ সমূহত ভাৰতীয় নাগৰিকে হাত উজান দিব লাগিব। স্বাধীনোত্তৰ কালত ক’লা চাহাব হৈ ৰাজহুৱা সম্পদৰ অবাধ লুণ্ঠন চলোৱাৰ স্বাধীনতা উপভোগ কৰা অপশক্তি সমূহক ৰাইজেই চিনাক্ত কৰিব লাগিব। পৃথিৱীখনত সকলোৰে প্ৰয়োজন পূৰাব পৰাকৈ পৰ্যাপ্ত সম্পদ আছে, কিন্তু এজনৰো লোভ পূৰাবৰ বাবে নাই বুলি কৈ যোৱা মহাত্মা গান্ধীৰ কথাষাৰো আমি হৃদয়ংগম কৰিব লাগিব। বেয়া নকবা, বেয়া নাচাবা আৰু বেয়া নুশুনিবা বুলি বান্দৰ সাজি থকাতকৈ গণতান্ত্ৰিক ভাৱে প্ৰতিবাদৰ পথো ৰাইজে লব লাগিব। আত্ম-নিয়ন্ত্ৰণকে ধৰি আন আন সংবিধান প্ৰদত্ত অধিকাৰৰ নিশ্চিতিও পাবই লাগিব। কল্যাণকামী আঁচনিৰ সুফলবোৰো তৃণমূল পৰ্যায়লৈ হৰণ ভগন নোহোৱাকৈ পোৱাবৰ বাবে ৰাজহুৱা পৰ্যবেক্ষণক শক্তিশালী কৰিব লাগিব। পঞ্চায়তীৰাজৰ আঁসোৱাহবোৰো দূৰ কৰিলেহে সামূহিক উন্নতিৰ বাটৰে দেশক সৱল কৰিব পৰা যাব।

একেদৰেই নৱ-প্ৰজন্মই মুক্তি-যুঁজাৰু সকলৰ বলিদানৰ কথা বুজি পাব লাগিব। আজি ফল-ফুল-ছাঁ দিয়া বিশাল বৃক্ষৰ দৰেই স্বাধীনতাকো পূৰ্বজ সকলে ৰোপণ কৰা এজোপা বৃক্ষৰহে ফল বুলিও অনুভৱ কৰিব লাগিব। এটা সীমাৰ ভিতৰত পৰিমিত ৰূপত সকলো সা-সুবিধা, অধিকাৰ উপভোগ কৰাৰ অভ্যাস গঢ়িব লাগিব। এই কথা ছ’চিয়েল মেডিয়াৰ দৰে মুক্ত মাধ্যমত মত প্ৰকাশৰ ক্ষেত্ৰতো প্ৰযোজ্য। ৰাজনীতি কেৱল ধুৰন্ধৰৰ শেষ আশ্ৰয় আপ্ত-বাক্যৰ পৰা দেশক মুক্তি দিবলৈ নতুন প্ৰজন্মই জ্ঞান আৰু যুক্তিৰ ভিত্তিত আগুৱাই আহিব লাগিব। দেশক বিপদৰ সময়ত ৰক্ষাৰ বাবে, নাগৰিকক আপদৰ সময়ত ৰক্ষাৰ বাবে, দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন ৰাখি নিজ মাতৃক ভাল পায়ো আনৰ মাতৃক সন্মান কৰাৰ স্বাধীন অভ্যাস গঢ়িব লাগিব। যুগলৈ এই স্বাধীনতা সুনিশ্চিত কৰাৰ স্বাৰ্থতে দেশলৈ অহা প্ৰত্যক্ষ বা অপ্ৰত্যক্ষ আগ্ৰাসী ভাবুকিৰ প্ৰতিও সচেতন হব লাগিব। নিজৰ মাজত সংঘৰ্ষৰে শক্তি ক্ষয় কৰি উন্নত ভাৰতৰ সপোন ছাই কৰাৰ সলনি আত্মনিৰ্ভৰশীল দেশ ৰূপে সমৃদ্ধ কৰাৰ দিশে নতুন পুৰুষেই অহোপুৰুষাৰ্থ কৰিব লাগিব। তেহে স্বাধীন দেশৰ স্বাধীন নাগৰিক হোৱাৰ, পূৰ্ণ বিকাশৰ বাবে অৰিহণা যোগাই সকলোৱে অংশীদাৰ হোৱাৰ সপোনে পাৰ পাব। বেদত কৈছে- We can live individually, but can survive only collectively. সেয়ে দেশক বৰ্হিশক্তিৰ সমুখত শিৰনত নোহোৱাকৈ চিৰদিন সাৰ্বভৌম আৰু স্বাধীন কৰি ৰখাৰ স্বাৰ্থতে সকলোৱে হাতে হাত ধৰি একতাবদ্ধ হও আহক। এয়াই হওক, স্বাধীনতা দিৱসৰ নতুন শপত!

No comments:

Post a Comment