মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
ঋকবেদ আৰু ধেমাজিয়ে কমাব পাৰে ধাৰণা আৰু বাস্তৱ সত্যৰ দূৰত্ব
ময়ূৰ বৰা

যিকোনো এটা বিষয়ৰ সন্দৰ্ভত বহুসংখ্যক মানুহৰ যি ধাৰণা বা পূৰ্বানুমান সেয়া বহুক্ষেত্ৰত বাস্তৱ সত্যৰ সৈতে নিমিলে। সাম্প্ৰতিক সময়ত এই ব্যৱধানটো প্ৰকট হৈ পৰা যেন অনুভৱ হ’লেও কিন্তু প্ৰাচীন কালতো এনে বৈসাদৃশ্য পৰিলক্ষিত হয়। বিশ্ব ইতিহাসৰ পাতে পাতে মানুহৰ ধাৰণা আৰু প্ৰকৃত সত্যৰ প্ৰভেদবোৰ কেতিবা প্ৰকাশ্য আৰু আন কেতিয়াবা প্ৰচ্ছন্ন ৰূপত দেখিবলৈ পোৱা যায়। শিক্ষিত আৰু সচেতন বুলি সততে দাবী কৰিবলৈ কুণ্ঠাবোধ নকৰা আপোনাৰ মোৰ দৰে লোকেও এই বিষয়ত প্ৰায়েই উজুটি খাই পৰোঁ। ইয়াত হয়তো অস্বাভাৱিকতা একো নাই, কিয়নো প্ৰকৃত সত্যৰ ওচৰ চপাটো বৰ সহজসাধ্য নহয়। সত্যানুসন্ধানৰ কাঁইটীয়া বাটছোৱাত বস্তুনিষ্ট অধ্যয়ন, নিৰ্মোহ-যুক্তিসিদ্ধ বিশ্লেষণ আৰু কিছু বিষয়ত কৰা ক্ষেত্ৰভিত্তিক ভ্ৰমণে বহু কথা সহজ কৰি তোলে। ইতিহাস অধ্যয়নে যিদৰে আমাক পুৰণি কালৰ অমূল্য সম্পদ সমূহৰ বিষয়ে সন্ধান দিয়ে, লগতে কিন্তু এচাম মানুহৰ নিৰ্বুদ্ধিতা, ন্যস্তস্বাৰ্থ আৰু ছল-চাতুৰীৰ বিষয়েও সম্ভেদ দিয়ে।
(১)
প্ৰথমেই আহোঁ বেদ বা বৈদিক ক্ৰিয়া কাণ্ডৰ বিষয়ে সাধাৰণ হিন্দু ধৰ্মাৱলম্বী মানুহৰ ধাৰণালৈ। বহু মানুহে বাৱে তাৰি বেদত বিশেষকৈ ইণ্ডো-ইউৰোপীয় ভাষাৰ প্ৰাচীনতম গ্ৰন্থ ঋকবেদ কেৱল ধৰ্ম সম্বন্ধীয় কথাৰে ভৰি আছে। কিন্তু দৰাচলতে কথাটো তেনেকুৱা মুঠেও নহয়। কেৱল ধৰ্ম বা আচাৰ সম্বন্ধীয় কথাৰে ভৰি থকাহেঁতেন ঋকবেদৰ বিশেষ ঐতিহাসিক মূল্য নাথাকিলেহেঁতেন। নাথাকিলেহেঁতেন ইয়াৰ কোনো নৃতাত্ত্বিক গুৰুত্ব বা তাতপৰ্য। আন বহু লোকে আকৌ ঋকবেদখন দাৰ্শনিক কথাৰ সাগৰ বুলিও ধাৰণা কৰে। কিন্তু মুঠ ১,০২৮টা সুক্ত থকা ঋকবেদৰ কেইটামান সুক্ততহে দাৰ্শনিক চিন্তাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিখ্যাত পণ্ডিত ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে, ঋকবেদকত আধ্যাত্মিক বিষয়ৰ সুক্ত পঞ্চাশটাতকৈ অধিক নহয়।

প্ৰকৃততে ঋকবৈদিক কালছোৱাৰ অনুন্নত পৰিৱেশৰ বাবে সেই সময়ৰ মানুহৰ জীৱন সংগ্ৰাম আছিল অতি কঠিন। দৈনন্দিন জীৱনৰ নানা সমস্যাই জুমুৰি দি ধৰা মানুহখিনিক বিমূৰ্ত দাৰ্শনিক চিন্তাই অৱধাৰিত কাৰণতে আকৃষ্ট কৰিব পৰা নাছিল। সেয়েহে সমগ্ৰ গ্ৰন্থখনতে মানুহৰ জীৱনপ আকুলতা-কামনা আৰু পীড়নৰ কথা পুনঃপৌনিকভাৱে পোৱা যায়। বহুবোৰ শ্লোকত নিহিত হৈ আছে গাইগৰুৰ প্ৰতি থকা মানুহৰ মোহৰ কথা, আৰু আছে যুদ্ধত জয়ী হৈ শত্ৰুক হত্যা কৰাৰ কথা। আনকি জুৱা খেলা, মদ্যপান আৰু পৰস্ত্ৰীগমনৰ কথাও ঋগবেদক দেখা যায়। সাহিত্যৰ দৃষ্টিৰে চালেঋকবেদৰ বৈষয়িক কামনা-বাসনাৰে সিক্ত শ্লোকসমূহৰ বৰ্ণনা খুৱেই সুন্দৰ। বীস্তাৰনিতচেৰ দৰে বিশ্ববিশ্ৰুত পণ্ডিতে তেনেবোৰ লোকক মণি-মুকুতাৰ লগত তুলনা কৰিছে।

আশ্চৰ্যকৰ কথা বহু সাধাৰণ ধৰ্মভীৰুলোকে কথাই কথাই বৈদিক ৰীতি-নীতিৰ দোহাই দি সমাজত অপ্ৰয়োজনীয় বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে যদিও তেওঁলোকৰ অধিকাংশই ঋকবেদত স্পষ্টভাৱে উল্লেখ থকা নিজ ভাতৃ আৰু ভগ্নীৰ মাজৰ দৈহিক সম্বন্ধ বিষয়ক কথাবোৰ নাজানে। বৰ্তমান সময়তো অনৈতিক, অবৈধ আৰু ব্যভিচাৰী বুলি সকলো সচেতন মানুহে স্বাকীৰ কৰা নিকটাত্মীয়ৰ মাজৰ যৌন সম্বন্ধৰ কথাও ঋকবেদত দৃষ্টিগোচৰ হয়। যম আৰু যমী মাজৰ কথোপকথনত (১০/১০) প্ৰতিফলিত হৈছে যমীয়ে নিজ ভাতৃক শাৰীৰিকভাৱে নিচেই কাযত পাবলৈ কৰা অনুৰোধ আৰু আহ্বানৰ কথা। অৱশ্যে যমে নিজ ভগ্নীৰ লগত সহবাস নকৰি আন পুৰুষ বাছি লবলৈ কৈছে। যাদুমন্ত্ৰৰ কথাৰে পৰিপূৰ্ণ গৈ থকা অথৰ্ববেদত নানা ৰোগ নিৰাময়ৰ মন্ত্ৰৰ লগত আন আন আমোদজনক বিষয়ৰ কথাও পোৱা যায়। অথৰ্ববেদত আছে কিদৰে ভাল স্বামী লাভ কৰিব পাৰি, কিদৰে সতিনী আঁতৰাব পাৰি আৰু কিদৰে নাৰী ভুলাব পাৰিব। ধৰ্মীয় দৃষ্টিকোণেৰে চালে আপাতদৃষ্টিত “অপবিত্ৰ” যেন লাগিলেও বেদত থকা এনেবোৰ কথাই সেই যুগৰ মানুহৰ মন-মননৰ ভিতৰলৈ জুমি চোৱাত সহায় কৰে।

হিন্দু ধৰ্মত মোক্ষ লাভ কৰাৰ তিনিটা মাৰ্গ আছে; কৰ্মমাৰ্গ, জ্ঞানমাৰ্গ আৰু ভক্তিমাৰ্গ। উপনিষদসমূহক জ্ঞানৰ আকৰ বুলি বুলি সাধাৰণতে ভবা হয়। কথাটো হয়ো। কিয়নো বহুকেইখন উপনিষদ অধ্যয়ন কৰিলে ভাৰতীয় দৰ্শনৰ সুক্ষ্ম বিমূৰ্ততা আৰু আকাশলংঘী উচ্চতাৰ বিষয়ে অনুমান কৰিব পাৰি। উপনিষদৰ মান্যতা আৰু গ্ৰহণযোগ্যতাৰ বিষয়ে উপলব্ধি কৰিবলৈ এটা কথাই হয়তো যথেষ্ট যে মুছলমানসকলেও সম্ৰাট আকবৰৰ দিনত “আল্লাহোপনিষদ” নামেৰে এখন গ্ৰন্থ ৰচনা কৰিছিল। কিন্তপ কেইবাখনো উপনিষদত এনেধৰণৰ কথাও পোৱা যায়, যিয়ে সেই শ্লোক ৰচকসকলৰ অনুদাৰ, ভ্ৰান্ত আৰু পক্ষপাতদুষ্ট মনোভাৱৰ কথা সোঁৱৰাই দিয়ে। যোৱা চাৰি জুলাই ‘টাইমচ অৱ ইণ্ডিয়া’ কাকতৰ মূল প্ৰৱন্ধটোত বিশিষ্ট চিন্তাবিদ পৱন কুমাৰ বাৰ্মাই লিখিছে কিদৰে ছান্দোগ্য উপনিষদত সদম্ভে ঘোষণা কৰা হৈছে-“Power is superior to knowledge.” ভাৰ্মাৰ প্ৰৱন্ধটো পঢ়ি থাকোঁতেই মোৰ মনত পৰিল উপনিষদত থকা আন কেইটামান শ্লোকলৈ, যিবোৰে প্ৰমাণ কৰে কেৱল অমৃতময় জ্ঞানৰ উপাদানেৰে সকলোবোৰ উপনিষদ চপচপীয়া হৈ থকা নাই। কিয়নো ছান্দোগ্য উপনিষদে (৫-১০-৩) চণ্ডালক কুকুৰ আৰু গাহৰিৰ লগত তুলনা কৰিছে। মৈত্ৰী উপনিষদে(৭/৮) আকৌ শাস্ত্ৰ পঢ়িবলৈ ইচ্ছা কৰা শূদ্ৰক জ্ঞানৰ প্ৰতিবন্ধক বুলিহে গণ্য কৰিছে। তদুপৰি যি সময়ত সমগ্ৰ ভাৰততে এটা বিশেষ ৰাজনৈতিক শক্তিয়ে গোমাংস নিষিদ্ধ কৰিবলৈ উঠি-পৰি লাগিছে, অনুভৱ হয় তেওঁলোকে যেন ইচ্ছাকৃতভাৱেই পাহৰি পেলাইছে বৃহদাৰণ্যক উপনি।দৰ সেই উপদেশ বা বাণীক, য’ত কোৱা হৈছে পুত্ৰ সন্তান লাভ কৰিব খুজিলে স্বামী-স্ত্ৰীয়ে চাউলেৰে সিজোৱা গোমাংস খোৱা উচিত। প্ৰাচীন হিন্দু শাস্ত্ৰ সমূহৰ মাজত এনে অসংখ্য উদাহৰণ আছে যিবোৰে প্ৰমাণ কৰে মানুহৰ ধাৰণা বহুসময়ত আৰু বহুবোৰ কাৰণৰ বাবে প্ৰকৃত সত্যৰ কাষ নাচাপে। এটা পৰ্যায়লৈকে এই ব্যৱধান গ্ৰহণযোগ্য, কিন্তু যেতিয়া কোনো মানুহে বিশেষ কাৰণৰ বশবৰ্তী হৈ জ্ঞাতসাৰে প্ৰকৃত সত্যক পদাঘাত কৰি নিজে ভালপোৱা ধাৰণাটোক সত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ে, তেতিয়া তাক সকলো সচেতন মানুহে বিৰোধিতা কৰা উচিত।

(২)
দ্বিতীয়তে মোৰ নিজৰ ধাৰণা প্ৰকৃত সত্যৰ পৰা কেতিয়াবা ইমান দূৰলৈ গুচি যায় যে মই খুৱ ব্যথিত হওঁ বা অস্বস্তিত পৰোঁ। ২০০৭চনৰ ২০১৫চনৰ মে’ মাহলৈ মই যোৰহাটত আছিলোঁ। যোৰহাটত থাকিবলৈ লোৱাৰ আগলৈকে বিভিন্ন বাতৰিকাকতত সততে দেখিবলৈ পোৱা বাবে ময়ো ভাবিছিলোঁ মাজুলী মহাপুৰুষীয়া ধৰ্মৰ পীঠস্থান। মাজুলীৰ অধিকাংশ সাধাৰণ ৰাইজৰ ওপৰত গুৰুজনাৰ ধৰ্মৰ আৰু সাংস্কৃতিক প্ৰভাৱ যথেষ্ট গভীৰ। কিন্ত একেখিনি কথাকে বহুকেইজন ‘প্ৰসিদ্ধ’ সত্ৰাধিকাৰৰ ক্ষেত্ৰত ক’ব নোৱাৰি। বৰ্তমানৰ এনেকুৱা এজন ‘প্ৰসিদ্ধ’ সত্ৰাধিকাৰে আনকি মহাপুৰষ শংকৰদেৱৰ অনবদ্য অৱদান নামঘৰৰ নামটো ল’বলৈকে ইতঃস্তত কৰে। মন্দিৰ বুলি ক’লেহে তেওঁৰ বৰ্ণাভিমান পূৰণ হয়। তেনেকুৱা এখন সত্ৰৰ ভকতে ‘শংকৰ’ আৰু ‘মাধৱ’ নামেৰে দুটা গৰু পুহিছিল আৰু সেই বিষয়ে সত্ৰাধিকাৰৰ আগত এজন সচেতন ব্যক্তিয়ে আপত্তি দৰ্শাওঁতে সত্ৰাধিকাৰজনে অতি ঘৃণনীয়ভাৱে সেই কথাটোক সমৰ্থন জনাইছিল। সেই ‘মহাপণ্ডিত’ সত্ৰাধিকাৰৰ মতে, শংকৰ-মাধৱ যিহেতু জাতত শূদ্ৰ, সেয়ে তেওঁলোকৰ নামত গৰু পুহিলে তেওঁলোকৰ উত্তৰণহে হ’ব। গুৰু দুজনাক মহাপুৰুষীয়া ধৰ্মৰ সৃষ্টিকৰ্তা বুলি কোৱাৰ সময়তে তেওঁলোকৰ পিছৰ বৰ্ণবাদী সত্ৰাধিকাৰৰ কৰ্মপদ্ধতি আৰু চিন্তাদৰ্শ দেখি কৰ্মবিমুখ, অযোগ্য চকীদাৰ বুলি ক’বলৈহে মন যায়। কাৰণ সেই চাম সত্ৰাধিকাৰে কেৱল জাত্যাভিমানৰ ওপৰত ভিত্তি কৰিয়েই গুৰু দুজনাৰ অবিস্মৰণীয় মহাপ্ৰতিভাক হেয় কৰিবলৈ অপপ্ৰয়োগ কৰি আহিছে। সেইবাবেই মাজুলীক মহাপুৰুষীয়া কেন্দ্ৰৰ ধৰ্মস্থ বুলি একেষাৰতে কবলৈ অসুবিদা। কাৰণ কোনো ঠাইত কেৱল দুৰ্গাপূজা নহ’লেই বৈষ্ণৱ সংস্কৃতিক কেন্দ্ৰ বুলি ক’ব নোৱাৰি।
(৩)
তৃতীয়তে, যোৱা ২৯ আৰু ৩০জুনত ধেমাজি মহাবিদ্যালয় আৰু বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ মুখ্য অতিথি হিচাবে যাওঁতে ঠাইখন সম্পৰ্কত থকা মোৰ বহু ভুল ধাৰণা ভাঙিল। ধেমাজি সন্দৰ্ভত সত্যৰ কাষ চাপিব পৰা বাবে জিলাখনৰ উপায়ুক্ত, বিশিষ্ট কবি, গল্পকাৰ আৰু গীতিকাৰ অজিত বৰদলৈৰ ওপৰত মই কৃতজ্ঞ। কাৰণ তেওঁৰ উদ্যোগতেই মই জিলাখনলৈ যোৱাৰ সুযোগ পাইছিলোঁ। যোৱাৰ আগতে একাংশ সংবাদ মাধ্যমত দেখি মোৰো মৱলৈ আহিছিল ধেমাজি হয়তো সঁচাকৈয়ে বানবিধ্বস্ত। কিন্তু ঠাইখনৰ অতিথিপৰায়ণ সাহিত্যনুৰাগী আৰু সংস্কৃতিপ্ৰেমী লোকৰ লগত মত বিনিময় কৰি মোৰ ভাব হ’ল যে বৈষয়িক চিন্তা-চৰ্চাৰ তীক্ষ্ণতাই বিধ্বস্ত কৰি যোৱা বহুতো গুৱাহাটীবাসী অসমীয়া মধ্যবিত্তৰ জীৱনতকৈ ধেমাজিবাসীৰ জীৱন ঈৰ্ষণীয়ভাৱে সুন্দৰ আৰু নিৰ্মল। তদুপৰি ফেচবুক, টুইটাৰৰ পিছত দৌৰি দৌৰি পাৰাপাৰ নোপোৱা আন চহৰৰ বাসিন্দাসকলৰ তুলনাত ধেমাজিত এতিয়াও গ্ৰন্থ অধ্যয়নৰ পৰম্পৰা সজীৱ আৰু সতেজ হৈ আছে। অসমীয়া গ্ৰন্থৰ বিক্ৰীও তুলনামূলকভাৱে ভাল। চিন্তাশীল লেখক বিপুল শৰ্মা আৰু কবি নবীন বুঢ়াগোহাঁইৰ সক্ৰিয় ততপৰতাত অনুষ্ঠিত মুখামুখি অনুষ্ঠানতো ডঃ কবিতা গগৈ, ডঃ পূৰৱী দুৱা, নিবেদিতা বড়া সন্দিকৈ, অমিয়া তামূলী বৰুৱা আৰু অৱনী নাথৰ দৰে আন বহু সাহিত্যনুৰাদী ব্যক্তিৰ সংস্পৰ্শত মই হৈ পৰিছিলোঁ আলোড়িত। সেই কাৰণেই সকলো সভাতে মই কৈছিলোঁ যে গুৱাহাটীয়ে যদি জীৱন উপভোগ কৰাৰ সুবিধা দিয়ে, ধেমাজিৰ দৰে ছায়ে দিয়ে জীৱন উদযাপন কৰাৰ সুবিধা। আৰু আজি মই দৃঢ়ভাৱে ক’ব পাৰো যে মাজুলী বা ধেমাজি সম্পৰ্কীয় মোৰ ধাৰণাটো প্ৰকৃত সত্যৰ পৰা বেছি নিলগত নহয়।
লেখক গুৱাহাটীত কৰ্মৰত আৰু মোবাইল নম্বৰঃ ৯৪৩৫০-৫২২৮২, 
লেখাটি নিয়মীয়া বাৰ্তাটো ৮জুলাইত প্ৰকাশ পাইছিল। ইউনিক'ড ৰূপান্তৰণ অজয় লাল দত্তৰ।

2 comments:

Post Bottom Ad

Responsive Ads Here

Pages