সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
 খেলা-ধূলা বিষয়কলৈও
 গঢ়িব পাৰি কেৰিয়াৰ
ডঃ বুলজিৎ বুঢ়াগোহাঁই
আমি জানোঁ যে সৰু কালৰে পৰা বহুতো ছাত্র-ছাত্রীয়ে বিভিন্ন খেলা-ধূলা যেনে- এথলেটিকছ, ক্রিকেট, কাবাডী, কাৰাটে,খো-খো,জুডো, জিমনাষ্টিক, চাইক্লিং, টেবুল টেনিছ, টাইকোৱানডো,টেনিছ ,ডবা,নেটবল, বেডমিণ্টন, বাস্কেটবল, ফুটবল, ভলীবল, ভাৰোত্তোলন, হেণ্ডবল, হকী, সাঁতোৰ, বক্সিং আদি কৰি ভাল পায়। কিন্তু খেলা-ধূলাবোৰ কিছুমান ছাত্র-ছাত্রীয়ে নৱম/দশম শ্রেণী পালে পঢ়া-শুনা ক্ষতি হ’ব বুলি নিজে অথবা অভিভাৱক সকলৰ বাধা বাবে এৰি দিবলৈ বাধ্য হয় ।
 আমি ভাবোঁ , ছাত্র-ছাত্রীসকলে পঢ়া-শুনাত প্রধান গুৰুত্ব দি খেলা-ধূলাবোৰবোৰ চলাই নিয়া উচিত । কিয়নো খেলা-ধূলাই ছাত্র-ছাত্রীসকলক স্বাস্থ্য ভালে ৰখাত সহায় কৰে।আনহাতে, কিছুমান ছাত্র-ছাত্রীৰ বাবে খেলা-ধূলা কেৰিয়াৰ হ’ব পাৰে। খেলা-ধূলাক কেৰিয়াৰ হিচাবে ল’ব বিছৰা ছাত্র-ছাত্রীসকলে ফিজিকেল এডুকেছন(Physical Education)ত ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ তথা পি.এইচ.ডি. কৰিব পাৰে। ফিজিকেল এডুকেছন পাঠ্যক্রম পঢ়িব পৰা অনুষ্ঠান-প্রতিষ্ঠান কেইখনমান হ’ল : 
Lakshmibai National Institute of Physical Education (www.lnipe.gov.in), Sports Authority of India( www.lncpe.gov.in), Indira Gandhi Institute of Physical Education & Sports Sciences (www.igipess.com), Ministry of Youth Affairs & Sports (www.sportal.nic.in) ,Netaji Subhas National Institute of Sports (http://www.nsnis.org/)

ইত্যাদি।

খেলা-ধূলাক কেৰিয়াৰ হিচাবে ল'লে- খেলৰ প্রশিক্ষক,ফিটনেছ ইনষ্ট্রাক্টৰ,ৰেফাৰী,আম্পায়াৰ,ক্রীড়াৰ সাংবাদিক, অনাতাঁৰ-দূৰদৰ্শনৰ কমেণ্টেটৰ আদি হ'ব পাৰে ।

No comments:

Post a Comment