সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অসম সম্পৰ্কীয় বেৱচাইট সমূহৰ তালিকা
ডঃ বুলজিৎ বুঢ়াগোহাঁই

বিভিন্ন সময়ত অসম সম্পৰ্কীয় তথ্য বিচাৰিবৰ বাবে ইন্টাৰনেটৰ সহায় লোৱা হয় । ইন্টাৰনেটত চাৰ্চ ইঞ্জিন (Search Engine)ৰ সহায়ত বিচৰা তথ্য পাব পাৰোঁ । কিন্তু তাৰ বাবে কেনেকৈ শুদ্ধ আৰু শেহতীয়া তথ্য ইন্টাৰনেটৰ জৰিয়তে পোৱা যাব সেই বিষয়ে জানিব লাগিব । উদাহৰণ স্বৰূপে - অসমৰ কোনো জিলা, অনুষ্ঠান-প্রতিষ্ঠান, চকাৰৰ বিভিন্ন বিভাগ আদিৰ তথ্য জানিব বিচাৰিলে ,সেই জিলা, অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব । অফিচিয়েল ৱেবছাইটবোৰতহে শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যায় ।

যিবোৰ অনুষ্ঠান-প্রতিষ্ঠান, বিভাগৰ নিজস্ব ৱেবছাইট নাই সেইবোৰৰ বিষয়ে জানিবলৈ বেলেগ অফিচিয়েল ৱেবছাইটবোৰৰ অধীনত থকা তথ্য গ্রহণ কৰিব লাগিব। ইন্টাৰনেটৰ পৰা শুদ্ধ আৰু শেহতীয়া তথ্য পাবৰ বাবে ভালদৰে শিকা উচিত , নহ’লে শুদ্ধ তথ্য পোৱা নাযাব তথা অযথা সময় খৰচ হ’ব ।

অসম সম্পৰ্কীয় বিভিন্ন ৱেবছাইটৰ ঠিকনা সংগ্রহ কৰি এখন তালিকা প্রস্তুত কৰিছোঁ আৰু এই তালিকাখন বিছৰালে ই-মেইল যোগেদি প্রেৰণ কৰিব পাৰোঁ , তাৰ বাবে ই-মেইল আই.ডি. আমাক এছ. এম. এছ. (৯৪৩৫১-৮৮৬৩০) অথবা ই-মেইল ( buljit@gmail.com ) কৰি জনাব লাগিব । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে এই তালিকাখনত ৯০০টাতকৈ বেছি অসম সম্পৰ্কীয় ৱেবছাইট ঠিকনা আছে।


অসম সম্পৰ্কীয় ৱেব চাইটৰ বাবে আমাৰ ব্লগ http://websitebuljit.blogspot.in/ তো ক্লিক কৰিব পাৰে।

No comments:

Post a Comment