পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. তৈলজাত সামগ্ৰী আমদানিৰ ফলত হোৱা ভাৰতৰ বিদেশী মুদ্ৰাৰ খৰছ কম হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিলে আন্তৰ্জাতিক অৰ্থনৈতিক সংস্থা ক্ৰাইজিলে। বিশ্বৰ বজাৰত খাৰুৱা তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ দাম ক্ৰমাত হ্ৰাস পোৱালৈ আঙুলিয়াই দি সংস্থাটোৱে এয়া ভাৰতৰ বাবে এক সুখবৰ বুলিও প্ৰকাশ কৰিছে।

২. আজি ধুবুৰীৰ চাপৰৰ বাহালপুৰত শুভ উদ্বোধন হৈছে শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত হব লগা এই কৃষি মহাবিদ্যালয় খনে নামনি অসমৰ বৃহৎ কৃষক সমাজ তথা শিক্ষাৰ্থী সকলক এইক্ষেত্ৰখনত উন্নত শিক্ষা তথা পৰামৰ্শৰে উপকৃত কৰিব বুলি আশা কৰা গৈছে।উদ্বোধনী অনুষ্ঠানত অংশ লব মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীয়েও।

৩. কালি গুৱাহাটীত আৰম্ভ হোৱা উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰী সকলৰ সন্মিলনত উত্তৰ-পূৱৰ বিকাশৰ বাবে অধিক পুঁজিৰ যোগান ধৰিবলৈ ড'নাৰ মন্ত্ৰণালয়ক দাবী জনালে মুখ্যমন্ত্ৰীসকলে। আটাইকেইখন ৰাজ্যকে ব্ৰডগজ ৰেলেৰ সংযোগ কৰা, বিমান সেৱা উন্নীতকৰণ, বান সমস্যা, নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে ক্ষুদ্ৰ কুটীৰ শিল্প, কৃষি আদি খণ্ডৰ বিকাশ, ব্ৰহ্মপুত্ৰ নদী উপত্যাকা প্ৰাধিকাৰী আদি গঠনৰ দাবী সমূহে আগস্থান লাভ কৰে।

৪. কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত আলোচনাত বহিল অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী। সমস্যা সমাধানৰ বাবে দুয়োপক্ষই পদক্ষেপ লোৱা আৰু সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৱলীত ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য তথা পুনৰ সংস্থাপনৰ বাবে দুয়োখন চৰকাৰেই সহায় আগবঢ়াব বুলিও কৰিলে ঘোষণা। পিছে মূল সমস্যাক এই আলোচনালৈ অনাই নহ'ল বুলি আঙুলিয়াই দিছে অসমৰ সচেতন বুদ্ধিজীৱি সকলে।
 

৫. উত্তৰ পূৱৰ লোক সকলৰ প্ৰতি বৈষম্যমূলক আচৰণৰ বিষয়টোত এম পি বেজবৰুৱা কমিটিৰ পৰামৰ্শৱলী অৱশেষত কালি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। বিষয়টোত কেন্দ্ৰীয় চৰকাৰে এই পৰামৰ্শৱলী ৰূপায়ণৰ বাবে কি কি ব্যৱস্থা হাতত লৈছে তাৰ সবিশেষ প্ৰতিবেদন অহা ১০ছেপ্তেম্বৰৰ ভিতৰত দাখিল কৰিবলৈকো ন্যায়ালয়ে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

৬. অহা ১৪ছেপ্তেম্বৰত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক মূল বিষয় ৰূপে লৈ অসমীয়া সাহিত্য-সংস্কৃতি বিষয়ক এখনি মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। "সহস্ৰজনে মোক প্ৰশ্ন কৰে" শীৰ্ষক কুইজ প্ৰতিযোগিতাৰ বাবে আঁক-বাঁক, বান্ধৱ, জাৰ্নাল এম্পৰিয়াম আৰু লখিমী বুক ষ্টলে পুৰস্কাৰ হিচাবে গ্ৰন্থ সম্ভাৰ আগবঢ়োৱা বুলিও আয়োজকে প্ৰকাশ কৰিছে।

৭.
ক'লা যাদু, তন্ত্ৰ-মন্ত্ৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে অবিৰাম যুঁজ দি ৰাজ্যত অন্ধবিশ্বাস বিৰোধী আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰোৱা সমাজকৰ্মী নৰেন্দ্ৰ ডাভোলকাৰৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী কালি পালন কৰা হয়। ৰাষ্ট্ৰীয় সংবাদ পত্ৰত নিবন্ধ তথা স্মৃতি ৰোমন্থনৰ সভা সমিতিৰেও এই শ্বহীদজনালৈ অনুৰাগী সকলে নিবেদন কৰে শ্ৰদ্ধাঞ্জলি।

৮. অহা ১৯ছেপ্তেম্বৰত মুক্তি লাভ কৰিব জোণমনি খাউণ্ডৰ প্ৰযোজনা, পৰিচালনাত নিৰ্মিত ছবি "চুমা পৰশতে"। ইতিমধ্যেই জনপ্ৰিয় হৈ উঠা গীত কেইটিৰ লগতে ইন্দুমৌলি নেওগ আৰু বাংলা অভিনেত্ৰী দেৱস্মিতা বেনাৰ্জী ছবিখনৰ আকৰ্ষণ হব বুলি জানিব পৰা গৈছে।
৯. মুক্তিযোদ্ধা অচিন্ত্য ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী আজিৰে পৰা দুদিনীয়াকৈ আয়োজিত হৈছে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত৷ কাইলৈ অচিন্ত্য ভট্টাচাৰ্য সোঁৱৰণী বঁটা প্ৰদান কৰা হব ডঃ অমলেন্দু গুহ আৰু শশী শৰ্মাদেৱক৷ অচিন্ত্য ভট্টাচাৰ্য আৰু আজিৰ ভাৰত শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰিব ৰাজ্য সভাৰ সাংসদ সীতাৰাম য়েচুৰীয়ে৷
১০.
ইউনেস্কই প্ৰকাশ কৰা বিশ্ব ঐতিহ্যৰ প্ৰাৰম্ভিক তালিকাত স্থান লাভ কৰিলে অসমৰ চৰাইদেউৱে। চৰাইদেউৰ মৈদামে ইয়াৰ দ্বাৰা বিশ্বৰ পৰ্যটন ক্ষেত্ৰত নিজৰ নাম উজ্বলাই তুলিব পাৰিব বুলিও আশা প্ৰকাশ পাইছে।

১১. মাদ্ৰাছ চহৰৰ ৩৭৫বছৰ উপলক্ষে এমাহ জোৰা কাৰ্যসূচীৰে উদযাপন হব লগা "মাদ্ৰাছ সপ্তাহ" শীৰ্ষক মহোৎসৱৰ আজি কৰা হৈছে শুভাৰম্ভ।

১২. বিদ্যালয়ত শিশু নিৰ্যাতনৰ ঘটনা ৰোধ কৰিবলৈ মু্ম্বাইৰ চৰকাৰী বিদ্যালয় সমূহত স্থাপন কৰা হব ক্ল'জ চাৰ্কিট কেমেৰা৷ এই সন্দৰ্ভত সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিলে মুম্বাই মিনিচিপালটি কৰ্পৰেচনে৷ বৰ্ধিত নিৰ্যাতনৰ ঘটনাক এনে পদক্ষেপে লেকাম লগাব পাৰিব বুলিও সচেতন নাগৰিকে কৰিলে আশা প্ৰকাশ৷

১৩. অহা চাৰিটা দিনৰ ভিতৰতে পুনে চহৰৰ প্ৰস্তাৱিত মেট্ৰ' প্ৰকল্পলৈ অনুমোদন দিয়া হব বুলি ঘোষণা কৰিলে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী ভেংকাইয়া নাইডুৱে।

১৪. মহানগৰ জিলা সাহিত্য সভাই যোৱা ১৮আগষ্টত বিশিষ্ট সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু দিৱসত আয়োজন কৰিলে স্মৃতিচাৰণ সভাৰ৷ চানমাৰি শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত হৈছিল এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷

১৫. 
মহাৰাষ্ট্ৰ চৰকাৰে ৫শতাংশ পুলিচৰ চাকৰি পুলিচ কৰ্মচাৰী সকলৰ সতি-সন্ততিৰ বাবে সংৰক্ষণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সুখবৰ পোৱা গৈছে।

No comments:

Post a Comment