জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
অসমীয়া ভাষা প্ৰকৃততে কয় কোনে ? 
ডঃ স্তুতি ৰঞ্জিত কোঁৱৰ 
বহাগ বিহুত ঘৰত থাকিম বুলিয়েই অলপ দীঘলীয়া চুটিত মই অসমলৈ ৰাওণা হ’লোঁ । মোৰ মাৰ ঘৰ সোনাৰিত আৰু মই বিয়া হৈছো মৰাণৰ তিলৈলৈ । দুয়োখন ঘৰতে থাকিম বুলি যাওঁ যদিও বছৰেকৰ বিহুটিত শহুৰৰ ঘৰখনত থকাটোৱে সদায় বিশেষভাৱে প্ৰাধান্য পায় । এয়া আমাৰ সমাজ ব্যৱস্থা । 

সেয়ে প্ৰত্যেকবাৰেই নিজৰ ঘৰখনত মাক অকলশৰীয়াকৈ এৰি থৈ শহুৰ, শাহু আৰু ননদেৰে ভৰা মোৰ স্বামীৰ ঘৰখনলৈ বিহুৰ কেইদিন যাব লগীয়া হোৱাত স্বাভাৱিকতে মনত অলপ দুখ লাগে ।
বোৱাৰী হ’লোঁ যেতিয়া এতিয়া বিহুৱে সংক্ৰান্তিয়ে শহুৰৰ ঘৰখনত থকাটোৱে আমাৰ সমাজৰ নিয়ম, কথাষাৰ মানি ল’বলৈ বাধ্য হৈ পৰোঁ । কিন্তু গোটেই বাটছোৱাত মাৰ কৰুণ মুখখনে মোক আমনি কৰে যদিও স্বামীৰ গৃহত প্ৰৱেশ কৰাৰ লগে লগে সকলোৱে যি উষ্ণ আদৰণি জনায়, সেই মৰমে মাৰ সেমেকি উঠা মুখখন কিছু পৰিমানে হ’লেও মনৰ পৰা আঁতৰ কৰে, এয়া মই স্বীকাৰ নকৰিলে হয়্তু মোৰে ভুল হ’ব । 

যোৱাবাৰ বহাগৰ বিহুটিত শহুৰৰ ঘৰখনত আয়োজনো অনেক আছিল । দূৰৈত থকা পো-বোৱাৰী আহিব বুলিয়েই কৰা এনে ধৰণৰ আয়োজনবোৰ দেখিলে মই প্ৰায়ে আবেগিক হৈ পৰোঁ । যি নহওঁক , বিহু বুলিয়েই মোৰ ননদে ম’হৰ গাখীৰৰ দৈ বন্দৱস্ত কৰি থৈছিল একেবাৰে মধুপুৰৰ এটা ম’হৰ খুঁটিত। মধুপুৰ হৈছে মৰাণ পাৰ হৈ বৰবৰুৱা চাহ বাগিছৰ সমীপৰ এটোকোৰা অতি ভিতৰুৱা ঠাই । য’ত অধিক সংখ্যক লোক নেপালী সম্প্ৰদায়ৰ । খুঁটিৰ পৰা গাখীৰ আনিম বুলিয়েই সেইদিনা আমি মধুপুৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ । সৰুৰে পৰা খুঁটিৰ কথা শুনি আহিছোঁ যদিও এনেদৰে খুঁটিলৈ গৈ গাখীৰ বা দৈ অনাৰ অভিজ্ঞতা মোৰ এইবাৰে প্ৰথম । মৰাণৰ পৰা ডিব্ৰুগড়লৈ যোৱা ৰাস্তাত বৰবৰুৱা চাহ বাগিছা পোৱাৰ আগে আগে বাওঁফালে সোমাই গ’লে মধুপুৰ পোৱা যায় । মৰাণৰপৰা প্ৰায় ৫০ কিমি যাত্ৰা কৰি, কেইবাখনো গাওঁ অতিক্ৰমি আৰু মানুহক সুধি সুধি আমি অৱশেষত মধুপুৰ পালোঁগৈ । 
যিটো খুঁটিৰ পৰা আমি গাখীৰ লোৱাৰ কথা আছিল তেওঁলোক উত্তৰপ্ৰদেশৰ মানুহ । কিন্তু তেওঁলোকৰ অসমত বসবাস কৰা আজি এটা যুগ পাৰ হ’ল । ঘৰৰ সমুখৰ ৰাস্তাৰ সিটো পাৰে এখন বৃহত পথাৰ । পথাৰ য’ত শেষ হৈছে তাৰ কাষেদিয়ে ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছে । পথাৰখন ইমানেই ডাঙৰ আছিল যে আমি ব্ৰহ্মপুত্ৰ কাষেৰে বৈ যোৱাৰ কোনো উমানেই নাপালোঁ হেতেন যদিহে আমাক তেওঁলোকে ব্ৰহ্মপুত্ৰৰ অৱস্থিতিৰ কথা নজনালে হেতেন । তেওঁলোকে আমাক ইয়াকো জনালে যে কিদৰে বাৰিষাৰ বাঢ়নী পানীয়ে তেওঁলোকৰ চকুৰ আগত থকা এই পথাৰ সদৃশ খেতিৰ মাটি পানীৰ তলত জাহ নিয়ায় । কিদৰে এই বাঢ়নী পানীয়ে তেওঁলোকৰ খেতি-পথাৰ উটুৱাই নিয়াৰ উপৰিও ঘৰ দুৱাৰো গচকি থৈ যায় । বাৰিষাৰ বাঢ়নী পানীৰ কবলৰ পৰা মুকলি হোৱাৰ পিছতো তেওঁলোক নানান সমস্যাৰ পৰা হাৰি নাযায় । ওচৰৰ হাবিৰ পৰা এশ দুশকৈ দল বান্ধি অহা হাতীৰ বৃহত জাকবোৰেও তেওঁলোকৰ বহুত অনিষ্ট কৰে । এই হাতীয়ে বহুতৰ ঘৰ-বাৰী পৰ্য্যন্ত ভাঙি থৈ যায় । তথাপিও এই মানুহ খিনিয়ে এই অঞ্চলটোত সুখেৰেই দিন অতিবাহিত কৰিছে। নিজৰ জীৱন নিৰ্বাহৰ এনে দুৰ্যোগৰ মুহুৰ্ততো তেওঁলোকে সাহসেৰে সকলো কথা পিছ পেলাই জীৱনটোক অশেষ কষ্টৰে হ’লেও জীয়াই আছে ।

যাদব উপাধিৰ এইটো পৰিয়ালৰ ল’ৰা এজন মোৰ ননদৰ সহপাঠী আছিল । তেওঁলোকে একেলগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম ফিল কৰা । সেইসূত্ৰেই এইটো পৰিয়ালৰ সৈতে মোৰ শহুৰৰ ঘৰখনৰ এটা ভাল সম্বন্ধ । ননদৰ সহপাঠীজনৰ ককায়েকে ম’হৰ খুঁটিৰ লগতে শাক পাচলি আৰু আন বহুতো খেতি বাতিৰে পৰিয়ালটো চলাই আছে । মাটিৰ এটা নূন্যতম সুবিধা থকা এটা সাধাৰণ ঘৰ তেওঁলোকৰ । আমি যোৱাৰ লগে লগে আমাক আথে বেথে গাড়ীৰ পৰাই আগবঢ়াবলৈ ওলাই আহিল ঘৰৰ জ্যেষ্ঠজন । তেওঁ আমাক হাতযোৰ কৰি তেওঁলোকৰ ঘৰত একাপ চাহ খাই যাবৰ কাৰণে শুদ্ধ অসমীয়াত যেতিয়া আমাক আমন্ত্ৰন জনালে, মই তেওঁৰ শুদ্ধ অসমীয়া শুনি আচৰিত নহৈ নোৱাৰিলোঁ । তেওঁৰ লগত শাৰী পৰিহিতা আৰু ওৰণি লোৱা তেওঁৰ পত্নী । মোৰ শাহুআয়ে গৃহিনীয়ে অসমীয়া বুজি নাপাব বুলি হিন্দীত যেতিয়া কথা পতা আৰম্ভ কৰে, আমাক সকলোকে আচৰিত কৰি তেওঁ আমাৰ কথাৰ উত্তৰ দিয়ে অসমীয়াত !! ইমান শুদ্ধ অসমীয়া এগৰাকী উত্তৰ প্ৰদেশৰ বোৱাৰীয়ে কোৱাত মই স্বাভাৱিকতে সচকিত হৈ উঠিলোঁ । মোৰ ননদে সহপাঠীজনৰ সৈতে মোবাইলত অসমীয়াত কথা পতা শুনিছিলোঁ যদিও মই তেতিয়ালৈকে ভবা নাছিলোঁ তেওঁলোক অসমীয়া নহৈ উত্তৰ প্ৰদেশৰ লোক হ’ব পাৰে বুলি । কাৰণ আমি যিমান কেইখন গাওঁ অতিক্ৰম কৰিলোঁ আটাইকেইখনেই নেপালী গাওঁ । তাৰ মাজতে কোনোবা লোকে উত্তৰ প্ৰদেশৰ পৰা আহি যে ইয়াৰ বাসিন্দা হৈ ইয়াতে গাখীৰৰ ব্যৱসায়ৰ লগতে আন আন খেতিও কৰিবহি, মই ভবা নাছিলোঁ । 

যাদৱ পৰিয়ালৰ জ্যেষ্ঠজনে আমাক ঘৰৰ ভিতৰলৈকে আগবঢ়াই আনি চৰা ঘৰত বহিবলৈ দিলে । চৰাঘৰত বহিব পৰাকৈ এখন মাত্ৰ বেঞ্চ আছিল । তাতে আমি সকলো বহি পৰিলোঁ । আমাক দীঘল ওৰনি লৈ আগবঢ়াই অনা বোৱাৰী গৰাকী এইবাৰ আখল ঘৰত সোমাই আমালৈ চাহ বনাবলৈ গ’ল । ৫০ কিমি যাত্ৰাৰ অৱসাদ শুদ্ধ গাখীৰত বনোৱা একাপ চাহে দূৰ কৰিব বুলি ভাবিয়েই আমি আনদিত হৈ পৰিলোঁ । তেনেতে এজন এজন কৈ পৰিয়ালৰ সকলোৱে আমাৰ লগত চিনাকী হ’বলৈ ওলাই আহিল । কোনোবাই অসমীয়া ভালকৈ বুজি নাপাব বুলিয়েই আমি তেওঁলোকক হিন্দীত সোধা প্ৰত্যেকটো কথাৰ তেওঁলোকে উত্তৰ দিয়ে শুদ্ধ অসমীয়াত । হিন্দী নাইবা ইংৰাজী মাধ্যমত নপঢ়ি অসমীয়া মাধ্যমৰ বৰবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা যাদৱ পৰিয়ালৰ সদস্যসকলৰ অসমীয়া ভাষাৰ ওপৰত থকা দখল দেখি মই তবধ মানিছিলোঁ । তেওঁলোকক অনা অসমীয়া বুলি মোৰ মানি ল’বলৈ টান লাগিছিল । 

অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ সংকটৰ দিনত এনেধৰণৰ কিছুমান উদাহৰণে আমাক কিছু পৰিমানে হ’লেও আনন্দ দিয়ে । অসমত প্ৰকৃততে কোনে অসমীযা কয় ? নিজৰ মাতৃভাষাটো পঢ়িব লিখিব নজনা অনেক মানুহ মই লগ পাইছোঁ । নিজকে এজন অসমীযা বুলি ইংৰাজীত চিনাকি দিয়া মানুহো মই লগ পাইছোঁ । মই ব্যক্তিগতভাৱে এনে বহু মানুহ লগ পাইছোঁ যিয়ে অসমীয়া ভাষাটো একেবাৰে পঢ়িব লিখিব নাজানো বুলি গৰ্বৰে সকলোৰে আগত স্বীকাৰ কৰে । যিমানেই মানুহ শিক্ষিত হৈছে , যিমানেই মানুহৰ জীৱন যাত্ৰাৰ উন্নীতকৰণ হৈছে , সিমানেই যেন অসমীয়া মানুহৰ নিজৰ মাতৃ ভাষাটোৰ প্ৰতি আওকাণ বাঢ়ি গৈছে । আজিৰ আধুনিক অসমীয়াই মাতৃভাষাতকৈ হিন্দী আৰু ইংৰাজীত কথা পাতিহে যেন বেছি সুবিধা অনুভৱ কৰে তেনে ভাৱধাৰাই সকলোকে চাৰিওফালৰ পৰাই চানি ধৰিছে । আজি অসমতে অসমীয়া কোৱা মানুহ দিনক দিনে কমি আহিছে । নিজৰ দেহৰ ঘাম মাটিত পেলাই বহু কষ্টৰে নিজৰ জীৱিকা আৰ্জন কৰা শ্ৰমিক শ্ৰেণীটো নাইবা গাঁৱৰ চহা খেতিয়ক সকলৰ মুখতহে সচাঁ অৰ্থত আমি থলুৱা ভাষাটো শুনিবলৈ পাওঁ । কাৰণ পঢ়া-শুনা কৰিব পৰাকৈ এইসকল লোক সামৰ্থ্য নোহোৱাৰ বাবেই চাগে তেওঁলোকে হিন্দী নাইবা ইংৰাজী ক’ব নোৱাৰে । শিক্ষাৰ পোহৰেৰে চাৰিওফালে দশোদিশ উজ্জ্বলোৱাৰ দিনতে আমি মাতৃভাষাৰ অস্তিত্ব ৰক্ষাৰ আন এটা শংকাতো ভুগিব লগা হৈছে । আজিকালি শিক্ষিত মানেই যেন মাতৃভাষাৰ বাদে আন সকলো ভাষা ক’ব পৰা যিকোনো ডিগ্ৰীধাৰী একোজন আধুনিক ব্যক্তি ! 

অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে উঠি পৰি লাগি থকা সাহিত্যিক নাইবা বুদ্ধিজীৱিসকলেও নিজৰ পিছৰ প্ৰজন্মক যে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণৰ বাবে উত্সাহিত কৰিছে তাতো আমাৰ সন্দেহ থাকি যায় । অসমীয়া মাধ্যমত নাইবা নিজৰ মাতৃভাষাত অধ্যয়ন কৰাৰ ক্ষেত্ৰত সকলোতে যেন আমাৰ এটা প্ৰশ্ন বোধক চিহ্ন ৰৈ যায় । অসমীয়া মাধ্যমত শিক্ষা গ্ৰহন কৰাটোক আজিৰ কেইজন অসমীয়াই জীৱনৰ প্ৰতি এটি ভাবুকি বুলি মনা নাই ? কেইজন অসমীয়াই নিজৰ সন্তানক অসমীয়া মাধ্যমত পঢ়ুৱাই বিনাদ্বিধাই নিজ মাতৃভাষাৰ জ্ঞান দিয়াইছে ? কেইজন অসমীয়াই আজিৰ দিনত অসমীয়া মাধ্যমত পঢ়াটো মূৰ্খামি বুলি ভবা নাই ? 

সিদিনা বিহু সংখ্যাৰ এখন দেওবৰীয়া আলোচনীত এটা প্ৰৱন্ধ পঢ়িলোঁ । জেতুকাৰ বিষয়ে লিখা সেই প্ৰৱন্ধটোত উক্ত লেখকজনৰ অসমীয়া ভাষাটোৰ প্ৰতি থকা নূন্যতম জ্ঞানখিনি দেখি আচৰিতো হৈ পৰিলোঁ । মই নিজে অসমীয়া ভাষাত কোনো বিশাৰদ নহয় , নতুবা মই কোনো ভাষাবিদো নহয়। কিন্তু এগৰাকী সাধাৰণ পাঠক হিচাবেই মোৰ সেইদিনাৰ প্ৰৱন্ধটোত দুটামান কথা চকুত পৰিছিল । লেখকজনে লিখিছে জেতুকাক ইংৰাজীত ‘হেনা’ বুলি কয় আৰু আজিকালিৰ অসমীয়া ছোৱালীবোৰে হেনো জেতুকাৰে মেহেন্দী আঁকে ! ভাষাৰ এনে প্ৰয়োগত নিজে হতবাক নহৈ নোৱাৰিলোঁ ।

অসমীয়া ভাষাটো শেষত গৈ আমি গাঁৱলীয়া, অশিক্ষিত বুলি পুতৌ কৰা অসমৰ সাধাৰণ খেতিয়ক তথা গাঁৱৰ লোকসকলৰ মাজতহে বাচি থাকিবগৈ। অসমত ব্যৱসায় কৰিবলৈ অহা ভাৰতৰ আন আন ৰাজ্যৰ লোকসকলেও ব্যৱসায়ৰ স্বাৰ্থতে আয়ত্ব কৰা অসমীয়া ভাষাক পিচলৈকে ধৰি ৰাখিবগৈ । তদুপৰি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নামত সকলোৰে চিন্তাৰ কাৰক হৈ পৰা আৰু বাংলাদেশী বুলি খেদি পঠাবলৈ উদ্যত হোৱা এইলোক সকলৰ মাজতো অসমীয়া ভাষা জীয়াই থাকিবগৈ । মুম্বাইত বহুতে মোক কথাই প্ৰতি ইংৰাজী ব্যৱহাৰ নকৰাৰ বাবে গাঁৱলীয়া বুলি হাঁহে । কাৰণ আজিৰ শিক্ষিত প্ৰজন্মৰ নিচিনাকৈ মই পাঁচটা অসমীয়া বাক্য ক’লে তাৰে চাৰিটা ইংৰাজীত নকওঁ । মই অসমীযা ক’লে অসমীয়াই কওঁ । যিকোনো এটা কথা বেছি ভালকৈ বুজাবলৈ হ’লে মই মাতৃভাষাতহে বেছি সুবিধা অনুভৱ কৰোঁ । আনৰ নিচিনাকৈ কথাই প্ৰতি ইংৰাজী ব্যৱহাৰ নকৰাৰ বাবেই চাগে মই আনৰ দৃষ্টিত গাঁৱলীয়া । পঢ়া-শুনা অলপ নকৰা হ’লে কিজানি এইসকল লোকে মোক গাঁৱলীয়াৰ লগতে অশিক্ষিত বুলিও হাঁহিলেহেতেন । কিন্তু এই কথা মই নিৰ্ভয়ে আৰু আত্মবিশ্বাসেৰে কওঁ যে কোনোবা অসমীয়া বন্ধুক লগ পালে হিন্দী, ইংৰাজীতকৈ অসমীয়াত কথা পাতি মই বেছি ভাল পাওঁ । আপুনি অসমীয়া নেকি বুলি ইংৰাজীত সুধা প্ৰশ্নৰ উত্তৰো অসমীয়াত দি ভাল পাওঁ । ভাষাৰ আয়ত্ব যিমানেই আমি কৰিম সিমানে ভাল । কিন্তু নিজৰ মাতৃভাষাক পিছ পেলাই কোনো ভাষাই আমি আয়ত্ব কৰাটো উচিত নহয় । কিন্তু এইষাৰ কথাই আজিকালি প্ৰায়ে সকলো ঠাইতে সকলোকে সোঁৱৰাই থাকিবলগীয়া হোৱাটোৱেই অতি পৰিতাপৰ কথা। 

সেয়েহে কওঁ, নিজকে অসমীয়া বুলি সগৌৰৱেৰে আনৰ আগত চিনাকি দিব পৰাকৈ নাইবা মাতৃভাষা নাজানো বুলি ক’বলৈ চৰম লজ্জাবোধ কৰা এনে একোটা দিনৰ বাবে আমি সকলো এতিয়াও আশাবাদী । আধুনিকতাৰ দৌৰত ব্যস্ত থকা একোখন সমাজত থাকিও আমি প্ৰত্যেকেই এনেদৰে একোটা আশা কৰিব নোৱাৰোঁনে ?
(লেখাটি সাদিনতো প্ৰকাশ পাইছে ।) লেখিকাৰ ঠিকনা : গণিত বিভাগ , আই আই টি বম্বে, প’ৱাই, মুম্বাই :400076, ফোন নম্বৰ : 09769335742

2 comments:

  1. 'অসমীয়াৰ সুখ-দুখ'ত ড. স্তুতি ৰঞ্জিত কোঁৱৰে লিখা ('সাদিন'তো প্ৰকাশিত) 'অসমীয়া ভাষা প্ৰকৃততে কয় কোনে ?' লেখাটো ( http://goo.gl/VE4wKW )ৰ মূলভাৱৰ লগত যথেষ্টখিনি সহমত প্ৰকাশ কৰিলেও লেখাটোৰ তলৰ অংশটো অসমতুল আৰু আপত্তিজনক বুলি বিবেচনা কৰোঁ।

    " ... অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে উঠি পৰি লাগি থকা সাহিত্যিক নাইবা বুদ্ধিজীৱিসকলেও নিজৰ পিছৰ প্ৰজন্মক যে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণৰ বাবে উত্সাহিত কৰিছে তাতো আমাৰ সন্দেহ থাকি যায় । অসমীয়া মাধ্যমত নাইবা নিজৰ মাতৃভাষাত অধ্যয়ন কৰাৰ ক্ষেত্ৰত সকলোতে যেন আমাৰ এটা প্ৰশ্ন বোধক চিহ্ন ৰৈ যায় । অসমীয়া মাধ্যমত শিক্ষা গ্ৰহন কৰাটোক আজিৰ কেইজন অসমীয়াই জীৱনৰ প্ৰতি এটি ভাবুকি বুলি মনা নাই ? কেইজন অসমীয়াই নিজৰ সন্তানক অসমীয়া মাধ্যমত পঢ়ুৱাই বিনাদ্বিধাই নিজ মাতৃভাষাৰ জ্ঞান দিয়াইছে ? কেইজন অসমীয়াই আজিৰ দিনত অসমীয়া মাধ্যমত পঢ়াটো মূৰ্খামি বুলি ভবা নাই ? ....."

    অৱশ্যে ব্যক্তিগতভাৱে "সাহিত্যিক নাইবা বুদ্ধিজীৱি" নাইবা "অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে উঠি পৰি লাগি থকা" এই কোনো এটা বকলাকেই গাত সানি লব পৰাৰ অৰ্হতা নাই।

    এইখিনি কথাৰ লগত সামঞ্জস্য থকা এটা আলোচনা তথা বিভিন্নজনৰ মতামত সাহিত্য ডট অৰ্গত প্ৰকাশ হৈছিল। এবাৰ চকু ফুৰাই চাব পাৰে। (http://goo.gl/VUprmJ)

    ReplyDelete
  2. O Sruti Ba .. Bor val lagil dei apunar Pobondho 2 pohi. kotha khinie kiba monot amar akhomiya bhakhar aloi athanir kotha akou ebar huworai dile.

    ReplyDelete