সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
প্ৰখ্যাত বিশ্ববিদ্যালয়ৰ বিনামূলীয়া অনলাইন পাঠ্যক্ৰম
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,

বিশ্বৰ আগশাৰী বিশ্ববিদ্যালয়বোৰত ছাত্র-ছাত্রীসকলে বিনামূলীয়াকৈ অনলাইন পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য বিশ্ববিদ্যালয় কেইখনমান হ’ল – কেমব্রিজ বিশ্ববিদ্যালয় (http://www.ice.cam.ac.uk/courses/online-courses), কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয় (http://www.calstate.edu/), কাৰ্নেগী মেলন বিশ্ববিদ্যালয় (http://www.australia.cmu.edu/), মাছাচুছেটছ ইনষ্টিটিউট অৱ টেকন’লজী (http://ocw.mit.edu/index.htm/), হাৰ্ভাৰ্ড মেডিকেল স্কুল (http://hms.harvard.edu/), ইয়েল বিশ্ববিদ্যালয় (http://oyc.yale.edu/), স্ট্যানফোর্ড বিশ্ববিদ্যালয় ((http://online.stanford.edu/), হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (http://www.extension.harvard.edu/courses) আদি।

এই বিশ্ববিদ্যালয়বোৰে আগবঢ়োৱা পাঠ্যক্রমবোৰ হ’ল –কম্পিউটাৰ ইঞ্জিনীয়াৰিং, ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং, মেকানিকেল ইঞ্জিনীয়াৰিং, মেথেমেটিকেল মডেলিং , ইণ্টিগ্রেটিভ বায়’লজী , ৰসায়ন বিজ্ঞান , জীৱবিজ্ঞান, চিকিৎসা বিজ্ঞান, বুৰঞ্জী, নৃতত্ত্ব , শিক্ষা , অৰ্থনীতি বিজ্ঞান ,এণ্টাৰপ্রিনিঅ’ৰশ্বিপ আদি । আমাৰ ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলে এই পাঠ্যক্রমবোৰৰ সুবিধা গ্রহণ কৰিব পাৰে।

No comments:

Post a Comment