Wednesday, February 19, 2014

জীৱনৰ অনুভৱ

অসমীয়া বনাম অনা-অসমীয়া 
অনুপমা বৰগোহাঁই
দিল্লীৰ এখন খাপ পঞ্চায়তে উত্তৰ-পূর্বাঞ্চলৰ লোকসকলক দিল্লী ত্যাগ কৰিবলৈ সকীয়াই দিছে…   উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ওপৰত আক্ৰমণ  ....  

এনেবোৰ উত্তেজনাপূৰ্ণ প্ৰৰোচকৰ  খৱৰ বাতৰি কাকত আৰু দুৰদৰ্শন  যুগে প্রচাৰ হৈ থাকোঁতে মই ব্যস্ত আছিলোঁ দক্ষিণ ভাৰতলৈ কৰ্মসূত্রে বদলি হোৱা “ৰেখা মিশ্র” নামৰ  দিল্লীত চিনাকি হোৱা  মোৰ উত্তৰ প্রদেশৰ বান্ধৱীজনীৰ পৰিয়ালটোক  বিদায় দিবলৈ ! 

যি সময়ত “দিল্লীৰ এখন খাপ পঞ্চায়তে উত্তৰ-পূর্বাঞ্চলৰ লোকসকলক দিল্লী ত্যাগ কৰিবলৈ সকীয়াই দিছে”…   যি সময়তে এই বাতৰিটো বাতৰি পঢ়োঁতাই আওৰাইছে , সেই সময়তে বিমান উৰিবলৈ লোৱাৰ আগে আগে ফোনৰ চুইচ বন্ধ কৰিবলৈ লৈ মোলৈ  কান্দোনত ভাঙি পৰা মাতেৰে ফোন কৰিছে ৰেখাই : “... মুঝে ভুল না জানা হা !!” নোৱাৰোঁ  – কেতিয়াও নোৱাৰোঁ পাহৰিব ৰেখাক  তথা  ৰেখাৰ পৰিয়ালক !! হয় ,মোক লগ পোৱাৰ আগেয়ে ৰেখাৰ  অসম  তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ওপৰত বহুতো বিৰূপ ধাৰণা আছিল ।  তাই লগ পোৱা কিছুমান অসমীয়া লোকে নিজকে অসমীয়া বুলি ক’বলৈ বা চিনাকি দিবলৈও লাজ পাইছিল – সেয়ে তাইৰ অসম বা অসমীয়াৰ ওপৰত বিশেষ উচ্চ ভাৱধাৰাও নাছিল ।আমাৰ খাদ্য অভ্যাস, পোছাক পৰিচ্ছদ, ভাষা সংস্কৃতি সকলোৰে ওপৰত অন্য বহুতো  অনা- অসমীয়া লোকৰ দৰে  তাইৰো  ভুল  মনোভাৱ আছিল । 


প্রথম দিনা  মোৰ ঘৰত চাহত চুমুক দি তাই  সুধিছিল : “তহঁতি ইমান ধুনীয়া চাহ কৰিব জান !!  কিন্তু  মুখ্য খাদ্য  (তাইৰ ভাষাত খানা) সদায় ভাপত দি বা সিদ্ধ কৰি কেনেকৈ খাৱ ?  কিমান চাগে’ সেৰসেৰীয়া হয় !!” 
(ৰেখাই  সদায় মনৰ ভাব কোনোদিনে লুক-ঢাক  নকৰাকৈ খোলাখুলি কয় )।

মই  অলপো উত্তেজিত নোহোৱাকৈ হাঁহি মাৰি তাইক ক’লো  : “খাদ্যৰ প্রকৃত সোৱাদ কেনেকৈ লয় ,তাক জানিবৰ কাৰণে তোক মই অসমীয়া খাদ্য খোৱাম – আৰু তাৰ পিছত তই মন্তব্য কৰিবি ” । 


আৰু  সঁচাকৈয়ে আমাৰ অসমৰ  জহা চাউলৰ ভাত ,  সাধাৰণ ভাবে পাচ ফুৰণ দি  তেল  মৰা মচুৰ ডাইল , কয়লাত পোৰা আলুৰ  মিঠাতেল দি কৰা পিটিকা , বিলাহী দি ৰন্ধা জাতিলাওৰ  আঞ্জা  আদি খাই অন্য ৰাজ্যৰ ভাৰতীয় বন্ধু-বান্ধৱীৰ আগত  তাই আমাৰ অসমীয়া খাদ্যৰ  ভূয়সী  প্রশংসা কৰিছিল । নিৰামিষ ভোজী মিশ্র পৰিয়ালে আমাৰ ঘৰত অন্য আমিষ ভোজীৰ ঘৰত পোৱাৰ দৰে  কোনোদিনে মাছ-মাংসৰ “অকটা” গোন্ধ পোৱা নাছিল হেনো ।  আমাৰ অসমীয়া মানুহৰ পৰিষ্কাৰ -পৰিচন্নতা দেখি  সদায় মোহিত হৈছিল তেওঁলোক ।  আমাৰ কৰ্মসংস্কৃতি , আমাৰ কাপোৰ , আমাৰ বিহু তথা সত্রীয়া নৃত্য চাই ক’ব নোৱাৰা হৈছিল  ৰেখা !!

কোনো কোনো আলোচনীত ওলোৱা মোৰ লেখনি চাই ৰেখা মোতকৈয়ো বেছি  উৎসাহিত হৈছিল আৰু মোক অসমীয়া পঢ়িবলৈ শিকাই দিবলৈ সদায় কুটুৰি থাকিছিল । ময়ো যিমান পাৰোঁ শিকাইছিলোঁ ।  এটা সময়ত তাই  ক , প , ল আদি বৰ্ণবোৰ সুন্দৰকৈ চিনি পোৱা হ’ল । মোৰ নামটো   অসমীয়াত  য’তে পায় পঢ়ি শুনায় । 

মোৰ সন্তানৰ লগত অসমীয়াত কথা পতা শুনিলে মন্ত্রমুগ্ধৰ দৰে শুনি থাকে।  মাজে মাজে কয় “ ভাল , ভাল ..তোমল’গো কা অসমীয়া ( তাই কেতিয়াও ‘আসামী’ নকৈছিল ) ভাষা বহুত চুইট হে – A musical language !!”  মোৰ লৰা দুটাকো কয় “তহঁতি বৰ  ভাগ্যশালী । সেয়ে অসমীয়া পৰিয়ালত জন্ম ললি । অসমীয়া মানুহ পৃথিৱীৰ সকলো মানুহতকৈ সৎ আৰু অমায়িক । তহঁতি পৃথিৱীৰ যি ঠাইতেই নাথাক কিয় , অসমীয়া মানুহৰ এই গুণ কেইটা নেৰিবি !!”

মোৰ  প্রথম প্রকাশিত  গ্রন্থ “অনুভৱৰ জোঁটনি”খন  তাই দাবী কৰি মোৰ পৰা উপহাৰ হিচাপে লৈ গৈছে । বিমান বন্দৰত  তাইক নমাই থৈ আহোঁতে তাই বেগৰ পৰা মোৰ কিতাপ খন  উলিয়াই ক’লে : “চা তোৰ কিতাপ মই বেলেগ বস্তুৰ লগত ট্রাকত আহিবলৈ দিয়া নাই – মোৰ লগতে বিমানত উৰুৱাই লৈ যাম ..মোৰ বিশ্বাস আৰু প্রাৰ্থনা তোৰ  সকলোবোৰ লেখনি যেন কিতাপ আকাৰে প্রকাশ হয়  আৰু তোৰ ভাল   কাম যেন বহুত বহুত দূৰ -দূৰণিলৈ বিয়পি যায় !!”   

কোনো  উত্তৰ-পূৰ্বাঞ্চল , উত্তৰ- ভাৰত, দক্ষিণ ভাৰত বুলি কথা নাই - মানুহক মানৱীয়ৰ গুণৰ দ্বাৰাই  একান্ত আপোন  কৰিব পাৰি, ভুল বুজা বুজি দূৰ কৰিব পাৰি । নিজৰ অস্তিত্ব, নিজৰ ভাষা সংস্কৃতিক  যদি আমি সন্মান কৰো ,   সেইবোৰক লৈ গৌৰৱবোধ কৰো – আনেও আমাক সন্মান দিবলৈ বাধ্য । গৌতম বুদ্ধই সেয়ে  কৈ গৈছে    :” All that we are is  result of what we have thought “ !!

No comments:

Post a Comment