মিছা ক'লে কি ডাল হব(হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিছা ক'লে কি ডাল হব(হাস্য ব্যংগ)

মিছা ক'লে কি ডাল হব(হাস্য ব্যংগ)

Share This
টি.আৰ.পি চিকাৰী "হেহমেন"!
 ঈশানজ্যোতি বৰা
পদপথৰ অস্থায়ী দোকানখনৰ একমাত্ৰ বেঞ্চখনত বহি বীৰ আৰু বাহাদুৰে আয়ূস উকলি যোৱা পৰঠাটো চোবাবলৈ অহোপুৰুষাৰ্থ কৰি আছে৷ শিলগুটিৰ দৰে টান হৈ পৰঠাটোৰ লগত যুঁজ কৰি এসময়ত বাহাদুৰৰ দাঁতকেইটাৰ ভাগৰ লাগিল হ’বলা৷অশ্লীল শব্দ এটা উচ্চাৰণ কৰি পৰঠাটো ঠেকেচি ষ্টিলৰ প্লেটখনত সি শোৱাই থ’লে৷ বীৰৰ কথাটো আকৌ সুকীয়া৷ দুয়োখন হাতৰ সুপ্ৰয়োগেৰে বীৰে পৰঠাৰ এডোখৰ বখলিয়াবলৈ ইতিমধ্যেই সক্ষম হৈছে৷ বাকীডোখৰৰ লগত যুঁজ দিয়াত বৰ্তমান সি ব্যস্ত হৈ পৰিছে৷ বাহাদুৰে বীৰলৈ ঈৰ্ষাৰ দৃষ্টিৰে চাই ৰ’ল৷

“তামাম ৰে !”- তেনেতে দোকানীজনৰ মুখত প্ৰশংসাসূচক কথা এষাৰ ফুটি উঠিল৷ দোকানীৰ দৃষ্টি অনুসৰণ কৰি বাহাদুৰেও ৰাস্তাৰ সিটোপাৰে চাই পঠিয়ালে৷ হাতে হাতে একোটা ছাতি লৈ দুগৰাকী স্বল্পবসনা যুৱতী ৰাস্তাৰ ওপৰেৰে লয়লাস ভংগীমাৰে গৈ আছে৷ যুৱতী নহৈ সমুখত সেইয়া যেন এসোপা সোণ-ৰূপৰ মুদ্ৰাহে৷ বাহাদুৰৰ চকুহালত অদ্ভুত তিৰবিৰণি৷

“পৰঠা থ’৷ আৰু সেইফাল চা৷”-বীৰৰ গাটো জোকাৰি দি বাহাদুৰে কৈ উঠিল৷

“কি?”

প্ৰশ্নৰ উত্তৰ পাবলৈ বীৰৰ বেছি পৰ নালাগিল৷ মঙহাল হৰিণ এটা নিচেই সমুখত দেখি তাৰ মঙহৰ জুতি ল’বলৈ উত্ৰাৱল হৈ উঠা ভোকাতুৰ বাঘটোৰ তৎপৰতাখিনি এইমুহূৰ্তত বীৰৰ অভিব্যক্তিত প্ৰতিফলিত হৈ উঠিছে৷ বিনাবাক্যব্যয়ে কাষতে থৈ দিয়া কেমেৰাটো সি হাতলৈ ল’লে৷ বাহাদুৰৰ চকুত চকু থৈ নিৰ্দেশ দিলে-“অফি’চলৈ ফোন কৰ৷ আজি আমি দেখুৱাম অসমীয়া নাৰীৰ আধুনিক চৰিত্ৰ৷ আধুনিক যুৱতীৰ অধঃপতিত ৰূপৰ লাইভ টেলিকাষ্ট!”

নামেই যাৰ বাহাদুৰ,গতিকে বাহাদুৰি নকৰিলে কৰিব কোনে ! বীৰৰ নিৰ্দেশ মানি সি লগে লগে ফোন কৰিলে অ’ফিচলৈ৷

“কোন ক’ত আছ? এটা লাইভ আছে৷ টেলিকাষ্ট কৰিবলৈ ৰেডি হৈ থাক৷”

“ছোৱালীদুজনীয়ে গম নোপোৱাকৈ আমি সিহঁতৰ পিছা ল’ম৷ কাৰণ গম পালে সিহঁত পলাব পাৰে৷ বুজিছ? তই কেমেৰা ভালদৰে ধৰিবি৷ নাৰ্ভাছ নহ’বি৷ ”-কথাষাৰ কৈ,বাহাদুৰলৈ কেমেৰাটো চমজাই বীৰ আগবাঢ়িল৷ বাহাদুৰ পিছে পিছে গ’ল৷

অতি সাৱধানেৰে খোজ পেলাই যুৱতীদুগৰাকীৰ একেবাৰে পিছফালে থিয় হৈ ৰ’ল বীৰ আৰু বাহাদুৰ৷ বীৰে চকুৰ টিপ এটা মাৰিলে বাহাদুৰলৈ৷ বাহাদুৰচকুৰ টিপটোলৈকে ৰৈ আছিল৷ ইংগিতটো পোৱাৰ মাত্ৰকেই বাহাদুৰে কেমেৰাৰ ফ’কাচিঙত ব্যস্ত হৈ পৰিল৷

যুৱতীয়ে গম নোপোৱাকৈ লাইভ টেলিকাষ্ট আৰম্ভ হৈ গ’ল৷ “অসমীয়া যুৱতীৰ স্খলন ! এইয়াই নেকি আজিৰ নাৰী ! ক’ত লুকাল অসমীয়া নাৰীৰ গৌৰৱগাঁথা ! ক’ত হেৰাল অসমীয়াৰ ঐতিহ্য,সংস্কৃতি আৰু বীৰত্বৰ ধ্বজ্জা !” ইত্যাদি বাক্যবাণেৰে মুহূৰ্ততে ভৰি পৰিল গুৰুত্বপূৰ্ণ খবৰৰ বাকচকেইটা৷

পিছফালৰ পৰা লাইভ টেলিকাষ্ট কৰি সম্পূৰ্ণ আশ্বস্ত হোৱাত বীৰে বাহাদুৰক আগুৱাই যাবলৈ আদেশ দিলে৷ অসমীয়া মানুহৰ সাজ-পাৰ সন্দৰ্ভত সুধিবলগীয়া প্ৰশ্নকেইটামান সাজু কৰি বীৰো সাজু হ’ল৷ আজি ৰক্ষা নাই ! ব্ৰহ্মাস্ত্ৰস্বৰূপ তাৰ প্ৰশ্নবাণৰ পৰা আজি যে দুইগাভৰুৱে পৰিত্ৰাণ নাপায়,সেইয়া খাটাং৷

বিষধৰ সাপ এডালঅকস্মাতে আহি সমুখত ওলালে ক্ষন্তেকৰ বাবে অলৰ-অচৰ হৈ পৰা অসহায় ভেকুলীটোৰ দৰে গাভৰু দুগৰাকীয়ে হঠাতে সমুখত বাহাদুৰক দেখি সচকিত হৈ পৰিল৷ আধুনিক সংবাদ মাধ্যমৰ অপ্ৰত্যাশিত আক্ৰমণৰ আঁৰৰ গূঢ়াৰ্থ বুজিবলৈ তেওঁলোকক কেইমুহূৰ্তমান লাগিল৷ হেণ্ডবেগকেইটা মুখখনৰ আগত ৰাখি নিজকে কেমেৰাৰ উগ্ৰ চাৱনিৰ পৰা আঁতৰাবলৈ তেওঁলোকে বৃথা চেষ্টা চলালে৷

“বান্দৰেও আজিকালি সাজ-পাৰ পিন্ধে৷ আপোনালোক বাৰু বান্দৰতকৈও নিলাজ নেকি?”- হঠাতে উফৰি পৰাএই প্ৰশ্নত, বিস্ময়ত হতবাক হৈ দুই গাভৰুৱে পিছলৈ ঘূৰি চালে৷ ডিঙিত পৰিচয়-পত্ৰ এখন ওলোমাই,চাৰ্টৰ পকেটত ৰঙা,নীলা দুটামান পেন আঁৰি এজনে মাইকটো দুহাতেৰে ধৰি তেওঁলোকৰ ফালে পোনাই আছে৷

ঘটনাৰ আকস্মিকতাই বিবুধিত পেলোৱা যুৱতীৰ হাতৰপৰা বেগটো মাটিত পৰাত মুখখন দৃশ্যমান হৈ উঠিল৷ বাহাদুৰে এই সুযোগতে যুৱতীৰ ক্লজ-আপ শ্বট ল’বলৈ তৎপৰ হ’ল৷ কিন্তু বীৰৰ কি হ’ল ! যুৱতীৰ মুখখন দেখি সি দুখোজ পিছুৱাই গ’ল৷ মাইকটো আঁতৰাই সভয়ে যুৱতীলৈ চাবলৈধৰিলে৷

“তুমি ! তুমি এইবোৰ কি কৰিছা?”-গাভৰুৰ কণ্ঠস্বৰ শুনি এনে লাগিল যেন যুৱতীগৰাকীবীৰৰ বহু পুৰণি চিনাকি৷

“নহয় মানে ! এনেই আৰু..”-কম্পিত স্বৰেৰে শব্দ দুটা উচ্চাৰণ কৰি বীৰে সেপ এটা গিলিলে৷

“কি এনেই ..”-যুৱতীৰ দুচকুত যেন আগ্নেয়গিৰি এটাহে উদগীৰণ হ’ল৷

“মানে পিছফালৰ পৰা তোমাক একেবাৰেই চিনিবই পৰা নাছিলোঁতো,সেয়ে.....হ’ব এতিয়াই ফোন কৰি লাইভ টেলিকাষ্ট বন্ধ কদি দিয়াম৷”-অনুশোচনা ব্যক্ত কৰি বীৰে পকেটৰ পৰা ফোনটো উলিয়ালে৷

“অসভ্য ! অভদ্ৰ !!”- আগ্নেয়গিৰিৰ পৰা ওলোৱা উত্তপ্ত লাভাই বীৰৰ হাতৰ ফোন নি ৰাস্তাৰ মাজত পেলালেগৈ৷ সিফালৰ পৰা দুৰন্ত বেগত অহা এখন গাড়ীৰ চকাই ম’বাইলটো মুহূৰ্ততে ক্ষত-বিক্ষত কৰি পেলালে৷

যুৱতীয়ে লাভাবৰ্ষণ কৰি থাকিল- “ইউ ৰাস্কেল ! ধুৰন্ধৰ ! নিজৰ গাৰ্লফ্ৰেণ্ডকে চিনি নাপালি৷ তোৰ মূৰত কি আছে ঐ !! কেইজনী গাৰ্লফ্ৰেণ্ড আছে তোৰ অ’ই অসভ্য ! চাল্লা !! দগবাজ ! বান্দৰ!! আচলতে তই বান্দৰৰ শাৰীতো নপৰ৷ ব্লাডি ! গ’ টু হেল ! ” – সংবিধানস্বীকৃত,সংবিধানবৰ্জিত কেইবাডালো তীব্ৰবেগীশব্দবাণেৰে বৈদ্যুতীন মাধ্যমৰ ‘বীৰপুৰুষ’ বীৰক সম্পূৰ্ণ ধৰাশায়ী কৰি সেই স্থান ত্যাগিলে যুৱতী অৰ্থাৎ বীৰৰ প্ৰেমিকাই৷ গুৱাহাটীৰ ৰাজপথত সদায় অবাধ দপ্‌দপনি অব্যাহত ৰখা বীৰ এতিয়া এটা মৃন্ময় মূৰ্তিলৈ পৰিৱৰ্তিত হৈছে৷ নিৰুত্তৰ৷ নিৰুদ্বেগ৷ নিস্তব্ধ৷ অৱশ্যে,এইটো কথা সুকীয়া যে-কেমেৰামেন বাহাদুৰৰ কৰ্মনিষ্ঠাত এই ঘটনাই বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই৷ “টি আৰ পি কে লিয়ে কুচ ভি কৰেগা”-মহামন্ত্ৰফাঁকিৰ ঘোৰসমৰ্থক, নিজকে সমাজৰ ছুপাৰমেন, হেহমেন বাহাদুৰ তেতিয়া ব্যস্ত আছিল সমগ্ৰ ঘটনা-প্ৰৱাহনিজৰ কেমেৰাত বন্দী কৰাত৷

No comments:

Post a Comment