Thursday, February 13, 2014

জীৱনৰ অনুভৱ

গংগা টোপটোৰ দৰে ফুলি থকা মোৰ বুকুখন!!!  

ৰাতুল বেজবৰুৱা
বহুদিনৰ পৰা খুব ভাল হিন্দী কওঁ বুলি বুকুখন গংগা টোপটোৰ দৰে ফুলাই ঘূৰি আছিলো। আজি ইমান দিন অসমৰ বাহিৰত আছো, ৰাতিপুৱাৰ পৰা গধুলিলৈকে দেখোন দিনটোত ৯৯.৯০% হিন্দীতে থাকো। ঘৰলৈ ফোন কৰাৰ বাহিৰে অসমীয়াৰ ব্যবহাৰ কৰিছোনো কেতিয়া? গতিকে বুকু অট’মেটিক ফুলি আহিবই দিয়কচোন!!

কিন্তু ভুলটো সেইখিনিতেই হ’ল। আজি আবেলি অফিচৰ পৰা ওলাই অফিচৰ গাতে লাগি থকা দোকান খনত মোবাইলটো ৰিচাৰ্জ কৰো বুলি ৰ’লো। দোকানীজন মোৰ পুৰণা চিনাকি। দোকানী মানে এটা কম বয়সীয়া ল’ৰা। এইটো সময়ত সি হায়াৰ ছেকেণ্ডাৰী বা কলেজত পঢ়ি থাকিব লাগিছিল কিন্তু পৰিস্থিতিয়ে চাগে তাক এনেদৰে দোকানী হবলৈ বাধ্য কৰাইছে। তাৰ দোকানলৈ গ’লে মই ঘৰৰ, মাকৰ, তাৰ ব্যবসায় আদিৰ খবৰ লও সেয়ে সি বৰ ভাল পায়।

মাজে মাজে তাৰ জৰিয়তেই আইডিয়া নামৰ মানুহক লুটি থকা কোম্পানীটোক অলপ টকা দিও থাকো। আজিও তাৰ ব্যতিক্ৰ্ম নহ’ল। তাৰ লগত মানুহক লুটিবলৈ আইডিয়াই কি কি নতুন আঁচনি লৈছে সেই বিষয়ে এটা মিহি পৰ্য্যালোচনা চলালো। তাকো হিন্দীত।

এনেতে ৰাস্তাৰে গৈ থকা এজন ল’ৰা হঠাৎ ৰৈ গ’ল। ল’ৰাজনক ইমান এটা গুৰুত্ব নিদি দোকানীজনৰ লগত মোৰ আলোচনা চলাই থাকিলো। এনেকৈ অলপ সময় পাৰ হ’ল। কিন্তু ল’ৰাজনে দেখোন একো এটা শব্দ কোৱা নাই। “লৰাজনেও কিবা লব আহিছে আৰু কথা পাতি থকাৰ কাৰণে চাগে একো কোৱা নাই”, বুলি মনতে ভাবিলো।

তাৰ পাছত মই আলোচনা সামৰি ৬০ টকা এটা ৰিচাৰ্জ কৰিবলৈ দি ৰুমলৈ যাবলৈ বুলি সাজু হ’লো। 
এনেতে ল’ৰাজনে মাত লগালে, “আপুনি অসমৰ নেকি?”। 
মোৰ তেতিয়া আচৰিত হোৱাৰ পাল। ই কেনেকৈ জানিলে? 
“মইতো এটাও অসমীয়া শব্দ কোৱা নাই, আপুনি কেনেকৈ জানিলেহে মই অসমীয়া বুলি?”, মই উত্তৰ দিলো। 
“এহ দাদা, আপোনাৰ হিন্দী শুনিয়েই গম পাইছো নহয় আপুনি অসমীয়া বুলি। উচ্চাৰণহে যি”, ল’ৰাজনে ক’লে।

লগে লগে মোৰ এহাতমান ফুলি থকা বুকুখন হাৱা যোৱা বেলুনৰ নিচিনাকৈ ফচ কৰি আগৰ ঠাই পালেহি।

1 comment: