Sunday, August 23, 2015

ইতিবাচক চিন্তা

মনে বিচৰা সমাজখন
বৃতুল শৰ্মা
মানুহ সামাজিক প্ৰাণী। প্ৰাগ-ঐতিহাসিক যুগৰ বিপদসঙ্কুল জীৱনশৈলীত সুৰক্ষিতভাৱে জীৱন নিৰ্বাহ কৰিবলৈ মানুহৰ বাবে সমাজ পাতি বসবাস কৰাটো সঁচাকৈয়ে জৰুৰী আছিল। মানুহে সমাজ আকাৰে বসবাস কৰি এজনে আনজনৰ সংগ আৰু সহায় বিচাৰে। বিপদসঙ্কুল পৰিস্থিতিত সংগঠিতভাৱে এজনে আনজনৰ সহায় আৰু সাহস হিচাপে থিয় দি বিপদ প্ৰতিহত কৰাটো সহজসাধ্য কৰি তোলে। ইয়াৰ উপৰিও অন্যান্য বহুতো সৰু-বৰ মনস্তাত্বিক কাৰণত মানুহ অতীজৰেপৰাই সমাজমুখী। সময় আগবঢ়াৰ লগে লগে মানুহৰ জ্ঞানৰ পৰিসৰ আৰু চিন্তাশক্তি বাঢ়িল। অন্ধবিশ্বাসৰ সলনি যুক্তিৰ ভিত্তিত ভাল-বেয়া নিৰূপণ কৰিব পৰা ক্ষমতাও মানুহৰ বাঢ়িল।

উন্নতিৰ জখলাত লাহে লাহে আগ বাঢ়িবলৈ লওতেই মানুহে সমাজ আকাৰে বসবাস কৰা পদ্ধতিটোত কিছুমান নিয়ম কানুন আৰি দিছিল। হয়তো এয়া কৰা হৈছিল সমাজত শৃংখলা বজাই ৰাখিবলৈ। কিন্তু উন্নতি আৰু বিৱৰ্ত্তনৰ জখলাত আগ বাঢ়োতে সেই নিয়ম কানুন সমূহৰ আমুল পৰিৱৰ্তন ঘটিল। সময় সাপেক্ষ হৈ থাকিবলৈ হয়তো পৰিৱৰ্তনো দৰকাৰী আছিল। কিন্তু তাৰ মাজতে বহুতো এনে নিয়ম আৰু ভাৱধাৰা সোমাই পৰিল যিবোৰ হয়তো সমাজ আকাৰে বসবাস কৰাৰ বাবে অপৰিহাৰ্য্য নহয়। আনকি তাৰে বহুখিনি হয়তো মানৱীয় মূল্যবোধৰ পৰিপন্থীহে। কিন্তু তথাপিও সময় আগ বাঢ়ি গৈ থাকিল আৰু বৰ্তমান সময়ত সামাজিক জীৱনশৈলীৰ ভিতৰত এনে বহুতো নিয়ম, পদ্ধতি, ভাৱধাৰা, মূল্যবোধ সোমাই আছে যিবোৰে সমাজাকাৰে জীয়াই থকাত আমাক সহায়তো নকৰেই, আনকি বেছিভাগতে ই আমাৰ স্বাভাৱিক জীৱনযাত্ৰাৰ বাধা হিচাপেহে কাম কৰে। 

 
সেই অদৰকাৰী আৰু ঋণাত্মক বস্তুবোৰ সমাজত কিয় সোমাই পৰিল সেয়া একে আশাৰে কোৱাটো অসম্ভৱ। কিন্তু সোমাই পৰিল বুলিয়ে আমি অন্ধ ভাৱে ইয়াক অনুসৰণ কৰিব লাগেনে? জ্ঞান আৰু যুক্তিৰ ভিত্তিত ভাল-বেয়া নিৰূপণ কৰিব পৰা আৰু নিজকে “জীৱশ্ৰেষ্ঠ” উপাধিৰে বিভূষিত কৰা “আমি”বোৰে কিন্তু সেই অহেতুক নিয়ম নীতি, চিন্তাধাৰা, মূল্যবোধবোৰ ধৰি ৰাখিছো এনেদৰে যেন আমি সমাজৰ বহতীয়া হে। যেন সেইবোৰ ভংগ কৰিলে আমি শাস্তি পাম সমাজৰ পৰা। এনে লাগে যেন বুদ্ধিত আমি “জীৱশ্ৰেষ্ঠ” হয় যদিও যৌথভাৱেহে আমি জীৱশ্ৰেষ্ঠ, গাইগুটীয়াকৈ নহয়। আৰু আমাৰ শ্ৰেষ্ঠত্ব যাতে হেৰাই নাযায় তাৰবাবে আমি হাজাৰ অযুক্তিকৰ পদ্ধতিৰ মাজেৰে জীৱন অতিবাহিত কৰি হলেও সমাজাকাৰেই থাকিম। সেই অহেতুক নিয়ম, পদ্ধতি ভাৱধাৰাসমূহে আমাৰ বাবে হাজাৰ অসুবিধাৰ সৃষ্টি কৰিলেও যুক্তিৰ ভিত্তিত তেনে অযুক্তিকৰ কথাবোৰ নস্যাৎ কৰিবলৈ আমি আগবাঢ়ি নগৈ স্থিতাৱস্থা বাহাল ৰাখিম আৰু তাৰ বিনিময়ত বাহাল থাকিব আমাৰ “জীৱশ্ৰেষ্ঠ” উপাধি। 

 
কেতিয়াবা এনেকুৱা এখন সমাজ কল্পনা কৰিবলৈ মন যায় যʼত সকলো ধৰণৰ আচাৰ-পদ্ধতি বা জীৱনশৈলীৰ প্ৰতিটো উপাদান অকল আৰু অকল মানৱীয়তাৰ ভেটিতহে গঢ়া হব। যʼত যুক্তিকহে স্বাগতম জনোৱা হব, অন্ধবিশ্বাসক নহয়। আনকি সেই সমাজখনত মানৱীয়তাই হʼব একমাত্ৰ ধৰ্ম।

No comments:

Post a Comment