মিচা ক’লে কি ডাল হব! - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মিচা ক’লে কি ডাল হব!

Share This
কুৰি শতিকাৰ দ্বিতীয়-তৃতীয় দশকত ফেচবুক থকা হলে কি কি (ন)হ'লহেতেন?
- সুৰজিত নেওঁগ

কিছুমান কথা অৱধাৰিতভাৱে প্ৰায়ে মনলৈ আহে... 

যেনে সোনকালে শুৱা, সোনকালে উঠা (early to bed early to rise) ... আজিকালি আমাৰ দৈনন্দিন জীৱন যাত্ৰা এনেকুৱা হ'ল যে সোনকালে শুৱাৰ কথা ভাবিবই নোৱাৰো দেখোন। আমি সৰু থাকোতে আবেলি স্কুলৰ পৰা আহি নাকে কাণে ভাতমুঠি গুজি চিধাই খেলিবলৈ দৌৰ, কাণিমুণি বেলিকা উভতি আহি হাত-মুখ ধুই লেম্পৰ পোহৰত (মই সপ্তম শ্ৰেণীত থাকোতেহে আমাৰ ঘৰলৈ বিজুলী সংযোগ আহিছিল) অলপ সময় পঢ়িলো কি নপঢ়িলো টোপনিয়ে হেচাঁ মাৰি ধৰে। মায়ে কেতিয়া ভাত খাবলৈ মাতে আৰু তাৰ পিছতেই শুবলৈ পাওঁ তাৰ চিন্তাত থাকো। 'কি পঢ়িছ চাওঁ' বুলি দেউতাই ধমক মাৰিলে খকামকাকৈ মুখৰ আগত থকা কিতাপ-বহিবোৰ ওলোটা-ওভোতাকৈ ধৰো। 


জাৰকালি খুব বেছি বেছি ৮ মান বজাত শুবলৈ যাওঁ আৰু জহকালি অতি বেছি ৯-০০/৯-৩০ মান বাজে। পুৱা ৪ বজাত উঠি ঘৰৰ কাষৰ বৃহৎ খেলপথাৰ খনত এপাক দৌৰি বা খোজ কাঢ়ি আহিয়েই কিতাপত বহো। সচাঁ অৰ্থত পঢ়া বুলিলে সেই ২-৩ ঘন্টাই আমাৰ বাবে যথেষ্ট আছিল। খেলা বাদ দি আন আমোদ-প্ৰ্মোদৰ একমাত্ৰ সংগী ৰেডিঅ'টো। প্ৰথম অৱস্থাত আমাৰ ঘৰত এটা প্ৰ্কাণ্ড এইচ এম ভি ৰেডিঅ' আছিল। তাৰ বেটেৰীটোও সমানেই ডাঙৰ আৰু গধূৰ, ৰঙা ৰঙৰ আয়্তাকাৰ এভাৰেডী ক'ম্পানীৰ। পিছলৈ সেই ৰেডিঅ'টো বেয়া হোৱাত ফিলিপ্সৰ এটা পৰ্টেবল ৰেডিঅ' আহিল...। 

এই সাধুকথাবোৰ আমাৰ ল'ৰাটোক প্ৰায়ে ৰাতি বিচনাত শুনাও। প্ৰায় একেখন ৰেকৰ্ডেই সদায় বাজি থকাত সিও আজিকালি আমনি পোৱা হৈছেগৈ ! সিঁহতে ৰেডিঅ' মানে এফ এম হে বুজে। গীতিমালিকা, বৰ্ণালী, সুৰৰ সাতসৰী, দেওবৰীয়া অকণিৰ মেল বুলি ক'লে একো নুবুজেও আৰু বুজিবলৈ কোনো চেষ্টা বা উৎসুকতাও দেখা নাপাওঁ। প'কেমন, টম এণ্ড জেৰি, ডিস্ক'ভাৰি, ভাড়াঘৰ, এইচ বি অ' আদিত কেতিয়া কি প্ৰ্গ্ৰাম সেইবোৰ নখদৰ্পণত। 

তাৰোপৰি কম্পিউটাৰত ১৫ মিনিটমান হলেও গেম এচাট নামাৰিলে তাহাঁতৰ বোলে ভালকে টোপনীয়ে নাহে। ফেচবুক কি, এতিয়াও অৱশ্যে সি ভালকৈ বুজি উঠা নাই !! গতিকে ইমান ব্যস্ততাৰ পি্ছত শুবলৈ যাওঁতে মোটামুটি বাৰ বাজিবলৈ কেই মিনিট মানহে থাকেগৈ। আৰু পূৱা ৬ বজাত ঠেলি হেঁচি উঠোতে ৬ বাজো বাজো। মাজত মাত্ৰ এঘন্টা। মুখ-ধোৱা, গা-ধোৱা, কিতাপ বেগত ভৰোৱা, জলপান খাই ইউনিফৰ্ম পিন্ধি কেতিয়াবা চুইমিং চুট, কেতিয়াবা যোগ-ব্যায়ামৰ মেটখন লৈ বাচৰ বাবে ওলাবলৈ হাতত কেই চেকেণ্ড মান থাকেগৈ... মুঠতে আৰলি টু বে'ড এণ্ড আৰলি টু ৰাইজ ইজ আ মিথ... 

এইবোৰকে ভাবি ভাবি বিচনাৰ পৰা উঠো। একেই ৰুটিন। চাহ-জলপান খাই ট্ৰেফিক জামত ফচি ফচি কোনোমতে সময়তকৈ কেই মিনিট মান পলমকৈ অফিচ পাওঁহি। কেতিয়াবা (নহয়, প্ৰায়ে ভাবো) ভাব হয়, আমাৰ সময়ত ফেচবুক থকা হলে.. কি কৰিলো হেতেন বাৰু? কমপিউটাৰ, লেপটপ, টেবলেট, ন'টপড আদিক লৈ ইমান মাথা নামাৰো; কাৰণ ফেচবুক থাকিবলৈ হ'লে এইবোৰো থাকিল হেতেন.... আড্ডা মৰাৰ টাইম, প্ৰেয়সীলৈ বাৰ্তা পঠিওৱা, পঢ়া ন'ট এক্সচেঞ্জ আদি কামবোৰ ফেচ বুকতেই হ'ল হেতেন... আহ, কেনে মজাৰ দিন হ'লহেতেন ... আৰু অলপ আগুৱাই ভাবো আমাৰ মা-দেউতা হতঁৰ দিনত ফেচবুক থকাহলে... কি হ'ল হয় বাৰু?? ওমমম.... আৰু এঢাপ আগুৱাই কল্পনা কৰো আহকছোন, কুৰি শতিকাৰ দ্বিতীয়-তৃতীয় দশকত ফেচবুক থকা হলে কি হ'ল হেতেন? ভাবকছোন .... ষ্টেটাচ আপডেটবোৰ নিৰ্ঘাট এনেকুৱা হ'ল হেতেন ....
# 'আমি আমাৰ দেশ স্বাধীন কৰিবই লাগিব, যিকোনো মূল্যৰ বিনিময়ত...' লগে লগে ১০০০ লাইক ...
# 'যিকোনো উপায়েৰে বৃটিছক আমাৰ দেশৰ পৰা খেদিবই লাগিব' ... আপোনাৰ আপডেটৰ ১৫০০০ হাজাৰ মান শ্বেয়াৰ ...
# 'স্বাধীনতা আমাৰ জন্মস্বত্ব..' অগণন চুপাৰ লাইক, বুঢ়া আঙুলীটো ওপৰলৈ (থাম্বচ আপ !) থকা দেধাৰ কমেন্ট...

এইবোৰ আমি ঘৰতে বহি কৰিব পাৰিলোহেতেন... মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ, ধৰ্ণা, আন্দোলন কৰিবলৈ বাটলৈ ওলাই যাব লগা নহ'ল হেতেন .... ফলত ফলত আমাৰ দেশে কেতিয়াও স্বাধীনতা নাপালে হেতেন ........!!!!!!! 

ঠিক এতিয়া যেনেদৰে আমি কৰি আছো .... 
# 'বৃহৎ নদীবান্ধ বন্ধ হবই লাগিব...',
# 'দুৰ্নীতি সহ্য কৰাৰ দিন ওকলিল...',
# 'বলাৎকাৰীক ফাঁচি দিয়াটো আপুনি যদি বিচাৰে তেন্তে ইয়াত লাইক কৰক...',
# অখিল গগৈ এণ্ড পাৰ্টিয়ে গৰমত বেংকৰ আগত ধৰ্ণা দিছে থলুৱাৰ স্বাৰ্থ ৰক্ষাৰ বাবে আৰু আমি ইয়াত (ফেচবুকত) আপডেট দিছো 'থলুৱাক বঞ্চনা কৰা নচলিব, খেতিয়্ক, ৰিক্সাৱালা. দুখীয়াক নুন্যতম ঋণ ষ্টেট বেংকে দিবই লাগিব'... বচ, এসোপা লাইক, চুপাৰ লাইক, শ্বেয়াৰ ...
# 'আমাৰ ধৰাখন সেউজীয়া কৰি ৰাখক...' বুলি আপডেট দিয়াৰ লগে লগে হাজাৰ বাৰশ লাইক.. আপুনি, মই এজোপাও গছ নোৰোৱাকৈয়েই আমাৰ ধৰাখন সেউজীয়া হৈ গ'ল .. চাওকছোন কিমান সুবিধা ফেচবুকৰ কৃপাত ... 

মুঠতে ফেচবুক থকা বাবে আমাৰ বহু লাভ সুবিধা হৈছে... কিন্তু... কিন্তু কুৰি শতিকাৰ দ্বিতীয়-তৃতীয় দশকত ফেচবুক থকা হলে আমাক ইংলণ্ডলৈ যাবলৈ এতিয়াও পাচপৰ্ট ভিচা নালাগিল হেতেন .... 

[মুম্বাইস্থিত মোৰ এগৰাকী অনা-অসমীয়া বান্ধবীৰ ফেচবুক প'ষ্ট এটাৰ আতঁ ধৰি দেশ স্বাধীন হোৱাৰ আগতে ফেচবুক থকা হলে কথাখিনি যুগুতাইছো...]

3 comments:

  1. লেখাটো পঢি চুপাৰ লাইক এটা নিদি নোৱাৰিলো । সুন্দৰ

    ReplyDelete
  2. কথাখিনি পঢ়ি নিজেই নিজৰ ৰুটিনখন চাওঁ৷ সদায় ভাবো সোনকালে শুম৷ কিন্তু নহয়গৈ৷ কাৰণ ফে'চবুক৷ ফে'চবুকতযে মই একেবাৰে আসক্ত তেনে নহয়৷ কিন্তু সকলোৰে অফিচ, দৈনন্দিন কাম আদি থাকে, গতিকে এইখন দুনিয়া আৰম্ভ হয় ৰাতি৷ তাতে মোৰ বিদেশত থকা বন্ধুকেইজনক তেতিয়াহে সক্ৰিয় হয় যেতিয়া মোৰ ইয়াত ৰাতি হয়৷ যাৰ ফলত ৰাতি 12-1 বাজে৷ এটা কথা ঠিক কিন্তু বহু সময়ত ই আমাৰ বহু অমূল্য সময় নষ্ট কৰিছে৷

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages