জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
মডাৰ্ণ হোৱাৰ প্ৰথম খোজত!!!!
ৰাতুল বেজবৰুৱা

বহুত দিনৰ পৰা অলপমান মডাৰ্ণ হবলৈ চিন্তা চৰ্চা কৰি আছিলো। ইমান দিন বাহিৰত আছো অলপ মডাৰ্ণ নহ’লে বেয়া দেখায়তো। সেয়ে ভাবিলো, আজিকালিৰ উদিয়মান বোৰৰ দৰে একেবাৰে “য়’ য়’ (Yo Yo)” টাইপৰ হব নোৱাৰিলেও সাজপাৰত পৰিবৰ্তন এটাতো আনিব পাৰি!! ভাবিলো যেতিয়া আৰু ৰবলৈ নাই। লগে লগে লিভাইচ নামৰ সাজ পাৰৰ কোম্পানীটোক ভাল দক্ষিনা এটা দি আনিলো জীনচ এটা। জীনচ মানে তামাম জীনচ; দুয়োটা আঠুৰ ঠিক ওপৰতে আৰু দুই এঠাইত ফাটি থকা। 

তাৰ পাছত মডাৰ্ণ হোৱাৰ প্ৰথম এক্সপেৰিমেন্টটো কৰিবলৈ দুদিনমান আগত সেই জীনচটো পিন্ধি পিঠিত শ্বাহৰুখ খানৰ দৰে এটা বেগ আৰু ছলমান খানৰ দৰে দবং টাইপ চান গ্লাপ লগাই ঘৰলৈ ওলালো। এক্সপেৰিমেন্টটোৰ আৰম্ভনিটো ঠিকেই আছিল। এটা এক্সট্ৰা “চাল” পৰিছে বুলি ভাবি বুকু খন এক ইঞ্চিমান ডাঠ কৰি গুৱাহাটী পালোহি। আই এচ বি টিত আমাৰ তালৈ (ঢকুৱাখনালৈ) যোৱা চিলভানদিখনত টিকট এটা লৈ নৈশ যাত্ৰা আৰম্ভ কৰিলো। 

যিদিনা ৰাতি ঘৰলৈ বুলি গুৱাহাটীত গাড়ীত উঠো সেইদিনা ৰাতি মায়ে শুব নোৱাৰে। প্ৰতি আধা ঘন্টা মানৰ মূৰে মূৰে মোলৈ ফোন কৰি থাকে আৰু মই আপডেট দি থাকিব লাগে। মই ডাঙৰ হ’লো বুলি আজিলৈকে মায়ে ভাবিবই পৰা নাই!! সেইদিনাও তাৰ ব্যতিক্ৰম নহ’ল।

পাছদিনা ৰাতিপুৱা ৫.৩০ মান বজাত ঘৰৰ পদূলিত নামিলো। সদায় ৰৈ থকাৰ দৰে সেইদিনাও মা মোলৈ ৰৈ আছিল। মোক দেখাৰ লগে লগে মাৰ মুখ খনৰ পৰিবৰ্তন এটা আহিল। মায়ে ফটকৈ মোক তলৰ পৰা ওপৰলৈ এবাৰ এক্স-ৰে কৰি পেলালে। : “তোৰ আৰু লংপেন্ট নাছিল নেকি?? কলিকতাৰ পৰা এই ফটা লংপেন্টটো পিন্ধিয়ে আহিলি যে!!”, মায়ে মোক সুধিলে।

: “এইটো কিনোতেই ফটা আছিল”, মই উত্তৰ দিলো।

মায়ে আৰু একো নকৈ মোৰ পৰা বেগটো লৈ ভিতৰলৈ সোমাই গ’ল। মইয়ো মোৰ ৰুমলৈ গৈ কাপোৰ সলাবলৈ ধৰিলো। হৰ্ঠাৎ সিটো ৰুমত মায়ে দেউতাক কোৱা শুনিলো, “ল’ৰা ইমান দিন বাহিৰত থাকিলে কি হ’ব অকনো টেঙৰ নহ’ল। দোকানীয়ে ঠগি পইতাচোৰাই খোৱা ফটা লংপেন্ট এটা দি পঠাইছে”।
-----------------------------------------------------------------
ছল্ট লেক, কলকাতা- ৯১ ফো: ০৭৮৯০৮৪৬৪৬৯

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages