লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)

১. ফীজৰ টকাক লৈ মৰিগাঁৱত কৰ্টতে দুই অধিবক্তাৰ মৰামৰি৷ প্ৰতিভা দেখি ততাতৈয়াকৈ ঠাইতে ভৰ্তি কৰিলে যুৱ কংগেছত!

২. নাৰেংগীত হেনো আৰ্মী পুলিচৰ জৰুৰী মিটিঙ, বোমা ফুটাৰ পাছৰ নিয়ম-মাফিক ঘিটিং-মিটিং৷ স্বাধীনতা দিৱসলৈ চকু-কান মুদি নিজে নিৰাপদে থকাৰ পৰিকল্পনা কৰা বুলি ফাদিল কৰিলে ফিউজ লাইট টিভিয়ে৷
মিচা ক’লে কি ডাল হব?

আচলতে বৰষুণ যোৱাৰ পাছত নিৰাপদে আৰ্মী কেম্পৰ চৌহদত জাপি মেলা প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাৰ-বাইদেৱে গ্ৰীষ্মকালীন অৱসৰ বিনোদনহে কৰিলে বুলি ডিজিপিৰ ড্ৰাইভাৰে জনাইছে৷

৩. নাগৰিকপঞ্জীত বাধা দিবলৈ উঠি পৰি লাগিছে হিয়াৰ আমঠু নামৰ সংখ্যগুৰু ছাত্ৰ সংগঠন৷ কাঁটা তাৰ দাঙি পঞ্জী কৰিব নোৱাৰা সংখ্যক ভাই-বন্ধুক আমদানি কৰাৰ প্ৰকাশ কৰিলে ভাবুকি৷

৪. জোৱানৰ দৈনিক ভাট্টা ১০টকাঃ দৈনিক চাৰি সাঁজ ভাতৰ দাম দিয়া বাবেই অসমীয়া পুলিচ গেৰেলা হৈছে বুলি খেতি মন্ত্ৰীয়ে কৰিলে সমালোচনা ৷

৫. ৰাজ্য সভাৰ আসন এখনৰ দাম ১০০কোটি বুলি ঘোষিত হোৱা কথাটোৱে দেশত যে মূল্যবৃ্দ্ধিয়ে চূড়ান্ত ৰূপ লোৱাৰ কথাটোকেই প্ৰমাণ কৰিলে৷ সীতা-ৰাম কচুৰীয়ে এই কথা বাওঁহাতেৰে আঙুলিয়াই দি লাভ কৰিলে ৰাষ্ট্ৰীয় সংবাদ শিৰোনামা৷

৬. ১০কোটি খৰছ কৰা সত্বেও বগা হাতীত কেনেকৈ পৰিণত হ’ল চিচি টিভি কেমেৰা, প্ৰতিদিন কাকতৰ শিৰোনামাক লৈ উত্তাল দিছপুৰৰ বৰঘৰ৷ হাত-বাট হৈ হেৰুৱা হ’লেও ভাল আছিল, কিন্তু বগা হ’লেও হাতীত পৰিণত হোৱাটো উদ্বেগজনক বুলি প্ৰকাশ কৰিলে গৃহৰক্ষী বৰাই৷

৭. এইবাৰ পৃথক কমতাপুৰ-আদিবাসী-বড়োলেণ্ড বিচাৰি অগ্নিগৰ্ভ হব অসম৷ তেলেংগানা ঘোষণা হোৱাৰ পাছতে বিটিএডি বা গুৱাহাটীৰ হত্যা-ধন-দাবী অপহৰণ আদিৰ বাতৰি নিজেই তল পৰিব বুলি গুৱাহাটীত আনন্দ প্ৰকাশ কৰিলে তিৱাৰী পুলিচে৷

৮. সদ্যজাতৰ মৃত্যুক লৈ জালুকবাৰী সমষ্টিৰ চিকিৎসালয়ত লণ্ডভণ্ডৰ ঘটনা৷ বন্দুক লৈ লগত পুলিচ নাথাকিলে চিৰিয়াচ কেচ চাবলৈ আৰু সাহস নাই বুলি ফোন যোগে জনালে বন্ধু চিকিৎসকে৷ কোনোমতেহে স্বৰ্গৰ দুৱাৰ দলিৰ পৰা শিশুটিক উভোতাই ননাকৈ উভতি আহিব পাৰি এদিনৰ বাবে উশাহ লৈছে বুলি দিলে এছ এম এছ৷

৯. ৰাজভৱন উত্তাল কৰিলে ছাত্ৰ সকলে৷ ইমান উত্তপ্ত কৰাৰ পাছতো গৰম চাহ একাপ নুখুৱালে ৰাইজৰপালে৷ ৰাইজক চাহ-তাহ দিবৰ বাবে গণতান্ত্ৰিক চৰকাৰে বাজেটত ধৰিব লাগেই বুলি প্ৰতিবাদী সচেতন বৰুৱাই তুলিলে দাবী৷

১০. খেতি মন্ত্ৰীৰ ঘৰত ২০ টকীয়া নোট লৈ ভিৰ কৰিলে স্থানীয় ৰাইজে৷ আঠ জনীয়া আত্ম-সাহয়ক গোট সমূহে এসাঁজ দকচি খাবলৈ হেপাঁহেৰে চাৰলৈ যাচিলে সেই খমখমীয়া নোট৷ এনে অভিনৱ প্ৰতিবাদক লৈ ৰসাল গগৈয়ে ক’লে- "চেল-বেলাই থাকিলে এনেকৈ লাজ নেপাই কি পাব? পাৰিব থোৰেহে খাবলৈ দিব!"

No comments:

Post a Comment