Friday, August 28, 2015

ইতিবাচক চিন্তা

আত্ম-উপলব্ধি
শশীমাই শইকীয়া দত্ত
আত্ম-অভিমানে মানুহৰ মদগৰ্বী কৰে। আত্ম-অভিমান ত্যাগ কৰিলেহে সকলোৰে প্ৰিয়পাত্ৰ হব পাৰি। অতিপাত আভূষণ আৰু প্ৰসাধন ব্যৱহাৰ কৰিলেই মানুহ সুন্দৰ নহয়, সুন্দৰ হয় বাৰভূষণ সৎ আচৰণ, সৎ বুদ্ধি সম্পন্ন মানসিকতা, সহজ সৰল জীৱন পদ্ধতি আৰু নিষ্ঠাৰে নীতি আদৰ্শত সদাচাৰৰ প্ৰয়োগেৰে। আভূষণেৰে প্ৰেম ভালপোৱা জুখিব নোৱাৰি। ইয়াক জুখিব পাৰি আত্মত্যাগৰ দ্বাৰাহে!

উচ্চ শিক্ষা গ্ৰহণ কৰি কিছু সংখ্যক লোকে নিজকে বিদ্বান বুলি ভাবি অহংকাৰত উফণ্ডি থাকি মানুহক মানুহ বুলিয়েই গণ্য নকৰে। সেই ব্যক্তিসকলে ভবা উচিত যে কোনোৱে আনুষ্ঠানিক শিক্ষাৰে উচ্চ শিক্ষিত নহলেও বাস্তৱিক সমাজৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আৰু বিচাৰ বুদ্ধি থাকিব পাৰে। যিটো কথা পণ্ডিত জৱাহৰ লাল নেহৰুৱে 'চহা আৰু পণ্ডিত' নামৰ কবিতাটিৰ জৰিয়তে প্ৰকাশ কৰিছিল।

শিক্ষিত ব্যক্তিয়ে ভাবে যে তেওঁলোকৰ দ্বাৰাহে জগতখন পৰিচালিত হৈ আহিছে। কিন্তু আমি যদি সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলে দেখা পাওঁ যে যি বিলাক ব্যক্তিয়ে হাড়ক মাটি কৰি তেজক পানী কৰি নিজ শ্ৰম দান কৰি দেশৰ বাবে অৰিহণা যোগাই আহিছে, তেওঁলোকৰ কোনো স্বীকৃতি নাই। কিন্তু কিছুমান পাবত গজা ব্যক্তি ওপৰে ওপৰে চলি পৰক কামত খটুৱাই বা পৰৰ শ্ৰমৰ ওপৰতে চলি নিজকে বিদ্যমান আৰু চালিকা শক্তিৰ প্ৰতীক বুলি জাহিৰ কৰি ফুৰে। তেওঁলোকে এনেহেন দেখুৱায় যেন তেওঁলোক নহ'লেই নচলে! তেওঁলোকে নাভাবে যে এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি সাগৰ ভৰি যোৱাৰ দৰে, কন কন বালিচাহি ইটে সিটে লগ লাগি ধৰণী ডাঙৰ সজাৰ দৰেই সৰু সৰু মানুহৰ সুকৰ্মৰ বলতহে এই জগত আৰু সমাজখন প্ৰকৃততে গতিশীল তথা বিকাশমান হৈ আছে!

এই সুক্ষ্ম দৃষ্টিৰে চালে ব্যক্তিবোধেৰে কোনো জ্ঞানী বা মহান নহয়। মহান মাত্ৰ কৰ্মৰ যোগেদিহে হব পাৰি। বৌদ্ধ জাতক সমূহতো পূৰ্ব-জন্মৰ কৰ্মফলৰ কথা উল্লেখ কৰি গৈছে স্বয়ং বু্দ্ধই। পৌৰাণিক শাস্ত্ৰ সমূহতো এই কথাকে উল্লেখ কৰা আছে যে, জীৱই নিজৰ কৰ্মৰ ফলতে য'তে ত'তে জন্ম লভিব লগীয়া হয়। ভাল কৰ্মই জীৱক উচ্চ স্থানলৈ নিয়ে আৰু বেয়া কৰ্মই নিয়ে নিম্ন স্থানলৈ।

এই সংসাৰত কোন কাৰ পত্নী, কোন কাৰ পতি, তাৰ কোনো চিৰস্থায়ী সম্পৰ্ক নাই, সকলো মাথো সময়ৰেখাৰ একোটা খণ্ডৰহে সংগী। মাত্ৰ কৰ্মৰ বলতহে একোটা জীৱশ্ৰেষ্ঠই সংসাৰত গতিশীল হৈ থাকে। আপোন-পৰ, শত্ৰু-মিত্ৰ, ধন-সম্পদ আৰু ৰূপ যৌৱন এই সকলো সংসাৰৰ মায়াৰ অংশ। মায়াই নচোৱা সূত্ৰৰে পুতলাৰ দৰে নাচি থাকে জীৱশ্ৰেষ্ঠ! ইয়াৰ বলতে মানুহে ভাল বেয়া কাম কৰে আৰু তাৰ ফলো এই সংসাৰতে ভোগ কৰে। আজি নতুবা, কিছু দিন দেৰিকৈ, ফল ভোগৰ নিশ্চিতি সময়ৰ শক্তিশালী হাতত! প্ৰশ্ন হয়, তেন্তে মানুহে নিজকে ক্ষণিকৰ ধন-ক্ষমতাৰে আত্ম-অভিমানত ওফন্দি নিজকে শ্ৰেষ্ঠ অথবা আনক হীন বুলি ভাবেই বা কিয়?

এই ধৰা ভগৱানৰে সৃষ্টি বুলি ধৰিলেও এই জীৱ-কূলত বা মানৱকূলত সকলোৱে পৰিপূৰক ভূমিকা আছে। উদ্ভিদৰ লগত জীৱৰ, বায়ুৰ লগত পানীৰ সম্বন্ধৰ দৰেই সমাজতো এইজনে সিজনৰ সৈতে দেখা-নেদেখা সম্পৰ্ক থাকে। কৰ্মৰ বাবেই স্বাৰ্থৰ সিদ্ধি বা বিৰোধৰ বাবেই ইয়াত সংজ্ঞা নিৰূপিত হয় শত্ৰু মিত্ৰৰ!

আমি জীৱশ্ৰেষ্ঠ হিচাবে প্ৰেমভাৱেৰে, হিংসা বিদ্বেষ নেওচি ত্যাগৰ মানসিকতাৰে, সততা, নীতিৰে সজাই সমাজখনক সুন্দৰ কৰি গঢ়ি তোলাৰ দ্বায়িত্ব আছে। সাময়িক ক্ষমতা-লোভ আদি মায়াৰ পাকত পৰি যিকোনো নীচ কামেই কৰিবলৈ সাজু থকাৰ অনৈতিক মানসিকতা ত্যাগ কৰিব নোৱাৰিলে মানুহ হোৱাৰ গৌৰৱ কৰিবইবা কেনেকৈ! শিক্ষাৰে মানুহৰ মন আলোকিত হয়, মানৱীয় গুণৰাজিৰ কৰ্ষণ হয়, মনে ভাল বেয়াৰ বিচাৰ কৰাৰ বাবে শক্তি লাভ কৰে। সেয়ে শিক্ষিত সকলে প্ৰথমে শিক্ষাক আত্ম-বিশ্লেষণৰ বাবে প্ৰয়োগ কৰিব লাগিব। ভাল-বেয়াৰ মাজৰ সংজ্ঞাবোৰ নিৰূপণ কৰি চলিলেহে সমাজৰ সকলোৰে কল্যাণ হব। ভালক ভাল, বেয়াক বেয়া বুলি কোৱাৰ সদ-সাহস গঢ়িব লাগিব। ইয়াৰ বাবে লাগিব মনৰ ভিতৰৰ আন্তৰিক শক্তি। আৰু "আত্ম-উপলদ্ধি"ৰ অভ্যাসেহে যোগাব পাৰিব সেই অতি প্ৰয়োজনীয় এনে শক্তিকন।

No comments:

Post a Comment